অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তিশানী দোশী

তিশানী দোশী (Tishani Doshi; জন্ম ৯ ডিচেম্বৰ, ১৯৭৫) চেন্নাইস্থিত এগৰাকী ভাৰতীয় কবি, সাংবাদিক আৰু নৃত্যশিল্পী। ২০০৬ চনত, তেওঁ তেওঁৰ প্ৰথমখন কবিতাৰ কিতাপ কাণ্ট্ৰিচ্‌ অৱ দ্য ব’ডিৰ বাবে ‘ফৰৱাৰ্ড প্ৰাইজেচ ফ’ৰ পয়েট্ৰি’ লাভ কৰে।

হালনাগাদ: ১৭ জুন ২০২৬ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

তিশানী দোশী (Tishani Doshi; জন্ম ৯ ডিচেম্বৰ, ১৯৭৫) চেন্নাইস্থিত এগৰাকী ভাৰতীয় কবি, সাংবাদিক আৰু নৃত্যশিল্পী। ১ ২০০৬ চনত, তেওঁ তেওঁৰ প্ৰথমখন কবিতাৰ কিতাপ কাণ্ট্ৰিচ্‌ অৱ দ্য ব’ডিৰ বাবে ‘ফৰৱাৰ্ড প্ৰাইজেচ ফ’ৰ পয়েট্ৰি’ লাভ কৰে। তেওঁৰ কবিতাৰ কিতাপ আ গড এট দ্য দ’ৰ ‘শ্ৰেষ্ঠ কবিতা সংকলন’ শ্ৰেণীৰ অধীনত ২০২১ চনৰ ফৰৱাৰ্ড পুৰস্কাৰৰ বাবে তালিকাভুক্ত কৰা হৈছে।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

দোশীৰ জন্ম ভাৰতৰ মাদ্ৰাজত, এগৰাকী ৱেলছ মাতৃ আৰু গুজৰাটী পিতৃৰ ঘৰত হৈছিল। তেওঁ উত্তৰ কেৰোলিনাৰ ‘কুইন্স কলেজ’ৰ পৰা স্নাতক ডিগ্ৰী আৰু ‘জনছ হপকিন্স বিশ্ববিদ্যালয়’ৰ পৰা সৃষ্টিশীল লিখনীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৩

কৰ্মজীৱন

দোশীয়ে এগৰাকী ফ্ৰিলান্স লেখক আৰু সাংবাদিক হিচাপে কাম কৰে। তেওঁ নৃত্য পৰিচলক চন্দ্ৰলেখাৰ সৈতে কাম কৰিছে।৪ তেওঁৰ চুটি গল্প "লেডী কেচান্দ্ৰা, স্পাৰ্টাকাছ এণ্ড দা ডান্সিং মেন" ২০০৭ চনত ‘দ্য ড্ৰ’ব্ৰিজ’ আলোচনীত সম্পূৰ্ণৰূপত প্ৰকাশ হৈছিল।৫ তিশানীৰ কবিতা সংকলন এভ্ৰিথিং বিগিনচ্‌ এলচ্‌ৱেৰ ৬ ২০১২ চনত ইউকেৰ ‘ব্লাডএক্স বুকছ’ আৰু ২০১৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘কপাৰ কেনিয়ন’ প্ৰেছৰ দ্বাৰা প্ৰকাশ হৈছে।

স্বীকৃতিপ্ৰাপ্ত কৰ্ম

২০০১ চনত তিশানীয়ে ৩০ বছৰৰ তলৰ যুৱ কবিসকলৰ বাবে প্ৰদান কৰা ‘এৰিক গ্ৰেগৰী বঁটা’ লাভ কৰিছিল। ২০০৬ চনত, তেওঁৰ প্ৰথমটি কবিতা সংকলন, কাণ্ট্ৰিচ্‌ অৱ দ্য ব’ডি, ‘হে-অন-ৱাই উৎসৱ’ত চিমুছ হেনি, মাৰ্গাৰেট এটউড আৰু অন্যান্যসকলৰ সৈতে একেখন মঞ্চত উন্মোচন কৰা হৈছিল। ২০০৫ চনত, ব্ৰিটিছ পৰিষদ সমৰ্থিত সৰ্বভাৰতীয় কবিতা প্ৰতিযোগিতাত তিশানীৰ "দ্য ডে ৱুই ৱেণ্ট টু দ্য চিশীৰ্ষক আৰম্ভণি কবিতাটো বিজয়ী হৈছিল। কিতাপখনে ‘শ্ৰেষ্ঠ প্ৰথমটি সংকলন’ শ্ৰেণীত ২০০৬ চনৰ ‘ফৰৱাৰ্ড পয়েট্ৰি প্ৰাইজ’ লাভ কৰিছিল।৭ তেওঁৰ প্ৰথমখন উপন্যাস দ্য প্লেজাৰ চীকাৰচ্‌'' ২০১০ চনত ব্লুমছবাৰী প্ৰকাশনে প্ৰকাশ কৰিছিল। ইয়াক ২০১১ চনত ‘অৰেঞ্জ পুৰস্কাৰ’ৰ বাবে তালিকাভুক্ত কৰা হৈছিল৮, আৰু লগতে ২০১০ চনত ‘দ্য হিন্দু শ্ৰেষ্ঠ কল্পকাহিনী বঁটা’ৰ বাবে তালিকাভুক্ত কৰা হৈছিল।

তেওঁৰ কাব্য গ্ৰন্থ গাৰ্লচ আৰ কামিং আউট অফ দ্য ৱুডচ্‌৯ এটি কাব্য গ্ৰন্থ সংস্থাৰ বৈধতাপ্ৰাপ্ত কিতাপ আছিল আৰু ইয়াক ২০১৮ চনৰ ‘টেড হিউজেছ বঁটা’ৰ বাবে তালিকাভুক্ত কৰা হৈছিল। তেওঁৰ ২০১৯ চনৰ কিতাপ, স্মল ডেইজ এণ্ড নাইটচ্‌, ২০২০ চনৰ ‘অণ্ডাটজে পুৰস্কাৰ’ৰ বাবে তালিকাভুক্ত কৰা হৈছিল।১০

তিশানী ‘আউটলুক-পিকাডৰ নন-ফিকচন প্ৰতিযোগিতা’ৰ শীৰ্ষ বিজয়ীসকলৰ এজন হৈ আছে। তেওঁ ২০০৬ চনৰ হে ফেষ্টিভেল আৰু ২০০৭ চনৰ ‘কাৰ্টাজেনা হে ফেষ্টিভেল’ৰ কবিতা পাঠ অনুষ্ঠানলৈ সন্মানীয় আমন্ত্ৰণো লাভ কৰিছিল।

গ্ৰন্থপঞ্জী

  • ২০০৬: কাণ্ট্ৰিচ্‌ অৱ দ্য ব’ডি (কবিতা)
  • ২০০৮: কনফ্লিক্ট এণ্ড ইনষ্টেবিলিটি
  • ২০১০: দ্য প্লেজাৰ চীকাৰচ্‌ (কল্প-কাহিনী)
  • ২০১২: এভ্ৰিথিং বিগিনচ্‌ এলচ্‌ৱেৰ (কবিতা)
  • ২০১৩: ফাউণ্টেইন্ভিল (কল্প কাহিনী)
  • ২০১৩: মাদ্ৰাজ দেন, চেন্নাই নাও (নন্দিতা কৃষ্ণৰ সৈতে যুটীয়াভাৱে)১১
  • ২০১৫: দ্য এডাল্টেৰাচ চিটিজেন: পয়েমচ্‌ ষ্ট’ৰিজ এছেজ১২
  • ২০১৭: গাৰ্লচ আৰ কামিং আউট অফ দ্য ৱুডচ্‌ (কবিতা) (হাৰ্পাৰ কলিন্স, ভাৰত)১৩
  • ২০১৮: গাৰ্লচ আৰ কামিং আউট অফ দ্য ৱুডচ্‌ (কবিতা) (ব্লাডএক্স আৰু ক'পাৰ কেনিয়ন প্ৰকাশন)
  • ২০১৯: স্মল ডেইজ এণ্ড নাইটচ্‌
  • ২০২১: আ গড এট দ্য দ’ৰ

তথ্যসূত্ৰ

  1. ↑ Tishani Doshi Profile. The Guardian
  2. ↑ (8 June 2021). Forward Poetry Prizes Shortlist. The Guardian
  3. ↑ Tishani Doshi - Literary Profile. Poetry Foundation
  4. ↑ A Pleasure to Meet Tishani Doshi interview
  5. ↑ (Winter 2007). Lady Cassandra, Spartacus and the dancing man. The Drawbridge
  6. ↑ Copper Canyon Press: Everything Begins Elsewhere, poetry by Tishani Doshi. www.CopperCanyonPress.org
  7. ↑ (2006-10-05). Tishani Doshi, 31, wins the £5,000 best first collection prize for Countries of the Body. BBC News
  8. ↑ Corporate Website of Orange - orange.com. www.OrangePrize.co.uk
  9. ↑ HarperCollinsPublishers India - Girls Are Coming Out of the Woods. HarperCollins.co.in
  10. ↑ (2020-04-21). Shortlist for £10,000 Ondaatje Prize announced. Books+Publishing
  11. ↑ Doshi, Tishani; Krishan, Nandita. (2013). Madras Then Chennai Now. Roli Books. ISBN 978-81-7436-914-7
  12. ↑ Doshi, Tishani. (4 June 2015). The Adulterous Citizen ― poems, stories, essays. House of Nehesi Publishers. ISBN 978-0996224222
  13. ↑ HarperCollinsPublishers India - Girls Are Coming Out of the Woods. HarperCollins.co.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিশানী দোশী” প্ৰবন্ধৰ সংশোধন ৬১২৭৫৫ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।