ভাৰতীয় সাহিত্যিক
২৪২ প্ৰবন্ধ
-
বেগম ঐজাজ ৰচুল
বেগম কোডছিয়া ঐজাজ ৰচুল (Begum Qudsia Aizaz Rasul, ৪ এপ্ৰিল ১৯০৮ – ১ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, লেখক তথা সমাজকৰ্মী আছিল। তেওঁ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা সংবিধান সভাৰ একমাত্ৰ মুছলিম মহিলা সদস্য আছিল। ২০০০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।
-
ভালচন্দ্ৰ নেমাডে
ভালচন্দ্ৰ ভানাজী নেমাডে (Bhalchandra Vanaji Nemade; জন্ম: ১৯৩৮) এজন মাৰাঠী ভাষাৰ ভাৰতীয় লেখক, কবি, সমালোচক আৰু ভাষাবিদ। 'কুশলা' উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলা নেমাডেই মাৰাঠী সাহিত্যক এক নতুন মাত্ৰা দিছিল।
-
মদৰাম ব্ৰহ্ম
মদৰাম ব্ৰহ্ম (১৯০৩ – ১৯৯০) এগৰাকী ভাৰতীয় কবি তথা নাট্যকাৰ। তেওঁ বড়ো ভাষাত সাহিত্য ৰচনা কৰিছিল আৰু বড়ো সাহিত্যৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াইছিল। ১৯৮৮ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।পদ্মশ্ৰী সন্মান লাভ…
-
মীনা আলেকজেণ্ডাৰ
মীনা আলেকজেণ্ডাৰ (Meena Alexander; ১৭ ফেব্ৰুৱাৰী, ১৯৫১–২১ নৱেম্বৰ, ২০১৮) হ'ল এগৰাকী ভাৰতীয় কবি, চিন্তাবিদ আৰু লেখক। ভাৰতৰ এলাহাবাদত তেওঁৰ জন্ম হয় আৰু ভাৰত আৰু চুডানত তেওঁ ডাঙৰ-দীঘল হয়।
-
মৈথিলীচৰণ গুপ্ত
মৈথিলীচৰণ গুপ্ত (৩ আগষ্ট, ১৮৮৬ – ১২ ডিচেম্বৰ, ১৯৬৪) আছিল প্ৰসিদ্ধ আধুনিক হিন্দী কবি সকলৰ ভিতৰত অন্যতম। খড়িবোলী কাব্যৰ বাটকটীয়াসকলৰ ভিতৰত মৈথিলীচৰণ গুপ্তৰ নাম উল্লেখযোগ্য।
-
শমচুৰ ৰহমান ফাৰুকী
শমচুৰ ৰহমান ফাৰুকী (Shamsur Rahman Faruqi; ৩০ ছেপ্টেম্বৰ ১৯৩৫ – ২৫ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় উৰ্দু ভাষাৰ কবি, লেখক, সমালোচক আৰু তাত্ত্বিক আছিল। তেওঁ আধুনিক উৰ্দু সাহিত্যৰ ধ্বজাবাহক।
-
শশী দেশপাণ্ডে
শশী দেশপাণ্ডে (Shashi Deshpande, জন্ম: ১৯৩৮) এগৰাকী ভাৰতীয় সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু ঔপন্যাসিক। তেওঁ সমকালীন ভাৰতীয় সাহিত্যৰ প্ৰখ্যাত ঔপন্যাসিকসকলৰ ভিতৰত এগৰাকী। দেশপাণ্ডে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। ২০০৯ চনত তেওঁ ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।
-
সংগীতা শ্ৰীনিবাসন
সংগীতা শ্ৰীনিবাসন (ইংৰাজী: Sangeetha Sreenivasan) ভাৰতৰ কেৰালাৰ এগৰাকী ঔপন্যাসিকা, শিশু লেখিকা, অনুবাদক, আৰু শিক্ষয়িত্ৰী। তেওঁ মালয়ালম আৰু ইংৰাজী ভাষাত লিখে আৰু দুয়োটা ভাষালৈ অনুবাদ কৰে।
-
সত্যব্ৰত শাস্ত্ৰী
সত্যব্ৰত শাস্ত্ৰী ( Satya Vrat Shastri; জন্ম: ২৯ ছেপ্টেম্বৰ, ১৯৩০) হ'ল ভাৰতৰ এজন সংস্কৃত পণ্ডিত, লেখক, ব্যাকৰণবিদ আৰু কবি। তেওঁ সংস্কৃত ভাষাত তিনিখন মহাকাব্য, তিনিখন খণ্ডকাব্য, এখন প্ৰৱন্ধকাব্য, এখন পত্ৰকাব্য আৰু পাঁচখন আলোচনাত্মক কিতাপ লিখিছে।
-
সীতাংশু য়শচন্দ্ৰ
সীতাংশু য়শচন্দ্ৰ মেহতা (জন্ম ১৯ আগষ্ট ১৯৪১), যাক সীতাংশু য়শচন্দ্ৰ বুলি জনা যায়, এগৰাকী গুজৰাটী ভাষাৰ কবি, নাট্যকাৰ, অনুবাদক আৰু ভাৰতীয় শিক্ষাবিদ। তেওঁ গুজৰাটী সাহিত্য পৰিষদৰ সভাপতি আছিল।
-
সূৰ্যকান্ত ত্ৰিপাঠী
সূৰ্যকান্ত ত্ৰিপাঠী (২১ ফেব্ৰুৱাৰী ১৮৯৯ – ১৫ অক্টোবৰ ১৯৬১) এজন ভাৰতীয় কবি, সাহিত্যিক, সুৰকাৰ, আৰু স্কেচ আৰ্টিষ্ট আছিল, তেওঁৰ ৰচনা সমূহ হিন্দী ভাষাৰ আছিল। তেওঁক হিন্দী সাহিত্যৰ ছায়াবাদ যুগৰ চাৰিটা মুখ্য স্তম্ভৰ এটা ৰূপে গণ্য কৰা হয়।
-
সৰলা দেৱী
সৰলা দেৱী (Sarala Devi, ১৯ আগষ্ট ১৯০৪ – ৪ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক। তেওঁ ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰা প্ৰথম ওড়িয়া মহিলা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ওড়িয়া মহিলা প্ৰতিনিধি আছিল।
-
ৰামচন্দ্ৰ গুহ
ৰামচন্দ্ৰ গুহ (জ. ২৯ এপ্ৰিল, ১৯৫৮, ইংৰাজী: Ramchandra Guha) এগৰাকী ভাৰতীয় ইতিহাসবিদ, পৰিৱেশতন্ত্ৰবিদ, লেখক আৰু বুদ্ধিজীৱী৷ তেওঁৰ গৱেষণাৰ ক্ষেত্ৰবোৰত সামাজিক, ৰাজনৈতিক, পৰিৱেশতন্ত্ৰ আৰু ক্ৰিকেটৰ ইতিহাস অন্তৰ্ভুক্ত৷ তেওঁ আধুনিক ভাৰতৰ ইতিহাস বিষয়ত এগৰাকী মান্যতাপ্ৰাপ্ত পণ্ডিত৷ আমেৰিকান হিষ্টৰিকেল…
-
অনুৰাধা ৰায়
অনুৰাধা ৰায় (Anuradha Roy) এগৰাকী ভাৰতীয় ঔপন্যাসিক, সাংবাদিক আৰু সম্পাদক। তেওঁ 'এন এটলাছ অৱ ইমপছিব'ল লঙিং' (২০০৮), 'দ্য ফল্ডেড আৰ্থ' (২০১১), 'শ্লিপিং অন জুপিটাৰ' (২০১৫) আৰু 'অল দ্য লাইভচ্ ৱুই নেভাৰ লিভড্' নামৰ চাৰিখন উপন্যাস লিখিছে।
-
আন্দলিব ৱাজিদ
আন্দলিব ৱাজিদ (ইংৰাজী: Andaleeb Wajid) এগৰাকী বেংগালুৰু নিবাসী ভাৰতীয় লেখিকা। তেওঁ ২০০৯ চনত তেওঁৰ প্ৰথম উপন্যাস কাইট ষ্ট্ৰিংছ প্ৰকাশ কৰে আৰু এতিয়ালৈকে প্ৰায় ৪০খন গ্ৰন্থ লিখিছে। তেওঁৰ লেখাসমূহ বিশেষকৈ মুছলমান পৰিয়াল, সামাজিক সম্পৰ্ক, পৰিৱৰ্তন, প্ৰেম আৰু দৈনন্দিন জীৱনৰ অভিজ্ঞতাক কেন্দ্ৰ কৰি থাকে।
-
উমা আনন্দ
উমা আনন্দ ( Uma Anand; ১৯২৩ – ১৩ নৱেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় সাংবাদিক, অভিনেত্ৰী আৰু সম্প্ৰচাৰক আছিল। নীচা নগৰ (১৯৪৬), টেক্সি ড্ৰাইভাৰ (১৯৫৪) উমা আনন্দ অভিনীত উল্লেখযোগ্য চলচ্চিত্ৰ।
-
উৰ্মিলা পাৱাৰ
উৰ্মিলা পাৱাৰ (Urmila Pawar; জন্ম: ১৯৪৫ চন) হ'ল এগৰাকী ভাৰতীয় লেখক আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ দলিত আৰু নাৰীবাদী আন্দোলনৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁৰ সমূহ ৰচনা, যিবোৰ মাৰাঠী ভাষাত ৰচিত, সামাজিক ভেদভাৱ আৰু ধৰ্মীয় শোষণৰ সমালোচনা ৰূপে সমালোচক আৰু সংবাদ মাধ্যমৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছে।
-
এচ এল ভৈৰপ্পা
সান্তাশিৱাৰা লিঙ্গন্নায়াহ ভৈৰপ্পা (জন্ম ২০ আগষ্ট ১৯৩১) এগৰাকী কানাড়া ভাষাৰ ভাৰতীয় ঔপন্যাসিক, দাৰ্শনিক আৰু চিত্ৰনাট্যকাৰ। কেৱল কৰ্ণাটকৰে নহয়, তেওঁক আধুনিক ভাৰতৰ জনপ্ৰিয় ঔপন্যাসিকসকলৰ এগৰাকী হিচাপে গণ্য কৰা হয়। তেওঁৰ উপন্যাসসমূহ বিষয়বস্তু, গাঁথনি আৰু চৰিত্ৰায়নৰ ক্ষেত্ৰত অনন্য।
-
কবিতা কেইন
কবিতা কেইন (Kavita Kané, জন্ম: ৫ আগষ্ট, ১৯৬৬) এগৰাকী ভাৰতীয় লেখক। পৌৰাণিক কল্পকাহিনী লেখক ৰূপে তেওঁ পৰিচিত। তেওঁৰ সকলো কিতাপ ভাৰতীয় পুৰাকথাৰ ওপৰত আধাৰিত। 'দ্য কৰ্ণ'চ ৱাইফ: দি আউটকাষ্ট কুইন' হ'ল তেওঁৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপ। তেওঁ পুনৰ কথনৰ এগৰাকী নতুন যুগৰ লেখক।
-
কালিন্দী চৰণ পাণিগ্ৰাহী
কালিন্দী চৰণ পাণিগ্ৰাহী (ইংৰাজী: Kalindi Charan Panigrahi; ২ জুলাই ১৯০১ – ১৫ মে' ১৯৯১) এজন বিশিষ্ট ওড়িয়া কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ। ‘সবুজ যুগ’ সাহিত্য-আন্দোলনৰ অন্যতম মুখ্য ধাৰাৰ সাহিত্যিক হিচাপে তেওঁ ওড়িয়া সাহিত্যত আধুনিক মনোভাব সাৰ্থকভাৱে প্ৰতিষ্ঠা কৰিছিল।
-
কে সৰস্বতী আম্মা
কে. সৰস্বতী আম্মা (K. Saraswathi Amma; ১৪ এপ্ৰিল ১৯১৯ – ২৬ ডিচেম্বৰ ১৯৭৫) এগৰাকী মালায়লম নাৰীবাদী লেখিকা। তেওঁৰ চুটিগল্পসমূহ আমেৰিকাৰ কেইবাটাও প্ৰকাশনে অনুবাদ কৰিছে।
-
কেকি এন দাৰুৱালা
কেকি নাছেৰৱানজী দাৰুৱালা ( Keki Nasserwanji Darawalla; ২৪ জানুৱাৰী ১৯৩৭ – ২৬ ছেপ্টেম্বৰ ২০২৪) এজন ভাৰতীয় কবি আৰু ইংৰাজী ভাষাৰ চুটিগল্পকাৰ আছিল। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াও আছিল।
-
গোৱিন্দ চন্দ্ৰ পাণ্ডে
গোৱিন্দ প্ৰসাদ পাণ্ডে (Govind Chandra Pande; জন্ম: ৩০ জুলাই, ১৯২৩ – ২১ মে’, ২০১১) এগৰাকী প্ৰতিষ্ঠিত ভাৰতীয় পণ্ডিত, দাৰ্শনিক আৰু বুৰঞ্জীবিদ। তেওঁৰ সৃষ্টিশীল সাহিত্য সম্ভাৰে বৈদিক আৰু বৌদ্ধ যুগক প্ৰতিনিধিত্ব কৰে।
-
চিত্ৰা মুদগল
চিত্ৰা মোদগল (Chitra Mudgal জন্ম: ১০ ডিচেম্বৰ ১৯৪৩) এগৰাকী ভাৰতীয় লেখিকা আৰু আধুনিক হিন্দী সাহিত্যৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেওঁৰ উপন্যাস 'আৱান'ৰ বাবে ব্যাস সন্মান লাভ কৰিছিল আৰু এই সন্মান লাভ কৰা তে প্ৰথম ভাৰতীয় মহিলা।
-
চৰণকুমাৰ লিম্বালে
চৰণকুমাৰ লিম্বালে (Sharankumar Limbale; জন্ম: ১ জুন, ১৯৫৬) এগৰাকী মাৰাঠী ভাষাৰ লেখক, কবি আৰু সাহিত্য সমালোচক। তেওঁ ৪০ খনতকৈও অধিক কিতাপ লিখিছে। ১৯৮৪ চনত প্ৰকাশিত তেওঁৰ আত্মজীৱনী অক্কৰ্মাশী হৈছে তেওঁৰ আটাইতকৈ জনাজাত আৰু বহুপঠিত গ্ৰন্থ।
-
ছাৰা জোচেফ
ছাৰা জোচেফ (জন্ম ১৯৪৬) এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু মালয়ালম ভাষাৰ চুটিগল্প লেখিকা। আলহায়ুদে পেনমককাল উপন্যাসৰ বাবে কেন্দ্ৰ সাহিত্য অকাডেমী বঁটা আৰু বায়ালাৰ বঁটা লাভ কৰে। কেৰালাৰ নাৰীবাদী আন্দোলনৰ নেত্ৰী আৰু কৰ্মী সংগঠন মানুষীৰ প্ৰতিষ্ঠাপক।
-
জয়ন্তী নায়ক
ড° জয়ন্তী নায়ক (জন্ম ৬ আগষ্ট ১৯৬২) গোৱাৰ এগৰাকী কোংকণী সাহিত্যিক আৰু লোককথাৰ গৱেষক। তেখেত এগৰাকী চুটিগল্প লেখিকা, নাট্যকাৰ, শিশু লেখিকা, লোককথাবিদ, অনুবাদক আৰু গোৱা বিশ্ববিদ্যালয়ৰ কোংকণী বিভাগৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ব্যক্তি।তেখেত সাহিত্য অকাডেমীৰ বঁটাও বিজয়ী।
-
টনি জোছেফ
টনি জোছেফ (Tony Joseph) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখক। তেখেত বিজনেছ ৱৰ্ল্ড নামৰ আলোচনীখনৰ প্ৰাক্তন সম্পাদক। তেখেত বেষ্ট-চেলিং কিতাপ আৰ্লি ইণ্ডিয়ানছ্ (Early Indians, ২০১৮)ৰ লেখক। ২০১৮ চন পৰ্যন্ত তেখেত মাইণ্ডৱৰ্কছ গ্লোবেল মিডিয়া ছাৰ্ভিছেছ নামৰ প্ৰতিষ্ঠানটোৰো অধ্যক্ষ আৰু সহ-প্ৰতিষ্ঠাতা আছিল।
-
তপোধীৰ ভট্টাচাৰ্য
তপোধীৰ ভট্টাচাৰ্য (১২ ফেব্ৰুৱাৰী, ১৯৪৯) অসমবাসী এজন বাঙালী বুদ্ধিজীৱী। সমকালীন মননশীল প্ৰাবন্ধিকসকলৰ ভিতৰৰ এজন হিচাপে পঢ়ুৱৈ সমাজত পৰিচিত।
-
তালা টুডু
তালা টুডু ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু নাৰ্ছ। ২০১৫ চনত চান্তালী বা চাঁওতালি ভাষাৰ অনুবাদৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৯৭২ চনত।