পদ্মা সচদেৱ (Padma Sachdev; ১৭ এপ্ৰিল ১৯৪০ – ৪ আগষ্ট ২০২১) এগৰাকী ভাৰতীয় কবি আৰু ঔপন্যাসিক আছিল। তেওঁ ডোগ্ৰী ভাষাৰ প্ৰথম আধুনিক মহিলা কবি।১ তেওঁ হিন্দীতো লিখিছিল। তেওঁৰ প্ৰকাশিত কেইবাটাও কবিতা সংকলনৰ ভিতৰত মেৰী কবিতা মেৰে গীত সংকলনটোৱে ১৯৭১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।২৩ তেওঁ ২০০১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী৪ আৰু মধ্য প্ৰদেশ চৰকাৰে কবিতাৰ বাবে প্ৰদান কৰা ২০০৭-০৮ বৰ্ষৰ কবীৰ সন্মান৫, ২০১৫ বৰ্ষৰ সৰস্বতী সন্মান৬৭ আৰু ২০১৯ চনত সাহিত্য অকাডেমি ফেলোশ্বিপ লাভ কৰিছিল।৮
ব্যক্তিগত জীৱন আৰু মৃত্যু
১৯৪০ চনৰ ১৭ এপ্ৰিলত জম্মুৰ পূড়মণ্ডলৰ এটা ব্ৰাহ্মণ পৰিয়ালত সচদেৱৰ জন্ম হৈছিল।৯ ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত নিহত হোৱা এগৰাকী সংস্কৃত পণ্ডিত, অধ্যাপক জয় দেৱ বাদুৰ তিনিটা সন্তানৰ ভিতৰত তেওঁ জ্যেষ্ঠ আছিল। তেওঁ প্ৰথমে বেদপাল দীপক বিয়া কৰাইছিল আৰু পিছত ১৯৬৬ চনত সংগীতযুটি সিং বন্ধুৰ গায়ক সুৰিন্দৰ সিঙক বিয়া কৰায়।১০ তেওঁ স্বামী সুৰিন্দৰ সিঙৰ সৈতে প্ৰথমে নতুন দিল্লীত বাস কৰিছিল, কিন্তু পিছত মুম্বাইলৈ স্থানান্তৰিত হয়।২ ২০২১ চনৰ ৪ আগষ্টত, মুম্বাইত পদ্মা সচদেৱৰ মৃত্যু হয়।১১১২ তেওঁলোকৰ কন্যাৰ নাম আছিল মিতা সচদেৱ।
কৰ্মজীৱন
সচদেৱে ১৯৬১ চনৰপৰা জম্মুৰ অল ইণ্ডিয়া ৰেডিঅ’ত ঘোষক হিচাপে কাম কৰিছিল। ইয়াত তেওঁ তেওঁৰ জীৱনসংগী হিন্দুস্তানী কণ্ঠশিল্পী সুৰিন্দৰ সিঙক প্ৰথমবাৰৰ বাবে লগ পাইছিল।১০ পৰৱৰ্তী বছৰবোৰত তেওঁ মুম্বাইৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ সৈতেও কাম কৰিছিল।২
সচদেৱে ১৯৬৯ চনত, তেওঁৰ সংকলন মেৰী কবিতা মেৰে গীতৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই সংকলনটোৰ প্ৰস্তাৱনাত হিন্দী ভাষা কবি ৰামধাৰী সিং দিনকাৰে উল্লেখ কৰিছে যে,
পদ্মাৰ কবিতা পঢ়াৰ পিছত মই অনুভৱ কৰিছিলো যে মই মোৰ কলমটো পেলাই দিব লাগে – কিয়নো পদ্মাই যি লিখিছে সেয়াহে সঁচা কবিতা।
পদ্মাৰ আত্মজীৱনী বুন্দ বাৱাদীক কালজয়ী বুলি গণ্য কৰা হয়। তেওঁৰ ইন বিন (উইডাউট ডেম) নামৰ কিতাপখনত ভাৰতীয় পৰিয়ালত ঘৰুৱা সহায়কসকলৰ প্ৰশংসাশূণ্য ভূমিকাক চিত্ৰিত কৰা হৈছে।১৩
১৯৭৩ চনত পদ্মাই বেদ ৰহিৰ প্ৰেম পৰবত নামৰ হিন্দী চলচ্চিত্ৰখনৰ বাবে ‘মেৰা ছোটা চা ঘৰ বাৰ’ গীতটো লিখিছিল; চিনেমাখনৰ সংগীত কৰিছিল জয়দেৱে। তাৰ পিছত, ১৯৭৮ চনৰ হিন্দী চলচ্চিত্ৰ আঁখে দেখিৰ বাবে তেওঁ দুটা গীত লিখিছিল, য’ত জে.পি. কৌশিকৰ সংগীত আছিল আৰু ইয়াৰে মহম্মদ ৰফী আৰু সুলক্ষনা পণ্ডিতে দ্বৈত কণ্ঠত গোৱা সোনা ৰে, তুঝে কেইচে মিলো গীতটি জনপ্ৰিয় হৈছিল। তেওঁ ১৯৭৯ চনৰ হিন্দী চলচ্চিত্ৰ সাহসৰ বাবে যোগেশৰ সৈতে গীত লিখিছিল, য’ত আমিন সংগীতে সংগীত কৰিছিল।১২
স্বীকৃতি
- দিনু ভাই পন্ত জীৱনজোৰা সাধনা বঁটা, (২০১৭, দিনু ভাই পন্ত স্মৃতি ৰক্ষা সমিতি, জম্মু আৰু কাশ্মীৰ)১৪
- Krutitava Smagra Samman, (২০১৫, ভাৰতীয় ভাষা পৰিষদ, পশ্চিমবংগ)১৫
- সৰস্বতী সন্মান, (২০১৫, ডোগ্ৰী ভাষাত লিখা আত্মজীৱনী চিট্ট-চেটেৰ বাবে)
- পদ্মশ্ৰী, (২০০১)
- সাহিত্য অকাডেমি বঁটা (১৯৭১)
- কবীৰ সন্মান, (২০০৭-০৮, কবিতাৰ বাবে)
গ্ৰন্থপঞ্জী
- নৌহচিন; (কিতাপঘৰ, ১৯৯৫)
- ম্যে কহতি হ্যুঁ আঁখে দেখি (ভ্ৰমণ কাহিনী, ভাৰতীয় জ্ঞানপীঠ, ১৯৯৫)
- ভতকৌ নেহী ধনঞ্জয় (ভাৰতীয় জ্ঞানপীঠ, ১৯৯৯, আইএছবিএন ৮১২৬৩০১৩০৯)
- আমৰাই (ৰাজকমল প্ৰকাশন, ২০০০, আইএছবিএন ৮১৭১৭৮৭৬৪৯)
- জম্মু জ’ কভী চাহাৰা থা (উপন্যাস, ভাৰতীয় জ্ঞানপীঠ, ২০০৩, আইএছবিএন ৮১২৬৩০৮৮৬৯)
- ফিৰ ক্যা হুঁৱা, (জ্ঞানেসৱাৰা আৰু পাৰ্থ সেনগুপ্তাৰ সৈতে, নেচনেল বুক ট্ৰাষ্ট, ২০০৭, আইএছবিএন ৮১২৩৭৫০৪২০)
অনুবাদ
- Where Has My Gulla Gone (এন্থল’জি, প্ৰভাত প্ৰকাশন, ২০০৯, আইএছবিএন ৮১৮৮৩২২৪১৫)
- আ ড্ৰপ ইন দ্য অ’চন: এন অট’বায়গ্ৰাফী (অনুবাদ: উমা বাসুদেৱ, জ্যোৎস্না সিং; নেচনেল বুক ট্ৰাষ্ট, ২০১১, আইএছবিএন ৮১২৩৭৬১৭৭৫)
তথ্যসূত্ৰ
- ↑ George, p. 522
- ↑ Mathur, p. 182
- ↑ Sahitya Akademi Award. Official website
- ↑ Padma Awards Directory (1954–2009). Ministry of Home Affairs (India)
- ↑ (10 August 2008). Rashtriya Mahatma Gandhi Award to be given to Seva Bharti
- ↑ (12 April 2016). Jammu-born poet Padma Sachdev gets Saraswati Samman. Business Standard India. Press Trust of India
- ↑ (April 12, 2016). Dogri poet Padma Sachdev awarded Saraswati Samman. India Today. P. T. I
- ↑ (12 June 2019). Padma Sachdev conferred Akademi's highest honour. DailyExcelsior
- ↑ (17 April 2021). Padamshree Padma Sachdev. DailyExcelsior
- ↑ (6 May 2004). Song of the Singhs. The Hindu
- ↑ (4 August 2021). Eminent Dogri Poet Padma Sachdev dies at 81, Jitendra Singh mourns. United News of India
- ↑ (4 August 2021). Dogri Poet Padma Sachdev Is No More. Kashmir Life
- ↑ Ghosh, Avijit; Khajuria, Sanjay. (August 5, 2021). Noted Dogri writer Padma Sachdev, who passed away, worked closely with Lata Mangeshkar. The Times of India
- ↑ (3 October 2017). Padma Sachdev conferred with Dinu Bhai Pant Life Time Award. DailyExcelsior
- ↑ (7 March 2016). Dogri poetess Padma Sachdev awarded Krutitava Smagra Samman. www.thehansindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মা সচদেৱ” প্ৰবন্ধৰ সংশোধন ৬০৫১৯৯ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।