অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে পি এ চি ললিতা

মহেশ্বৰী আম্মা (K. P. A. C. Lalitha; ১৯৪৭ চনৰ ১০ মাৰ্চ – ২০২২ চনৰ ২২ ফেব্ৰুৱাৰী) গৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী, যিয়ে মূলতঃ মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ সৈত্ জড়িত। তেওঁক কে পি এ চি ললিতা মঞ্চনামৰে অধিক জনা যায়।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৫ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মহেশ্বৰী আম্মা (K. P. A. C. Lalitha; ১৯৪৭ চনৰ ১০ মাৰ্চ – ২০২২ চনৰ ২২ ফেব্ৰুৱাৰী) গৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী, যিয়ে মূলতঃ মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ সৈত্ জড়িত। তেওঁক কে পি এ চি ললিতা মঞ্চনামৰে অধিক জনা যায়। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে গণ্য কৰা ললিতাই কেৰালাৰ কয়ামকুলামৰ নাট্যগোষ্ঠী কেৰালা পিপলছ আৰ্টছ ক্লাবত অভিনয় জীৱন আৰম্ভ কৰিছিল। পাঁচ দশকজোৰা কৰ্মজীৱনত তেওঁ ৫৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।

ললিতাই চাৰিটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ লগতে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ২০০৯ চনত তেওঁক ফিল্মফেয়াৰ এৱাৰ্ডছ চাউথত ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত হয়। ললিতাই পৰৱৰ্তী সময়ত কেৰেলা সংগীত নাটক একাডেমীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰয়াত মালয়ালম চলচ্চিত্ৰ নিৰ্মাতা ভৰথনৰ সৈতে তেওঁৰ বিবাহ হৈছিল।

প্ৰাৰম্ভিক জীৱন

১৯৪৭ চনৰ ১০ মাৰ্চত বৰ্তমানৰ পাঠানমথিট্টা জিলাৰ অৰণমুলাত মহেশ্বৰী আম্মা নামেৰে ললিতাৰ জন্ম হয়। ১ তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল কদয়কাথাৰায়িল ভেট্টিল অনন্তন নায়াৰ আৰু ভাৰ্গৱী আম্মা। ২ পাঁচটা সন্তানৰ ভিতৰত তেওঁ জ্যেষ্ঠ আছিল। তেওঁৰ চাৰিজন ভাই-ভনী- ইন্দিৰা, বাবু, ৰাজন আৰু শ্যামলা। পিতৃ-মাতৃৰ বিয়াৰ পাঁচ বছৰৰ পাছত তেওঁৰ জন্ম হৈছিল। পিতৃ আছিল এজন ফটোগ্ৰাফাৰ। শৈশৱৰ বেছিভাগ সময় তেওঁ কয়ামকুলামৰ ওচৰৰ ৰামপুৰমত কটায়।

তেওঁৰ পৰিয়ালে নৃত্যৰ শ্ৰেণীত যোগদান কৰাৰ বাবে কোট্টায়মৰ চাংগনাছেৰীলৈ গুছি যায়। সৰুৰে পৰা তেওঁৰ নৃত্যৰ প্ৰতি অতি আগ্ৰহ আছিল। ৩ সৰুতে চেল্লাপ্পান পিল্লাইৰ নিৰ্দেশনাত আৰু তাৰ পিছত কলামণ্ডলম গংগাধৰণৰ অধীনত নৃত্য শিকিছিল। ১০ বছৰ বয়সৰ পৰাই তেওঁ নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। মঞ্চত তেওঁৰ প্ৰথম উপস্থিতি আছিল গীতায়ুদে বালি নাটকত। পিছলৈ কেৰালাৰ এটা বিশিষ্ট বাওঁপন্থী নাট্য দল কেৰালা পিপলছ আৰ্টছ ক্লাবত (KPAC) যোগদান কৰে। পিছলৈ চিনেমাত অভিনয় কৰিবলৈ আৰম্ভ কৰাৰ সময়ত ললিতা নামৰ আন এগৰাকী অভিনেত্ৰীৰ পৰা নিজৰ নামটো পৃথক কৰিবলৈ তেওঁ নামৰ আগত কে.পি.এ.চি. যোগ কৰে। ৪

তথ্যসূত্ৰ

  1. ↑ (12 May 2020). Did you know KPAC Lalitha's real name is Maheshwari Amma?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ LALITHA. (K.P.A.C.). Association of Malayalam Movie Artists
  3. ↑ asianetnews. (31 May 2012). "KPAC Lalitha"-On Record 31, May 2012 Part 1
  4. ↑ Staff Reporter. (22 March 2016). KPAC Lalitha opts out. The Hindu

সম্পৰ্কিত শ্ৰেণী

মালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় মঞ্চ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে পি এ চি ললিতা” প্ৰবন্ধৰ সংশোধন ৫৩৭৩০৩ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।