ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
দিশা পাৰমাৰ
দিশা পাৰমাৰ বৈদ্য (Disha Parmar Vaidya; জন্ম: ১১ নৱেম্বৰ ১৯৯৪) হিন্দী টেলিভিছন জগতৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১২ চনত অভিনয়ত আত্মপ্ৰকাশ কৰা দিশাই প্যাৰ কা দৰদ হায় মীথা মীথা প্যাৰা প্যাৰা ছবিখনত পংকুৰি গুপ্তাৰ চৰিত্ৰত অভিনয় কৰি পৰিচয় লাভ কৰে।
-
দীপ্তি সতী
দীপ্তি সতী ( Deepti Sati) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ মালয়ালম ছবিত অভিনয় কৰে। মাৰাঠী, কানাড়া, তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে। ২০১৫ চনত নী-না ছবিৰে অভিনয়ত অভিষেক ঘটায়। দীপ্তিয়ে জাগুয়াৰ, ছ’লো, লাকি আৰু ড্ৰাইভিং লাইচেন্সকে ধৰি ছবিত অভিনয় কৰিছিল।
-
দুশাৰা বিজয়ন
দুশাৰা বিজয়ন (ইংৰাজী: Dushara Vijayan; জন্ম: ১৪ অক্টোবৰ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ বোধাই এৰি বুদ্ধি মাৰি (২০১৯) নামৰ তামিল ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু সাৰপাট্টা পৰম্বৰাই (২০ ২০২১), নক্ষত্ৰম নগৰগিৰধু (২০২২), ৰায়ন (২০২৪) আৰু ভেট্টায়ান (২০২৪)…
-
নতাশা ভৰদ্বাজ
নতাশা ভাৰদ্বাজ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী ৱেব ছিৰিজত অভিনয় কৰে। তেওঁ ২০১৮ চনত বাস্তৱ অনুষ্ঠান ইণ্ডিয়াজ্ নেক্স্ট চুপাৰষ্টাৰ্ছত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু বিজয়ী হৈছিল। তাৰ পিছত, তেওঁ ৱেব ছিৰিজ পৱন এণ্ড পূজা (২০২০)-ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
নতাশা সূৰী
নতাশা সূৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছুপাৰমডেল, টিভি আয়োজক আৰু প্ৰাক্তন মিছ ৱৰ্ল্ড ইণ্ডিয়া। ২০০৬ চনত ফেমিনা মিছ ৱৰ্ল্ড ইণ্ডিয়া খিতাপ লাভ কৰাৰ লগতে পোলেণ্ডত অনুষ্ঠিত হোৱা সন্মানীয় মিছ ৱৰ্ল্ড পেজেণ্টত ভাৰতক আৰু অধিক প্ৰতিনিধিত্ব কৰি ফাইনেলত শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰে।
-
নমিতা
নমিতা ভাংকৱালা (ইংৰাজী: Namitha Vankawala; জন্ম: ১০ মে’, ১৯৮১) তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য। তেওঁ প্ৰথমাৱস্থাত এগৰাকী অভিনেত্ৰী আৰু মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
নাথালিয়া কৌৰ
নাথালিয়া পিনহেইৰো ফেলিপ মাৰ্টিন্স (জন্ম: ১৫ আগষ্ট ১৯৯৩), যি নাথালিয়া কৌৰ নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰাজিলিয়ান মডেল আৰু অভিনেত্ৰী যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ বিশেষকৈ বলিউড আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত আইটেম চং আৰু অভিনয়ৰ বাবে পৰিচিত।
-
নিকিতা আনন্দ
নিকিতা আনন্দ (ইংৰাজী: Nikita Anand) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, দূৰদৰ্শনৰ আঁতধৰোঁতা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০০৩ চনত মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট লাভ কৰিছিল। তেওঁ ২০০৩ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ কোনো স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।
-
নিগাৰ খান
নিগাৰ খান (ইংৰাজী: Nigaar Khan; জন্ম: ২ মে' ১৯৭৯) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী, যি মূলতঃ তেওঁৰ খলনায়ক চৰিত্ৰসমূহৰ চিত্ৰায়ণৰ বাবে পৰিচিত।
-
নিত্যা মেনন
এন. এছ. নিত্যা, পেছাগতভাৱে নিত্যা মেনন (ইংৰাজী: Nithya Menen; জন্ম: ৮ এপ্ৰিল ১৯৮৮) নামেৰে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা যিয়ে মূলতঃ তামিল, মালয়ালম আৰু তেলুগু ছবিত কাম কৰে। তেওঁ কেইখনমান কন্নড় ছবিতো অভিনয় কৰিছে। ৬০খনতকৈও অধিক ছবিত অভিনয় কৰা মেনন তেওঁৰ বলিষ্ঠ চৰিত্ৰৰ বাবে পৰিচিত।
-
নিধি আগৰৱাল
নিধি আগৰৱাল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। ২০১৪ চনৰ মিছ ডিভা ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পাছত আগৰৱালে হিন্দী ছবি মুন্না মাইকেল (২০১৭)ৰ জৰিয়তে অভিনয়ত অভিষেক ঘটে। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ জি চিনে বঁটা শ্ৰেষ্ঠ মহিলা অভিষেক লাভ কৰে।
-
নিভেথা থমাছ
নিভেথা থমাছ (ইংৰাজী: Nivetha Thomas; জন্ম: ২ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু, মালয়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০৮ চনৰ মালয়ালম ছবি ভেৰুথে অৰু ভাৰ্য্যত শিশু শিল্পী হিচাপে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
-
নিমিষা মেহতা
নিমিষা মেহতা (ইংৰাজী: Nimisha Mehta; জন্ম: ১৯৮৮ বা ১৯৮৯ চনত) এগৰাকী ভাৰতীয় গুজৰাটী মূলৰ ব্ৰিটিছ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী, যি হিন্দী চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত। তেওঁ ২০১৬ চনত ডেজ অফ টাফ্ৰী (গুজৰাটী হিট ছবি চেল্ল’ দিৱসৰ ৰিমেক)ৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
নিমৃত কৌৰ আহলুৱালিয়া
নিমৃত কৌৰ আহলুৱালিয়া (ইংৰাজী: Nimrit Kaur Ahluwalia; জন্ম: ১১ ডিচেম্বৰ ১৯৯৪), যাক নিমৃত আহলুৱালিয়া নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। তেওঁ ফেমিনা মিছ মণিপুৰ (২০১৮) খিতাপ জয় কৰিছিল আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১৮-ৰ শীৰ্ষ ১২ গৰাকী প্ৰতিযোগীৰ ভিতৰত আছিল।
-
নিয়া শৰ্মা
নিয়া শৰ্মা ( Nia Sharma; জন্ম নেহা শৰ্মা ১৭ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী টেলিভিছনত অভিনয় কৰে। এক হাজাৰোণ মেৰী বেহনা হায়, জি টিভিৰ জমাই ৰাজা, ৰোশনী পেটেলৰ চৰিত্ৰত কালাৰছ টিভিৰ ইছক মেইন মাৰ্জাৱান আৰোহী কাশ্যপৰ চৰিত্ৰত আৰু নাগিন ৪ ত বৃন্দা পাৰিখৰ চৰিত্ৰত অভিনয়…
-
নিহাৰিকা ৰায়জাদা
নিহাৰিকা ৰায়জাদা (ইংৰাজী: Niharica Raizada; জন্ম: ১৮ এপ্ৰিল ১৯৯০) এগৰাকী লাক্সেমবাৰ্গীয় অভিনেত্ৰী। তেওঁ ২০১০ চনৰ মিছ ইণ্ডিয়া ইউকে খিতাপ জয় কৰিছিল আৰু ২০১০ চনৰ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইডত ৰানাৰ্ছ-আপ হৈছিল। তেওঁ প্ৰাক্তন বলিউড সংগীতজ্ঞ অ' পি নায়াৰৰ নাতিনী।
-
নীতু চন্দ্ৰা
নীতু চন্দ্ৰা (জন্ম: ২০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ প্ৰযোজক আৰু নাট্যশিল্পী। তেওঁ হিন্দী, তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে। তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু খেলুৱৈও। এনবিএ-ৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ জৰিয়তে দেশত বাস্কেটবলৰ প্ৰসাৰৰ সৈতে তেওঁ জড়িত।
-
নেইনা সিং
নেইনা সিং (ইংৰাজী: Naina Singh; জন্ম: ৪ মাৰ্চ ১৯৯৪) এগৰাকী ভাৰতীয় মডেল আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ বিশেষকৈ স্প্লিটচভিলা ১০ জয় কৰাৰ বাবে আৰু কুমকুম ভাগ্য ধাৰাবাহিকত ৰিয়া মেহৰাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০২০ চনত তেওঁ ৰিয়েলিটী শ্ব’ বিগ বছ ১৪ত অংশগ্ৰহণ কৰিছিল।
-
নেহা ভাছিন
নেহা ভাসীন (ইংৰাজী: Neha Bhasin; জন্ম: ১৮ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ হিন্দী, তেলেগু, তামিল চলচ্চিত্ৰৰ গীত আৰু স্বতন্ত্ৰভাবে ভাৰতীয় পপ-সংগীত আৰু পঞ্জাবী লোক-সংগীত পৰিবেশনৰ বাবে পৰিচিত।
-
নেহা মেহতা
নেহা মেহতা (জন্ম: ১ এপ্ৰিল ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ গুজৰাটী চলচ্চিত্ৰ আৰু হিন্দী দূৰদৰ্শনত কাম কৰে। মেহতাক ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া চিটকম তাৰক মেহতা কা উল্টা চসমাত (২০০৮–২০২০) "অঞ্জলি মেহতা"ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক জনা যায়।
-
পশ্মিনা ৰোচন
পাশ্মিনা ৰোচন (ইংৰাজী: Pashmina Roshan; জন্ম: ১০ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০২৪ চনত মুক্তিপ্ৰাপ্ত ছবি ইস্ক বিশ্বক ৰিবাউণ্ডৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।
-
পায়েল ঘোষ
পায়েল ঘোষ (জন্ম ১৯৮৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মুখ্যতঃ তেলেগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ৰ মহিলা শাখাৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
পাৰ্ল মানে
পাৰ্ল মানে (ইংৰাজী: Pearle Maaney; জন্ম: ২৮ মে' ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গীতিকাৰ, ইউটিউবাৰ আৰু টেলিভিছন উপস্থাপিকা। তেওঁ মূলতঃ মালয়ালম অনুষ্ঠানসমূহত কাৰ্যনিৰ্বাহ কৰে। মালয়ালম নৃত্যভিত্তিক ৰিয়েলিটি শ্ব’ ডি ৪ ডান্সৰ তিনিটা ছিজনৰ সহ-উপস্থাপনা কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
পিয়া বাজপেয়ী
পিয়া বাজপেয়ী এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে মূলতঃ তামিল আৰু হিন্দী ছবিত অভিনয় কৰে। ভেংকট প্ৰভুৰ কমেডী ছবি "গোৱা" আৰু কে ভি আনন্দৰ ৰাজনৈতিক থ্ৰিলাৰ "কো"ত অভিনয়ৰ কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত হয়।
-
পুণম পাণ্ডে
পুণম পাণ্ডে (জন্ম: ১১ মাৰ্চ ১৯৯১) এগৰাকী ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু অভিনেত্ৰী। তেওঁ ২০১৩ চনত মুক্তি পোৱা ইৰোটিক চলচ্চিত্ৰ নাশাৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান খত্ৰোঁ কে খিলাড়ী ৪ (২০১১) আৰু লক আপ (প্ৰথম ছিজন, ২০২২)ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।
-
পুন্নগাই পু গীতা
"পুন্নগাই পু" গীতা নামেৰে পৰিচিত গীতেহা আম্মাচি হৈছে মালয়েছিয়াৰ ৰেডিঅ' ব্যক্তিত্ব, চলচ্চিত্ৰ প্ৰযোজক আৰু অভিনেত্ৰী, যি মালয়েছিয়া আৰু ভাৰতৰ তামিল চলচ্চিত্ৰ উদ্যোগ কাম কৰে। গীতাই নিজৰ চলচ্চিত্ৰ প্ৰযোজনা ষ্টুডিঅ 'আৰম্ভ কৰাৰ আগতে মালয়েছিয়াৰ ৰেডিঅ' ষ্টেচন টি. এইচ. আৰ.
-
পূৰ্ণা জগন্নাথন
পূৰ্ণা জগন্নাথন (ইংৰাজী: Poorna Jagannathan; জন্ম: ২২ ডিচেম্বৰ, ১৯৭২) এগৰাকী ভাৰতীয়-আমেৰিকান প্ৰযোজক আৰু অভিনেত্ৰী। তেওঁ এইচবিঅ’ৰ ড্ৰামা মিনি-চিৰিজ দ্য নাইট অৱ-ত চফৰ খানৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
প্ৰকৃতি মিশ্ৰ
প্ৰকৃতি মিশ্ৰ (ইংৰাজী: Prakruti Mishra) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ওড়িয়া চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কৰা কামৰ বাবে পৰিচিত। তেওঁ হেল্ল’ আৰ্ছি চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত, যাৰ বাবে তেওঁ ২০১৮ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বিশেষ উল্লেখ) লাভ কৰিছিল।
-
প্ৰজ্ঞা জয়ছোৱাল
প্ৰজ্ঞা জয়ছোৱাল (Pragya Jaiswal; জন্ম: ১২ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ এটা ফিল্মফেয়াৰ বঁটা আৰু এটা দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
প্ৰণতি ৰায় প্ৰকাশ
প্ৰণতি ৰায় প্ৰকাশ (ইংৰাজী: Pranati Rai Prakash) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে ইণ্ডিয়াজ নেক্সট টপ মডেলৰ বিজয়ী হিচাপে পৰিচিতি লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ এগৰাকী চূড়ান্ত প্ৰতিযোগী (ফাইনেলিষ্ট) আছিল।