মালিনী চিব (Malini Chib; জন্ম: ১৯৬৬)১ মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত এগৰাকী ভাৰতীয় প্ৰতিবন্ধী অধিকাৰ কৰ্মী আৰু লেখক।২ চিবে মাত্ৰ এটা আঙুলিৰে টাইপ কৰি দুবছৰৰ ভিতৰত ৱান লিটল ফিংগাৰ নামৰ কিতাপ এখন লিখিছিল।৩৪
জীৱনী
মালিনীয়ে ১৯৬৬ চনত ভাৰতৰ কলকাতাত জন্মগ্ৰহণ কৰে। জন্মৰ সময়ত অক্সিজেনৰ অভাৱ হোৱাত মস্তিষ্কৰ পক্ষাঘাতত আক্ৰান্ত হয়।১ জন্মৰ পিছত মাক-দেউতাকে তেওঁৰ উন্নত চিকিৎসা সেৱাৰ বাবে ইংলেণ্ডলৈ গুচি যায়। ভায়েক নিখিলৰ জন্মৰ পিছত পৰিয়ালটো পুনৰ ভাৰতলৈ গুচি আহে। যিহেতু কোনো বিদ্যালয়ে তেওঁক ছাত্ৰী হিচাপে ল’ব নোৱাৰে, সেয়েহে মাক মিথু আলুৰে “দ্য চেণ্টাৰ ফৰ স্পেচিয়েল এডুকেশ্যন” নামৰ এখন বিদ্যালয় আৰম্ভ কৰিছিল। পিছলৈ মালিনীয়ে ইংলেণ্ডলৈ গৈ চেৰিব্ৰেল পালচি ৰোগীৰ বাবে থকা থমাছ ডেলাৰু স্কুলত পঢ়ে। তাৰপৰা মুম্বাই বিশ্ববিদ্যালয়ৰ অধীনস্থ ছেইণ্ট জেভিয়াৰ কলেজত স্নাতক ডিগ্ৰী লয় আৰু লিংগ অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লয় লণ্ডন বিশ্ববিদ্যালয় ইনষ্টিটিউট অফ এডুকেচনৰ পৰা।৩ চলচ্চিত্ৰ নিৰ্মাতা সোনালী বসু তেওঁৰ সম্বন্ধীয় ভনীয়েক।
কৰ্মজীৱন
চিবৰ প্ৰথম গ্ৰন্থ আৰু আত্মজীৱনী ৱান লিটল ফিংগাৰ। গ্ৰন্থখন ২০১০ চনৰ ডিচেম্বৰত ছেজ পাব্লিচিঙে প্ৰকাশ কৰিছিল আৰু সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।৫ ২০১৫ চনত আই ফিল নৰ্মেল ইনছাইড শীৰ্ষক এটা অধ্যায় লিখিছিল। বাহিৰত, মোৰ শৰীৰটো নহয়! আশা হান্সে সম্পাদনা আৰু ছেজ পাব্লিছিঙে প্ৰকাশ কৰা “ডিচেবিলিটি, জেণ্ডাৰ এণ্ড দ্য ট্ৰেজেক্টৰীজ অফ পাৱাৰ” নামৰ সংকলনখনত তেওঁ “আই ফিল নৰ্মেল ইনচাইড, আউটচাইড ব’জী ইজণ্ট্”।৬
চিব ADAPT (Able Disable All People Together) নামৰ সংগঠনটোৰ অংশ এডাপ্ট ৰাইট গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু সহ-অধ্যক্ষ। "সক্ষম" আৰু "অক্ষম" উভয়কে একেলগে লৈ সকলোকে সামৰি লোৱা এখন সমাজ নিৰ্মাণৰ বাবে কাম কৰাৰ বিশ্বাস লৈ এই ৰাইট গ্ৰুপটো গঠন কৰা হৈছিল।৭ তেওঁ লাইব্ৰেৰী এণ্ড মিডিয়া চাৰ্ভিচেছৰ মুৰব্বীও। বিশেষভাৱে সক্ষম যুৱক-যুৱতীসকলৰ সংস্থাপনৰ বাবে এখন জীৱিকা মেলাৰ আয়োজনতো নিজৰ দক্ষতা বিনিয়োগ কৰিছিল। তেওঁ ব্যক্তি, কৰ্প’ৰেট, অভিভাৱক, পেছাদাৰী আৰু প্ৰতিবন্ধী কৰ্মীসকলৰ বাবে সৱলীকৰণ আৰু সংবেদনশীলতা পাঠ্যক্ৰমো পৰিচালনা কৰে।৮
বঁটা
২০১১ চনত ভাৰতৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে চিবক বিশেষভাৱে সক্ষম ব্যক্তিৰ সবলীকৰণৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।৯ ২০১৭ চনত বিশ্ব চেৰিব্ৰেল পালচি দিৱস উপলক্ষে চিবক অষ্ট্ৰেলিয়াৰ চেৰিব্ৰেল পালচি এলায়েন্সে বিশেষভাবে সক্ষম ব্যক্তিসকলৰ ব্যক্তিসকলৰ অধিকাৰ আৰু প্ৰাপ্য নিশ্চিত কৰাৰ বাবে “গ্ল’বেল চেৰিব্ৰেল পালচি দে” বঁটাৰে সন্মানিত কৰা হয়।১০
জনপ্ৰিয় সংস্কৃতিত
২০১৪ চনত চিবৰ জীৱনৰ আধাৰত সোণালী বসুৱে পৰিচালনা কৰা মাৰ্গাৰেট উইথ এ স্ট্ৰ মুক্তি পায়; যিখন ছবি সমালোচকৰ প্ৰশংসা লাভ কৰাৰ উপৰিও ব্যৱসায়িকভাবে সফল হৈছিল।
তথ্যসূত্ৰ
- ↑ Chib, Malini. (2011). One Little Finger. ISBN 978-81-321-0632-6
- ↑ Able Crusader -'The Hindu'
- ↑ One Little Finger – One Big Review! - 'Disability Horizons'
- ↑ Fight for empowering the differently-abled - NDTV
- ↑ One Little Finger · SAGE India. in.sagepub.com
- ↑ Disability, Gender and the Trajectories of Power · SAGE India. in.sagepub.com
- ↑ ADAPT - Adapt Rights Group (ARG). www.adaptssi.org
- ↑ ADAPT: THE TRUSTEES AND GOVERNING BODY. www.adaptssi.org
- ↑ Ministry of Social Justice and Empowerment (Disability Division) 2011 Awards
- ↑ Activist-author honoured with global cerebral palsy award - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালিনী চিব” প্ৰবন্ধৰ সংশোধন ৬৪০১৫৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।