অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুহাসিনী মুলে

সুহাসিনী মুলে (Suhasini Muley; জন্ম: ২০ নৱেম্বৰ ১৯৫০) অসমীয়া, হিন্দী আৰু মাৰাঠী ছবিৰ লগতে টেলিভিছনৰ অভিনেত্ৰী। তেওঁ পাঁচটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। জাহ্নু বৰুৱাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ অপৰূপা মূল নাৰী চৰিত্ৰটো মুলেই ৰূপায়ণ কৰিছিল।

হালনাগাদ: ৯ ডিচেম্বৰ ২০২৩ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সুহাসিনী মুলে (Suhasini Muley; জন্ম: ২০ নৱেম্বৰ ১৯৫০) অসমীয়া, হিন্দী আৰু মাৰাঠী ছবিৰ লগতে টেলিভিছনৰ অভিনেত্ৰী। তেওঁ পাঁচটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।১২৩৪ জাহ্নু বৰুৱাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ অপৰূপা মূল নাৰী চৰিত্ৰটো মুলেই ৰূপায়ণ কৰিছিল।৫

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

মাৰাঠী ভাষা ভাষী পৰিয়াল এটাত জন্মগ্ৰহণ কৰা সুহাসিনীয়ে বিহাৰৰ পাটনাত শৈশৱৰ সময়খিনি কটায়। মাত্ৰ তিনি বছৰ বয়সতে দেউতাকক হেৰুৱায়। মাক, বিখ্যাত তথ্যচিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ ইতিহাসবিদ বিজয়া মুলেই তেওঁক লালন-পালন কৰে। মাকৰ অনুপ্ৰেৰণাতে সুহাসিনী ছবিৰ প্ৰতি আকৰ্ষিত হয়।৬ দীৰ্ঘ সময়ৰ বাবে লিভ-ইনত থকা সুহাসিনীৰ ১৯৯০ চনত সম্পৰ্কৰ যবনিকা ঘটে। ২০১১ চনৰ ১৬ জানুৱাৰীত তেওঁ আৰ্য সমাজৰ এজন পদাৰ্থবিজ্ঞানী অধ্যাপক অতুল গুৰ্টুৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

কৰ্মজীৱন

১৯৬৫ চনত পিয়াৰ্ছ চাবোনে তেওঁলোকৰ বিজ্ঞাপনৰ বাবে তেওঁক মডেল হিচাপে বাচনি কৰা হয়। এই বিজ্ঞাপনটোৱে মৃণাল সেনৰ দৃষ্টি আকৰ্ষণ কৰিছিল; যাৰবাবে তেওঁক ভুৱন সোমৰ (১৯৬৯) বাবে চুক্তিবদ্ধ কৰা হৈছিল।৭ যদিও ভূৱন সোম ভাৰতীয় চিনেমাত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছিল তথাপিও সুহাসিনীয়ে অভিনয়ক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰা নাছিল। বৰঞ্চ তেওঁ কানাডাৰ মণ্ট্ৰিয়েলৰ মেকগিল বিশ্ববিদ্যালয়ত ভূমি ৰসায়ন আৰু অণুজীৱবিজ্ঞানত কৃষি প্ৰযুক্তিৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে। তেওঁ একেখন বিশ্ববিদ্যালয়ৰ পৰাই চলচ্চিত্ৰ, ৰেডিঅ’, টিভি, সাংবাদিকতা আৰু ছপা মাধ্যমক প্ৰধান বিষয় হিচাপে গণসংযোগৰ ডিগ্ৰীও লাভ কৰে।

১৯৭৫ চনত সুহাসিনী ভাৰতলৈ উভতি আহি বঙালী ছবি জন অৰণ্যত সত্যজিৎ ৰায়ৰ সহায়ক হিচাপে কাম কৰে।৮ পিছলৈ তেওঁ মৃণাল সেনৰ মৃগয়াত সহকাৰী পৰিচালক হিচাপে অংশ লয়।৯ তেতিয়াৰ পৰাই তেওঁ সক্ৰিয়ভাৱে ছবি নিৰ্মাণ কৰি আহিছে আৰু ৬০খনতকৈও অধিক তথ্যচিত্ৰ নিৰ্মাণ কৰিছে আৰু ইয়াৰে চাৰিটাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

ভূৱন সোমৰ প্ৰায় ৩০ বছৰৰ পিছত গুলজাৰৰ হু-তু-টুৰ জৰিয়তে তেওঁ বলীউডৰ মূলসুঁতিৰ চিনেমালৈ প্ৰত্যাৱৰ্তন কৰে। এই ছবিখনত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১০ তেতিয়াৰ পৰাই বলীউডত মাতৃৰ ভূমিকাত অভিনয় কৰি আহিছে। টেলিভিছন ধাৰাবাহিক জানে ক্যা বাত হুইতো তেওঁ কাম কৰিছে। ১৯৮২ চনত তেওঁ জাহ্ন বৰুৱাৰ অপৰূপাৰ নাম ভূমিকাত অভিনয় কৰে। অপৰূপাই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) লাভ কৰিছিল।

স্বীকৃতি

বৰ্যবঁটাশিতানছবিফলাফলRef.
১৯৮৩:৩০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ তথ্যচিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা এন ইণ্ডিয়ান ষ্টোৰী ১১
১৯৮৮:৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাভোপাল বিয়ণ্ড জেনোচাইড১২
১৯৮৯: ৩৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ শৈক্ষিক/প্ৰেৰণামূলক/নিৰ্দেশনামূলক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাচিটঠি১৩
১৯৯৮: ৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ কলা/সাংস্কৃতিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাদ্য অফিচিয়েল আৰ্ট ফৰ্ম১৪
২০০০: ৪৫তম ফিল্মফেয়াৰ বঁটা৪৫তম ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাহু-তু-তু১৫
২০০০: ৪৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা১৬

তথ্যসূত্ৰ

  1. ↑ (24 November 2002). Quest for creativity. The Tribune
  2. ↑ Interview with actor Suhasini Mulay indiantelevision.com, 20 March 2003
  3. ↑ SUHASINI MULAY ... just begun' South Asian, 20 February 2003
  4. ↑ RISEUP campaign: Women Who Rise up and Walk Away from Social Stereotypes
  5. ↑ Jahnu Barua Retrospective - Film Festival. Buzzintown
  6. ↑ Chatterji, Shoma A. (25 May 2019). Akka Vijaya Mulay - Mother, Activist, Filmmaker, Author (1921-2019). The Citizen
  7. ↑ Sengupta, Aditi. (25 January 2019). The man who found Gauri. @businessline
  8. ↑ (22 January 2021). EXCLUSIVE: Suhasini Mulay donates Louis Malle's camera for preservation: He gave it to my mother for me. PINKVILLA
  9. ↑ (31 December 2018). What I Learnt From Mrinal Sen About Filmmaking, and Being a Good Human. The Wire
  10. ↑ (5 May 2020). Streaming Guide: Gulzar movies. The Indian Express
  11. ↑ 30th National Film Awards. Directorate of Film Festivals
  12. ↑ 35th National Film Awards. Directorate of Film Festivals
  13. ↑ 36th National Film Awards. Directorate of Film Festivals
  14. ↑ 45th National Film Awards. Directorate of Film Festivals
  15. ↑ 45th Filmfare Awards winner
  16. ↑ 46th National Film Awards. Directorate of Film Festivals

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীগুজৰাটী চলচ্চিত্ৰৰ অভিনেত্ৰীঅসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুহাসিনী মুলে” প্ৰবন্ধৰ সংশোধন ৩৯৫৮০৫ (৯ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।