নমিতা গোখলে (Namita Gokhale; জন্ম:১৯৫৬) এগৰাকী ভাৰতীয় লেখক, সম্পাদক, উৎসৱ পৰিচালক আৰু প্ৰকাশক। তেওঁৰ প্ৰথম উপন্যাস পাৰু: ড্ৰীমছ অৱ পেচন ১৯৮৪ চনত মুক্তি পাইছিল, আৰু তেতিয়াৰ পৰা তেওঁ কল্পকাহিনী আৰু ননফিক্সন লিখিছে, আৰু অকাল্পনিক সংকলন সম্পাদনা কৰিছে। তেওঁ দূৰদৰ্শনৰ অনুষ্ঠান কিতাবনামা: বুকচ্ এণ্ড বিয়ণ্ডৰ ধাৰণা আৰু পৰিচালনা কৰিছিল। তেওঁ জয়পুৰ সাহিত্য মহোৎসৱৰ প্ৰতিষ্ঠাপক আৰু সহ-পৰিচালক।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫৬ চনত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নমিতা গোখলেৰ জন্ম হয়।১ খুড়ীয়েক আৰু আইতাক শকুন্তলা পাণ্ডেৰ১ তত্ত্বাৱধানত নৈনিতাল২৩ত গোখলে ডাঙৰ হয়। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত, জেচাছ এণ্ড মেৰী কলেজত তেওঁ ইংৰাজী সাহিত্য অধ্যয়ন কৰে। ১৮ বছৰ বয়সত৪ ৰাজীৱ গোখলেৰ সৈতে নমিতাৰ বিয়া হয় আৰু ছাত্ৰী অৱস্থাতে দুটি সন্তানৰ মাতৃ হয়।৫১ ‘জেফ্ৰি চ’চাৰ’ৰ লিখনিৰ বিষয়ে এটা পাঠ্যক্ৰমত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰি ২৬ বছৰ বয়সত নমিতা বিশ্ববিদ্যালয়ৰ পৰা বৰ্খাস্ত হৈছিল।১৫ চল্লিশ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈও তেওঁ মৃত্যু মুখৰপৰা বাচি আহে আৰু তেওঁৰ স্বামীৰ মৃত্যু হয়।১
কৰ্মজীৱন
ছাত্ৰাৱস্থাতে, ১৭ বছৰ বয়সত৬, ১৯৭০ দশকৰ চুপাৰ নামৰ এখন চলচ্চিত্ৰ সম্পৰ্কীয় আলোচনী গোখলেই সম্পাদনা আৰু পৰিচালনা কৰিছিল আৰু ১৯৮০ৰ প্ৰথমাৱস্থাত আলোচনীখন বন্ধ হৈ যোৱালৈকে সাতবছৰ তেওঁ এইখন নিয়মিতভাৱে প্ৰকাশ কৰিছিল।৭ ৫১ চুপাৰ বন্ধ হোৱাৰ পিছত নমিতা গোখলেই কাহিনী লিখিবলৈ আৰম্ভ কৰিছিল, আৰু এয়াই আছিল তেওঁৰ প্ৰথমখন উপন্যাস।৫
লিখা-মেলাৰ সমান্তৰালকৈ গোখলেই ১০০টা খণ্ডৰ কিতাবনামা: বুকচ্ এণ্ড বিয়ণ্ড নামৰ এটি বহুভাষিক কিতাপৰ অনুষ্ঠান দূৰদৰ্শনৰ বাবে পৰিকল্পনা কৰিছিল।৮১৯ ২০১৩ চনত ৰক্ষা কুমাৰে ‘দ্যা হিন্দু’ কাকতত লিখা মতে, "কিতাবনামাই বিভিন্ন ভাষাৰ বঁটা বিজয়ীসকলক তেওঁলোকৰ কামৰ বিষয়ে কথা পাতিবলৈ আমন্ত্ৰণ জনাই ভাৰতীয় সাহিত্যৰ বহুভাষিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়া কিতাপৰ ব্যৱসায়ক কাৰিকৰী লিখনি আৰু আত্ম-সহায়ক কিতাপবোৰে হস্তগত কৰা নাছিল; যেতিয়া সাহিত্য আৰু গুণগত লিখনিক সময়ৰ অপচয় বুলি গণ্য কৰা হোৱা নাছিল; যেতিয়া পঢ়াৰ আনন্দত ডুব গৈ মানুহে ভাল পাইছিল; ই সেই সময়বোৰৰ কথা মনত পেলাই দিয়ে।''১০
উইলিয়াম ডেল্ৰিম্পল৭১১ আৰু সঞ্জয় কে ৰয়ৰ১২১ সৈতে গোখলে ‘জয়পুৰ সাহিত্য মহোৎসৱ’ৰ প্ৰতিষ্ঠাপক আৰু সহ-পৰিচালক আছিল। তেওঁ ভূটানৰ ‘মাউণ্টেইন ইক’জ’ সাহিত্য উৎসৱৰ পৰামৰ্শদাতাও আছিল।৬ তেওঁ ‘ভাৰতীয় সাহিত্যৰ আন্তৰ্জাতিক উৎসৱ’-‘নীমৰানা’ ২০০২, আৰু ‘দ্যা আফ্ৰিকা এছিয়া লিটাৰেৰী কনফাৰেন্স’, ২০০৬-ৰ পৰিকল্পনা কৰিছিল। গোখলে ‘দ্যা হিমালয়ান ইকো কুমাওঁ ফেষ্টিভেল ফৰ আৰ্টচ এণ্ড লিটাৰেচাৰ’ বা ‘এবটচফৰ্ড লিটাৰেৰী উইকেণ্ড’ৰ পৰামৰ্শদাতা।
তেওঁ নীতা গুপ্তাৰে সৈতে, ২০০৫ চনত প্ৰতিষ্ঠা কৰা ‘যাত্ৰা বুকচ্’ৰ সহ-প্ৰতিষ্ঠাপক আৰু পৰিচালকো; ‘যাত্ৰা বুকচ্’ ইংৰাজী, হিন্দী আৰু ভাৰতীয় আঞ্চলিক ভাষাৰ সৃষ্টিশীল লিখনি আৰু অনুবাদত প্ৰাধান্য দিয়া এটা বহুভাষিক প্ৰকাশন প্ৰতিষ্ঠান।১৪
নিৰ্বাচিত কৰ্ম
ফিকচন
- পাৰু: ড্ৰীমছ অৱ পেচন, ১৯৮৪
- গডচ্, গ্ৰেভচ্, এণ্ড গ্ৰেণ্ডমাডাৰ, ১৯৯৪
- আ হিমালয়ান ল’ভ ষ্ট’ৰি, ১৯৯৬ ১৩
- দ্যা বুক অৱ ছেড’জ, ১৯৯৯
- শকুন্তলা: দ্যা প্লে অৱ মেম’ৰি, ২০০৫১৪
- প্ৰিয়া: ইন ইনক্ৰেডিবল ইন্দ্যা, ২০১১
- দ্যা হেবিট অৱ ল’ভ, ২০১২
- থিংচ্ টু লিভ বিহাইণ্ড, ২০১৬
- লষ্ট ইন টাইম: ঘটোৎক’চ’ এণ্ড দ্যা গেম অৱ ইলিউচন্স, ২০১৭
- বিট্ৰেইড বাই হ’প: আ প্লে অন দ্যা লাইফ অৱ মাইকেল মধুসূদন দত্ত (মালাশ্ৰী লালৰ সৈতে যুটীয়াভাৱে), ২০২০
- দ্যা ব্লাইণ্ড মেট্ৰিআৰ্ক, ২০২১ (প্ৰকাশিতব্য)
নন-ফিকচন
- মাউণ্টেইন ইকজ্ – ৰেমিনি্চেঞ্চ্ অৱ কুমায়ুনী ৱুইমেন, ১৯৯৪
- দ্যা বুক অৱ শিৱা, ২০০০
- দ্যা পাফি্ন মহাভাৰত, ২০০৯
- ইন চাৰ্ছ অৱ সীতা (মালাশ্ৰী লালৰ সৈতে সহ-সম্পাদিত), ২০০৯
- ট্ৰেভেলিং ইন, ট্ৰেভেলিং আউট (সম্পাদিত), ২০১৪
- হিমালয়া: এডভেন্সাৰচ্, মেডিটেচনচ্, লাইফ (ৰস্কিন বণ্ডৰ সৈতে সহ-সম্পাদনা), ২০১৬
- দ্যা হিমালয়ান আৰ্ক: জাৰ্নিচ্ ইষ্ট অৱ চাউথ-ইষ্ট (সম্পাদিত), ২০১৮
- ফাইণ্ডিং ৰাধা: দ্যা কো্ৱেষ্ট ফ’ৰ ল’ভ, ২০১৮
স্বীকৃতি
- সাহিত্যৰ বাবে, ২০১৭ চনত অসম সাহিত্য সভাৰ পৰা শতবৰ্ষীয় ৰাষ্ট্ৰীয় বঁটা৮১
- ২০১৭ চনত ‘ভেলী অৱ ৱৰ্ডচ্ বুক এৱাৰ্ড’, শ্ৰেষ্ঠ ইংৰাজী কল্প-কাহিনী (থিংচ্ টু লিভ বিহাইণ্ড)৯
- ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় ডাবলিন লিটাৰেৰী বঁটাৰ তালিকাভুক্ত (থিংচ্ টু লিভ বিহাইণ্ড)১
- ২০১৯ চনত সুশীলা দেৱী সাহিত্য বঁটা, মহিলাৰ দ্বাৰা লিখিত সৰ্বশ্ৰেষ্ঠ কল্প-কাহিনী (থিংচ্ টু লিভ বিহাইণ্ড)১৫
তথ্যসূত্ৰ
- ↑ (January 2018). On the write track. Harmony - Celebrate Age Magazine
- ↑ Ganguly, Nalini. (February 16, 1998). Namita Gokhale and her overpowering obsession with the hills. India Today
- ↑ Gokhale, Namita. (November 18, 2016). In the shadow of the ‘deodar’. Mint
- ↑ Bhatia, Samita. (June 12, 2011). Summer of sequels. The Telegraph India
- ↑ Ghoshal, Somak. (April 12, 2014). Lounge Loves - Paro. Mint
- ↑ (May 30, 2011). Namita Gokhale takes potshots at elite society in new book. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. Agencies
- ↑ Sathyendran, Nita. (November 19, 2010). A step beyond. দ্য হিন্দু
- ↑ Krithika, R. (December 15, 2017). In the write space. দ্য হিন্দু
- ↑ Chakrabarti, Paromita. (January 14, 2018). Reading Time: Namita Gokhale on her new novel and why the Jaipur Literature Festival is a perfect fit for Rajasthan. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Kumar, Raksha. (December 7, 2013). Page turners. দ্য হিন্দু
- ↑ Festival Directors and Producer. Jaipur Literature Festival
- ↑ Ghosh, Tanushree. (April 13, 2020). ‘If journalists write the first draft of history from the ground, writers do it from a distance’. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Moraes, Dom. (November 4, 2002). Life in Wee Nooke. Outlook
- ↑ Nair, Anita. (June 20, 2005). Nymphet's Nemesis. Outlook
- ↑ (January 13, 2019). Namita Gokhale wins Sushila Devi Literature Award. Financial Express. PTI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নমিতা গোখলে” প্ৰবন্ধৰ সংশোধন ৫৩৯১৭৯ (১৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।