অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনুভাই পাঞ্চলি

মনুভাই পাঞ্চলি (Manubhai Pancholi) এগৰাকী ভাৰতীয় গুজৰাটী ৰাজনীতিবিদ। তেওঁ দৰ্শক উপনামেৰে লেখা-মেলা কৰে আৰু ঘাইকৈ এই নামেৰেই পঢ়ুৱৈৰ মাজত পৰিচিত। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু স্বাধীনতাৰ পিছত শিক্ষাবিদ আৰু ৰাজনীতিক ৰূপে সেৱা আগবঢ়াইছিল।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মনুভাই পাঞ্চলি (Manubhai Pancholi) এগৰাকী ভাৰতীয় গুজৰাটী ৰাজনীতিবিদ। তেওঁ দৰ্শক উপনামেৰে লেখা-মেলা কৰে আৰু ঘাইকৈ এই নামেৰেই পঢ়ুৱৈৰ মাজত পৰিচিত। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু স্বাধীনতাৰ পিছত শিক্ষাবিদ আৰু ৰাজনীতিক ৰূপে সেৱা আগবঢ়াইছিল।

সংক্ষিপ্ত জীৱনী

মনুভাই পাঞ্চলিৰ জন্ম, ১৯১৪ চনৰ ১৫ অক্টোবৰত, ভাৰতৰ গুজৰাটৰ মোৰবি জিলাৰ পঞ্চশিয়া গাঁৱত হৈছিল। তেওঁ তিথৱা লুনচাৰৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু ১৯৩০ চনত ৱাংকানেৰত পঢ়ি থকা সময়ত লোণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিবলৈ বুলি তেওঁ পঢ়া এৰিছিল। এগৰাকী সত্যাগ্ৰহী ৰূপে তেওঁ সাবৰমতী, নাচিক আৰু ভিছাপুৰ কাৰাগাৰত কাৰাবাস খাটিছিল।১২ ১৯৩২ চনত মনুভাইয়ে ভাবনগৰত দক্ষিণামূৰ্তি নামৰ শিক্ষা প্ৰতিষ্ঠানত ৰেক্টৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পিছত ১৯৩৮ চনত আম্বালাৰ গ্ৰামদক্ষিণমূৰ্তত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়তো তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ ১৯৪৮ চনত ভাবনগৰ ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৩ চনত তেওঁ নানাভাই ভট্টৰ সৈতে সনোসৰত লোকভাৰতী গ্ৰাম্যবিদ্যাপীঠ প্ৰতিষ্ঠা কৰিছিল।১২ তেওঁ বাৰদলিৰ বৰদ গাঁৱৰ পাতিদাৰ পৰিয়ালৰ কন্যা বিজয়াবেন পেটেলক বিয়া কৰাইছিল,৩আৰু ১৯৯৫ চনৰ ২৫ এপ্ৰিলত বিজয়াবেনৰ মৃত্যু ঘটিছিল।৪

মনুভাই ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈ গুজৰাট বিধান সভাৰ সদস্য আছিল আৰু ১৯৭০ চনত শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈ গুজৰাটী সাহিত্য পৰিষদৰ সভাপতি হিচাপে১২ আৰু ১৯৯১ চনৰ পৰা ১৯৯৮ চনলৈ গুজৰাট সাহিত্য অকাডেমীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বৃক্ক ৰোগত আক্ৰান্ত হৈ ২০০১ চনৰ ২৯ আগষ্টত গুজৰাটৰ ভাবনগৰৰ সনোসৰত তেওঁৰ মৃত্যু হয়।১২৫

কৰ্মজীৱন

পাঞ্চলিক গুজৰাটী সাহিত্যৰ অন্যতম মহান ঔপন্যাসিক হিচাপে গণ্য কৰা হয়। তেওঁ মহাত্মা গান্ধীৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু গান্ধীবাদী জীৱনধাৰা অনুসৰণ কৰিছিল। তেওঁৰ লেখনিতো গান্ধীবাদী চিন্তা ধাৰাৰ প্ৰভাৱ পৰা দেখা গৈছিল।৬

পাঞ্চলিৰ উল্লেখযোগ্য উপন্যাসমূহ হৈছে; ‘ঝেৰ তু পিধা চে জানি জানি’ (১৯৫২), ‘চক্ৰেটিছ’ (১৯৭৪), ‘বন্ধন আনে মুক্তি’ (১৯৩৮), ‘বন্দীঘৰ’ (১৯৩৯), ‘দীপনিৰ্বাণ’ (১৯৪৪) আৰু প্ৰেম আনে পূজা (১৯৩৯)। যাৰ ভিতৰত ‘ঝেৰ তু পিধা চে জানি জানি’ আৰু ‘চক্ৰেটিছ’ক ধ্ৰুপদী সাহিত্য বুলি গণ্য কৰা হয়। ‘দীপনিৰ্বাণ’ এখন বুৰঞ্জীমূলক উপন্যাস; প্ৰাচীন ভাৰতৰ মগধৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ ভেটিত এই উপন্যাসখন ৰচনা কৰা হৈছিল।৭

তেওঁৰ নাটকসমূহ সংগ্ৰহ কৰি পৰিত্ৰাণ (১৯৬৭), আধৰ্শ সত্তাৱন (১৯৩৫), জালিয়াৱালা (১৯৩৪) আৰু অন্তিম অধ্যায়ত প্ৰকাশ কৰা হৈছিল। মাৰি বচনকথা (১৯৬৯) আৰু বাগীশ্বৰী না কৰ্ণফুলো (১৯৬৩) তেওঁৰ সমালোচনামূলক প্ৰবন্ধ-সংগ্ৰহ। তেওঁৰ অপনো বৰ্চো আনে বৈভৱ (১৯৫৩), ত্ৰিবেণী তীৰ্থ (১৯৫৫), ধৰ্মচক্ৰ পৰিৱৰ্তন (১৯৫৬), ৰামায়ণ নো মৰ্ম (১৯৬৩), লোকশাহী (১৯৭৩), মহাভাৰত নো মৰ্ম (১৯৭৮) আৰু সৰ্বোদয় আনে শিক্ষণ (১৯৭৪ চন) আদি গ্ৰন্থত ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হৈছে।৬

উপেন্দ্ৰ ত্ৰিবেদীৰ দ্বাৰা পৰিচালিত ঝেৰ তু পিধা চি জানি জানি (১৯৭২) নামৰ গুজৰাটী চলচ্চিত্ৰখন তেওঁৰ একেনামৰ কালজয়ী উপন্যাসৰ অভিযোজন।৮ ১৯৮৭ চনত সুশীলা যোশীয়ে তেওঁৰ উপন্যাস ছক্ৰেটিছক চুক্ৰট শীৰ্ষকেৰে হিন্দীলৈ অনুবাদ কৰিছিল।৯

স্বীকৃতি

১৯৬৪ চনত মনুভাই পাঞ্চলিয়ে ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক আৰু ১৯৭৫ চনত ‘ছক্ৰেটিছ’ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ১৯৮৭ চনত তেওঁক ঝেৰ তু পিধা চি জানি জানি গ্ৰন্থৰ বাবে ভাৰতীয় জ্ঞানপীঠে মূৰ্তিদেৱী বঁটা প্ৰদান কৰে।১২৫ ৰাজহুৱা অৱদানৰ বাবে তেওঁক ১৯৯১ চনত ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদানেৰে সন্মান যাঁচে।১০ তেওঁ ১৯৯৭ চনত কুৰুক্ষেত্ৰ গ্ৰন্থৰ বাবে সৰস্বতী সন্মান আৰু ১৯৯৬ চনত জমুনালাল বাজাজ বঁটা লাভ কৰিছিল।১১

তথ্যসূত্ৰ

  1. ↑ Manubhai Pancholi. Lokbharti
  2. ↑ Manubhai Pancholi "Darshak". Gujarati Sahitya Parishad
  3. ↑ (4 June 2010). ગૂર્જર ગૌરવ – ટીના દોશી. ReadGujarati.com
  4. ↑ (May 1995). શ્રીમતી વિજયાબહેન પંચોળીનું દુઃખદ અવસાન. Shabdasrishti. পৃ. 18
  5. ↑ (31 August 2001). Gujarati novelist Manubhai dead. The Tribune. PTI
  6. ↑ Pancholi, Manubhai; Singh, Avadhesh Kumar. (November–December 2001). Manubhai Pancholi 'Darshak' in Conversation with Avadhesh Kumar Singh. Indian Literature. পৃ. 143
  7. ↑ Sisir Kumar Das. (1991). History of Indian Literature: 1911-1956, struggle for freedom: triumph and tragedy. Sahitya Akademi. পৃ. 756. ISBN 978-81-7201-798-9
  8. ↑ (2015-01-05). Gujarati film actor Upendra Trivedi dies. The Times of India
  9. ↑ Manubhai Pancholi; Sushila Joshi. (1987). Sukarat. Gujarat Sahitya Akademi
  10. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  11. ↑ (19 February 2006). Saraswati Samman for Prof Paniker. The Tribune

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকগুজৰাটৰ ব্যক্তিপদ্মভূষণ বঁটা বিজয়ীগুজৰাটী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীসৰস্বতী সন্মান বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনুভাই পাঞ্চলি” প্ৰবন্ধৰ সংশোধন ৫৫৭৫১৯ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।