অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয়া মেহতা

বিজয়া মেহতা ( Vijaya Mehta; জন্ম: ৪ নৱেম্বৰ ১৯৩৪) এগৰাকী বিখ্যাত ভাৰতীয় মাৰাঠী চলচ্চিত্ৰ আৰু থিয়েটাৰ পৰিচালক আৰু বহু সমান্তৰাল ছবিৰ অভিনেতাও। নাট্যকাৰ বিজয় তেণ্ডুলকাৰ, অভিনেতা অৰবিন্দ দেশপাণ্ডে আৰু শ্ৰীৰাম লাগুৰ সৈতে মুম্বাইস্থিত থিয়েটাৰ ৰংগায়নৰ প্ৰতিষ্ঠাপক সদস্য।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বিজয়া মেহতা ( Vijaya Mehta; জন্ম: ৪ নৱেম্বৰ ১৯৩৪) ১ এগৰাকী বিখ্যাত ভাৰতীয় মাৰাঠী চলচ্চিত্ৰ আৰু থিয়েটাৰ পৰিচালক আৰু বহু সমান্তৰাল ছবিৰ অভিনেতাও। নাট্যকাৰ বিজয় তেণ্ডুলকাৰ, অভিনেতা অৰবিন্দ দেশপাণ্ডে আৰু শ্ৰীৰাম লাগুৰ সৈতে মুম্বাইস্থিত থিয়েটাৰ ৰংগায়নৰ প্ৰতিষ্ঠাপক সদস্য। ‘দ্য পাৰ্টি’ (১৯৮৪) ছবিত তেওঁৰ প্ৰশংসিত ভূমিকা আৰু ‘ৰাও চাহেব’ (১৯৮৬) আৰু ‘পেষ্টনজী’ৰ (১৯৮৮) পৰিচালনাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। ৰংগায়ন থিয়েটাৰসমূহৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে তেওঁ ১৯৬০ দশকৰ পৰীক্ষামূলক মাৰাঠী নাট্যজগতৰ এগৰাকী আগশাৰীৰ ব্যক্তিত্বত পৰিণত হয়। ২

কৰ্মজীৱন

১৯৬০ দশকৰ মাৰাঠী পৰীক্ষামূলক থিয়েটাৰত তেওঁ এগৰাকী প্ৰধান ব্যক্তিত্বত পৰিণত হয়। তেওঁ নাট্যকাৰ বিজয় তেণ্ডুলকাৰ, অৰবিন্দ দেশপাণ্ডে আৰু শ্ৰীৰাম লাগুৰ সৈতে নাট্যগোষ্ঠী ৰংগায়ন প্ৰতিষ্ঠাপক সদস্য।৩

তেওঁৰ মঞ্চ প্ৰযোজনা চি টি খানোলকাৰৰ “এক শূন্য বাজীৰাও”ক সমসাময়িক ভাৰতীয় নাট্যৰ এক মাইলৰ খুটি হিচাপে গণ্য কৰা হয়। তেওঁ বাৰ্টল্ড ব্ৰেচ্টৰ দ্য ককেচিয়ান চক চাৰ্কল (আজব ন্যায় বৰ্টুলাচা) আৰু ইয়নেস্কোৰ চেয়াৰছৰ অভিযোজন মাৰাঠী থিয়েটাৰত উপস্থাপন কৰিছিল।

জাৰ্মান পৰিচালক ফ্ৰিটজ বেনেৱিটজৰ সৈতে ভাৰত-জাৰ্মান নাট্য প্ৰকল্পত সহযোগিতা কৰিছিল, য’ত জাৰ্মান অভিনেতাৰ সৈতে মুদ্ৰাৰাক্ষসৰ পৰম্পৰাগত অভিনয়ো অন্তৰ্ভূক্ত আছিল। পেষ্টনজীৰ বাহিৰে তেওঁৰ বেছিভাগ ক্ষেত্ৰতে তেওঁৰ মঞ্চ নাটকক চলচ্চিত্ৰ আৰু টেলিভিছনলৈ অভিযোজিত কৰা হৈছিল।

১৯৭৫ চনত পৰিচালনাত প্ৰদৰ্শন কৰা উৎকৃষ্টতাৰ বাবে সংগীত নাটক অকাডেমী বঁটা লাভ কৰে। ১৯৮৬ চনত ৰাও চাহেব (১৯৮৬) ছবিত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়।

তথ্যসূত্ৰ

  1. ↑ Abhijit Varde: Daughters of Maharashtra: Portraits of Women who are Building Maharastra: Interviews and Photographs, 1997, p. 87
  2. ↑ (25 January 2014). The return of Desdemona. Mumbai Mirror
  3. ↑ (August 2008). Shantata! Awishkar Chalu Aahe. Mumbai Theatre Guide

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীভাৰতৰ থিয়েটাৰ ব্যক্তিত্বশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়া মেহতা” প্ৰবন্ধৰ সংশোধন ৬৩৬১০২ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।