মঞ্জু কাপুৰ (ইংৰাজী: সৰহ) এগৰাকী ভাৰতীয় ঔপন্যাসিক। তেওঁৰ ডিফিকাল্ট ডটাৰ্ছ (Difficult Daughters) নামৰ প্ৰথম উপন্যাসখনে ১৯৯৯ চনৰ কমনৱেলথ ৰাইটাৰ্ছ বঁটা১ লাভ কৰে আৰু এই বঁটা লাভ কৰা ইউৰোপ আৰু দক্ষিণ এছিয়াৰ শ্ৰেষ্ঠ প্ৰথম গ্ৰন্থ হিচাপে স্বীকৃতি পায়।২
ব্যক্তিগত জীৱন
গুণ নিধি ডালমিয়াৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল; তেওঁলোকৰ তিনিজন সন্তান আৰু চাৰিজন নাতি-নাতিনী আছে, আৰু তেওঁলোক নতুন দিল্লীত থাকে।৩
বঁটা আৰু সন্মান
• ২০১১: দক্ষিণ এছিয়ান সাহিত্যৰ বাবে ডি এছ চি বঁটা, সহ-বিজেতা, দ্য ইমিগ্ৰেণ্ট
• ১৯৯৯: কমনৱেলথ ৰাইটাৰ্ছ বঁটা, শ্ৰেষ্ঠ প্ৰথম গ্ৰন্থ, ইউৰোপ আৰু দক্ষিণ এছিয়া, ডিফিকাল্ট ডটাৰ্ছ
উল্লেখনীয় কৰ্ম
• ডিফিকাল্ট ডটাৰ্ছ, পেংগুইন ইণ্ডিয়া, ১৯৯৮; ফেবাৰ এণ্ড ফেবাৰ, ১৯৯৮,
•এ মেৰিড উইমেন, ইণ্ডিয়া ইংক, ২০০৩; ফেবাৰ এণ্ড ফেবাৰ, ২০০৩,
•হোম, ৰেন্ডম হাউছ, ইণ্ডিয়া, ২০০৬,; Faber and Faber, 2006,
•দ্য ইমিগ্ৰেণ্ট, ৰেন্ডম হাউছ, ইণ্ডিয়া, ২০০৮,; Faber And Faber, 2009,
•কষ্ট‘ডি, ফেবাৰ এণ্ড ফেবাৰ, ২০১১,
•শ্বেপিং দ্যা ৱৰ্ল্ড: উইমেন ৰাইটাৰছ অন ডেমছেল্ভ, এড. মঞ্জু কাপুৰ, হেই হাউছ ইণ্ডিয়া, ২০১৪.
•ব্ৰাডাৰছ, পেংগুইন, ইউকে, ২০১৬.
তথ্যসূত্ৰ
- ↑ Eligibility Criteria for Entries to the 2011 DSC Prize. DSC Prize for South Asian Literature
- ↑ Anna M. M. Vetticad. (15 March 1999). Manju Kapur bags Commonwealth Writers' Prize for Best First Book. India Today
- ↑ Anna Metcalfe. (9 April 2011). Small talk: Mantri kanpur lyrics of the wrld. The Financial Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জু কাপুৰ” প্ৰবন্ধৰ সংশোধন ৪৮১০১০ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।