সাধু ৰামচান্দ মুৰ্মু (৩০ এপ্ৰিল ১৮৯৭-১৫ ডিচেম্বৰ ১৯৫৪)১ এজন চাওঁতালি কবি, লেখক আৰু শিক্ষাবিদ আছিল২। তেখেত উনৈশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতাব্দীৰ প্ৰথম ভাগত চাওঁতালি সাহিত্য আৰু সংগীতক নতুন ৰূপ দিছিল। তেখেত চাওঁতালি সাহিত্যৰ কবিগুৰু বা মহাকবি নামেৰেও জনাজাত। তেখেত প্ৰথম চাওঁতালি কবি যিয়ে সংস্কৃত আৰু বঙলা সাহিত্যৰ উচ্চমান সম্পন্ন কাব্যিক ঐতিহ্যক চাওঁতালি মৌখিক ঐতিহ্যৰ ছন্দ আৰু নান্দনিক অনুভূতিৰ লগত সংযোগ কৰিছে। তেখেত আদিবাসী চাওঁতাল সম্প্ৰদায়ক উৎসাহিত কৰে আৰু তেওঁলোকৰ সংস্কৃতি আৰু সংস্কৃতি সংৰক্ষণ কৰাত অনুপ্ৰাণিত কৰে। তেখেত ১৯২৩ চনত চাওঁতালি ভাষাৰ বাবে মজ দান্দেৰ আঁক নামৰ লিপি পোনপ্ৰথমে সৃষ্টি কৰিছিল।৩৪৫
জীৱনী
সাধু ৰামচান্দ মুৰ্মু ১৮৯৭ চনৰ ৩০ এপ্ৰিল তাৰিখে পশ্চিম বংগৰ মেদিনীপুৰ জিলাৰ (বৰ্তমান ঝাড়গ্ৰাম জিলা) শিলদা চহৰৰ ওচৰ চুবুৰীয়া গাঁৱ কামাৰবান্দিত জন্ম গ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিল মোহন মুৰ্মু আৰু মাকৰ নাম কুনি মুৰ্মু আছিল। তেখেত ১৫ ডিচেম্বৰ ১৯৫৪ তাৰিখে মৃত্যুবৰণ কৰে। তেখেতৰ মৃত্যুৰ পিছত সকলো সাহিত্য সৃষ্টিৰাজি প্ৰকাশিত হৈছিল।
সাহিত্যকৰ্ম
সাধু ৰামচান্দ মুৰ্মুৰ দ্বাৰা লিখিত কেইটামান উল্লেখযোগ্য কিতাপৰ নাম হৈছে
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাধু ৰামচান্দ মুৰ্মু” প্ৰবন্ধৰ সংশোধন ৫৩৫২২৬ (২৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।