শীলা ভাটিয়া (Sheila Bhatia) আছিল এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ,১ থিয়েটাৰ কৰ্মী২৩ আৰু দিল্লী আৰ্ট থিয়েটাৰৰ প্ৰতিষ্ঠাতা, যি হৈছে ভাৰতীয় কলাৰ প্ৰসাৰৰ বাবে দিল্লীস্থ এক অনুষ্ঠান।৪ "পঞ্জাবী অ'পেৰা" নামৰ ভাৰতীয় নৃত্য-নাটিকাৰ এক বিশেষ শৈলী যি অপেৰাসদৃশ শৰীৰ-সঞ্চালনৰ ওপৰত আধাৰিত; কোৱা হয় যে সেইটো শৈলী শীলা ভাটিয়াই সৰ্বপ্ৰথম আৰম্ভ কৰিছিল।৫৬৭৮ ১৯৭১ চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানীত কৰে।৯ এটা দশকৰ পাছত, ১৯৮২ চনত, থিয়েটাৰ পৰিচালনাৰ বাবে তেখেতে সংগীত নাটক একাডেমী বঁটা লাভ কৰে।১০ ১৯৯৭ চনত তেখেতে লাভ কৰে "কালিদাস" সন্মান।১১
জীৱনী
১৯১৬ চনৰ ১ মাৰ্চত শীলা ভাটিয়াৰ জন্ম হৈছিল।৫ জন্মস্থান আছিল ব্ৰিটিছশাসিত ভাৰতৰ শিয়ালকোটত (বৰ্তমানৰ পাকিস্তানত)১১ কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত, তেখেতে শিক্ষাত স্নাতক(BT) ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত লাহোৰত গণিতৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। সমান্তৰালভাৱে ভাৰতীয় স্বাধীনতা আন্দোলনতো তেখেতে অংশগ্ৰহণ কৰে।৪ পৰৱৰ্তী সময়ত তেখেত দিল্লীলৈ ঘূৰি আহে আৰু দিল্লী আৰ্ট থিয়েটাৰ আৰম্ভ কৰে।৫১২ তেখেতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয় বিভাগৰ মুৰব্বী হিচাপে কৰ্মনিৰ্বাহ কৰে।১১
তেখেতৰ প্ৰথমটো প্ৰযোজনা আছিল উপত্যকাৰ আহ্বান (Call of the Valley), যি আছিল এক গীতিনাট্য।৪৫ ইয়াৰ পাছত তেখেতে ৬০টাকৈও অধিক প্ৰযোজনা কৰে-১ যেনে- "হীৰ ৰাঁজা"(১৯৫৭), "দৰ্দ আয়েগা দবে পাৱ" (১৯৭৯), "ছুলগাড়া দাৰয়া" (১৯৮২), "ওমৰ খায়াম" (১৯৯০),"নচীব"; ( ১৯৯৭)১৩ গালিব কৌন থা, আৰু "নাদীৰ শ্বাহ" হৈছে পঞ্জাবী ভাষাত আৰু "কিচ্চা য়েহ ঔৰত কা" (১৯৭২), "হাৱা চে হিপ্পি টক"(১৯৭২), "য়েহ ইস্ক নহী আছা"(১৯৮০) হৈছে উৰ্দু ভাষাত।৫১১১২ ফেইজ আহমেদ ফেইজৰ তেখেত অনুগামী আছিল।১৪১৫পাৰ্লো কে ঝক্কাৰ(১৯৫০) নামৰ কবিতা-সংগ্ৰহখনকে ধৰি তেখেতে মুঠ দহখন গ্ৰন্থ প্ৰকাশন কৰিছে।১১
বঁটা আৰু সন্মান
- ১৯৭১ চনত পদ্মশ্ৰী সন্মান। ভাৰত চৰকাৰৰ তৰফৰ পৰা।৯
- ১৯৮২ চনত "শ্ৰেষ্ঠ পৰিচালনা"ৰ বাবে সংগীত নাটক একাডেমী বঁটা।১০
- পৰৱৰ্তী বছৰত, ১৯৮৩ চনত "গালিব" বঁটা আৰু পঞ্জাবী কলা সংসদ বঁটা।১১
- ১৯৮৬ চনত দিল্লী প্ৰশাসনৰ পৰা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আৰু ১৯৯৭ চনত "কালিদাস" সন্মান।১১
- ২০০০ চনত উৰ্দু একাডেমী১১ আৰু পৰম সাহিত চৰকাৰ সন্মান, পঞ্জাবী একাডেমীৰ পৰা।১৬
মৃত্যু
২০০৮ চনৰ ১৭ ফেব্ৰুৱাৰি তাৰিখে ৯১ বছৰ বয়সত শীলা ভাটিয়াৰ দেহাৱসান ঘটে।৫
গ্ৰন্থ সংযোগ
- Susie J. Tharu, Ke Lalita. (1993). Women Writing in India: The twentieth century. Feminist Press. পৃ. 688. ISBN 9781558610293
- Ananda Lal (ed.). (2004). The Oxford Companion to Indian Theatre. Oxford University Press. ISBN 9780195644463
তথ্যসূত্ৰ
- ↑ Ananda Lal (ed.). (2004). The Oxford Companion to Indian Theatre. Oxford University Press. ISBN 9780195644463
- ↑ (2015). Aesthetics of Indian Feminist Theatre. Rup Katha
- ↑ Susie J. Tharu, Ke Lalita. (1993). Women Writing in India: The twentieth century. Feminist Press. পৃ. 688. ISBN 9781558610293
- ↑ (23 February 2008). Rich tributes paid to Sheila Bhatia. The Hindu
- ↑ (2008). Shiela Bhatia – A legend of Indian Operas passes away. Stage Buzz
- ↑ Stanley Hochman. (1984). McGraw-Hill Encyclopedia of World Drama. McGraw-Hill. পৃ. 2900. ISBN 9780070791695
- ↑ Colin Chambers. (2006). Continuum Companion to Twentieth Century Theatre. A&C Black. পৃ. 896. ISBN 9781847140012
- ↑ Gurcharan Singh. (1990). Studies in Punjab History & Culture. Enkay Publishers. পৃ. 281. ISBN 9788185148298
- ↑ (2015). Padma Shri. Padma Shri
- ↑ (2015). Sangeet Natak Akademi Award. Sangeet Natak Akademi
- ↑ Kartik Chandra Dutt. (1999). Who's who of Indian Writers, 1999: A-M. Sahitya Akademi. পৃ. 1490. ISBN 9788126008735
- ↑ Manoj Sharma. (16 November 2011). Capital's cultural affair began in 50s. Hindustan Times
- ↑ Habib Tanvir. (2014). Memoirs. Penguin. পৃ. 400. ISBN 9789351182023
- ↑ (13 February 2011). India, whose love could have killed him. Dawn
- ↑ Amaresh Datta. (1988). Encyclopaedia of Indian Literature, Volume 2. Sahitya Akademi. পৃ. 987. ISBN 9788126011940
- ↑ (18 May 2000). Academy award for Harkishan Singh. The Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীলা ভাটিয়া” প্ৰবন্ধৰ সংশোধন ৬৪০২৩৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।