তাৰক মেহতা (તારક મહેતા) এজন ভাৰতীয় লেখক, হাস্যৰসিক, নাট্যকাৰ। তেওঁক গুজৰাটী ভাষাৰ 'দুনিয়া নে উন্ধা চছমা' বা 'পৃথিৱীৰ উলুটা চছমা'ৰ বাবে বিশেষভাৱে জনা যায়। তেওঁ বিভিন্ন ব্যংগ গুজৰাটী ভাষালৈ অনুবাদ কৰিছে, তেওঁ গুজৰাটী নাট্যশালাৰ এক পৰিচিত নাম।১
ব্যংগটো প্ৰথম সাপ্তাহিক চিত্ৰলেখাত ওলাইছিল মাৰ্চ ১৯৭১ত আৰু তেতিয়াৰ পৰা ই বিভিন্ন বিষয় উপস্থাপন কৰিছে। তেওঁ ৮০খন গ্ৰন্থ ছপা কৰালে, ৩খন তেওঁ গুজৰাটী বাতৰি কাকত "দিৱ্য ভাস্কৰ" লিখা লেখৰ ওপৰত আধাৰিত, আৰু বাকিবোৰ 'তাৰক মেহতা কা উল্টা চছমাহ্' বা 'তাৰক মেহতাৰ উলুটা চছমা'ৰ ওপৰত আধাৰিত।২
২০০৮ত ভাৰতৰ জনপ্ৰিয় দূৰদৰ্শন ধাৰা চাব টি-ভিত তেওঁৰ লেখৰ ওপৰত আধাৰিত অনুষ্ঠান 'তাৰক মেহতা কা উল্টা চছমা' প্ৰদৰ্শিত হ'ল।৩ ই চাব টি-ভিৰ এক মুখ্য অনুষ্ঠান হ'ল।৪
ব্যক্তিগত জীৱন
তেওঁ গুজৰাটৰ আহমেদাবাদত থাকে, য'লৈ তেওঁ ২০০০চনত গ'ল, নিজৰ ২য় পত্নী ইন্দুৰ সৈতে। তেওঁৰ ১মা পত্নী ইলাও একে এপাৰ্টমেণ্টতেই থাকিছিলে। তেওঁৰ জীয়েক (প্ৰথম বিবাহৰ পৰা) ইচানী আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে আৰু তাইৰ ২ সন্তান কুচান আৰু চেইলী আছে।২৫
গ্ৰন্থসূচী
- দুনিয়া নে উন্ধা চছমা
- আ দুনিয়া পাঞ্জাৰাপ'লে
- এক্সন ৰিপ্লাই ১/২
- আল্বেলুন আমেৰিকা ভান্থেলুন আমেৰিকা
- চম্পকলাল তপুনি জুগলবন্দী
- বেতাজ বাতালি বাজ প'পতলাল তাৰাজ
- তাৰক মেহতা কা উল্টা চছমা
তথ্যসূত্ৰ
- ↑ (1989). Contemporary Indian theatre: interviews with playwrights and directors. Sangeet Natak Akademi. পৃ. 159
- ↑ (Mar 9, 2009). Tarak Mehta is 'booked'!. DNA (newspaper)
- ↑ (Jul 2, 2010). Comedy Inc!. Indian Express
- ↑ (Jul 30, 2010). Laughing away to success. Indian Express
- ↑ (Jul 14, 2009). Tragedy strikes Tarak Mehta. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰক মেহতা” প্ৰবন্ধৰ সংশোধন ৫৪৪৭৪৪ (২২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।