ভাৰতীয় সাহিত্যিক
২৪২ প্ৰবন্ধ
-
সৰোজিনী মেহতা
সৰোজিনী মেহতা (Sarojini Mehta, (১৮৯৮-১৯৭৭) আছিল গুজৰাট, ভাৰতৰ এগৰাকী চুটিগল্পকাৰ। ১৮৯৮ চনত সৰোজিনী মেহতাৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল ৰমনভাই নীলকণ্ঠ আৰু মাতৃৰ নাম আছিল বিদ্যাগৌৰী নীলকণ্ঠ। তেওঁলোক উভয়েই সমাজ-সংস্কাৰক আৰু লেখক আছিল।
-
হৰভজন সিং (কবি)
হৰভজন সিং (Harbhajan Singh; ৮ আগষ্ট ১৯২০-২১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় কবি, সমালোচক, সাংস্কৃতিক পৰিৱেশক তথা পাঞ্জাৱী ভাষাৰ অনুবাদক। অমৃতা প্ৰীতমৰ সৈতে, তেওঁক পাঞ্জাৱী কাব্য সাহিত্যৰ লিখন শৈলীলৈ বিপ্লৱ কঢ়িয়াই অনাৰ কৃতিত্ব দিয়া হয়।
-
ৰাজলক্ষ্মী
থাক্কথু অময়ংকট্টু ৰাজালক্ষ্মী ( ইংৰাজী: Thakkathu Amayankattu Rajalalkshmi; ২ জুন ১৯৩০ – ১৮ জানুৱাৰী ১৯৬৫), ৰাজলক্ষ্মী নামেৰে বেছি পৰিচিত, এজন ভাৰতীয় ঔপন্যাসিক, গল্পকাৰ আৰু মালয়ালম সাহিত্যৰ কবি। তেওঁ তিনিখন উপন্যাস, দুখন কবিতা সংকলন, আৰু এটা চুটিগল্প সংকলনৰ লিখক।
-
ৰুপি কৌৰ
ৰুপি কৌৰ (Rupi Kaur; জন্ম: ৪ অক্টোবৰ, ১৯৯২) হ'ল এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান কবি, ইলাষ্ট্ৰেটৰ আৰু লেখক। ইনষ্টাগ্ৰাম আৰু টাম্বলাৰৰ যোগেদি নিজৰ দৃশ্যমান চুটি কবিতাসমূহ প্ৰকাশ কৰি কৌৰ লোকচক্ষুলৈ আহে। ২০১৪ চনত, তেওঁৰ প্ৰথমখন কিতাপ 'মিল্ক এণ্ড হনি' প্ৰকাশৰ পাছতে তেওঁ অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে।
-
অঞ্জু মাখিজা
অঞ্জু মাখিজা (ইংৰাজী: Anju Makhija) এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ, অনুবাদক আৰু স্তম্ভলেখক। ইংৰাজী ভাষাত কৰা তেওঁৰ সাহিত্যকৰ্মৰ বাবে তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
-
অদিতি গুপ্তা
অদিতি গুপ্তা (Aditi Gupta) হ'ল এগৰাকী ভাৰতীয় লেখক আৰু 'মেন্সট্ৰুপীডিয়া কমিক'ৰ সহ-প্ৰতিষ্ঠাতা। অদিতি আৰু তেওঁৰ স্বামী তুহিন পল, দুয়োজনেই ৰাষ্ট্ৰীয় ডিজাইন সংস্থাৰ প্ৰাক্তন ছাত্ৰ আৰু তেওঁলোকে মিলি 'মেন্সট্ৰুপীডিয়া কমিক' প্ৰতিষ্ঠা কৰে।
-
অনঘা জে. কোলাঠ
অনঘা জে. কোলাঠ (ইংৰাজী: Anagha J. Kolath) এগৰাকী মালয়ালম ভাষাৰ কবি। ২০২২ চনত তেওঁ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ লাভ কৰে।
-
অনামিকা (কবি)
অনামিকা (জন্ম ১৭ আগষ্ট ১৯৬১) এগৰাকী সমকালীন ভাৰতীয় কবি, সমাজকৰ্মী আৰু উপন্যাসিকা। তেওঁ হিন্দী ভাষাত কবিতা আৰু উপন্যাস লিখে আৰু ইংৰাজী ভাষাত সমালোচনা ৰচনা কৰে। My Typewriter Is My Piano হ'ল ইংৰাজীত অনুবাদিত তেওঁৰ এটা কবিতা সংকলন।
-
অনুজ ধৰ
অনুজ ধৰ এগৰাকী ভাৰতীয় লেখক তথা প্ৰাক্তন সাংবাদিক। ধৰে সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰহস্য সম্পৰ্কে ভালেসংখ্যক গ্ৰন্থ ৰচনা কৰিছে। চৰকাৰী ভাষ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত সুভাষ চন্দ্ৰ বসুৱে যাত্ৰা কৰা জাপানীজ বিমানখন টাইৱানত দুৰ্ঘটনাত পতিত হয়।
-
অনুজা চৌহান
অনুজা চৌহান (Anuja Chauhan, জন্ম: ১৯৭০) হ'ল এগৰাকী ভাৰতীয় লেখক, বিজ্ঞাপনদাতা আৰু নাট্যকাৰ। ১৭ বছৰতকৈও অধিক সময় ধৰি চৌহানে ভাৰতৰ জেডব্লিউটি নামৰ বিজ্ঞাপন সংস্থা এটাত কাম কৰিছিল আৰু কোম্পানীৰ উপ-সভাপতি আৰু কাৰ্যবাহী সৃষ্টিশীল পৰিচালক পদবীত অধিষ্ঠিত হৈছিল।
-
অপৰ্ণ বৈদিক
অপৰ্ণ বৈদিক (জন্ম ২২ অক্টোবৰ) এগৰাকী ভাৰতীয় ইতিহাসবিদ, লেখিকা আৰু শিক্ষাবিদ। বৈদিক আন্দামান দ্বীপপুঞ্জৰ ইতিহাস, ভাৰতীয় বিপ্লৱীসকলৰ ইতিহাস, সামাজিক আৰু পৌৰাণিক হিংসাৰ ইতিহাস আৰু বিদ্ৰোহী ষড়যন্ত্ৰৰ ইতিহাসৰ ওপৰত বিস্তৃত লেখাৰ বাবে পৰিচিত এগৰাকী উল্লেখযোগ্য ৰাজহুৱা পৰিচিতি থকা পণ্ডিত।
-
অমৰুতা পাটিল
অমৰুতা পাটিল (: Amruta Patil; জন্ম: ১৯ এপ্ৰিল ১৯৭৯) এগৰাকী ভাৰতীয় গ্ৰাফিক নভেল লেখিকা আৰু চিত্ৰশিল্পী।
-
অশ্বতী থিৰুনাল গৌৰী লক্ষ্মী বাঈ
অশ্বতী থিৰুনাল গৌৰী লক্ষ্মী বাঈ (ইংৰাজী: Aswathy Thirunal Gowri Lakshmi Bayi; জন্ম: ১৯৪৫) কেৰালাৰ এগৰাকী ভাৰতীয় লেখিকা আৰু ট্ৰাভাংকুৰ ৰাজপৰিয়ালৰ এগৰাকী সদস্য। তেওঁ ইতিমধ্যে দহখনকৈ গ্ৰন্থ ৰচনা কৰিছে। ২০২৪ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।
-
অৰ্চনা শৰৎ
অৰ্চনা শৰৎ (ইংৰাজী: Archana Sarat) এগৰাকী ভাৰতীয় লেখিকা, চুটিগল্প লেখক, ফ্ল্যাশ ফিকচন লেখক আৰু কবি। তেওঁ তেওঁৰ ২০১৬ চনৰ উপন্যাস বাৰ্ডছ অৱ প্ৰেৰ বাবে পৰিচিত, যিখন এখন মানসিক অপৰাধমূলক থ্ৰিলাৰ। এই উপন্যাসখন অ’টিটি প্লেটফৰ্ম আহা তামিলত তামিল ভাষাত পৰ্দাৰ বাবে অভিযোজন কৰা হৈছে।
-
আনন্দ নীলকান্তন
আনন্দ নীলকণ্ঠন এগৰাকী ভাৰতীয় ঔপন্যাসিক, স্তম্ভলেখক, চিত্ৰনাট্যকাৰ আৰু ৰাজহুৱা বক্তা। ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা লেখকসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ পৌৰাণিক কল্পকাহিনী লিখাৰ বাবে জনাজাত আৰু তেওঁ ইংৰাজীত ১৬খন আৰু মালয়ালম ভাষাত এখন গ্ৰন্থ ৰচনা কৰিছে।
-
আনুংলা জুই লংকুমুৰ
আনুংলা জুই লংকুমুৰ (ইংৰাজী: Anungla Zoe Longkumer) এগৰাকী ভাৰতীয় লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু সংগীতজ্ঞ। তেওঁ নাগালেণ্ডৰ বাসিন্দা। তেওঁ নিজৰ কৰ্মৰ জৰিয়তে নগা লোক-পৰম্পৰা, বিশেষকৈ মৌখিক পৰম্পৰা, মহিলাৰ আখ্যান আৰু নগা পৰিচয় সংৰক্ষণ তথা প্ৰচাৰৰ বাবে পৰিচিত।
-
আৰ্থী পাৰ্থসাৰথি
আৰ্থী পাৰ্থসাৰথি (ইংৰাজী: Aarthi Parthasarathy) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু ৱেবকমিক স্ৰষ্টা। মুম্বাইত ডাঙৰ-দীঘল হোৱা আৰু বৰ্তমান বেংগালুৰুত বাস কৰা পাৰ্থসাৰথি তেওঁৰ ৱেবকমিক ধাৰাবাহিক ৰয়েল এগজিষ্টেনচিয়েলছ আৰু আৰ্বানলোৰৰ বাবে পৰিচিত।
-
ই. এন. শ্বীজা
ই. এন. শ্বীজা কেৰালাৰ এগৰাকী ভাৰতীয় মালয়ালম ভাষাৰ লেখক। তেওঁ মূলতঃ শিশু সাহিত্য ধাৰাত লিখে। তেওঁ কেৰালা ৰাজ্যিক শিশু সাহিত্য প্ৰতিষ্ঠানৰ বঁটা, শিশু সাহিত্যৰ বাবে কেৰালা সাহিত্য অকাডেমী বঁটা, শিশু সাহিত্যৰ শ্ৰেষ্ঠ কামৰ বাবে কেৰালা ৰাজ্যিক বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ বঁটা আৰু কেৰালা চৰকাৰৰ…
-
ইউনিচ ডি চুজা
ইউনিচ ডি চুজা (ইংৰাজী: Eunice de Souza; ১ আগষ্ট ১৯৪০ – ২৯ জুলাই ২০১৭) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ কবি, সাহিত্য সমালোচক আৰু ঔপন্যাসিক আছিল। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত আছে ৱমেন ইন ডাচ পেইণ্টিং (১৯৮৮), ৱেইজ অৱ বিলংগিং (১৯৯০), নাইন ইণ্ডিয়ান ৱমেন পয়েটছ (১৯৯৭), দিজ মাই ৱৰ্ডছ (২০১২), আৰু…
-
ইৰা ত্ৰিবেদী
ইৰা ত্ৰিবেদী ((Ira Trivedi; জন্ম:১৯৮৪) এগৰাকী ভাৰতীয় লেখক, স্তম্ভলেখক আৰু যোগ গুৰু। ভাৰতৰ মহিলাৰ সমস্যা আৰু লিংগ-বৈষম্যক লৈ তেওঁ গল্প-উপন্যাস আৰু প্ৰৱন্ধ-পাতি লিখিছে।
-
এইচ. এছ. মুক্তায়াক্কা
এইচ. এছ. মুক্তায়াক্কা (ইংৰাজী: H. S. Mukthayakka) কন্নড় ভাষাৰ এগৰাকী লেখিকা। তেওঁ কন্নড় সাহিত্যত আধুনিক মহিলা কবিতাৰ এগৰাকী অগ্ৰণী শিল্পী। তেওঁ প্ৰয়াত কবি শান্তৰসৰ কন্যা।
-
কমলা কে কাপুৰ
কমলা কে কাপুৰ (Comla K. Kapur; জন্ম: ২৭ জুলাই ১৯৪৮) এগৰাকী ভাৰতীয়-আমেৰিকান নাট্যকাৰ, কবি আৰু লেখক। হিন্দু দেৱতা, শিখ গুৰু আৰু চুফী ৰহস্যবাদী ৰুমীক কেন্দ্ৰ কৰি গল্প, কিংবদন্তি আৰু মিথৰ সৃষ্টিশীল পুনৰলেখনৰ বাবে জনাজাত।
-
কমলা সাংকৃত্যায়ন
কমলা সাংকৃত্যায়ন (Kamala Sankrityayan; ১৫ আগষ্ট ১৯৩০ – ২৫ অক্টোবৰ ২০০৯) আছিল বিংশ শতিকাৰ এগৰাকী ভাৰতীয় সাহিত্যিক, সম্পাদিকা আৰু হিন্দী তথা নেপালী সাহিত্যৰ পণ্ডিত। তেওঁ প্ৰখ্যাত বুৰঞ্জীবিদ ৰাহুল সাংকৃত্যায়নৰ পত্নী আছিল।
-
কালীকৃষ্ণ মিত্ৰ
কালীকৃষ্ণ মিত্ৰ (Kalikrishna Mitra; ১৮২২ – ২ আগষ্ট ১৮৯১) আছিল এগৰাকী ভাৰতীয় সমাজহিতৈষী, শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁ ভাৰতৰ প্ৰথমখন বেচৰকাৰী বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।
-
কিৰণ মনৰাল
কিৰণ মনৰাল ((Kiran Manral; জন্ম: ১৯৭১) এগৰাকী ভাৰতীয় লেখক। ২০১১ চনত, মুম্বাইত বসবাস কৰা মনৰালৰ প্ৰথমখন উপন্যাস দ্য ৰিলাক্টেণ্ট ডিটেকটিভ প্ৰকাশ পায়। মনৰালে ২০১৫ চনত ৰচনা কৰা কৰ্মিক কীড্চ তেওঁৰ প্ৰথমখন নন-ফিকচন গ্ৰন্থ।
-
কুন্দনিকা কাপাডিয়া
কুন্দনিকা কাপাডিয়া (Kundanika Kapadia; (১১ জানুৱাৰী, ১৯২৭ – ৩০ এপ্ৰিল, ২০২০) গুজৰাটী ভাষাৰ এগৰাকী ভাৰতীয় ঔপন্যাসিক, গল্প লেখক আৰু প্ৰাৱন্ধিক।
-
কৃষণ চন্দৰ
কৃষণ চন্দৰ (কৃষ্ণ চন্দ্ৰ বা কৃশ্ন চন্দ্ৰ বুলিও লিখা হয়) (২৩ নৱেম্বৰ ১৯১৪ – ৮ মাৰ্চ ১৯৭৭) এগৰাকী ভাৰতীয় উৰ্দু আৰু হিন্দী সাহিত্যিক আছিল। তেওঁ বিখ্যাত গল্পসংগ্ৰহ, উপন্যাস, ৰেডিঅ’ নাট আৰু চিত্ৰনাট্যৰ লগতে একাধিক কিতাপ ৰচনা কৰিছিল। তেওঁৰ অনেক কৃতি ইংৰাজীসহ বহুতো ভাষালৈ অনুবাদিত হৈছে।
-
কৃষ্ণ কৃপালানী
কৃষ্ণ কৃপালানী (২৯ ছেপ্টেম্বৰ ১৯০৭ – ২৭ এপ্ৰিল ১৯৯২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সাহিত্যিক আৰু সাংসদ আছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী আৰু ভাৰতীয় সাহিত্যৰ ওপৰত একাধিক গ্ৰন্থ ৰচনা কৰিছিল।
-
গংগাবাই য়াগনিক
গংগাবাই প্ৰাণশংকৰ য়াগনিক (Gangabai Pranshankar Yagnik, (১৮৬৮-১৯৩৭) হৈছে গুজৰাটী ভাষাৰ এগৰাকী লেখিকা৷ তেখেতে ঊনৈশ শতিকাৰ ভাৰতীয় লেখিকামণ্ডলীৰ অন্তৰ্ভুক্ত৷ তেখেতৰ পেছা আছিল এগৰাকী শিক্ষয়িত্ৰী আৰু আয়ুৰ্বেদ-অনুশীলনকাৰী৷ তেখেতে হুন্নাৰ মহাসাগৰ (১৮৯৮) ৰচনা কৰিছিল য'ত ২০৮০ ধৰণৰ বণিজ, দক্ষতা আৰু…
-
গীত চতুৰ্বেদী
গীত চতুৰ্বেদী (জন্ম: ২৭ নবেম্বৰ ১৯৭৭) এজন হিন্দী কবি, চুটি গল্প লেখক, গীতিকাৰ, চিত্ৰনাট্যকাৰ আৰু ঔপন্যাসিক। তেওঁক ‘এভাংগাৰ্ড’ (যিজনে নিজৰ ধাৰাটোৰ সদায় আগশাৰীত থাকে) লেখক বুলি কোৱা হয়। তেওঁ ২০০৭ চনত কবিতাৰ বাবে ভাৰত ভূষণ আগৰৱালা বঁটা আৰু ২০১৪ চনত কল্পকাহিনীৰ বাবে কৃষ্ণ প্ৰতাপ বঁটা লাভ কৰে।