নীনা গুপ্তা (Neena Gupta; জন্ম: ৪ জুলাই, ১৯৫৯) দিল্লীত জন্মগ্ৰহণকাৰী প্ৰথিতযশা ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী আৰু পৰিচালক-নিৰ্মাতা।১ 'ৱহ চ'কৰি' চলচ্চিত্ৰত অভিনয় কৰে শ্ৰেষ্ঠ সহ-অভিনেত্ৰী শিতানত ১৯৯৪ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২ ভাৰতীয় বাণিজ্যধৰ্মী চলচ্চিত্ৰত জনপ্ৰিয়তা পালেও অৰবিন্দন আৰু শ্যাম বেনেগালৰ শিল্পধৰ্মী চলচ্চিত্ৰ নিৰ্মাণতো যথেষ্ট সুখ্যাতি অৰ্জন কৰিছে। 'শ্ৰীমান শ্ৰীমতি' দূৰদৰ্শন ধাৰাবাহিকত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। 'উইকেষ্ট লিঙ্ক', 'কমজোৰ কাদি কৌনৰ', ন্যায় দূৰদৰ্শন কুইজ শ্ব'তো তেওঁ অভিনয় কৰিছিল।৩
আৰ. এন. গুপ্তাৰ সন্তান তাই। ছানাৱাৰৰ লৰেঞ্চ স্কুলত অধ্যয়ন কৰে।৪ সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত একেখন বিষয়ত এম.ফিল কৰে।
অভিনয় কৰ্ম
গুপ্তা ভালেমা আন্তৰ্জাতিক চলচ্চিত্ৰত অংশগ্ৰহণ কৰিছে। তেতিয়া, ১৯৮২ চনৰ গান্ধী চলচ্চিত্ৰত তাই মহাত্মা গান্ধীৰ নাতনীৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও, মাৰ্চেণ্ট আইভোৰি ফিল্মচৰদ্য ডিচিভাৰ্চ (১৯৮৮), মিৰ্জা গালিব (১৯৮৯), ইন কাষ্টোডি (১৯৯৩), কটন মেৰি (১৯৯৯) অন্যতম।
১৯৯৩ চনত খলনায়ক চলচ্চিত্ৰত মাধুৰী দীক্ষিতৰ লগত অভিনয় কৰে। সেই চলচ্চিত্ৰৰ জনপ্ৰিয় গান 'চোলি কি পিছে' গানত তাইৰ অংশগ্ৰহণ আছিল। টেলিফিল্ম ‘লাজোৱান্তি’ আৰু ‘বাজাৰ সীতাৰাম’ (১৯৯৩) তাই নিৰ্মাণ কৰে। তেতিয়া, বাজাৰ সীতাৰাম ১৯৯৩ চনত শ্ৰেষ্ঠ প্ৰথম নন-ফিচাৰ চলচ্চিত্ৰ বিভাগত জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰে।
ব্যক্তিগত জীৱন
১৯৮০-ৰ দশকত প্ৰাক্তন বিখ্যাত ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডচৰ লগত সংক্ষিপ্তকালৰ বাবে গভীৰ ভালপোৱাৰ সম্পৰ্কত নিজকে বান্ধি দিয়ে। ফলশ্ৰুতিত ফ্যাচন ডিজাইনাৰ মাসাবা গুপ্তা নাম্নী এক কন্যা সন্তানৰ মাক হয় আৰু মুম্বাইত তাই তাইৰ শৈশৱকাল সাং কৰে৫। ইয়াৰ উপৰিও, অলোক নাথ আৰু শাৰং দেৱৰ লগতো তাইৰ সম্পৰ্ক হোৱাৰ কথা জানা যায়৬। ১৫ জুলাই, ২০০৮ তাৰিখত নতুন দিল্লীভিত্তিক চাৰ্টাৰ্ড অ্যাকাউণ্টেণ্ট আৰু পিডব্লিউচি ইণ্ডিয়াৰ অংশীদাৰ বিবেক মেহৰাৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰত গোপনীয়ভাবে বৈবাহিক সম্পৰ্কত আবদ্ধ হয়।৭
তথ্যসূত্ৰ
- ↑ नीना गुप्ता: सुर्खियों में रहा प्रेम प्रसंग সংগ্ৰহ: ফেব্ৰুৱাৰী ১৪, ২০২০
- ↑ 41st National Film Awards, সংগ্ৰহ: ফেব্ৰুৱাৰী ২০২০
- ↑ Bold and dutiful MALA KUMAR, The Hindu সংগ্ৰহ: ফেব্ৰুৱাৰী ১৩, ২০২০
- ↑ Nisheeth Sharan’s "Grillopollis" hosts Sanawar’s reunion over its first preview সংগ্ৰহ: ফেব্ৰুৱাৰী ১৪, ২০২০
- ↑ ট্ৰিবিউন
- ↑ DNA newspaper সংগ্ৰহ: ফেব্ৰুৱাৰী ১৪, ২০২০
- ↑ Neena Gupta opens up... TANVI TRIVEDI, TNN, দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীনা গুপ্তা” প্ৰবন্ধৰ সংশোধন ৩৪৯৫৬২ (১৯ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।