অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুগতা কুমাৰী

সুগতা কুমাৰী (২২ জানুৱাৰী ১৯৩৪ – ২৩ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় কবি আৰু সমাজকৰ্মী আছিল। তেওঁ দক্ষিণ ভাৰতৰ কেৰালাৰ পৰিৱেশ বিষয়ক আৰু নাৰীবাদী আন্দোলনৰ এগৰাকী শীৰ্ষস্থানীয় নেত্ৰী আছিল। সুগতা কুমাৰীৰ পিতৃ কবি আৰু স্বাধীনতা সংগ্ৰামী বোধেশ্বৰণ আৰু মাতৃ সংস্কৃত পণ্ডিত ভি কে কাৰ্তিয়ায়িনী আম্মা।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩৬৩ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সুগতা কুমাৰী (২২ জানুৱাৰী ১৯৩৪ – ২৩ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় কবি আৰু সমাজকৰ্মী আছিল। তেওঁ দক্ষিণ ভাৰতৰ কেৰালাৰ পৰিৱেশ বিষয়ক আৰু নাৰীবাদী আন্দোলনৰ এগৰাকী শীৰ্ষস্থানীয় নেত্ৰী আছিল। সুগতা কুমাৰীৰ পিতৃ কবি আৰু স্বাধীনতা সংগ্ৰামী বোধেশ্বৰণ আৰু মাতৃ সংস্কৃত ভাষা পণ্ডিত ভি কে কাৰ্তিয়ায়িনী আম্মা। তেওঁ প্ৰকৃতি সংৰক্ষণ সমিতি আৰু মানসিক ৰোগী তথা অসহায় মহিলাক আশ্ৰয় প্ৰদান কৰা প্ৰতিষ্ঠান অভয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। কেৰালা ৰাজ্যিক মহিলা আয়োগৰো তেওঁ অধ্যক্ষ আছিল।১ তেওঁ নীৰৱ উপত্যকাক ৰক্ষা কৰা (চেভ চাইলেণ্ট ভেলী) আন্দোলনত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল।

সুগতা কুমাৰীৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে; মুথুচিপিকাল, পথিৰাপুক্কাল, কৃষ্ণা কবিতাকাল, ৰাত্ৰিমাঝা, আৰু মানালেঝুথ। তেওঁ কেৰালা সাহিত্য অকাডেমি বঁটা (১৯৬৮), কেন্দ্ৰ সাহিত্য অকাডেমি বঁটা (১৯৭৮), ওডাক্কুঝাল বঁটা (১৯৮২), ভায়ালাৰ বঁটা (১৯৮৪), ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষ মিত্ৰ বঁটা (১৯৮৬), আসান পুৰস্কাৰ (১৯৯১), বল্লথল বঁটা (২০০৩), কেৰালা সাহিত্য অকাডেমি ফেলোশ্বিপ (২০০৪), এজুথাচন পুৰস্কাৰ (২০০৯), সৰস্বতী সন্মান (২০১২), মাতৃভূমি সাহিত্য বঁটা (২০১৪) আৰু অ’ এন ভি লিটাৰেৰী এৱাৰ্ড (২০১৭)কে ধৰি অসংখ্য বঁটা আৰু স্বীকৃতি লাভ কৰিছিল। ২০০৬ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

সাহিত্যিক জীৱন

১৯৫৭ চনত, এখন সাপ্তাহিক আলোচনীত ছদ্মনামেৰে প্ৰকাশ পোৱা সুগতা কুমাৰীৰ প্ৰথম কবিতাটোৱে পঢ়ুৱৈৰ ব্যাপক মনোযোগ আকৰ্ষণ কৰিছিল।২ ১৯৬৮ চনত সুগতা কুমাৰীয়ে তেওঁৰ কাম পথিৰাপুক্কাল (মাজনিশাৰ ফুল) বাবে, কবিতাৰ বাবে প্ৰদান কৰা কেৰালা সাহিত্য অকাডেমি বঁটা লাভ কৰে।৩ ৰাত্ৰিমাঝা (নিশাৰ বৰষুণ)ৰ বাবে ১৯৭৮ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ৪ তেওঁৰ অন্যান্য সংকলনসমূহ হ’ল; পাৱম মানৱহৃদয়ম, মুথুচিপ্পি, মানালেঝুথ, ইৰুলচিৰাকুকাল আৰু স্বপ্নভূমি।৫৬ সুগতা কুমাৰীৰ আগৰ কবিতাসমূহত বেছিভাগ প্ৰেমৰ কৰুণ অন্বেষণৰ বিষয়ে আলোচনা কৰা হৈছিল আৰু এই কবিতাসমূহ তেওঁৰ পিছৰ কবিতাসমূহতকৈ অধিক গীতিমূলক বুলি গণ্য কৰা হয়, তেওঁৰ পিছৰ কবিতাসমূহত গীতিমূলক সংবেদনশীলতাৰ সলনি সামাজিক অসমতা আৰু অন্যায়ৰ প্ৰতি নাৰীবাদী প্ৰতিবাদ লক্ষ্য কৰা যায়।৭৮ পাৰিপাৰ্শ্বিক সমস্যা আৰু অন্যান্য সমসাময়িক সমস্যাবোৰো তেওঁৰ কবিতাত তীক্ষ্ণভাৱে চিত্ৰিত হৈছে।৯১০

সুগতা কুমাৰীয়ে শিশু সাহিত্যও লিখিছিল, ২০০৮ চনত তেওঁ ষ্টেট ইনষ্টিটিউট অফ চিল্ড্ৰেনচ্‌ লিটাৰেচাৰৰপৰা শিশু সাহিত্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে স্বীকৃতি লাভ কৰিছিল। ১১ তেওঁ বহুতো কাম মালায়ালমলৈ অনুবাদ কৰিছিল।১২৫

তেওঁ তেওঁৰ সাহিত্য কৰ্মৰ বাবে আন বহুতো সাহিত্য বঁটাৰ লগতে কেৰালা চৰকাৰৰ সৰ্বোচ্চ সাহিত্য সন্মান ভায়ালাৰ বঁটা আৰু এজুথাচন পুৰস্কাৰ লাভ কৰিছিল।১৩ ২০০৪ চনত তেওঁক কেৰালা সাহিত্য অকাডেমি ফেলোশ্বিপ প্ৰদান কৰা হয়।১৪১৫ তেওঁ ২০১২ চনত সৰস্বতী সন্মান লাভ কৰিছিল; এই বঁটা লাভ কৰা তেওঁ আছিল তৃতীয়গৰাকী মালায়ালম লেখক। তেওঁ পণ্ডিত কৰুপ্পন বঁটাও লাভ কৰিছিল।১৬ সুগতা কুমাৰী কেৰালাৰ তিৰুৱন্তপুৰমৰ জৱাহৰ বালভৱনৰ অধ্যক্ষ আছিল। লগতে কেৰালা ষ্টেট ইনষ্টিটিউট অৱ চিল্ড্ৰেনচ্‌ লিটাৰেচাৰৰ দ্বাৰা প্ৰকাশিত শিশু আলোচনী থালিৰুৰ তেওঁ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল।১৬

তথ্যসূত্ৰ

  1. ↑ (3 November 2000). Status of women declining: Sugathakumari. The Hindu
  2. ↑ Mohan Lal. Encyclopaedia of Indian Literature: sasay to zorgot, Volume 5. সাহিত্য অকাডেমি. পৃ. 4211, 4212
  3. ↑ Sugathakumari (1934- 2020): A nature loving poet, liberal feminist and activist. OnManorama
  4. ↑ Malayalam poet-activist Sugathakumari dies of COVID-19. Sify
  5. ↑ Raju, Anupama. (1 February 2018). An evergreen voice in verse. The Hindu
  6. ↑ (23 December 2020). Renowned Malayalam poet-activist Sugathakumari dies of covid-19 complications. Indian Express
  7. ↑ Sugathakumari, Eminent Malayalam Poet And Activist Dies. NDTV.com
  8. ↑ Tharu, Susie J.; Lalita, Ke. (1991). Women Writing in India: The twentieth century. Feminist Press at CUNY. ISBN 978-1-55861-029-3
  9. ↑ Eminent poet-activist Sugathakumari no more. Outlook India
  10. ↑ (23 December 2020). Eminent poet-activist Sugathakumari passes away. National Herald
  11. ↑ (23 April 2008). Award for Sugathakumari. The Hindu
  12. ↑ Sugathakumari, the 'greenest' poet of Kerala who fought for nature and women. The Week
  13. ↑ (14 November 2009). Ezhuthachan Puraskaram for Sugathakumari. The Hindu
  14. ↑ (13 March 2004). Award for Sugathakumari. The Hindu
  15. ↑ (10 August 2004). Antony to present Akademi Fellowship. The Hindu
  16. ↑ (18 March 2013). Saraswati Samman for Sugathakumari. Kerala Kaumudi. Kaumudiglobal.com

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিভাৰতীয় সাহিত্যিকপদ্মশ্ৰী বঁটা বিজয়ীমালায়ালম ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীসৰস্বতী সন্মান বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুগতা কুমাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭৮২৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।