ভাস্বতী বসু (ইংৰাজী ভাষা: Bhaswati Basu; জন্ম: ৫ মাৰ্চ ১৯৭৩) এগৰাকী ওড়িয়া ভাষা চলচ্চিত্ৰ, দূৰদৰ্শন আৰু মঞ্চ অভিনেত্ৰী, নাট্যকাৰ তথা পৰিচালক। ওড়িয়া চলচ্চিত্ৰত তেওঁৰ উল্লেখনীয় অভিনয়সমূহৰ ভিতৰত আছে ক্লান্তৰ, যাৰ বাবে তেওঁ ২০০৫ চনৰ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ সহ-অভিনেত্ৰী হিচাপে স্বীকৃতি লাভ কৰিছিল, আৰু ক্ষণিক: দ্য লষ্ট আইডিয়া। তেওঁৰ পিতৃ হৈছে মঞ্চ তথা কলা পৰিচালক অসীম বসু।
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
ভাস্বতী বসুৰ জন্ম ১৯৭৩ চনৰ ৫ মাৰ্চত ওড়িশাৰ ভুৱনেশ্বৰৰ বাপুজী নগৰত হৈছিল। তেওঁৰ মাতৃ গীতা বসু আৰু পিতৃ অসীম বসু এজন প্ৰখ্যাত চিত্ৰশিল্পী, অভিনেতা, পৰিচালক, লেখক তথা কলা পৰিচালক আছিল।১ তেওঁৰ অতসী আৰু গৌতম নামৰ দুজন ভাই-ভগ্নী আছে। বসুৱে বিজয় মণ্ডলৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দিশানী নামৰ এগৰাকী কন্যা সন্তান আছে।
বসুৱে উৎকৰ সংগীত মহাবিদ্যালয়ৰপৰা নাট্য শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰে। পঢ়া-শুনা সমাপ্ত কৰাৰ পাছত তেওঁ সেই প্ৰতিষ্ঠানখনতে অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল।২
কৰ্মজীৱন
চলচ্চিত্ৰ
ভাস্বতী বসুৱে ২০০৫ চনত ৰাজু মিশ্ৰৰ পৰিচালনাত নিৰ্মিত ওড়িয়া ছবি জীৱন মৃত্যুৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। তেওঁৰ দ্বিতীয়খন ছবি আছিল ২০০৬ চনত মুক্তি পোৱা হিমাংশু খাটুয়াৰ পৰিচালনাত নিৰ্মিত ক্লান্তৰ। ছবিখনে ২০০৬ চনৰ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত লাভ কৰা আঠটা বঁটাৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।৩
বসুৱে অমৰ্ত্য ভট্টাচাৰ্যৰ পৰিচালনাত ২০১৭ চনৰ ছবি ক্ষণিক: দ্য লষ্ট আইডিয়াতো অভিনয় কৰিছিল। ছবিখন ২০১৭ চনৰ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (IFFI) ইণ্ডিয়ান পেনোৰামা শাখাত প্ৰদৰ্শিত হৈছিল।৪ ই কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।৫
বসুৱে স্বৰাজ মিশ্ৰৰ পৰিচালনাত নিৰ্মিত হ্ৰস্ব ছবি ৰসগোলাতো অভিনয় কৰিছিল, যিখন ২০২০ চনত প্ৰদৰ্শিত হৈছিল। ই ওড়িশাৰ এখন গাঁৱত ডাঙৰ-দীঘল হোৱা এটি শিশুৰ কাহিনীৰ সংকলন বাবুনৰ ওপৰত আধাৰিত।৬
২০২১ চনৰ ছবি কোকোলী: ফিশ্ব আউট অৱ ৱাটাৰত তেওঁ মূল চৰিত্ৰটোৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ বিষয়-বস্তু আছিল জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত ওড়িয়া মৎস্যজীৱী সম্প্ৰদায়ৰ ওপৰত পৰা প্ৰভাৱ।৭
২০২৩ চনত একেলগে ৯খন দেশত মুক্তি পোৱা প্ৰথমখন ওড়িয়া ছবি আছিল ফাল্গুন চৈত্ৰ, য’ত বসুৱে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।৮
মঞ্চ
বসুৱে 'শতাব্দীৰা কলকাৰ' নাট্যগোষ্ঠীৰ জৰিয়তে তেওঁৰ মঞ্চ জীৱন আৰম্ভ কৰিছিল। তেওঁ অপৰ্ণা, দিনে-ৰাতিৰে, য়দা য়দা হি ধৰ্মস্য আৰু ত্যাগৰ দৰে নাটক পৰিচালনা কৰিছে।১
বসুৱে ২৫খনতকৈও অধিক নাটকত অভিনয় কৰিছে, ১৯খন নাটকৰ চিত্ৰনাট্য লিখিছে আৰু ১৩খন নাটক পৰিচালনা কৰিছে।৯ ২০০৯ চনত তেওঁ বলাই চান্দ মুখোপাধ্যায়ৰ একে নামৰ বঙালী নাটকৰ আধাৰত অপৰ্ণা পৰিচালনা কৰে। তিনি বছৰৰ পাছত তেওঁ হেনৰিক ইবচেনৰ নাটক এ ডলছ হাউচৰ ওড়িয়া অনুবাদ কান্ধেই ঘৰা পৰিচালনা কৰে।
দূৰদৰ্শন
বসুৱে কেইবাখনো ওড়িয়া ধাৰাবাহিকত অভিনয় কৰিছে।
| শীৰ্ষক | চেনেল | পৰিচালক |
|---|---|---|
| অনন্যা | ইটিভি নেটৱৰ্ক | দেৱানন্দ নায়ক |
| বধূ নুহেঁ বন্ধু | ডিডি ওড়িয়া | অজিত দাস |
| সেই কাহিনী | ডিডি ওড়িয়া | ৰজত পাইকাৰায় |
| অনন্যা অনুপমা | ডিডি ওড়িয়া | জ্যোতি প্ৰকাশ |
| ধৰ্মাত্মা | ডিডি ওড়িয়া | গুড়িয়া মহাপাত্ৰ |
| নীলা মাষ্ট্ৰাণী | ডিডি ওড়িয়া | সাধু মেহৰ |
| বুঢ়া শঙ্খৰী | ডিডি ওড়িয়া | তাপস বসু |
| কুইন | তৰংগ টিভি | |
| অবুঝা এ মন | তৰংগ টিভি | |
| গায়ত্ৰী | ইটিভি ওড়িয়া | সুধাংশু চাহু |
| ভাগ্য বিধাতা | ইটিভি ওড়িয়া | সুধাংশু চাহু |
| আশাৰ আকাশ | কলিংগ টিভি | |
| বধূ | সাৰ্থক টিভি | |
| মায়া | তৰংগ টিভি | |
| সিংহদ্বাৰ | মঞ্জৰী টিভি |
কবিতা
২০১৭ চনত পিতৃৰ মৃত্যুৰ পাছত বসুৱে পুনৰ কবিতা লিখিবলৈ আৰম্ভ কৰে। তেওঁ লিখা ৭০টা কবিতাৰ সংকলন ২০২১ চনত বাতা আবাতা নামেৰে প্ৰকাশ পায়।১০ ২০২৩ চনত তেওঁৰ আন এখন কাব্য সংকলন ৰাগ মালকোশ প্ৰকাশ পায়।১১
তথ্যসূত্ৰ
- ↑ (2009-08-30). Three acts of a new beginning. Indian Express
- ↑ (2009-04-10). Women directors steal the show. Indian Express
- ↑ Award winning parallel cinema Kathantara released, Orissa Entertainment News. orissadiary.com
- ↑ (2017-11-09). Indian Panorama selection of Feature and Non Feature films for 48th IFFI 2017 announced. Press Information Bureau
- ↑ Mishra, Sweta. (2017-10-21). Odisha-based filmmaker ecstatic after UK invite. Sambad
- ↑ (2021-11-05). Swaraj Mishra's 'Rasagola' wins Odisha State Film Awards. Sambad
- ↑ Banerji, Annie. (2018-09-25). Love in the Time of Climate Change: Indian film with a new take on romance. Reuters
- ↑ Routray, Rituparna. (2023-05-12). ବଦଳୁଛି ଓଡିଆ ଫିଲ୍ମର ଢାଞ୍চା: ଅଷ୍ଟ୍ରେଲିଆ ସହିତ ୮ଟି ଦେଶରେ ରିଲିଜ ହେଲା ଫିଲ୍ମ 'ଫାଲଗୁନ ଚୈତ୍ର'. Kanak News
- ↑ Chakra, Shyamhari. (2020-10-11). I Feel Like An Empress On Stage, Says Odia Theatre's Leading Light Bhaswati Basu. Odisha Bytes
- ↑ Bata Abata by Bhaswati Basu. Ritikart
- ↑ Raga Malkosh. Amazon
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাস্বতী বসু” প্ৰবন্ধৰ সংশোধন ৫৯৬১০৯ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।