তেনালি ৰামকৃষ্ণ (জন্মনাম: গৰ্লাপতি ৰামকৃষ্ণ; তেনালি ৰামলিংগ আৰু তেনালি ৰাম বুলিও জনা যায়; জন্ম: ২২ ছেপ্টেম্বৰ ১৪৮০ – মৃত্যু: ৫ আগষ্ট ১৫২৮) এজন তেলুগু কবি, পণ্ডিত আৰু বিজয়নগৰ সাম্ৰাজ্যৰ শ্ৰীকৃষ্ণদেৱৰায়ৰ দৰবাৰৰ পৰামৰ্শদাতা আছিল। টেনালিৰ পৰা অহা তেনালি ৰামে শ্ৰীকৃষ্ণদেৱৰায়ৰ দৰবাৰত আঠজনীয়া বিখ্যাত তেলেগু কবিৰ দল অষ্টদিগ্গজৰ অন্যতম হিচাপে প্ৰশংসা লাভ কৰে আৰু তেওঁ তেওঁৰ চোকা বুদ্ধিমত্তা আৰু হাস্যৰসৰ বাবে বেছিকৈ পৰিচিত। তেওঁৰ সাহিত্যিক অৱদানসমূহৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থ পাণ্ডুৰংগ মহাত্ম্যম, যিখন পাঁচখন মহান তেলুগু কাব্যৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়। তেওঁক প্ৰায়ে "বিকটকবি" উপাধিৰে উল্লেখ কৰা হয়, যাৰ অৰ্থ হৈছে "কৌতুক কবি" যিয়ে তেওঁৰ হাস্যৰসৰ সৈতে প্ৰজ্ঞাৰ মিশ্ৰণ কৰাৰ অনন্য ক্ষমতাক প্ৰতিফলিত কৰে। তেনালি ৰামকৃষ্ণৰ উত্তৰাধিকাৰে সাহিত্য আৰু সংবাদ মাধ্যমত বিভিন্ন সাংস্কৃতিক অভিযোজনৰ প্ৰেৰণা যোগাই আহিছে।১
প্ৰাৰম্ভিক জীৱন
বিজয়নগৰ সাম্ৰাজ্যৰ টেনালি গাঁৱৰ তেলুগুভাষী ব্ৰাহ্মণ পৰিয়ালত তেনালি ৰামকৃষ্ণৰ জন্ম হৈছিল। তেওঁৰ পিতৃ গৰ্লাপতি ৰামাইয়া সান্তৰাভুৰুৰ ৰামালিংগেশ্বৰ স্বামী মন্দিৰত পুৰোহিত আছিল। ৰামকৃষ্ণৰ শৈশৱত পিতৃৰ মৃত্যুৰ পিছত মাতৃ লক্ষম্মাই তেওঁক বিজয়নগৰলৈ লৈ যায়।২
আনুষ্ঠানিক শিক্ষা নোপোৱাৰ পিছতো ৰামকৃষ্ণৰ জ্ঞানৰ পিয়াহত তেওঁ এজন প্ৰখ্যাত পণ্ডিত হৈ পৰে। জনপ্ৰিয় কিংবদন্তি অনুসৰি বৈষ্ণৱ পণ্ডিতসকলে শৈৱ বুলি প্ৰত্যাখ্যান কৰাৰ পিছত তেওঁ লক্ষ্যহীনভাৱে ঘূৰি ফুৰিছিল যেতিয়ালৈকে তেওঁক কালী দেৱীক পূজা কৰিবলৈ পৰামৰ্শ দিয়া এজন ঋষিৰ সন্মুখীন নহয়। কাহিনী অনুসৰি কালীয়ে তেওঁক কবি হিচাপে মহানতা লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰি তেওঁৰ ভক্তি আৰু বুদ্ধিমত্তাৰ বাবে আশীৰ্বাদ দিছিল।৩
বিজয়নগৰ দৰবাৰত
তেনালি ৰামকৃষ্ণক ৰজা কৃষ্ণদেৱৰ দৰবাৰত পৰামৰ্শদাতা আৰু কবি হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁৰ চোকা বুদ্ধিমত্তা আৰু হাস্যৰসৰ বাবেই তেওঁ "বিকটকাবি" (কৌতুক কবি) উপাধি লাভ কৰিছিল। বিজয়নগৰ দৰবাৰত আঠজনীয়া বিখ্যাত কবিৰ দল অষ্টদিগজসকলৰ ভিতৰত তেওঁ অন্যতম আছিল আৰু কৃষ্ণদেৱৰায়ৰ প্ৰশাসনৰ বিভিন্ন কামত ৰজাক সহায় কৰি এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব হৈ পৰিছিল।৪
সাহিত্য কৰ্ম
তেনালি ৰামকৃষ্ণৰ আটাইতকৈ উল্লেখযোগ্য সাহিত্যিক অৱদান হৈছে পাঁচখন মহান তেলুগু কাব্যৰ ভিতৰত অন্যতম বুলি গণ্য কৰা পাণ্ডুৰংগ মহাত্ম্যম। এই গ্ৰন্থখনত বিষ্ণুৰ অৱতাৰ পাণ্ডুৰংগৰ কিংবদন্তি বৰ্ণনা কৰা হৈছে আৰু ভক্তি আৰু পৰলোকৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি পলাকুৰিকি সোমনাথৰ বাসৱ পুৰাণৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈ শৈৱ গুৰু উদ্ভট সম্পৰ্কীয় আখ্যানমূলক কবিতা উদ্ভতৰাধ্যা চৰিতমু ৰচনা কৰে। ৰামকৃষ্ণই তেওঁৰ ৰচনাৰ জৰিয়তে শৈৱ ধৰ্মৰ সৈতে গভীৰ সম্পৰ্ক প্ৰদৰ্শন কৰাৰ লগতে সাহিত্যিক দক্ষতাৰ বাবে স্বীকৃতি লাভ কৰে।৪
মৃত্যুৰ পাছত
কৃষ্ণদেৱৰায়ৰ মৃত্যুৰ এবছৰ আগতে ১৫২৮ চনত সৰ্পৰ কামোৰৰ ফলত তেনালি ৰামকৃষ্ণৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হয়। যদিও তেওঁৰ অন্তিম বছৰবোৰৰ ঐতিহাসিক তথ্য কম, তথাপি তেওঁ কৃষ্ণদেৱৰায়ক ৰাজ্যিক বিষয়ত সহায় কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল বুলি কোৱা হয় আৰু তেওঁক ৰজাৰ ঘনিষ্ঠ বন্ধু হিচাপে গণ্য কৰা হৈছিল।৫
তথ্যসূত্ৰ
- ↑ Neela Subramaniam. Vikatakavi Tenali Rama. Sura Books. ISBN 9788174780713
- ↑ T. Sunandamma. (2014-01-06). Tenali Sharan Krishna
- ↑ Shulman, David Dean. (2016-04-19). The King and the Clown in South Indian Myth and Poetry. Princeton University Press. ISBN 978-0-691-63368-8
- ↑ Roshen Dalal. (2010). Hinduism: An Alphabetical Guide. Penguin Books India. পৃ. 412. ISBN 978-0-14-341421-6
- ↑ Jyotsna Atre. (September 2007). Tales of Tenali Rama. Unicorn Books. ISBN 978-8178060675
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেনালি ৰাম” প্ৰবন্ধৰ সংশোধন ৪৪০৪৫২ (২৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।