ভূমিকা দাশ (ইংৰাজী ভাষা: Bhoomika Dash) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ধ্ৰুপদী ওডিছী নৃত্যশিল্পী, যিয়ে ওড়িয়া ভাষা চলচ্চিত্ৰ জগতত কৰা অভিনয়ৰ বাবে পৰিচিত।১ তেওঁ শিশু শিল্পী হিচাপে ৰুমকু ঝুমনা নামৰ ওড়িয়া চলচ্চিত্ৰখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু পৰৱৰ্তী সময়ত তু মো লাভ ষ্টৰী বোলছবিখনত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
২০০৩ চনৰ ২২ জানুৱাৰীত ওড়িশাৰ ভুৱনেশ্বৰত তৃপ্তি আৰু প্ৰসন্ন কুমাৰ দাশৰ ঘৰত ভূমিকাৰ জন্ম হৈছিল।৩ তেওঁ ভুৱনেশ্বৰৰ ডিএভি পাব্লিক স্কুল (ইউনিট-৮)ৰপৰা স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু বৰ্তমান ভুৱনেশ্বৰৰ ইনষ্টিটিউট অৱ ডেণ্টাল চাইন্সেছৰপৰা বিডিএছ অধ্যয়ন কৰি আছে।৪
কেৰিয়াৰ
শিশু শিল্পী হিচাপে
ভূমিকাই ২০১৩ চনত ওড়িয়া চলচ্চিত্ৰ ৰুমকু ঝুমনাত এগৰাকী শিশু শিল্পী হিচাপে ওড়িয়া চলচ্চিত্ৰ জগতত অভিনয় আৰম্ভ কৰিছিল।৫৬ এই চলচ্চিত্ৰখনৰ নিৰ্দেশনা দিছিল তাপস সৰঘৰিয়াই।৭৮ এই ছবিখনত ভূমিকাৰ সৈতে হৰিহৰ মহাপাত্ৰ, মিহিৰ দাস, হৰ পট্টনায়ক, প্ৰিয়া চৌধুৰী প্ৰমুখে অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ তৰংগ চিনে প্ৰডাকচনৰ ছবি গপ হ’লে বি সতাত এগৰাকী শিশু শিল্পী হিচাপে অভিনয় কৰে। এই চলচ্চিত্ৰখনৰ বাবে ভূমিকাই ৫-ম তৰংগ চিনে বঁটাত শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰিছিল।৯
অভিনেত্ৰী হিচাপে
ভূমিকা দাশে ২০১৪ চনত হৰিহৰ মহাপাত্ৰৰ সৈতে ৰুমকু ঝুমনা বোলছবিত এগৰাকী শিশু শিল্পী হিচাপে অভিনয় জীৱনৰ পাতনি মেলিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ শিশু শিল্পীৰ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।৩ দাসে তু মো লাভ ষ্টৰী বোলছবিখনৰ জৰিয়তে ওলিউডত এগৰাকী মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে।২ ২০১৫ চনত তেওঁ গপ হ’লে বি সতা বোলছবিত বৰ্ষা প্ৰিয়দৰ্শিনীৰ শৈশৱৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ পঢ়া-শুনাৰ লগতে ওলিউডত অভিনয় জীৱন অব্যাহত ৰাখিছিল। ইয়াৰ পিছত তেওঁ বাবুছানৰ বিপৰীতে হিৰো নং ১ বোলছবিত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰে। ২০১৯ চনত তেওঁ একে নামৰ কিংবদন্তি ছবিখনৰ আধুনিক ৰূপান্তৰ নায়কৰা না দেৱদাসত 'পাৰো'ৰ চৰিত্ৰত অভিনয় কৰিছিল।১০১১
তথ্যসূত্ৰ
- ↑ Bhoomika Dash: Movies, Photos, Videos, News, Biography & Birthday · eTimes. The Times of India
- ↑ Bhoomika getting appreciation for Tu mo love story. odishatv
- ↑ (30 May 2018). Ollywood actress Bhoomika Dash scores 97% in CBSE 10th Exam. KalingaTV
- ↑ (2 May 2021). Know What Ollywood Actress Bhoomika Says On OTT Platforms, Ollywood & Others. Odishabytes.com
- ↑ (26 April 2018). ଦେବଦାସଙ୍କ ପ୍ରେମିକା ଭୂମିକାରେ ଓଲିଉଡର ଏହି ଟିନଏଜର୍ ନାୟିକା. sambad.in
- ↑ (24 April 2017). ‘ତୁ ମୋ ଲଭ୍ଷ୍ଟୋରୀ’ ଚଳଚ୍ଚିତ୍ରରେ ଭୂମିକାଙ୍କ ଚମତ୍କାର ଅଭିନୟ. Odisha Live
- ↑ (24 September 2017). ଆଜି ଶୁଭମୁକ୍ତି ‘ହିରୋ ନମ୍ବର ଓ୍ବାନ୍’. sambad.in
- ↑ (26 September 2017). ଦଶହରାରେ ପ୍ରଥମ ଥର ପାଇଁ ଓଲିଉଡ୍ କଳାକାର. Fast Mail TV
- ↑ (10 March 2014). Tarang Cine Awards 2014 Winners. IncredibleOrissa.com
- ↑ (20 July 2018). Asit unhappy with director of Devdas' Odia remake. The New Indian Express
- ↑ (23 May 2017). Bhoomika Dash Upcoming Movie. saranga.satapathy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমিকা দাশ” প্ৰবন্ধৰ সংশোধন ৬১২১৭৯ (১৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।