অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কল্পনা (অভিনেত্ৰী)

কল্পনা ৰঞ্জনী ( Kalpana Ranjani; ৫ অক্টোবৰ ১৯৬৫ – ২৫ জানুৱাৰী ২০১৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি কল্পনা নামেৰে অধিক পৰিচিত। তেওঁ দক্ষিণ ভাৰতীয় ছবিত, প্ৰধানকৈ মালয়ালম আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰিছিল। তেওঁ বিভিন্ন দক্ষিণ ভাৰতীয় ভাষাৰ ৩০০ৰো অধিক ছবিত অভিনয় কৰিছে।

হালনাগাদ: ৩ অক্টোবৰ ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

কল্পনা ৰঞ্জনী ( Kalpana Ranjani; ৫ অক্টোবৰ ১৯৬৫ – ২৫ জানুৱাৰী ২০১৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি কল্পনা নামেৰে অধিক পৰিচিত। তেওঁ দক্ষিণ ভাৰতীয় ছবিত, প্ৰধানকৈ মালয়ালম আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰিছিল। তেওঁ বিভিন্ন দক্ষিণ ভাৰতীয় ভাষাৰ ৩০০ৰো অধিক ছবিত অভিনয় কৰিছে।১ ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত থানিচাল্লা ঞ্জান (২০১২) ছবিত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২ কল্পনাই ১৯৭০ দশকৰ শেষৰ ফালে শিশুশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। যদিও মুখ্য অভিনেত্ৰী হোৱাৰ উদ্দেশ্যেৰে এই উদ্যোগটোলৈ আহিছিল, তথাপিও কমিক চৰিত্ৰৰ বাবে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।

কৰ্মজীৱন

কল্পনাই শিশুশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে বিদাৰুন্না মট্টুকাল ছবিত। ১৯৮০ চনত জি অৰবিন্দনৰ পৰিচালনাত নিৰ্মিত পক্কুভেইল ছবিখনত মূলসুঁতিৰ অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত তেওঁ কেইবাখনো সমালোচকৰ প্ৰশংসিত ছবিত অভিনয় কৰে। কমেডিয়ান হিচাপে তেওঁৰ অভিনয়েও সমালোচকৰ প্ৰশংসা লাভ কৰিছে। ১৯৮৫ চনত মুক্তি পোৱা সফল ছবি চিন্না বীডুৰ জৰিয়তে কে ভাগ্যৰাজৰ সৈতে তেওঁৰ তামিল ছবিত অভিষেক ঘটে। তেওঁৰ আন স্মৰণীয় ছবিসমূহৰ ভিতৰত সতী লীলাৱতী (১৯৯৫) আৰু কালিবীডু (১৯৯৬) অন্যতম।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (26 January 2016). Top Malayalam actress Kalpana passes away in Hyderabad
  2. ↑ (18 March 2013). 13 National Film Awards for Malayalam movies. Daily News and Analysis
  3. ↑ Malayalam News, Kerala News, Latest Malayalam News, Latest Kerala News. Manoramaonline.com

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৪১৫২৮ (৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।