অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লেইছাংথেম টোনথোইংগাম্বী দেৱী

টোনথোইংগাম্বr লেইছাংথেম (Kavitha Manoranjini) এগৰাকী ভাৰতীয় অভিনেত্ৰী; জনপ্ৰিয়ভাৱে টোনথোই নামেৰে পৰিচিত। তেওঁ মণিপুৰী চলচ্চিত্ৰত কেৰিয়াৰ গঢ়ি তুলিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

টোনথোইংগাম্বr লেইছাংথেম (Kavitha Manoranjini) এগৰাকী ভাৰতীয় অভিনেত্ৰী; জনপ্ৰিয়ভাৱে টোনথোই নামেৰে পৰিচিত।১ তেওঁ মণিপুৰী চলচ্চিত্ৰত কেৰিয়াৰ গঢ়ি তুলিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।২

কৰ্মজীৱন

লেইছাংথেমে পূৰ্ণদৈৰ্ঘ্য ছবি, দূৰদৰ্শন ধাৰাবাহিক আৰু আই.এছ.টি.ভি. ধাৰাবাহিকত অভিনয় কৰিছে।৩

তেওঁৰ প্ৰথমখন ছবি হৈছে নাংনা থাৱাইনী, য’ত তেওঁ নায়িকাৰ বান্ধৱীৰ ৰূপত, কমলা আৰু গুঙৰ সৈতে সহযোগী চৰিত্ৰত অভিনয় কৰিছিল,। ইয়াৰ পিছত তেওঁ কেইবাখনো মণিপুৰী ছবি কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে- ল'ইবাটায়াৰে টা ৰাজু, থোইচা, আমাম্বা ছায়ন, ইপাকটুডা দ্য লেক, লেইপাক্লেই, নুংছিবি কাবাউ ভেলী, বেৰাগী বোম্ব, পলেপফাম আৰু ফিজিগী মণি।৪

তেওঁ ভাতৃৰ সৈতে চিংখুৰাকপা আৰ্টছৰ বেনাৰত বেৰাগী বোম্ব নামৰ এখন মণিপুৰী ছবিও নিৰ্মাণ কৰিছে। হেবিটেট চলচ্চিত্ৰ মহোৎসৱৰ দশম সংস্কৰণত তেওঁৰ মণিপুৰী ছবি পল্লেপফাম আৰু তেওঁৰ অসমীয়া ছবি বৰ্ষাৰণ্যই প্ৰৱেশ লাভ কৰে। অসমীয়া ছবি ইশ্বুত অভিনয় কৰি ২০১৭ চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

২০১৯ চনত তেওঁৰ ছবি আইগি ক'নাই মণিপুৰী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৫ তেওঁ ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।

বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।৬ ২০১১ চনৰ ৫৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ফিজিগী মণি ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে, য'ত তেওঁ ছবিখনত য়াইফাবীৰ চৰিত্ৰত অভিনয় কৰিছিল।৭

তথ্যসূত্ৰ

  1. ↑ Interview with Tonthoi. kanglaonline.com
  2. ↑ (2018-11-30). Winners of Film Awards named – Manipur News. Manipur.org
  3. ↑ Golden Jubilee of Manipuri Cinema: Renowned actors share experiences and challenges. www.nenow.in
  4. ↑ 'Pallepfam' to open 3-day Northeast film festival. www.sentinelassam.com
  5. ↑ ‘Eigi Kona’ receives Rajat Kamal for best regional Manipuri feature film. Imphal Free Press
  6. ↑ National Film Award for Manipuri Actress. www.easternpanorama.in
  7. ↑ Regional films rule at National awards, Vidya Balan gets best actress. www.thehindubusinessline.com

সম্পৰ্কিত শ্ৰেণী

মেইতেই চলচ্চিত্ৰৰ অভিনেত্ৰীঅসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেইছাংথেম টোনথোইংগাম্বী দেৱী” প্ৰবন্ধৰ সংশোধন ৬৪০২১৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।