লক্ষ্মী প্ৰিয়া চন্দ্ৰমৌলী (Zaira Wasim) এগৰাকী ৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তামিল ছবিত কাম কৰে।১ মাদ্ৰাচ স্কুল অৱ ছ’চিয়েল ৱৰ্কৰ পৰা মানৱ সম্পদ ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা চন্দ্ৰমৌলীয়ে ইংৰাজী থিয়েটাৰ কোম্পানী ইভামত পূৰ্ণকালীন কৰ্মচাৰী হিচাপে যোগদান কৰে। পিছত তেওঁ ছবি জগতত ভৰি থয়। তেওঁ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ, আৰু ৰাষ্ট্ৰীয় আলটিমেট ফ্ৰিছবি চেম্পিয়ন।২
কৰ্মজীৱন
নাটক কোম্পানী ইভামৰ এখন নাটকৰ টিকট বিক্ৰী কৰি থাকোঁতে পৰিচালক মাজিজ থিৰুমেনীয়ে তেওঁৰ ছবি “মুণ্ডিনাম পাৰ্থেনী”ত সহযোগী চৰিত্ৰত অভিনয় কৰিবলৈ কয়। কামৰ পৰা ছুটী লৈ ছবিখনৰ বাবে তেওঁ দহ দিনৰ শ্বুটিং কৰে।৩ পৰিচালক কে বালাচন্দৰৰ সৈতে তেওঁৰ এখন টেলিচিৰিয়েলত কাম কৰাৰ পিছত, আৰু টিভি শ্ব’ ধৰ্মযুধমৰ চৰিত্ৰৰ বাবে অডিচন দিয়াৰ পিছত, তেওঁ পূৰ্ণকালীন অভিনয়ৰ বাবে সিদ্ধান্ত লয়। চাকৰি এৰি শ্ব'টোত বিভিন্ন চৰিত্ৰৰ বাবে কেইবাটাও অডিচনত অংশগ্ৰহণ কৰে আৰু শেষত সাৰদাৰ চৰিত্ৰত অভিনয় কৰে।৪ মুখ্য চৰিত্ৰত অভিনয় কৰা তেওঁৰ প্ৰথমখন ছবি আছিল ব্লেক কমেডী “সুত্ত কাধাই”। ছবিখনত তেওঁ চিলান্থী নামৰ এগৰাকী সাহসী জনজাতীয় ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল,৫ যাৰ বাবে তেওঁ ষ্টাণ্টো কৰিব লগা হৈছিল৩ আৰু ইয়াত কৰা অভিনয়ৰ বাবে ধনাত্মক সমালোচনা লাভ কৰিবলৈ সক্ষম হৈছিল।২ ২০১৪ চনত তেওঁৰ একমাত্ৰ মুক্তি আছিল “এঞ্জেলছ”, যিখনৰ যোদেদি তেওঁৰ মালয়ালম ছবিত অভিষেক ঘটে। তেওঁৰ পৰৱৰ্তী তামিল মুক্তি আছিল অভিষেক পৰিচালক “ভাডিভেলৰ কল্লাপদাম”।৬৭
বঁটা
- ২০২০: শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (শিৱৰঞ্জিনিউম ইননুম চিলা পেংগালম''ৰ বাবে)
তথ্যসূত্ৰ
- ↑ (22 July 2022). 68th National Film Awards: Editor Sreekar Prasad wins it for the ninth time. Cinema Express
- ↑ (6 November 2013). Lakshmi Priya Chandramouli talks about life after Sutta Kadhai. Behindwoods
- ↑ Deepa Venkatraman. (30 March 2013). Bold and Beautiful. The Hindu
- ↑ (28 October 2013). All the world's a stage for Lakshmi Priyaa. Deccan Chronicle
- ↑ (15 September 2013). A small film with big heart. Deccan Chronicle
- ↑ Nikhil Raghavan. (3 February 2014). Shotcuts: Basha's debut. The Hindu
- ↑ (17 February 2014). Mysskin pens song, sings it himself for Kallapadam. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মী প্ৰিয়া চন্দ্ৰমৌলী” প্ৰবন্ধৰ সংশোধন ৬৪০১৯২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।