ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
প্ৰিয়ংকা বোস
প্ৰিয়ংকা বোস (ইংৰাজী: Priyanka Bose; জন্ম: ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। মঞ্চ আৰু চলচ্চিত্ৰত সক্ৰিয় প্ৰিয়ংকাক বিশেষকৈ ইটালীৰ কথাছবি গংগোৰত কৰা অভিনয়ৰ বাবে জনা যায়।
-
প্ৰিয়ংকা বৰা
প্ৰিয়ংকা বৰা (জন্ম: ১৯৯৪) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল। তেওঁ ৰিয়েলিটি শ্ব', এমটিভি স্প্লিটছভিলাৰ ছিজন ৮ত অভিনয়েৰে ভাৰতীয় দূৰদৰ্শনত আত্মপ্ৰকাশ কৰিছিল। তেওঁ সিদ্ধি বিনায়কত প্ৰাচী আৰু ৰাগিণী এমএমএছ: ৰিটাৰ্ণছত আৰতিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ
প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ (ইংৰাজী: Priya Prakash Varrier; জন্ম: ২৮ অক্টোবৰ ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মালয়ালম, তেলুগু, তামিল, কন্নড় আৰু হিন্দী ছবিত কাম কৰে।
-
ফাৰাহ (অভিনেত্ৰী)
ফাৰাহ নাজ হাছমী বা যাক সাধাৰণতে ফাৰাহ বুলি জনা যায়, ১৯৮০ চনৰ মাজভাগ আৰু ১৯৯০ চনৰ মাজভাগৰ বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। তেওঁ তবুৰ ডাঙৰ ভনীয়েক। ১৯৮৫ চনত যশ চোপ্ৰা ছবিৰ বেনাৰত ফাৰাহে ফাছলেৰ যোগেদি চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
ফ্ল’ৰা চাইনী
ফ্ল'ৰা চাইনী, যাক ৰূপালী পৰ্দাত আশা চাইনি বা ময়ুৰী বুলিও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ হিন্দী ছবিত কাম কৰে যদিও কেইবাখনো কানাড়া, তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে। অভিনেত্ৰী হিচাপে তেওঁ ৮০টাতকৈও অধিক প্ৰজেক্টত কাম কৰিছে।
-
বাণী সান্ধু
বাণী সান্ধু (Baani Sandhu; জন্ম: ১৮ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ পঞ্জাবী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰত তেওঁৰ কামৰ বাবে জনাজাত।
-
বিজয়া ৰায়
বিজয়া ৰায়( Bijoya Ray), জন্ম নাম: বিজয়া দাস, জন্ম: ২৭ অক্টোবৰ ১৯১৭ – মৃত্যু: ২ জুন ২০১৫ চন, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ পত্নী। তেওঁলোকৰ পুত্ৰ সন্দীপ ৰায়ো এজন চলচ্চিত্ৰ পৰিচালক। বিজয়া প্ৰথমাৱস্থাত সত্যজিতৰ মাকৰ ফালৰ সম্পৰ্কৰ ভনীয়েক আছিল।
-
বিদিশা শ্ৰীবাস্তৱ
বিদিশা শ্ৰীবাস্তৱ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰ আৰু হিন্দী দূৰদৰ্শনত অভিনয় কৰে। তেওঁ মূলতঃ ভাবীজী ঘৰ পৰ হ্যায়! ধাৰাবাহিকত অনিতা মিশ্ৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
বিদ্যা প্ৰদীপ
বিদ্যা প্ৰদীপ (ইংৰাজী: Vidya Pradeep) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু বিজ্ঞানী।
-
বীৰবাহা হান্সদা
বীৰবাহা হান্সদা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী যি বৰ্তমান আত্মসহায়ক গোট আৰু আত্মনিয়োগৰ কেবিনেট মন্ত্ৰী আৰু পশ্চিম বংগ চৰকাৰৰ বন আৰু গ্ৰাহক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
বেগম পাৰা
বেগম পাৰা ( Begum Para; ২৫ ডিচেম্বৰ ১৯২৬ – ৯ ডিচেম্বৰ ২০০৮) এগৰাকী ভাৰতীয় হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আছিল, যি বেছিভাগ ১৯৪০ আৰু ১৯৫০ চনৰ সময়ছোৱাত সক্ৰিয় আছিল।
-
বেদিকা
বেদিকা কুমাৰ, যাক কেৱল বেদিকা বুলিও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। বেদীকা এটা এছিয়াভিজন বঁটা আৰু দুটা এডিচন বঁটাৰ প্ৰাপক। ইয়াৰ উপৰি তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা (দক্ষিণ)-ৰ মনোনয়ন লাভ কৰিছে।
-
বৰ্খা সিং
বৰ্খা সিং (Barkha Singh; জন্ম: ৩ আগষ্ট ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ হিন্দী ছবি আৰু ৱেব শ্ব'ত কাম কৰে। শিশু শিল্পী হিচাপে তেওঁ মুঝছে দস্তী কৰোগেৰ দৰে ছবিত কাম কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ সময়: ৱেন টাইম ষ্ট্ৰাইকছ (২০০৩) তো শিশুশিল্পী হিচাপে কাম কৰে।
-
বৰ্ষা উচগাওকাৰ
বৰ্ষা উচগাওকাৰ (: Barsha Usgaonkar; জন্ম: ২৮ ফেব্ৰুৱাৰী ১৯৬৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু গায়িকা। বিভিন্ন মাৰাঠী ছবিৰ লগতে হিন্দী চিনেমাতো তেওঁ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে কাম কৰি আহিছে। নব্বৈৰ দশকৰ সময়ছোৱাত তেওঁ মাৰাঠী চিনেমাৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী আছিল।
-
বৰ্ষা বোল্লাম্মা
বৰ্ষা বোল্লাম্মা (ইংৰাজী: Varsha Bollamma) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৫ চনৰ তামিল ছবি ছাতুৰনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
ভাস্বতী বসু
ভাস্বতী বসু (ইংৰাজী: Bhaswati Basu; জন্ম: ৫ মাৰ্চ ১৯৭৩) এগৰাকী ওড়িয়া চলচ্চিত্ৰ, দূৰদৰ্শন আৰু মঞ্চ অভিনেত্ৰী, নাট্যকাৰ তথা পৰিচালক। ওড়িয়া চলচ্চিত্ৰত তেওঁৰ উল্লেখনীয় অভিনয়সমূহৰ ভিতৰত আছে ক্লান্তৰ, যাৰ বাবে তেওঁ ২০০৫ চনৰ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ সহ-অভিনেত্ৰী হিচাপে স্বীকৃতি লাভ…
-
ভাৰতী সিং
ভাৰতী সিং (Bharati Singh,(জন্ম ৩ জুলাই ১৯৮৪) এজন ভাৰতীয় কমেডিয়ান আৰু টেলিভিছন ব্যক্তিত্ব। সিঙে অসংখ্য কমেডী শ্ব’ সৃষ্টি কৰাৰ লগতে বিভিন্ন বঁটা-প্ৰদান অনুষ্ঠানত ঘোষক হিচাপে দায়িত্ব পালন কৰিছে।
-
ভাৱনা (অভিনেত্ৰী)
নন্দিনী ৰামান্না (Nandini Ramanna)ৰ সুপৰিচিত নামটো হৈছে ভাৱনা ৰামান্না। তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতৰ সৰহখিনি কাম কন্নড় ভাষাতে। তেখেত এগৰাকী ভাৰতনাট্যমৰ শিল্পী। এতিয়ালৈকে তিনিবাৰ তেখেতে কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
ভূমিকা দাশ
ভূমিকা দাশ (ইংৰাজী: Bhoomika Dash) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ধ্ৰুপদী ওডিছী নৃত্যশিল্পী, যিয়ে ওড়িয়া চলচ্চিত্ৰ জগতত কৰা অভিনয়ৰ বাবে পৰিচিত। তেওঁ শিশু শিল্পী হিচাপে ৰুমকু ঝুমনা নামৰ ওড়িয়া চলচ্চিত্ৰখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু পৰৱৰ্তী সময়ত তু মো লাভ ষ্টৰী বোলছবিখনত মুখ্য অভিনেত্ৰী হিচাপে…
-
মঞ্জু ভাৰতী
মঞ্জু ভাৰতী (ইংৰাজী: Manju Bharti) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজিকা, পৰিচালিকা আৰু মডেল, যি কাশ তুম হতে ছবিত চিমৰনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। তেওঁ কাশ তুম হতে, মৌচম ইকৰাৰ কে দো পল প্যাৰ কে তেওঁ তেওঁৰ আগন্তুক ছবি এক আধুৰা সংগীতৰ কাম কৰি আছে।
-
মণিকংকনা দত্ত
মণিকংকণা দত্ত মুম্বাইত বাস কৰা এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ গুৱাহাটীত। গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত অধ্যয়ন কৰি পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
-
মধুৰিমা তুলি
মধুৰিমা তুলি (ইংৰাজী: Madhurima Tuli; জন্ম: ১৯ আগষ্ট ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। হিন্দী টেলিভিছনত তেওঁৰ কৰ্মৰাজিৰ ভিতৰত কাল্পনিক ধাৰাবাহিক কস্তুৰী, পৰিচয়, কুমকুম ভাগ্য, চন্দ্ৰকান্তা আৰু কয়ামত কী ৰাতৰ লগতে ৰিয়েলিটি শ্ব’ নাচ বলিয়ে ৯ আৰু বিগ বছ ১৩ অন্তৰ্ভুক্ত।
-
মনপ্ৰীত ব্ৰাৰ
মনপ্ৰীত কৌৰ ব্ৰাৰ (ইংৰাজী: Manpreet Kaur Brar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৯৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল, আৰু ১৯৯৫ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ-আপ হৈছিল।
-
মনিকা শৰ্মা
মনিকা শৰ্মা (ইংৰাজী: Monica Sharma; জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৯৭) এগৰাকী ভাৰতীয় মডেল, টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ কালাৰ্ছ টিভি শ্ব' শ্ৰীমদ ভাগৱত মহাপুৰণত গংগা দেৱীৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
মল্লিকা দুৱা
মল্লিকা দুৱা (জন্ম ১৮ জুলাই ১৯৮৯) এগৰাকী ভাৰতীয় কৌতুকাভিনেত্ৰী, অভিনেত্ৰী আৰু লেখিকা। শিট পিপল ছে: সৰোজিনী নগৰ এডিশ্বন নামৰ ভাইৰেল ভিডিঅ’টোৰ জৰিয়তে তেওঁ বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে। ভিডিঅ’টো তেওঁ নিজে লিখি, ৰূপায়ণ কৰি আৰু অভিনয় কৰিছিল। তেওঁ পদ্মশ্ৰী সন্মানপ্ৰাপ্ত সাংবাদিক বিনোদ দুৱাৰ কন্যা।
-
মহিমা মাকৱানা
মহিমা মাকৱানা (জন্ম: ৫ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে,হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। শিশু শিল্পী হিচাপে মিলে জব হাম তুম আৰু বালিকা বধূৰ জৰিয়তে দূৰদৰ্শনত প্ৰৱেশ কৰাৰ পাছত মাকৱানাই সপনে সুহানে লড়কপন কেত ৰচনা চৰিত্ৰৰ জৰিয়তে স্বীকৃতি লাভ কৰে, যাৰ পিছত তেওঁ কেইবাটাও দূৰদৰ্শন…
-
মাধুৰী ভট্টাচাৰ্য
মাধুৰী ভট্টাচাৰ্য এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল, যিয়ে কন্নড় আৰু বলিউডৰ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
মাধৱী (অভিনেত্ৰী)
কনকা বিজয়লক্ষ্মী, যি তেওঁৰ অভিনয় জগতৰ নাম মাধৱী বুলিহে পৰিচিত, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে কেইবাখনো তেলুগু, হিন্দী, তামিল, কানাড়া আৰু মালয়ালম ছবিত অভিনয় কৰিছে। ২০বছৰীয়া কৰ্মজীৱনত তেওঁ ৩০০তকৈও অধিক ছবিত অভিনয় কৰিছে।
-
মানস্বী মমগাই
মানস্বী মমগাই এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, সমাজকৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ মিছ ইণ্ডিয়া টুৰিজিম ইণ্টাৰনেচনেল, মিছ টুৰিজিম ইণ্টাৰনেচনেল ২০০৮ আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১০ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১০-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
মায়া এছ কৃষ্ণন
মায়া এছ কৃষ্ণন তামিল চলচ্চিত্ৰ জগতৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ভানাভিল বাজকাই (২০১৫) নামৰ সংগীত চলচ্চিত্ৰখনত অভিনয়ৰ প্ৰথম স্থান লাভ কৰে। ২০২৩ চনত বিগ বছ ৭ ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি ২য় ৰানাৰ্ছ আপ হিচাপে আত্মপ্ৰকাশ কৰে।