নিকিতা সিং (Nikita Singh; জন্ম ৬ অক্টোবৰ, ১৯৯১) এগৰাকী ভাৰতীয় লেখক।১২৩ তেওঁ দ্য ৰিজন ইজ য়্যু, এভ্ৰি টাইম ইট ৰেইনচ্, লাইক আ লাভ চং, দ্য প্ৰমিজ আৰু আফটাৰ অল দিজ টাইম আদিকে ধৰি বাৰখন কিতাপ লিখিছে।৪৫৬ টুৱেণ্টি ফাইভ ষ্ট্ৰ’কচ্ অৱ কাইণ্ডনেছ শীৰ্ষক এটি চুটি গল্পৰ সংকলনলৈ নিকিতাই অৱদান আগবঢ়াইছে আৰু সংকলনটি সম্পাদনা কৰিছে।৭ তেওঁৰ ২০১৬ চনৰ উপন্যাস লাইক আ লাভ চংএ ‘হিন্দুস্তান টাইমছ’ৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাত দ্বিতীয় স্থান পাইছিল। পৰৱৰ্তী বছৰত, এভ্ৰি টাইম ইট ৰেইনচ্এ একেখন তালিকাত সপ্তম স্থান পাইছিল।
প্ৰাৰম্ভিক জীৱন তথা কৰ্মজীৱন
নিকিতা সিঙৰ জন্ম বিহাৰৰ পাটনাত হৈছিল, য’ত তেওঁ জীৱনৰ প্ৰথম চাৰি বছৰ অতিবাহিত কৰিছিল। তাৰ পিছত তেওঁ ইন্দোৰলৈ স্থানান্তৰিত হয় আৰু ইয়াৰে এখন প্ৰাথমিক বিদ্যালয়ত পঢ়া-শুনা কৰে। তেওঁ ২০০৮ চনত ৰাঁচীৰ ‘ব্ৰিজফৰ্ড স্কুল’ত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। ২০১২ চনত ইন্দোৰৰ ‘এক্ৰোপলিছ ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেশ্বন এণ্ড ৰিচাৰ্ছ’ৰপৰা নিকিতাই ফাৰ্মাচীত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ নিউয়ৰ্ক চহৰৰ ‘দ্য নিউ স্কুল’ৰ পৰা সৃষ্টিশীল লিখনীত মাষ্টাৰ অফ ফাইন আৰ্টছৰ বাবে নিউয়ৰ্কলৈ যায়, য’ৰ পৰা তেওঁ ২০১৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১৭ চনৰপৰা তেওঁ এজন এমেৰিকানৰ সৈতে একেলগে থাকিবলৈ আৰম্ভ কৰে। নিকিতা বৰ্তমান কানাডাৰ মণ্ট্ৰিয়েলত থাকে।৮৯১০
তেওঁ ২০১১ চনত ‘পেংগুইন বুকচ্ ইণ্ডিয়া’ৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল আৰু ‘গ্ৰেপভাইন ইণ্ডিয়া’ত সম্পাদক হিচাপে যোগদান কৰিছিল। ১৯ বছৰ বয়সত, ফাৰ্মাচী অধ্যয়নৰত কালত তেওঁ তেওঁৰ প্ৰথম কিতাপ লাভ এট দ্য ৰেট অৱ ফেচবুক লিখিছিল।১১ লাভ এট দ্য ৰেট অৱ ফেচবুক হৈছে এজনী ঊনৈশ বছৰীয়া ছোৱালীৰ বিষয়ে এখন যুৱ প্ৰাপ্তবয়স্ক কিতাপ, যি তেওঁৰ ফেচবুকৰ বন্ধু এগৰাকী ভিজেৰ প্ৰেমত পৰে। সিদ্ধাৰ্থ অবেৰয় ছদ্মনামেৰে তেওঁ প্ৰথমখন কিতাপ সম্পাদনা কৰি আৰু শৃংখলাটোৰ দ্বিতীয় খন কিতাপ দ্য বেংকবেঞ্চাৰচ্: দ্য মিছড্ কল লিখি "দ্য বেংকবেঞ্চাৰচ্" শৃংখলাৰ কিতাপসমূহত অৱদান আগবঢ়াইছে। কিতাপখন ২০১২ চনৰ জুন মাহত প্ৰকাশ হৈছিল।
‘হাফপোষ্টে’ ২০১৭ চনত লেখকৰ ওপৰত কৰা এক বিস্তৃত জৰীপত সিঙক "ভাৰতৰ আগশাৰীৰ ৰোমাঞ্চ লেখক" বুলি অভিহিত কৰিছিল।১২ ‘দ্য হিন্দু’য়ে তেওঁক এটা প্ৰবন্ধত "ৰেচি ৰিড্ছৰ দেৱী" বুলি অভিহিত কৰিছে।১৩ সিঙে ২০১৩ চনত ‘লাইভ ইণ্ডিয়া ইয়ং এচিভাৰ্ছ বঁটা’ লাভ কৰে আৰু ২০১৮ চনৰ এপ্ৰিলত আৰৱত অনুষ্ঠিত হোৱা প্ৰথম ‘আন্তৰ্জাতিক যুৱ লেখক বঁটা’ৰ বাবে মনোনীত হয়।১৪
২০১১ চনৰ ছেপ্টেম্বৰ মাহত, সিঙৰ লাভ এট দ্য ৰেট অৱ ফেচবুকৰ চিকুৱেল এক্সিডেণ্টেলি ইন লাভ...ৱিথ হিম? এগেইন? প্ৰকাশ হৈছিল। উপন্যাসখন লাভ এট দ্য ৰেট অৱ ফেচবুকতকৈ অধিক বুদ্ধিদীপ্ত পঢ়ুৱৈৰ প্ৰতি লক্ষ্য ৰাখি লিখা হৈছিল। ফেব্ৰুৱাৰী ২০১২ত, ইফ ইটছ নট ফ’ৰেভাৰ... ইটছ নট লাভ প্ৰকাশ হৈছিল। কিতাপখন ২০১১ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে দিল্লী উচ্চ ন্যায়ালয়ত সংঘটিত বিস্ফোৰণৰ বাস্তৱ ঘটনাটিৰ ওপৰত আধাৰিত। যেতিয়া বিস্ফোৰণটো সংঘটিত হৈছিল, তেতিয়া কিতাপখনৰ নায়ক তাত আছিল। তেওঁ এখন আধা পোৰা ডায়েৰীত উজুটি খায়, য’ত এটা প্ৰেমকাহিনী লিখা আছিল আৰু ইয়াক অন্বেষণৰ সিদ্ধান্ত লয়। নিকিতাই টুৱেণ্টি ফাইভ ষ্ট্ৰ’কচ্ অৱ কাইণ্ডনেছ শীৰ্ষক এটি চুটি গল্পৰ সংকলন সম্পাদনা কৰিছিল।১৫
গ্ৰন্থপঞ্জী
- লাভ এট দ্য ৰেট অৱ ফেচবুক (২০১১)
- এক্সিডেণ্টেলি ইন লাভ (২০১১)
- ইফ ইটছ নট ফ’ৰেভাৰ... ইটছ নট লাভ (২০১২)
- দ্য প্ৰমিজ (২০১২)
- টুৱেণ্টি ফাইভ ষ্ট্ৰ’কচ্ অৱ কাইণ্ডনেছ (২০১৩)
- চমৱন লাইক য়্যু (২০১৩)
- দ্য আনৰিজনেবল ফেল’চ্ (২০১৩)
- ৰাইট হিয়াৰ ৰাইট নাও (২০১৪)
- দ্য টাৰ্ণিং পইণ্ট: বেষ্ট অৱ ইয়ং ইণ্ডিয়ান ৰাইটাৰ্ছ (২০১৪)
- আফটাৰ অল দিজ টাইম (২০১৫)
- লাইক আ লাভ চং (২০১৬)
- এভ্ৰি টাইম ইট ৰেইনচ্ (২০১৭)
- লেটাৰচ্ টু মাই এক্স (২০১৮)
- দ্য ৰিজন ইজ য়্যু (২০১৯)
তথ্যসূত্ৰ
- ↑ Aastha Atray Banan. (1 August 2015). Nikita Singh has written eight bestsellers in four years. What's her secret?. হিন্দুস্তান টাইমছ
- ↑ Udhav Naig. (11 May 2014). Nikita Singh: the goddess of racy reads. দ্য হিন্দু
- ↑ Why romance writer Nikita Singh changes publishers
- ↑ Book Launch: Nikita Singh's 'Right Here Right Now'
- ↑ Book Review: If It's Not Forever It's Not Love By Durjoy Datta and Nikita Singh. Youth24x7.com
- ↑ Babita Basu. (8 March 2014). In the words of a writer-entrepreneur. Times of India
- ↑ 25 Strokes of Kindness. www.goodreads.com
- ↑ Meet Ranveer Singh's wife! Can you guess who's romance writer Nikita Singh's 'hubby'? Ranveer Singh!
- ↑ Student Achievement
- ↑ Nikita Singh - Profile
- ↑ An Interview With Nikita Singh
- ↑ (2017-02-15). This 25-Year-Old Woman Is Now India's Leading Romance Writer And She Has No Time For Snobs. HuffPost India
- ↑ Naig, Udhav. (2014-05-11). Nikita Singh: the goddess of racy reads. The Hindu
- ↑ Gautam Sunder. (10 May 2014). Book Launch: Nikita Singh's 'Right Here Right Now'. Deccan Chronicle
- ↑ Orvana has also co-edited another famous book by Nikita Singh called '25 Strokes Of Kindness'! (Image Courtesy - Instagram)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকিতা সিং” প্ৰবন্ধৰ সংশোধন ৩৮৭০৪৯ (১১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।