ভাৰতীয় সাহিত্যিক
২৪২ প্ৰবন্ধ
-
নীৰদ চি. চৌধুৰী
নীৰদ চন্দ্ৰ চৌধুৰী (Nirad C. Chaudhuri; ২৩ নৱেম্বৰ ১৮৯৭ – ১ আগষ্ট ১৯৯৯) এজন ভাৰতীয় লেখক। ১৯৯০ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেতিয়ালৈকে অক্সফৰ্ড চহৰৰ দীৰ্ঘদিনীয়া বাসিন্দা চৌধুৰীক ‘অনাৰেৰী ডিগ্ৰী ইন লেটাৰচ’ প্ৰদান কৰে।
-
পণ্ডিতা ৰমাবাঈ
পণ্ডিতা ৰমাবাঈ সৰস্বতী (Pandita Ramabai, ২৩ এপ্ৰিল ১৮৫৮ - ৫ এপ্ৰিল ১৯২২) এগৰাকী নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ ভাৰতত মহিলাৰ শিক্ষা আৰু মুক্তিৰ অগ্ৰদূত আৰু সমাজ সংকাৰক আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা 'পণ্ডিতা' আৰু 'সৰস্বতী' উপাধি লাভ কৰা প্ৰথম মহিলা আছিল।
-
ফকীৰ মোহন সেনাপতি
ফকীৰ মোহন সেনাপতি (ওড়িয়া: ଫକୀର ମୋହନ ସେନାପତି; ১৩ জানুৱাৰী ১৮৪৩ – ১৪ জুন ১৯১৮), আছিল উৎকল ব্যাস কবি (ওড়িশাৰ বেদব্যাস) নামেৰে উল্লেখযোগ্য এজন ভাৰতীয় সাহিত্যিক, কবি, দাৰ্শনিক আৰু সমাজ সংস্কাৰক। মূলতঃ ভাৰতৰ ওড়িশা ৰাজ্যত কথিত ভাষা ওড়িয়া ভাষাৰ সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰাত তেওঁৰ সহায় আছিল।
-
বলাইচাঁদ মুখোপাধ্যায়
বলাইচাঁদ মুখোপাধ্যায় (Balai Chand Mukhopadhyay; ১৯ জুলাই ১৮৯৯ - ৯ ফেব্ৰুৱাৰী ১৯৭৯) এজন ভাৰতীয় বাঙালী লেখক। বনফুল ছদ্মনামেৰে তেওঁ অধিক পৰিচিত।
-
বিনোদিনী নীলকণ্ঠ
বিনোদিনী ৰমনভাই নীলকণ্ঠ (Vinodini Ramanbhai Nilkanth, ৯ ফেব্ৰুৱাৰী ১৯০৭ – ২৯ ছেপ্টেম্বৰ ১৯৮৭) আছিল এগৰাকী গুজৰাটী লেখিকা, অনুবাদিকা আৰু অধ্যাপিকা। তেখেতে উপন্যাস, প্ৰবন্ধ-নিবন্ধ, চুটি গল্প, সাংবাদিক স্তম্ভ, আৰু শিশু সাহিত্য ৰচনা কৰি থৈ গৈছে।
-
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ (Birendra krishna Bhadra) (১৯০৫–১৯৯১) ভাৰতৰ কলিকতাৰ এগৰাকী ৰেডিঅ' সম্প্ৰচাৰক, নাট্যকাৰ, অভিনেতা, কথক তথা নাট পৰিচালক আছিল। তেওঁ কণ্ঠশিল্পী পংকজ মল্লিক আৰু কবি কাজী নজৰুল ইছলামৰ সমসাময়িক আছিল।
-
মানসী প্ৰধান
মানসী প্ৰধান (Manasi Pradhan, জন্ম: ৪ অক্টোবৰ ১৯৬২) এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসা ৰক্ষা কৰাৰ এক দেশব্যাপী আন্দোলন 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' অৰ্থাৎ 'মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযান'ৰ প্ৰতিষ্ঠাপক।
-
শ্ৰীলাল শুক্লা
শ্ৰীলাল শুক্লা (Shrilal Shukla; জন্ম: ৩১ ডিচেম্বৰ, ১৯২৫ – ২৮ অক্টোবৰ, ২০১১)) এজন হিন্দী ভাষাৰ লেখক, যাক তেওঁৰ ব্যংগ লেখাৰ বাবে জনা যায়। তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ এজন পিচিএচ (প্ৰিন্সিপাল চিভিল চাৰ্ভিছ) বিষয়া ৰূপে কৰ্মৰত আছিল, পিছত তেওঁ আই এ এছ লাভ কৰে।
-
সাৰদা মেহতা
সাৰদা মেহতা (Sharda Mehta, ২৬ জুন ১৮৮২-১৩ নৱেম্বৰ ১৯৭০) আছিল এগৰাকী ভাৰতীয় সমাজ-সংস্কাৰক, নাৰী শিক্ষাৰ অগ্ৰদূত আৰু গুজৰাটী ভাষাৰ এগৰাকী লেখিকা। তেখেতৰ জন্ম হৈছিল সমাজ-সংস্কাৰকৰ এটা পৰিয়ালত। আধুনিক ভাৰতৰ গুজৰাটত স্নাতক ডিগ্ৰী অৰ্জন কৰা প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত তেখেত অন্যতম।
-
সীতাকান্ত মহাপাত্ৰ
সীতাকান্ত মহাপাত্ৰ (Sitakant Mahapatra; জন্ম:১৭ ছেপ্টেম্বৰ, ১৯৩৭) এগৰাকী ভাৰতীয় কবি আৰু ওড়িয়া আৰু ইংৰাজী ভাষাৰ সাহিত্য সমালোচক। ১৯৯৫ চনত অৱসৰ লোৱাৰ আগলৈকে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল আৰু ১৯৬১ চনৰপৰা আই এ এছ ৰূপে কামত মকৰল আছিল।
-
হংসা জীৱৰাজ মেহতা
হংসা জীৱৰাজ মেহতা (Hansa Jivraj Mehta, ৩ জুলাই ১৮৯৭ – ৪ এপ্ৰিল ১৯৯৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল। তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল।
-
ৰঘুবীৰ চৌধাৰী
ৰঘুবীৰ চৌধাৰী (Raghuveer Chaudhari) গুজৰাটৰ এজন ঔপন্যাসিক, কবি আৰু সমালোচক। তেওঁ সন্দেশ, জন্মভূমি, দিব্য ভাস্কৰ আদি বহুতো কাকতত স্তম্ভ-লেখক ৰূপেও কাম কৰে। ১৯৯৮ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
-
ৰবীন্দ্ৰ কেলকৰ
ৰবীন্দ্ৰ কেলকৰ(Ravindra Kelekar; জন্ম: ৭ মাৰ্চ, ১৯২৫ – ২৭ আগষ্ট, ২০১০) কোংকণী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় লেখক। কোংকণী ভাষাৰ উপৰিও তেওঁ হিন্দী আৰু মাৰাঠী ভাষাতো লেখা-মেলা কৰে। তেখেত এগৰাকী গান্ধীবাদী কৰ্মী, স্বাধীনতা সেনানী আৰু কোংকণী ভাষৰ বাটকটীয়া আছিল।
-
ৰমিলা থাপাৰ
ৰমিলা থাপাৰ (Romila Thapar; জন্ম: ৩০ নৱেম্বৰ, ১৯৩১) হ'ল এগৰাকী ভাৰতীয় ইতিহাসবিদ। তেওঁৰ অধ্যয়নৰ মুখ্য ক্ষেত্ৰ হৈছে প্ৰাচীন ভাৰতৰ ইতিহাস, য'ত তেওঁ আগৰেপৰা প্ৰতিষ্ঠিত। থাপাৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাচীন ইতিহাস বিভাগৰ অধ্যাপক, এমিৰিটা।
-
ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ
ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ (( Rajendra Keshavlal Shah; জন্ম: ২৮ জানুৱাৰী, ১৯১৩ – ২ জানুৱাৰী, ২০১০) এগৰাকী গুজৰাটী ভাষাৰ ভাৰতীয় গীতিকবি। কাপৰৱাণিত জন্ম হোৱা এই কবিগৰাকীয়ে ২০খনতকৈও অধিক কবিতা আৰু গীতৰ পুথি ৰচনা কৰিছে।
-
ৰাভুৰি ভৰদ্বাজ
ৰাভুৰি ভৰদ্বাজ (రావూరి భరద్వాజ) এগৰাকী প্ৰথিতযশা তেলুগু ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক। তেলুগু সাহিত্য জগতলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ২০১২ বৰ্ষৰ দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
-
অনিতা নায়াৰ
অনিতা নায়াৰ (Anita Nair, জন্ম: ২৬ জানুৱাৰী, ১৯৬৬) হ'ল এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ ঔপন্যাসিক।
-
অমিয় ভূষণ মজুমদাৰ
অমিয় ভূষণ মজুমদাৰ (Amiya Bhushan Majumdar) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, প্ৰবন্ধকাৰ আৰু নাট্যকাৰ। মজুমদাৰে বাংলা ভাষাত অসংখ্য উপন্যাস, চুটি গল্প, নাটক আৰু প্ৰবন্ধ লিখিছিল।
-
অমৰকান্ত
অমৰকান্ত (Amarkant; জন্ম: ১৯২৫ – ১৭ ফেব্ৰুৱাৰী, ২০১৪) হিন্দী ভাষাৰ এজন ভাৰতীয় সাহিত্যিক। তেওঁৰ উপন্যাস ইন্হি হথিয়াৰৌ চেৰ বাবে তেওঁ ২০০৭ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০৯ চনত ব্যাস পুৰস্কাৰ লাভ কৰে। ২০০৯ চনত তেওঁক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
-
আতিয়া ফিজী
আতিয়া ফিজী (১ আগষ্ট ১৮৭৭ – ৪ জানুৱাৰী ১৯৬৭; আতিয়া ফিজী-ৰহামিন, আতিয়া বেগম, শ্বাহিন্দা, আতিয়া বেগম ফিজি ৰহামিন নামেৰেও জনাজাত) এগৰাকী ভাৰতীয় লেখিকা আৰু দক্ষিণ এছিয়াৰপৰা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা প্ৰথমগৰাকী মহিলা।
-
আয়েশা চৌধুৰী
আয়েশা চৌধুৰী (২৭ মাৰ্চ ১৯৯৬ – ২৪ জানুৱাৰী ২০১৫) আছিল এগৰাকী তৰুণ ভাৰতীয় লেখিকা আৰু প্ৰেৰণাদায়ী বক্তা। তেওঁ ইংক আৰু টেডৰ মঞ্চত একাধিক অনুপ্ৰেৰণাদায়ী বক্তৃতা প্ৰদান কৰি দৰ্শকৰ পৰা প্ৰশংসা আৰু সমাদৰ লাভ কৰিছিল।
-
উৰ্বশী বুটালিয়া
উৰ্বশী বুটালিয়া (Urvashi Butalia; জন্ম: ১৯৫২) হ'ল এগৰাকী ভাৰতীয় নাৰীবাদী লেখক, প্ৰকাশক আৰু সমাজ-কৰ্মী। তেওঁ 'দি আডাৰ চাইড অৱ চাইলেঞ্চ: ভইচেচ ফ্ৰ'ম দ্য পাৰ্টিচন অৱ ইণ্ডিয়া' আৰু 'স্পীকিং পিচ: ৱুইমেনচ্ ভইচেচ ফ্ৰ'ম কাশ্মীৰ' দৰে মাৰ্গদৰ্শী কিতাপ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে…
-
কুৰটোলেইন হাইদৰ
কুৰটোলেইন হাইদৰ (Qurratulain Hyder; জন্ম: ২০ জানুৱাৰী, ১৯২৭- মৃত্যু: ২১ আগষ্ট, ২০০৭) এগৰাকী ভাৰতীয় উৰ্দু ঔপন্যাসিক, গল্পকাৰ, শিক্ষাবিদ আৰু সাংবাদিক। তেওঁ উৰ্দু সাহিত্যৰ প্ৰভাৱশালী আৰু উৎকৃষ্ট সাহিত্যিকসকলৰ মাজৰ এজন।
-
চন্দ্ৰশেখৰ কম্বাৰ
চন্দ্ৰশেখৰ কম্বাৰ (ಚಂದ್ರಶೇಖರ ಕಂಬಾರ; জন্ম: ২ জানুৱাৰী, ১৯৩৭) এজন প্ৰসিদ্ধ ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য। তেওঁ ৱিনায়ক কৃষ্ণ গোকাক (১৯৮৩) আৰু ইউ আৰ অনন্তমূৰ্তিৰ পাছতে সাহিত্য অকাডেমিৰো সভাপতি।
-
টুইংকল খান্না
টুইংকল খান্না (Twinkle Khanna; জন্ম-নাম: টিনা যতীন খান্না; জন্ম: ২৯ ডিচেম্বৰ, ১৯৭৩) এগৰাকী ভাৰতীয় লেখক, বাতৰি কাকতৰ স্তম্ভলেখক, ইণ্টেৰিঅ'ৰ ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। ২০১৫ চনত, তেওঁৰ প্ৰথমখন নন-ফিকচন কিতাপ মিচেচ ফানিব’নচ্ প্ৰকাশ হয়।
-
তৰু দত্ত
তৰু দত্ত (Toru Dutt; ৪ মাৰ্চ, ১৮৫৬ – ৩০ আগষ্ট ১৮৭৭) হ'ল ভাৰতীয় উপমহাদেশৰ এগৰাকী বঙালী অনুবাদক আৰু কবি। স্বাধীনতাৰ আগৰ ব্ৰিটিছ ভাৰতত প্ৰচলিত ইংৰাজী আৰু ফৰাছী ভাষাত তেওঁ লিখা-মেলা কৰিছিল।
-
নিৰ্মলা দেশপাণ্ডে
নিৰ্মলা দেশপাণ্ডে (১৯ অক্টোবৰ ২৯২৯ – ১ মে' ২০০৮) এগৰাকী ভাৰতীয় গান্ধী দৰ্শনৰ সমাজকৰ্মী। তেওঁ সামাজিক শান্তি-সম্প্ৰীতি, নাৰী সবলীকৰণ, জনজাতীয় লোক আৰু সমাজৰ অৱহেলিত লোকৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক দুবাৰকৈ সাংসদ হিচাপে ৰাজ্য সভালৈ মনোনীত কৰিছিল।
-
প্ৰীতি শ্বিনয়
প্ৰীতি শ্বিনয় (Preeti Shenoy) হৈছে এগৰাকী ভাৰতীয় লেখিকা। ২০০৮ চনত '34 Bubblegums and Candies' নামৰ গ্ৰন্থখনৰে লেখিকাৰ জীৱন আৰম্ভ কৰা প্ৰীতিৰ এতিয়ালৈকে তেৰখন উপন্যাস/অকাহিনীমূলক গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰে একাধিক গ্ৰন্থয়েই ৰাষ্ট্ৰীয় পৰ্যায়ত 'বেষ্টছেলাৰ'ৰ মৰ্যাদা লাভ কৰিছে।
-
বাসদেৱ মহী
বাসদেৱ মহী (জন্ম: ২ মাৰ্চ ১৯৪৪ - ২৭ আগষ্ট ২০২১) বা Vasdev Vensimal Sidhnani হৈছে এগৰাকী সিন্ধী কবি, অনুবাদক, সমালোচক, চুটি গল্প লেখক আৰু অৱসৰপ্ৰাপ্ত প্ৰবক্তা।
-
বিদ্যাগৌৰী নীলকণ্ঠ
বিদ্যাগৌৰী নীলকণ্ঠ (Vidyagauri Nilkanth) আছিল এগৰাকী ভাৰতীয় সমাজ-সংস্কাৰক, শিক্ষাবিদ আৰু লেখিকা। গুজৰাটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী ছাত্ৰীৰ ভিতৰত তেখেত অন্তৰ্ভুক্ত।