ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
চুজান বাৰ্নাৰ্ট
চুজান বাৰ্নাৰ্ট (ইংৰাজী: Suzanne Bernert; জন্ম: ২৬ ছেপ্টেম্বৰ) এগৰাকী ভাৰতত বসবাস কৰা জাৰ্মান অভিনেত্ৰী যিয়ে বিভিন্ন ভাষাত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন উদ্যোগত কাম কৰে। তেওঁ হিন্দী দূৰদৰ্শন উদ্যোগত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা প্ৰথমগৰাকী বিদেশী অভিনেত্ৰী।
-
চুম দাৰাং
চুম দাৰাং (জন্ম ১৬ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, সামাজিক কৰ্মী, উদ্যোগী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ শীৰ্ষ অধিকাৰী। ২০১০ চনত তেওঁ মিছ এএপিএছইউ মুকুট লাভ কৰিছিল, আৰু পিছত মিছ আৰ্থ ইণ্ডিয়া ২০১৬ আৰু মিছ এছিয়া ৱৰ্ল্ড ২০১৭ ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
চুলতানা (অভিনেত্ৰী)
চুলতানা বা চুলতানা ৰেজাক (Sultana) ভাৰতীয় উদ্যোগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী আছিল। নিৰ্বাক ছবিৰে কৰ্মজীৱনৰ পাতনি মেলা চুলতানাই পিছলৈ সবাক ছবিতো অভিনয় কৰিবলৈ লৈছিল। তেওঁ ভাৰতৰ প্ৰথম মহিলা পৰিচালক ফাটিমা বেগমৰ জীয়াৰী আছিল। ভাৰতৰ প্ৰথম সবাক ছবি আলম আৰাৰ নায়িকা জুবেইদা আছিল চুলতানা ভগ্নী।
-
চেলিনা জেটলী
চেলিনা জেটলী (জন্ম: ২৪ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁ ২০০১ চনত ফেমিনা মিছ ইণ্ডিয়া খিতাপ জয় কৰিছিল আৰু ২০০১ চনৰ মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত চতুৰ্থ ৰানাৰ্ছ আপ হৈছিল।
-
ছনিকা সিং চৌহান
ছনিকা চিমোন সিং চৌহান (ইংৰাজী: Sonika Simone Singh Chauhan; ১২ জুলাই ১৯৮৯ – ২৯ এপ্ৰিল ২০১৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ দিভা - ২০১৩ৰ এগৰাকী প্ৰতিযোগী আছিল।
-
ছফিয়া হায়াত
ছফিয়া হায়াত এগৰাকী ইংৰাজ গায়িকা, অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব ভাৰতীয় টেলিভিছন আৰু চিনামাত অভিনয়ৰ বাবে পৰিচিত। ২০১৩ চনত বিগ বছ ৭, বিগ ব্ৰাদাৰৰ ভাৰতীয় সংস্কৰণত অংশগ্ৰহণ কৰিছিল।
-
ছানায়া ইৰাণী
ছানায়া ইৰাণী (ইংৰাজী: Sanaya Irani; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ভাৰতৰ এগৰাকী আগশাৰীৰ আৰু জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী হিচাপে পৰিগণিত ইৰাণীয়ে এটা আই টি এ বঁটা, এটা ইণ্ডিয়ান টেলি বঁটা আৰু তিনিটা গ’ল্ড বঁটা লাভ কৰিছে।
-
ছামিয়াঁ বাই
ছামিয়াঁ বাই (১৮৯৮ – ১৪ আগষ্ট ১৯৯৮), যাক শামশাদ বেগম নামেও জনা যায়, বিংশ শতিকাৰ আৰম্ভণিত পুৰণি দিল্লীকেন্দ্ৰিক এগৰাকী প্ৰসিদ্ধ ভাৰতীয় গায়িকা, অভিনেত্ৰী আৰু তৱাইফ আছিল। সংগীত জগতত তেওঁ ‘‘দ্য কুইন অৱ মিউজিক’’ হিচাপে পৰিচিত আছিল। নিজৰ সময়ত তেওঁ এগৰাকী অতি সফল আৰু উচ্চ উপাৰ্জনকাৰী শিল্পী আছিল।
-
ছাৰাহ-জেন ডিয়াছ
ছাৰাহ-জেন ডিয়াছ (ইংৰাজী: Sarah-Jane Dias) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টিভি হোষ্ট, ভিডিঅ' জকী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৭ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপ জয় কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৭ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ উপৰি তেওঁ চেনেল ভিৰ এগৰাকী ভিডিঅ' জকী আছিল।
-
ছিমৰন
ঋষিবালা নাভাল (জন্ম: ৪ এপ্ৰিল ১৯৭৬), পেছাদাৰীভাৱে ছিমৰন নামেৰে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ তামিল ছবিত কাম কৰাৰ লগতে তেলুগু, হিন্দী, কন্নড় আৰু মালয়ালম ছবিতো অভিনয় কৰিছে। তেওঁ তিনিখন ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু এখন তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে।
-
ছিমৰন কৌৰ মুণ্ডী
ছিমৰন কৌৰ মুণ্ডী (ইংৰাজী: Simran Kaur Mundi) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ ২০০৮ খিতাপ জয় কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৮-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
ছিয়া মালাচী
ছিয়া মালাচী এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ২০২১ চনত এমটিভিৰ বছৰৰ ছুপাৰমডেলৰ দ্বিতীয় ছিজনৰ প্ৰতিযোগী হিচাপে ২০২৩ চনত হিন্দী ভাষাৰ একচন ক্ৰাইম নাটক ৰাণা নাইডুত চণ্ডী চৰিত্ৰৰ চৰিত্ৰত অভিনয় কৰে।
-
ছোনিয়া ৰাথি
ছোনিয়া ৰাথি (জন্ম ২৫ ডিচেম্বৰ ১৯৯৬) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী, মডেল, আৰু নৃত্যশিল্পী। তেওঁ মূলতে ভাৰতীয় টেলিভিছন আৰু চলচ্চিত্ৰত কাৰ্য্য কৰে।
-
জানকী বড়িৱালা
জানকী বড়িৱালা (জন্ম: ৩০ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ গুজৰাটী ছবিত কাম কৰে। তেওঁ ছেল্লো দিৱস (২০১৫), ছুট্টি জাশে ছাক্কা (২০১৮), নাদী দোষ (২০২২) আৰু ৱাশ্ব (২০২৩) ছবিৰ বাবে পৰিচিত। ২০২৪ চনত চেইতান ছবিৰ জৰিয়তে তেওঁ হিন্দী চিনেমা জগতত আত্মপ্ৰকাশ কৰে।
-
জাবিনা খান
জাবিনা খান (ইংৰাজী: Zabina Khan; জন্ম: ১২ ডিচেম্বৰ ১৯৮৪), যাক জাবিন খান নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য ৰাণী, অভিনেত্ৰী আৰু সহকাৰী পৰিচালিকা। তেওঁ ২০০৪ বৰ্ষত প্ৰথমগৰাকী মিছ টুৰিজিম কুইন ইণ্টাৰনেচনেল হিচাপে মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।
-
জাৰা এছ খান
জাৰা এছ খান (ইংৰাজী: Zahrah S. Khan) এগৰাকী ভাৰতত কৰ্মৰত ব্ৰিটিছ অভিনেত্ৰী আৰু নেপথ্য গায়িকা। তেওঁ অভিনেত্ৰী আৰু গায়িকা হিচাপে বলিউডলৈ অৱদান আগবঢ়াইছে।
-
জাৰীন খান
জাৰীন খান (ইংৰাজী: Zareen Khan; জন্ম: ১৪ মে' ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ জগতত কাম কৰে। ২০১০ চনত একচনধৰ্মী ছবি বীৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। এই ছবিখনৰ বাবে তেওঁ জী চিনে বঁটাৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল।
-
জুহী পৰমাৰ
জুহী পৰমাৰ (ইংৰাজী: Juhi Parmar; জন্ম: ১৪ ডিচেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় সূত্ৰধাৰ, অভিনেত্ৰী, উপস্থাপিকা, গায়িকা আৰু নৃত্যশিল্পী; যি মূলতঃ হিন্দী দূৰদৰ্শন জগতত কৰা কামৰ বাবে পৰিচিত।
-
জেচমিন ভাছিন
জেচমিন ভাছিন (ইংৰাজী: Jasmin Bhasin; জন্ম: ২৮ জুন ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছনৰ লগতে পঞ্জাবী চলচ্চিত্ৰতো কাম কৰে। তেওঁ ২০১১ চনত তামিল ছবি ৱানামৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
জোৱা মৰাণী
জোৱা মৰাণী (ইংৰাজী: Zoa Morani; জন্ম: ২৯ মাৰ্চ ১৯৮৮) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী যিয়ে বলীউডৰ ছবিত অভিনয় কৰে। তেওঁ চলচ্চিত্ৰ আৰু ৱেব চিৰিজত অভিনয় কৰিছে। তেওঁৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত অলৱেজ কভি কভি (২০১১), ভাগ জনী (২০১৫), তৈশ (২০২০) আৰু টিউজডেজ এণ্ড ফ্ৰাইডেজ (২০২১) অন্যতম।
-
ঝিলিক ভট্টাচাৰ্য
জিলীক ভট্টাচাৰ্য এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে ওড়িয়া আৰু বঙালী চলচ্চিত্ৰ জগতত অভিনয় কৰে। তেওঁ টাৰ্গেট ছবিৰ জৰিয়তে ওড়িয়া চলচ্চিত্ৰত অভিষেক ঘটায়। ইয়াৰ পূৰ্বে তেওঁ অভিষেক বচ্চন অভিনীত ৰাৱন ছবিত সহকাৰী নৃত্য পৰিচালক হিচাপে কাম কৰিছিল।
-
ঝৰণা দাস
ঝৰণা দাস (ଝରଣା ଦାସ, ১৯৪৫ – ২ ডিচেম্বৰ ২০২২) এগৰাকী ভাৰতীয় ওলিউড অভিনেত্ৰী আৰু সাংবাদিক আছিল। তেওঁ ওড়িয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত আছিল।
-
ডগৰ টুডু
ডগৰমণি টুডু হৈছে এগৰাকী ভাৰতীয় চাঁওতালি চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। তেওঁ চাঁওতালি আৰু বাংলা গীতত কণ্ঠদান কৰে। বৰ্তমান তেওঁ ট্ৰাইব টিভিৰ বাতৰি পৰিৱেশক হিচাপে কাম কৰি আছে। দ্বাদশ দাদাচাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত "আশা" ছবিত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
-
তানিছা
তানিছা এছ মুখাৰ্জী (জন্ম ৩ মাৰ্চ ১৯৭৮), যাক কেৱল তানিছা নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। মুখাৰ্জী-সমৰ্থ পৰিয়ালৰ এগৰাকী সদস্য তানিছা বোলছবি নিৰ্মাতা ছমু মুখাৰ্জী আৰু অভিনেত্ৰী তনুজাৰ কন্যা তথা অভিনেত্ৰী কাজলৰ কনিষ্ঠ ভগ্নী।
-
তাহীৰা কোচ্ছৰ
তাহীৰা কোচ্ছৰ (ইংৰাজী: Tahira Kochhar; জন্ম: ৩১ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। তেওঁ ৰব্বা ম্যে ক্যা কৰুঁ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।
-
তাৰা সুতাৰিয়া
তাৰা সুতাৰিয়া (ইংৰাজী: Tara Sutaria; জন্ম: ১৯ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ ডিজনী ইণ্ডিয়াৰ ৰিয়েলিটী শ্ব’ বিগ বড়া বুমৰ (২০১০) জৰিয়তে এগৰাকী গায়িকা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত একেটা চেনেলৰ ছিটকয়ম দ্য চুইট লাইফ…
-
তেজস্বী প্ৰকাশ
তেজস্বী প্ৰকাশ ৱায়াংগকাৰ (জন্ম: ১০ জুন ১৯৯৩) — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছন শ্ব’ আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰে। তেওঁ এখন ইণ্ডিয়ান টেলিভিছন একাডেমী বঁটা আৰু এখন ইণ্ডিয়ান টেলী বঁটা লাভ কৰিছে।
-
দক্ষ নগৰকাৰ
দক্ষ নগৰকাৰ (ইংৰাজী: Daksha Nagarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১৪ চনত এ কে ৰাও পি কে ৰাও ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত হোৰা হোৰী, হুশাৰু আৰু জম্বি ৰেডীত কাম কৰিছিল।
-
দিব্যা খোসলা কুমাৰ
দিব্যা খোসলা কুমাৰ (Divya Khosla Kumar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু পৰিচালক যিয়ে হিন্দী চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ বিভিন্ন বিজ্ঞাপন পৰিচালনা কৰিছে আৰু কিছুমান গীতৰ ভিডিঅ’তো অভিনয় কৰিছে।
-
দিশা পাণ্ডে
দিশা পাণ্ডে (ইংৰাজী: Disha Pandey) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল চলচ্চিত্ৰত অভিনয় কৰিছে, বিশেষকৈ ব্যাৱসায়িকভাৱে সফল ছবি তামিল পড়ম (২০১০) আৰু তেলুগু, কন্নড় তথা হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে।