অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাৰ্থ চট্টোপাধ্যায়

ড॰ পাৰ্থ চট্টোপাধ্যায় (Dr. Partha Chattopadhyay) বঙালী সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত এজন ব্যক্তি। পাৰ্থ চট্টোপাধ্যায়ৰ জন্ম হয় ১৯৩৯ চনত পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ গোবৰডাঙ্গা গাঁৱত।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৩ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ড॰ পাৰ্থ চট্টোপাধ্যায় (Dr. Partha Chattopadhyay) বঙালী সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত এজন ব্যক্তি। পাৰ্থ চট্টোপাধ্যায়ৰ জন্ম হয় ১৯৩৯ চনত পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ গোবৰডাঙ্গা গাঁৱত।১

কৰ্মজীৱন

১৯৬০ চনত তেওঁ কমনওৱেলথ্‌ বৃত্তি পাই সাংবাদিকতা পঢ়াৰ কাৰণে ইংলেণ্ডলৈ যায়। ১৯৭৮ চনত জেফাৰছন ফেল’শ্বিপ পাই তেওঁ আমেৰিকাৰ হাৱাই বিশ্ববিদ্যালয়ৰ ইষ্ট-ওৱেষ্ট চেণ্টাৰত গৱেষণা কৰিবলৈ যায়। তেওঁ বিশ্বৰ ৩৫খন দেশত একাধিকবাৰ ভ্ৰমণ কৰিছে। ১৯৮২ চনত ইন্দিৰা গান্ধীৰ লগত তেওঁ বিশ্ব পৰিক্ৰমা কৰে।২১

১৯৫৯-১৯৯৮ চনলৈকে ড॰ পাৰ্থ চট্টোপাধ্যায় সক্ৰিয় সাংবাদিকতাৰ লগত জড়িত আছিল। বেছিভাগ সময় তেওঁ অতিবাহিত কৰে আনন্দবাজাৰ পত্ৰিকা গোষ্ঠীৰ লগত। চাৰিবছৰ তেওঁ সাপ্তাহিক পৰিৱৰ্তন পত্ৰিকাৰ সম্পাদক আছিল। ১৯৭৬-১৯৮৭ চনলৈকে তেওঁ কলিকতা বিশ্ববিদ্যালয়ত সাংবাদিকতা পঢ়াইছিল। ১৯৯৮-২০০২ চনলৈকে তেওঁ শিলচৰৰ অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সাংবাদিকতাৰ প্ৰধান অধ্যাপক আছিল।২১

ড॰ চট্টোপাধ্যায়ে গল্প, উপন্যাস, ভ্ৰমণ কাহিনী, নাটক, প্ৰবন্ধ মিলাই ৮৫খন কিতাপ লিখিছে। ১৯৮৩ চনৰ পৰা তেওঁ ম’টিভেছনমূলক সাহিত্য লিখিবলৈ আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰতে এই কিতাপবোৰ বঙালী সাহিত্যত বেষ্ট-ছেলাৰ হৈ উঠে। একে সময়তে তেওঁ যুৱ সমাজৰ মাজত আত্মবিশ্বাস উভোতাই অনাৰ কাৰণে লাইফ পজিটিভ আন্দোলন আৰম্ভ কৰে আৰু বিভিন্ন ঠাইত আত্মবিশ্বাস কৰ্মশালা পৰিচালনা কৰিবলৈ লয়। ড॰ চট্টোপাধ্যায় এতিয়া কলকাতা নিবাসী।২১

পুৰস্কাৰ

সাহিত্য আৰু সাংবাদিকতাৰ কাৰণে তেওঁ বহুবাৰ পুৰস্কৃত আৰু সম্বৰ্ধিত হৈছে।২১

তেখেতৰ সম্পাদিত আলোচনী আৰু কাকত

  • পৰিৱৰ্তন পত্ৰিকা (সাপ্তাহিক)

তথ্যসূত্ৰ

  1. ↑ অনুবাদক - বৰা দেৱচৌধুৰী, ড॰ বিনীতা. (ষষ্ঠ সংস্কৰণ, মাৰ্চ ২০১২). মানুহ কেনেকৈ চিনিব পাৰি. বীণা লাইব্ৰেৰী
  2. ↑ অনুবাদক - গোস্বামী, ড॰ গোলকেশ্বৰ. (দ্বিতীয় সংস্কৰণ, জানুৱাৰী ২০১০). কেনেকৈ স্মৃতিশক্তি বঢ়াব. বীণা লাইব্ৰেৰী

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকবঙালী সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্থ চট্টোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৩৯৬০৪৫ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।