অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডলী আহলুৱালিয়া

ডলী আহলুৱালিয়া ( Dolly Ahluwalia) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সাজ-পোছাক ডিজাইনাৰ। ২০০১ চনত তেওঁ সাজ-পোছাকৰ ডিজাইনৰ বাবে সংগীত নাটক একাডেমী বঁটা আৰু লগতে তিনিটা ফিল্মফেয়াৰ আৰু তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ডলী আহলুৱালিয়া ( Dolly Ahluwalia) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সাজ-পোছাক ডিজাইনাৰ। ২০০১ চনত তেওঁ সাজ-পোছাকৰ ডিজাইনৰ বাবে সংগীত নাটক একাডেমী বঁটা১ আৰু লগতে তিনিটা ফিল্মফেয়াৰ আৰু তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ভিতৰত আছে- বেণ্ডিট কুইন (১৯৯৩) আৰু হাইদৰৰ (২০১৪) বাবে শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইন বঁটা আৰু বিকি ড'নাৰৰ (২০১২) বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বঁটা।২

কৰ্মজীৱন

১৯৭৯ চনত স্নাতক ডিগ্ৰী লাভ কৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অহলুৱালিয়াই থিয়েটাৰৰ বাবে সাজ-পোছাক ডিজাইন কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ১৯৯৩ চনত শেখৰ কাপুৰৰ বেণ্ডিট কুইনৰ সৈতে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু এই ছবিখনে শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইনৰ প্ৰথমটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা তেওঁলৈ কঢ়িয়াই আনে।৩ ইয়াৰ পিছত তেওঁ বিশাল ভৰদ্বাজৰ দৰে উল্লেখনীয় পৰিচালকৰ দ্য ব্লু আম্ব্ৰেলা (২০০৫), ওমকাৰা (২০০৬), ব্লাড ব্ৰাদাৰ্ছ (২০০৭), কামিনী (২০০৯) আৰু হাইদৰত (২০১৪) আৰু দীপা মেহতাৰ ৱাটাৰ (২০০৫) আৰু মিডনাইটছ চিলড্ৰেনত (২০১২) পোচাক ডিজাইন কৰে। বলীউডৰ মূলসুঁতিৰ ছবিৰ সৈতে কাম কৰাৰ উপৰিও লাভ আজ কাল (২০০৯), লভ শুভ তে চিকেন খুৰানা (২০১২) আৰু ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ ভাগ মিলখা ভাগতো (২০১৩) কাম কৰে।৪

তথ্যসূত্ৰ

  1. ↑ Drama - Costume Design || সংগীত নাটক একাডেমী Official listings
  2. ↑ (2 July 2013). Dolly Ahluwalia gets nostalgic about Bandit Queen. The Indian Express
  3. ↑ (7 February 2014). Dolly Ahluwalia dresses up Shahid Kapoor in 'Haider'. The Times of India
  4. ↑ (26 July 2013). I'm a costume designer first: Dolly Ahluwalia. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপাঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডলী আহলুৱালিয়া” প্ৰবন্ধৰ সংশোধন ৪৯৩৯২৫ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।