অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শান্তা দেৱী

দময়ন্তী (Santha Devi; ১৯২৭ – ২০ নৱেম্বৰ ২০১০) এগৰাকী ভাৰতীয় মালয়ালম চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী; যি তেওঁৰ মঞ্চনাম কোজিকোদ শান্তা দেৱী নামেৰে অধিক পৰিচিত। প্ৰায় ষাঠি বছৰীয়া কেৰিয়াৰত তেওঁ ১০০০ তকৈ অধিক নাটক আৰু প্ৰায় ৪৮০ খন ছবিত অভিনয় কৰিছিল।

হালনাগাদ: ২৪ মাৰ্চ ২০২৫ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দময়ন্তী (Santha Devi; ১৯২৭ – ২০ নৱেম্বৰ ২০১০) এগৰাকী ভাৰতীয় মালয়ালম চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী; যি তেওঁৰ মঞ্চনাম কোজিকোদ শান্তা দেৱী১ নামেৰে অধিক পৰিচিত। প্ৰায় ষাঠি বছৰীয়া কেৰিয়াৰত তেওঁ ১০০০ তকৈ অধিক নাটক আৰু প্ৰায় ৪৮০ খন ছবিত অভিনয় কৰিছিল।২

জীৱনী

১৯২৭ চনত থোট্টাথিল নামৰ তেতিয়াৰ সুপৰিচিত থাৰাৱাডু কোজিকোডত ট্টাথিল কান্নক্কুৰুপ্পু আৰু কাৰ্থিয়ায়ানি আম্মাৰ কন্যা হিচাপে শান্তা দেৱীৰ জন্ম হৈছিল। মাক-দেউতাকৰ ১০টা সন্তানৰ তেওঁ আছিল সপ্তম সন্তান। তেওঁ আৰম্ভণিতে সভা স্কুলত আৰু পিছত B.E.M স্কুলত পঢ়া-শুনা কৰিছিল।

১৯৫৪ চনত বাসু প্ৰদীপ ৰচিত আৰু কুন্দনাৰী অপ্পু নায়াৰ পৰিচালিত নাটক স্মাৰকমৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। ৰামু কৰ্মত পৰিচালিত মিন্নামিনুংগু (১৯৫৭) ছবিৰে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। মুডুপাদম, কুট্টিক্কুপ্পায়ম, কুঞ্জলিমৰায়ক্কাৰ, ইৰুটিন্টে আথমাভু, স্থলেথে প্ৰধান পয়ান্স আৰু অদ্বৈতমকে ধৰি ৪৮০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। পৰিচালক ৰঞ্জিতৰ কেৰালা কেফে তেওঁৰ শেষখন ছবি আছিল। তাত তেওঁ চোৱাচিতা কৰিবলৈ কোনো নথকা এগৰাকী নিঃসংগ আইতাকৰ চৰিত্ৰত অভিনয় কৰিছিল। চিনেমাৰ উপৰিও টেলিভিছনৰ ধাৰাবাহিকতো তেওঁ সক্ৰিয় আছিল। তেওঁৰ আটাইতকৈ স্মৰণীয় চৰিত্ৰসমূহ হৈছে মানচি আৰু মিন্নুকেট্টুৰ।৩

২০১০ চনৰ ২০ নৱেম্বৰত সন্ধিয়া কোজিকোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত শান্তা দেৱীৰ মৃত্যু হয়।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Manorama Online | Movies | Nostalgia |
  2. ↑ (20 November 2010). Veteran Malayalam actress Shanta Devi dies. .bombaynews.net
  3. ↑ ശാന്താദേവി വൃദ്ധസദനത്തിന്റെ തണലില് - articles, features - Mathrubhumi Eves
  4. ↑ Mathrubhumi Eves - features, articles,ഒറ്റപ്പെടലിന്റെ വേദനയില് ശാന്താദേവി

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মঞ্চ অভিনেত্ৰীমালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তা দেৱী” প্ৰবন্ধৰ সংশোধন ৪৯৬২৭৯ (২৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।