ভাৰতীয় সাহিত্যিক
২৪২ প্ৰবন্ধ
-
তাৰক মেহতা
তাৰক মেহতা (તારક મહેતા) এজন ভাৰতীয় লেখক, হাস্যৰসিক, নাট্যকাৰ। তেওঁক গুজৰাটী ভাষাৰ 'দুনিয়া নে উন্ধা চছমা' বা 'পৃথিৱীৰ উলুটা চছমা'ৰ বাবে বিশেষভাৱে জনা যায়। তেওঁ বিভিন্ন ব্যংগ গুজৰাটী ভাষালৈ অনুবাদ কৰিছে, তেওঁ গুজৰাটী নাট্যশালাৰ এক পৰিচিত নাম।
-
তিশানী দোশী
তিশানী দোশী (Tishani Doshi; জন্ম ৯ ডিচেম্বৰ, ১৯৭৫) চেন্নাইস্থিত এগৰাকী ভাৰতীয় কবি, সাংবাদিক আৰু নৃত্যশিল্পী। ২০০৬ চনত, তেওঁ তেওঁৰ প্ৰথমখন কবিতাৰ কিতাপ কাণ্ট্ৰিচ্ অৱ দ্য ব’ডিৰ বাবে ‘ফৰৱাৰ্ড প্ৰাইজেচ ফ’ৰ পয়েট্ৰি’ লাভ কৰে।
-
তেনালি ৰাম
তেনালি ৰামকৃষ্ণ (জন্মনাম: গৰ্লাপতি ৰামকৃষ্ণ; তেনালি ৰামলিংগ আৰু তেনালি ৰাম বুলিও জনা যায়; জন্ম: ২২ ছেপ্টেম্বৰ ১৪৮০ – মৃত্যু: ৫ আগষ্ট ১৫২৮) এজন তেলুগু কবি, পণ্ডিত আৰু বিজয়নগৰ সাম্ৰাজ্যৰ শ্ৰীকৃষ্ণদেৱৰায়ৰ দৰবাৰৰ পৰামৰ্শদাতা আছিল।
-
নমিতা গোখলে
নমিতা গোখলে (Namita Gokhale; জন্ম:১৯৫৬) এগৰাকী ভাৰতীয় লেখক, সম্পাদক, উৎসৱ পৰিচালক আৰু প্ৰকাশক। তেওঁৰ প্ৰথম উপন্যাস পাৰু: ড্ৰীমছ অৱ পেচন ১৯৮৪ চনত মুক্তি পাইছিল, আৰু তেতিয়াৰ পৰা তেওঁ কল্পকাহিনী আৰু ননফিক্সন লিখিছে, আৰু অকাল্পনিক সংকলন সম্পাদনা কৰিছে।
-
নিকিতা সিং
নিকিতা সিং (Nikita Singh; জন্ম ৬ অক্টোবৰ, ১৯৯১) এগৰাকী ভাৰতীয় লেখক। তেওঁ দ্য ৰিজন ইজ য়্যু, এভ্ৰি টাইম ইট ৰেইনচ্, লাইক আ লাভ চং, দ্য প্ৰমিজ আৰু আফটাৰ অল দিজ টাইম আদিকে ধৰি বাৰখন কিতাপ লিখিছে।
-
নিৰুপমা দেৱী
নিৰুপমা দেৱী (:Nirupama Devi; ৭ মে’ ১৮৮৩ – ৭ জানুৱাৰী ১৯৫১) এগৰাকী আগশাৰীৰ বাংলা ঔপন্যাসিক আৰু চুটিগল্প লেখিকা আছিল। তেওঁ ২০শ শতিকাৰ আৰম্ভণিতে সাহিত্য চৰ্চা কৰিছিল। তেওঁৰ জন্ম বহৰমপুৰ, মুৰ্শিদাবাদ জিলাত হৈছিল। তেওঁ শ্ৰীমতী দেৱী আৰু অনুপমা দেৱী ছদ্মনামেৰে লিখা-মেলা কৰিছিল।
-
পদ্মা সচদেৱ
পদ্মা সচদেৱ (Padma Sachdev; ১৭ এপ্ৰিল ১৯৪০ – ৪ আগষ্ট ২০২১) এগৰাকী ভাৰতীয় কবি আৰু ঔপন্যাসিক আছিল। তেওঁ ডোগ্ৰী ভাষাৰ প্ৰথম আধুনিক মহিলা কবি। তেওঁ হিন্দীতো লিখিছিল। তেওঁৰ প্ৰকাশিত কেইবাটাও কবিতা সংকলনৰ ভিতৰত মেৰী কবিতা মেৰে গীত সংকলনটোৱে ১৯৭১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
পাৰ্থ চট্টোপাধ্যায়
ড॰ পাৰ্থ চট্টোপাধ্যায় (Dr. Partha Chattopadhyay) বঙালী সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত এজন ব্যক্তি। পাৰ্থ চট্টোপাধ্যায়ৰ জন্ম হয় ১৯৩৯ চনত পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ গোবৰডাঙ্গা গাঁৱত।
-
প্ৰফুল্ল ৰায়
প্ৰফুল্ল ৰায় (Prafulla Roy, ১১ ছেপ্টেম্বৰ ১৯৩৪) পশ্চিমবঙ্গৰ আগশাৰীৰ অন্যতম সমসাময়িক সাহিত্যিক; তেওঁৰ জন্ম ১৯৩৪ চনত তেতিয়াৰ পূব পাকিস্তানৰ ঢাকা জিলাত। ১৯৪৭ চনত দেশ বিভাজনৰ পিছত তেওঁ তেতিয়াৰ পূব পাকিস্তানৰ পৰা (বৰ্তমান বাংলাদেশ ) ভাৰতলৈ আহিছিল।
-
প্ৰিয়া কুমাৰ
প্ৰিয়া কুমাৰ (Priya Kumar, জন্ম: ৪ মাৰ্চ, ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় লেখিকা আৰু অনুপ্ৰেৰণাদায়ী বক্তা। তেখেতে এতিয়ালৈকে বাৰখন গ্ৰন্থ লিখি উলিয়াইছে। ইয়াৰে ভিতৰত উপন্যাস আৰু আত্ম-সহায়ক গ্ৰন্থও আছে। তেখেতৰ গ্ৰন্থসমূহে মূলতঃ অনুপ্ৰেৰণাদায়ী আৰু আধ্যাত্মিক বিষয়বস্তুক সামৰি লয়।
-
বিনালক্ষ্মী নেপ্ৰাম
বিনালক্ষ্মী নেপ্ৰাম (Binalakshmi Nepram) এগৰাকী মানৱসেৱা কৰ্মী, লেখিকা আৰু সমাজসেৱিকা৷ তেওঁ উত্তৰ-পূব ভাৰত বিশেষকৈ মণিপুৰৰ হিংসা আৰু সন্ত্ৰাসৰ বিৰুদ্ধে জনমত গঠন কৰাৰ প্ৰচেষ্টা চলাই আহিছে৷ হিংসাৰ বলি হোৱা মহিলা আৰু পৰিয়ালসমূহৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈকো তেওঁ অৱদান আগবঢ়াইছে৷ এইক্ষেত্ৰত…
-
বিভূতি নাৰায়ণ ৰায়
বিভূতি নাৰায়ণ ৰায় (विभूति नारायण राय) (জন্ম: ২৮ নভেম্বৰ ১৯৫১) হৈছে এগৰাকী ভাৰতীয় সাহিত্যিক, সামাজিক চিন্তক, অনুবাদক আৰু শিক্ষাবিদ। ৰায়ে ১৯৭১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ সম্পন্ন কৰে। ১৯৭৫ চনত উত্তৰ প্ৰদেশ কেডৰত ভাৰতীয় পুলিচ সেৱাত যোগদান কৰে।
-
বিষ্ণু ভিকাজী কোলতে
বিষ্ণু ভিকাজী কোলতে (विष्णु भिकाजी कोलते, ১৯০৮–১৯৯৮) (ভৌচাহেব কোলতে নামৰে জনাজাত) এজন মাৰাঠী লেখক আৰু পুৰণি মাৰাঠী সাহিত্যৰ গৱেষক আছিল। তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাষ্ট্ৰসন্ত তুকাডোজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷
-
বিষ্ণু শৰ্মা
বিষ্ণু শৰ্মা (विष्णुशर्मन् / विष्णुशर्मा) এজন ভাৰতীয় পণ্ডিত আৰু লেখক আছিল। তেওঁ উপকথাৰ সংকলন পঞ্চতন্ত্ৰ ৰচনা কৰিছে বুলি জনা যায়।
-
বেবী হালদাৰ
বেবী হালদাৰ (বা হালদাৰ) (জন্ম ১৯৭৩) এগৰাকী ভাৰতীয় লেখক। তেওঁৰ উচ্চ প্ৰশংসিত সৃষ্টি কৰ্মটি হ'ল - ২০০৬ চনত প্ৰকাশ হোৱা তেওঁৰ আত্মজীৱনী আলো আঁধাৰি (আ লাইফ লেচ অৰ্ডিনেৰী), য'ত ঘৰুৱা কৰ্মীৰূপে তেওঁৰ ৰুঢ় জীৱনটো বৰ্ণিত হৈছে। কিতাপখন ১৩টা বিদেশী ভাষালৈ অনুবাদ হৈছে।
-
ভাস্কৰাৰায়
ভাস্কৰাৰায় মাখিন (১৬৯০–১৭৮৫) হিন্দু ধৰ্মৰ শাক্ত পৰম্পৰাত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত এজন ধৰ্মীয় প্ৰতিনিধি আৰু সাহিত্যিক। তেওঁৰ জন্ম হৈছিল হায়দৰাবাদ তেলেংগানাৰ এটা মহাৰাষ্ট্ৰীয় ব্ৰাহ্মণ পৰিয়ালত।
-
মঞ্জু কাপুৰ
মঞ্জু কাপুৰ (ইংৰাজী: সৰহ) এগৰাকী ভাৰতীয় ঔপন্যাসিক। তেওঁৰ ডিফিকাল্ট ডটাৰ্ছ (Difficult Daughters) নামৰ প্ৰথম উপন্যাসখনে ১৯৯৯ চনৰ কমনৱেলথ ৰাইটাৰ্ছ বঁটা লাভ কৰে আৰু এই বঁটা লাভ কৰা ইউৰোপ আৰু দক্ষিণ এছিয়াৰ শ্ৰেষ্ঠ প্ৰথম গ্ৰন্থ হিচাপে স্বীকৃতি পায়।
-
মধুলিকা লিড্ডল
মধুলিকা লিড্ডল (Madhulika Liddle; জন্ম: ৮ জানুৱাৰী, ১৯৭৩) হ'ল ইংৰাজী ভাষাত লেখা-মেলা কৰা এগৰাকী ভাৰতীয় লেখক। মধুলিকা যদিও চুটি কল্পকাহিনী, ভ্ৰমণ লিখা আৰু ক্লাছিক চিনেমা সম্পৰ্কীয় লিখাৰ এগৰাকী উৰ্বৰ লেখক; তথাপি তেওঁ ১৭ শতিকাৰ মোগল ডিটেকটিভ মুজাফৰ জঙৰ বিষয়ে লিখা কিতাপবোৰৰ বাবেহে বেছি জনাজাত।
-
মনুভাই পাঞ্চলি
মনুভাই পাঞ্চলি (Manubhai Pancholi) এগৰাকী ভাৰতীয় গুজৰাটী ৰাজনীতিবিদ। তেওঁ দৰ্শক উপনামেৰে লেখা-মেলা কৰে আৰু ঘাইকৈ এই নামেৰেই পঢ়ুৱৈৰ মাজত পৰিচিত। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু স্বাধীনতাৰ পিছত শিক্ষাবিদ আৰু ৰাজনীতিক ৰূপে সেৱা আগবঢ়াইছিল।
-
মালিনী চিব
মালিনী চিব (Malini Chib; জন্ম: ১৯৬৬) মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত এগৰাকী ভাৰতীয় প্ৰতিবন্ধী অধিকাৰ কৰ্মী আৰু লেখক। চিবে মাত্ৰ এটা আঙুলিৰে টাইপ কৰি দুবছৰৰ ভিতৰত ৱান লিটল ফিংগাৰ নামৰ কিতাপ এখন লিখিছিল।
-
মীনা কান্দাচামি
ইলাভেনিল মীনা কান্দাচামি (Ilavenil Meena Kandasamy; জন্ম:১৯৮৪) তামিলনাডুৰ চেন্নাই নিবাসী এগৰাকী ভাৰতীয় কবি, কল্প কাহিনী লেখক, অনুবাদক আৰু সমাজকৰ্মী। ২০০৬ আৰু ২০১০ চনত মীনাৰ ক্ৰমে টাচ আৰু মিচ মিলিটেন্সি শীৰ্ষক দুখন কবিতাৰ কিতাপ প্ৰকাশ পাইছে।
-
মুল্কৰাজ আনন্দ
মুল্কৰাজ আনন্দ (১২ ডিচেম্বৰ ১৯০৫ – ২৮ ছেপ্তেম্বৰ ২০০৪) এগৰাকী খ্যাতনামা ভাৰতীয় ইংৰাজী ভাষাৰ সাহিত্যিক আছিল, যিয়ে প্ৰচলিত ভাৰতীয় সমাজৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ জীৱনৰ বাস্তৱ ছবি নিৰ্মাণৰ বাবে বিশেষকৈ জনপ্ৰিয়তা লাভ কৰিছিল। ইংগ-ভাৰতীয় কথাসাহিত্যৰ পথিকৃৎসকলৰ ভিতৰত তেওঁ এজন, আৰু আৰ. কে.
-
শীলা ভাটিয়া
শীলা ভাটিয়া (Sheila Bhatia) আছিল এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ, থিয়েটাৰ কৰ্মী আৰু দিল্লী আৰ্ট থিয়েটাৰৰ প্ৰতিষ্ঠাতা, যি হৈছে ভাৰতীয় কলাৰ প্ৰসাৰৰ বাবে দিল্লীস্থ এক অনুষ্ঠান।
-
শোভনাসুন্দৰী মুখোপাধ্যায়
শোভনাসুন্দৰী মুখোপাধ্যায় (ইংৰাজী: Shobhanasundari Mukhopadhyay; জন্ম: ১৮৭৭ - মৃত্যু: ২৬ মে' ১৯৩৭) এগৰাকী ভাৰতীয় লেখিকা তথা লোককথাবিদ আছিল। তেওঁ লোককথা সম্পৰ্কীয় সংকলনৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁ আছিল হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা আৰু সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী।
-
শোভা দে
শোভা ৰাজাধ্যাক্সা বা শোভা দে (জন্ম ৭ জানুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ৷ তেওঁক প্ৰধানকৈ তেওঁৰ কাহিনীসমূহত অংকণ কৰা সমাজৰ ৰূপ আৰু যৌনতাৰ বাবে জনা যায়৷ সাহিত্যিক কৰ্মৰাজিত প্ৰাধান্য পোৱা এই মূল বিষয়-বস্তুৰ বাবে তেওঁক ’ভাৰতৰ জেকি কলিনছ (Jackie Collins of India) বুলিও অভিহিত কৰা…
-
সত্যেন্দ্ৰনাথ ঠাকুৰ
সত্যেন্দ্ৰনাথ ঠাকুৰ (Satyendranath Tagore) (১ জুন ১৮৪২ - ৯ জানুৱাৰী ১৯২৩) আছিল এগৰাকী ভাৰতীয় অসামৰিক সেৱা বিষয়া, কবি, সুৰকাৰ, লেখক, সমাজ সংস্কাৰক আৰু ভাষাতত্ত্ববিদ। তেওঁ বংগৰ কলিকতা চহৰৰ বাসিন্দা আছিল। তেওঁ আছিল ১৮৬৩ চনত ভাৰতীয় অসামৰিক সেৱা বিষয়া হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি।
-
সাধু ৰামচান্দ মুৰ্মু
সাধু ৰামচান্দ মুৰ্মু (৩০ এপ্ৰিল ১৮৯৭-১৫ ডিচেম্বৰ ১৯৫৪) এজন চাওঁতালি কবি, লেখক আৰু শিক্ষাবিদ আছিল। তেখেত উনৈশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতাব্দীৰ প্ৰথম ভাগত চাওঁতালি সাহিত্য আৰু সংগীতক নতুন ৰূপ দিছিল। তেখেত চাওঁতালি সাহিত্যৰ কবিগুৰু বা মহাকবি নামেৰেও জনাজাত।
-
সাৰলা দাস
সাৰলা দাস (ওড়িয়া: ସାରଳା ଦାସ, ইংৰাজী: Sarala Dasa, জন্মনাম: সিদ্ধেশ্বৰ পৰিড়া) আছিল ওডিয়া সাহিত্যৰ ১৫শ শতিকাৰ এজন খ্যাতনামা কবি আৰু পাণ্ডিত। তেওঁ সাৰলা মহাভাৰত, বিলংকা ৰামায়ণ আৰু চণ্ডী পুৰাণ নামৰ তিনখন উল্লেখযোগ্য গ্ৰন্থৰ বাবে বিশেষভাৱে পৰিচিত।
-
সুগতা কুমাৰী
সুগতা কুমাৰী (২২ জানুৱাৰী ১৯৩৪ – ২৩ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় কবি আৰু সমাজকৰ্মী আছিল। তেওঁ দক্ষিণ ভাৰতৰ কেৰালাৰ পৰিৱেশ বিষয়ক আৰু নাৰীবাদী আন্দোলনৰ এগৰাকী শীৰ্ষস্থানীয় নেত্ৰী আছিল। সুগতা কুমাৰীৰ পিতৃ কবি আৰু স্বাধীনতা সংগ্ৰামী বোধেশ্বৰণ আৰু মাতৃ সংস্কৃত পণ্ডিত ভি কে কাৰ্তিয়ায়িনী আম্মা।
-
সুচিত্ৰা হান্সদা
সুচিত্ৰা হান্সদা ( Suchitra Hansda), জন্ম: ১৯৮৩ চন, এগৰাকী চাঁওতালী মহিলা লেখিকা। ভাৰতৰ পশ্চিম বংগৰ হুগলী জিলাৰ জামদা গাঁৱত তেওঁৰ ঘৰ। চাঁওতালী ভাষাৰ বিভিন্ন সাহিত্যৰ ৰচনাৰ বাবে তেওঁ পৰিচিত।