অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনালক্ষ্মী নেপ্ৰাম

বিনালক্ষ্মী নেপ্ৰাম (Binalakshmi Nepram) এগৰাকী মানৱসেৱা কৰ্মী, লেখিকা আৰু সমাজসেৱিকা৷ তেওঁ উত্তৰ-পূব ভাৰত বিশেষকৈ মণিপুৰৰ হিংসা আৰু সন্ত্ৰাসৰ বিৰুদ্ধে জনমত গঠন কৰাৰ প্ৰচেষ্টা চলাই আহিছে৷ হিংসাৰ বলি হোৱা মহিলা আৰু পৰিয়ালসমূহৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈকো তেওঁ অৱদান আগবঢ়াইছে৷ এইক্ষেত্ৰত…

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

বিনালক্ষ্মী নেপ্ৰাম (Binalakshmi Nepram) এগৰাকী মানৱসেৱা কৰ্মী, লেখিকা আৰু সমাজসেৱিকা৷ তেওঁ উত্তৰ-পূব ভাৰত বিশেষকৈ মণিপুৰৰ হিংসা আৰু সন্ত্ৰাসৰ বিৰুদ্ধে জনমত গঠন কৰাৰ প্ৰচেষ্টা চলাই আহিছে৷ হিংসাৰ বলি হোৱা মহিলা আৰু পৰিয়ালসমূহৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈকো তেওঁ অৱদান আগবঢ়াইছে৷১ এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে তেওঁক বহুসময়ত "উত্তৰ-পূবৰ প্ৰতিনিধি" ("The Face & Voice of North East") বুলিও আখ্যা দিয়া হয়৷২

নেপ্ৰামে ভালেসংখ্যক সংগঠন প্ৰতিষ্ঠা কৰিছে৷ ইয়াৰ ভিতৰত Control Arms Foundation of India (CAFI), Manipur Women Gun Survivors Network (MWGSN) আৰু Secretary General Control Arms Foundation of India (CAFI) উল্লেখযোগ্য৷৩৪

ফৰ্বছ আলোচনীয়ে তেওঁক "২০১৫ চনৰ মন কৰিবলগীয়া ২৪ গৰাকী যুবপ্ৰজন্ম" (24 Young Minds to Watch out for in 2015) এগৰাকী বুলি অভিহিত কৰিছিল৷ তাৰোপৰি লণ্ডনৰ Action on Armed Violence নামৰ সংগঠনে তেওঁক "হিংসাত্মক কাৰ্য্যৰ বিৰুদ্ধে যুঁজি অহা এশ গৰাকী প্ৰভাৱশালী ব্যক্তি" (Top 100 influential people in the world actively pursuing a reduction in armed violence) বুলি আখ্যা দিছে৷২

চমু জীৱনী

নেপ্ৰামৰ জন্ম হয় উত্তৰ-পূব ভাৰতৰ মণিপুৰৰ ইম্ফালত৷৪ তেওঁৰ পিতৃ নেপ্ৰাম বিহাৰী (Nepram Bihari) আৰু মাতৃ য়েনছেম্বাম ইবেমহল (Yensembam Ibemhal)৷২ তেওঁৰ শৈশৱ মণিপুৰৰ হিংসাত্মক ঘটনাৰাজিৰ মাজত পাৰ হৈছিল৷ আনকি তেওঁৰ জন্মৰ সময়তো ইম্ফলত সৈন্যবাহিনীয়ে কাৰ্ফিউ জাৰি কৰি ৰাখিছিল৷ নেপ্ৰামে ইম্ফলতে স্কুলীয়া শিক্ষা সাং কৰে৷ তেওঁ মেট্ৰিক পৰীক্ষাত মণিপুৰৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰি আমুছান আৰু গৌৰো সোঁৱৰণী বঁটা (Amusana and Gouro Memorial Award) লাভ কৰে৷৫ পৰৱৰ্ত্তী সময়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক সম্পৰ্কত দক্ষিণ এছিয়াৰ অধ্যয়ন (South Asian Studies in International Relations) বিষয়ত এম ফিল ডিগ্ৰী লাভ কৰে৷৬

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত তেওঁ মণিপুৰৰ হিংসাত্মক ঘটনাসমূহ লৈ চিন্তিত হৈ পৰে৷ তেওঁৰ গৱেষণাত Trafficing in Small Arms and Sensitive Technologies নামৰ গ্ৰন্থখনে প্ৰভাৱ পেলায় আৰু সৰু অস্ত্ৰ (small arms)-ৰ ভয়াবহতা সম্পৰ্কে তেওঁক সচেতন কৰি তোলে৷ এই গৱেষণাৰ আধাৰত তেওঁ South Asia's Fractured Frontier (২০০২) নামৰ গ্ৰন্থ প্ৰকাশ কৰে৷ ২০০৪ চনত তেওঁ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা অস্ত্ৰৰ নিয়ন্ত্ৰণৰ বাবে নতুন দিল্লীত Control Arms Foundation of India (CAFI) প্ৰতিষ্ঠা কৰে৷৭

২০০৪ চনত মণিপুৰৰ থৌবাল জিলাৰ ৱাগাবী লামখাই গাঁৱত (Wabagai Lamkhai village) গাড়ী-মটৰৰ এটা কৰ্মশালাৰ স্বত্বাধিকাৰী বুদ্ধ মৈৰাংথাম (Buddha Moirangthem) নামৰ এজন লোকক কোনো অজ্ঞাত লোকে গুলীয়াই নিহত কৰে৷ তেওঁৰ পত্নীয়ে কোনে কি কাৰণত তেওঁৰ হত্যা কৰিলে তাৰ উত্তৰ নাপালে৷ এনেধৰণৰ কেইবাটাও ঘটনাত মৰ্মাহত হৈ নেপ্ৰামে মণিপুৰলৈ প্ৰত্যাৱৰ্ত্তন কৰে আৰু হিংসাৰ বলি হোৱা পৰিয়ালবোৰক সহায়-সাহাৰ্য্য প্ৰদানৰ উদেশ্যে ২০০৭ চনত Manipur Women Gun Surviviors Network (MWGSN) নামৰ এক সংগঠন প্ৰতিষ্ঠা কৰে৷৮

পৰৱৰ্ত্তীকালত অস্ত্ৰৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আৰু হিংসাত্মক ঘটনাৰ বলি হোৱা মহিলা আৰু শিশুৰ সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰচেষ্টা চলাই আহিছে৷৬

বঁটা আৰু সন্মান

  • Ploughshares fellowship
  • WISCOMP Scholar of Peace Award, দালাই লামা ফাউণ্ডেচন ৬
  • Best Humanitarian Initiative of the Year, ২০১০
  • Sean MacBride Peace Prize, ২০১১
  • CNN IBN Real Heroes Award, ২০১১
  • Ashoka Fellowship, Ashoka: Innovators of the Public of Washington৬
  • L’Oréal Paris Femina Women Award, ২০১৫ ২
  • Anna Politkovskaya Award, ২০১৮ -RAW in WAR (Reach All Women in WAR)৯

সাহিত্য

নেপ্ৰামে ভালেসংখ্যক গৱেষণা পত্ৰ আৰু চাৰিখন গ্ৰন্থ প্ৰকাশ কৰিছে৷ এই গ্ৰন্থসমূহ হৈছে-

  • Poetic Festoon (১৯৯০)
  • South Asia's Fractured Frontier: Armed Conflict
  • Narcotics and Small Arms Proliferation in India's Northeast (২০০২)
  • Meckley (২০০৪)
  • India and the Arms Trade Treaty (২০০৯).৬

তথ্যসূত্ৰ

জীৱনী

তথ্যসূত্ৰ

  1. ↑ Malini (ed) 2015, পৃ. 50
  2. ↑ (31 March 2015). L'Oréal Paris Femina Women award for Binalakshmi Nepram. The Sangai Express
  3. ↑ Malini (ed) 2015, পৃ. 50
  4. ↑ Williams, J.S. (Sep 12, 2012). Binalakshmi Nepram. Washington Nuclear Museum and Education Centre (WANMEC)
  5. ↑ Malini (ed) 2015, পৃ. 50
  6. ↑ (2 July 2013). Binalakshmi Nepram of Manipur, Northeast India in Top 100 most influential people in world on armed violence reduction. E-Pao
  7. ↑ Malini (ed) 2015, পৃ. 50
  8. ↑ Malini (ed) 2015, পৃ. 50
  9. ↑ Indian campaigner wins award for helping women facing violence news.trust.org//item/20181004181029-6dowm/

সম্পৰ্কিত শ্ৰেণী

মণিপুৰৰ ব্যক্তিসমাজকৰ্মীভাৰতীয় সাহিত্যিকভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনালক্ষ্মী নেপ্ৰাম” প্ৰবন্ধৰ সংশোধন ৫৯১৯৫২ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।