অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়া কুমাৰ

প্ৰিয়া কুমাৰ (Priya Kumar, জন্ম: ৪ মাৰ্চ, ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় লেখিকা আৰু অনুপ্ৰেৰণাদায়ী বক্তা। তেখেতে এতিয়ালৈকে বাৰখন গ্ৰন্থ লিখি উলিয়াইছে। ইয়াৰে ভিতৰত উপন্যাস আৰু আত্ম-সহায়ক গ্ৰন্থও আছে। তেখেতৰ গ্ৰন্থসমূহে মূলতঃ অনুপ্ৰেৰণাদায়ী আৰু আধ্যাত্মিক বিষয়বস্তুক সামৰি লয়।

হালনাগাদ: ১৫ মে’ ২০২৬ ৪৫২ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

প্ৰিয়া কুমাৰ (Priya Kumar, জন্ম: ৪ মাৰ্চ, ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় লেখিকা আৰু অনুপ্ৰেৰণাদায়ী বক্তা। তেখেতে এতিয়ালৈকে বাৰখন গ্ৰন্থ লিখি উলিয়াইছে। ইয়াৰে ভিতৰত উপন্যাস আৰু আত্ম-সহায়ক গ্ৰন্থও আছে। তেখেতৰ গ্ৰন্থসমূহে মূলতঃ অনুপ্ৰেৰণাদায়ী আৰু আধ্যাত্মিক বিষয়বস্তুক সামৰি লয়। ২০১০ চনত প্ৰকাশিত হোৱা তেখেতৰ গ্ৰন্থ 'লাইচেন্স টু লিভ'ক ২০১০ চনত অনুষ্ঠিত হোৱা ভোডাফোন ক্ৰছৱৰ্ড গ্ৰন্থ বঁটালৈ মনোনীত কৰা হয়। ২০১৯ চনত তেখেতৰ উপন্যাস 'I Will Go with You'ৰ আধাৰত 'দ্য ফাইনেল কল' নামৰ ৱেব টেলিভিছন ছিৰিজটো নিৰ্মাণ কৰা হৈছে। এইটো ছিৰিজত বলিউডৰ অৰ্জুন ৰামপাল, সাক্ষী তানৱাৰ আৰু জাভেদ জাফ্ৰী আদিয়ে অভিনয় কৰে।১২

প্ৰাৰম্ভিক জীৱন

১৯৭৪ চনৰ ৪ মাৰ্চত প্ৰিয়া কুমাৰৰ জন্ম হয়। জন্মস্থান আছিল ভাৰতৰ চণ্ডীগড়। চণ্ডীগড়তে থকা ছেইণ্ট কবীৰ পাব্লিক স্কুলত প্ৰিয়া কুমাৰে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেখেতে বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পিছত তেখেতে ছাইক'থেৰাপী আৰু কাউণ্টাৰ ছেলিঙত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পিছত তেখেতে NMIMS বিশ্ববিদ্যালয়ৰ পৰা বিপণন আৰু বিক্ৰীত এটা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২২ বছৰ বয়সতে তেখেতে অনুপ্ৰেৰণাদায়ী বক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।৩

কৰ্মজীৱন

প্ৰিয়া কুমাৰে এতিয়ালৈকে বাৰখন গ্ৰন্থ লিখিছে। তেখেতৰ গ্ৰন্থসমূহত অনুপ্ৰেৰণা আৰু আধ্যাত্মিকতাৰ বিষয়বস্তু দেখিবলৈ পোৱা যায়।১

২০১০ চনত প্ৰিয়া কুমাৰে লিখা প্ৰথমখন গ্ৰন্থ আছিল 'License to Live'। এইখন আছিল এখন আত্মসহায়ক গ্ৰন্থ আৰু ইয়াৰ বিষয়বস্তুটোৰ আধাৰ আছিল আধ্যাত্মিকতা। তেখেতে ইয়াৰ নামকৰণ কৰিছিল 'অনুপ্ৰেৰণাদায়ী থ্ৰিলাৰ' আৰু 'আধ্যাত্মিকতা কল্পকথা' হিচাপে।৪ ২০১২ চনত এই গ্ৰন্থখনে 'এৰিক হোফাৰ' বঁটা লাভ কৰে।৫৬৭৮ 'I Am Another You' নামৰ গ্ৰন্থখনকো এৰিক হোফাৰ বঁটাৰ বাবে সংক্ষিপ্ত বাছনিৰ তালিকাভুক্ত কৰা হয়।৯ পৰৱৰ্তী বৰ্ষটোত প্ৰিয়া কুমাৰে 'The Perfect World' নামৰ উপন্যাসখন লিখে।১০

২০১৪ চনত প্ৰিয়া কুমাৰে ভাৰতীয় উদ্যোগী আৰু হিৰো চাইকেলৰ প্ৰতিষ্ঠাতা ওম প্ৰকাশ মুঞ্জলৰ আত্মজীৱনী লিখি উলিয়ায়। গ্ৰন্থখনৰ শিৰোনাম ধাৰ্য কৰা হৈছিল 'The Inspiring Journey of a Hero'। এইখন গ্ৰন্থৰ শৈলীটোও আত্ম-সহায়ক গ্ৰন্থৰ দৰে। গ্ৰন্থখনত মুঞ্জলৰ জীৱনযাত্ৰাক এটা অনুপ্ৰেৰণাদায়ী দৃষ্টিভংগীৰে উপস্থাপন কৰা হৈছে। মুঞ্জলৰ প্ৰাৰম্ভিক জীৱন, বিভাজন আৰু তেখেতৰ বাইচাইকেলৰ কোম্পানীটোক পৰিচালনাৰ দিশটোক গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হয়।১১ ২০১৪ চনত পেংগুইন বুকছে গ্ৰন্থখন প্ৰকাশ কৰে। গ্ৰন্থখনে একাংশ সমালোচকৰ পৰা ইতিবাচক মত লাভ কৰে।১২১৩৫ ২০১৫ চনত এই গ্ৰন্থখন 'এক ছুপাৰ হিৰো কি কাহানী' নামেৰে হিন্দী ভাষালৈ অনূদিত হয়।

২০১৫ চনত প্ৰিয়া কুমাৰে 'আই ৱিল গো উইথ ইউ' নামৰ ছাছপেঞ্চ থ্ৰিলাৰখন লিখি উলিয়ায়।১৪ গ্ৰন্থখন বেষ্টচেলাৰ হিচাপে পৰিগণিত হয় আৰু ২০১৯ চনত এই উপন্যাসৰ আধাৰতেই 'দ্য ফাইনেল কল' নামৰ এটা ৱেব ছিৰিজে মুক্তিলাভ কৰে। ছিৰিজটোত অৰ্জুন ৰামপাল আৰু সাক্ষী তানৱাৰৰ দৰে শিল্পীয়ে অভিনয় কৰে।২১৫ ২০১৯ চনৰ এপ্ৰিলত প্ৰিয়াই ঘোষণা কৰে যে, তেখেতে 'দ্য ফাইনেকল কল'ৰ দ্বিতীয়টো ছিজন লিখি আছে।১৬ ২০১৯ চনত জিফাইভ তেখেতৰ ২০১৭ চনৰ উপন্যাস 'দ্য ৱাইজ মেন ছেইড'ৰ আধাৰত এখনি ৱেব ছিৰিজ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰে।১৭১৮

ভাৰতৰ শীৰ্ষৰ দহগৰাকী অনুপ্ৰেৰণাদায়ী বক্তাৰ ভিতৰত প্ৰিয়া কুমাৰকো স্থান দিয়া হৈছে।১৯

প্ৰকাশনসমূহ

  • License to Live (২০১০)
  • I Am Another You: A Journey To Powerful Breakthroughs (২০১০)
  • The Perfect World: A Journey To Infinite Possibilities (২০১১)
  • Thinking Aloud: A Collection Of Original Inspirational Quotes (২০১৩)
  • The Inspiring Journey of a Hero (২০১৪)
  • I Will Go with You: The Flight of a Lifetime (২০১৫)
  • Dream Dare Deliver (২০১৫)
  • Ek Super Hero Ki Shandaar Kahani (২০১৫), The Inspiring Journey of a Heroৰ হিন্দী অনুবাদ
  • The Calling – Unleash Your True Self (২০১৬)
  • How to Write a Book in 8 Days (২০১৭)
  • The Wise Man Said (২০১৭)
  • Man Hunt (২০২০)

তথ্যসূত্ৰ

  1. ↑ Jain, Arushi. (2019-04-14). With success of The Final Call, I learnt content is king: Writer Priya Kumar. The Indian Express
  2. ↑ (2018-10-10). Priya Kumar's novel 'I Will Go With You' to be adapted into a Zee5 web series. Scroll
  3. ↑ Gina, Justus. (2007-05-31). Dealing with your fears and learning to cope up with the demands of today's lifestyle can be challenging. Gulf Today
  4. ↑ Ansari, Humaira. (2010-10-10). Spirituality spun into fiction. DNA India
  5. ↑ McDermott, Alice. (2014-04-06). Spectrum. The Sunday Tribune
  6. ↑ Khatri, Manoj. (2012-09-09). License to live: A seeker's journey to greatness! by Priya Kumar. Complete Wellbeing
  7. ↑ (2009-08-09). I Am Another You. The Times of India
  8. ↑ Chandra, Vaishalli. (2009-09-12). Whack yourself before life does Priya Kumar's first book, I am another you, was launched in Banglaore on Friday. DNA India
  9. ↑ (2014-09-24). Priya Kumar - I am a woman and I get paid to talk. iuemag.com
  10. ↑ Virmani, Ashish. (2011-12-21). 'I'm a messenger of hope': Spiritualist and self-help author Priya Kumar talks about her new book and her world view. DNA India
  11. ↑ Venkataramakrishnana, Rohan. (2014-02-16). An Inspirational read that does not deliver. Mail Today
  12. ↑ Swamy, Narayan. (2014-06-21). Story A 'Hero' every Indian can be proud of (Book Review). Indo-Asian News Service
  13. ↑ Ramachandran, P. P. (2014-06-14). Book Review: The Inspiring Journey of a Hero. The Free Press Journal
  14. ↑ Shankar, Anuradha. (2015-04-01). I Will Go With You: The Flight Of A Lifetime By Priya Kumar. Complete Wellbeing
  15. ↑ (2018-10-09). ZEE5 to launch web series on Priya Kumar's bestselling novel 'I Will Go With You'. Indian Television
  16. ↑ Shah, Chandni. (2019-04-20). Exclusive: 'The Final Call' Screenwriter Priya Kumar Reveals Season 2 in Making, Says she Wants to Direct it This Time. LatestLY
  17. ↑ Rajesh, Srividya. (2019-01-28). ZEE5 to launch web-series on Priya Kumar's novel 'The Wise Man Said'. IWMBuzz
  18. ↑ (2019-05-02). This World Book Day, ZEE5 announces eight new book adaptations. Zee News
  19. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকভাৰতৰ অনুপ্ৰেৰণাদায়ী বক্তা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়া কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬০৬৪৬৮ (১৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।