অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্ল’ৰা চাইনী

ফ্ল'ৰা চাইনী, যাক ৰূপালী পৰ্দাত আশা চাইনি বা ময়ুৰী বুলিও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ হিন্দী ছবিত কাম কৰে যদিও কেইবাখনো কানাড়া, তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে। অভিনেত্ৰী হিচাপে তেওঁ ৮০টাতকৈও অধিক প্ৰজেক্টত কাম কৰিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪২২ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ফ্ল'ৰা চাইনী, যাক ৰূপালী পৰ্দাত আশা চাইনি বা ময়ুৰী বুলিও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।১ তেওঁ প্ৰধানকৈ হিন্দী ছবিত কাম কৰে যদিও কেইবাখনো কানাড়া, তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে।

অভিনেত্ৰী হিচাপে তেওঁ ৮০টাতকৈও অধিক প্ৰজেক্টত কাম কৰিছে। প্ৰেম কোছাম(১৯৯৯) ছবিত প্ৰথম অভিনয় কৰাৰ পিছৰে পৰা তেওঁ ৫০ খনতকৈয়ো অধিক ছবিত অভিনয় কৰিছে আৰু ৰজনীকান্ত, ভেংকটেশ, বালকৃষ্ণ, সিদ্ধান্ত, সুদীপ, শিৱৰাজকুমাৰ, বিজয়কান্ত, প্ৰভু, কাৰ্তিক, জগপতি বাবু আৰু ৰাজশেখৰৰ দৰে বিখ্যাত অভিনেতাৰ সৈতে সহ-অভিনেত্ৰী হিচাপে কাম কৰিছে।২

আদি জীৱন

চণ্ডীগড়ত সেনা বিষয়াৰ ঘৰত জন্মগ্ৰহণ কৰা ফ্ল’ৰাই জম্মু-কাশ্মীৰৰ উধামপুৰত স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। দিল্লীৰ ধৌলা কুৱানৰ আৰ্মি পাব্লিক স্কুলত শিক্ষা অব্যাহত ৰাখিছিল। ইয়াৰ পিছত পৰিয়াল কলিকতালৈ গুচি যায় আৰু তাৰ পৰাই মডেলিং কেৰিয়াৰ গঢ়িবলৈ আৰম্ভ কৰে। তেওঁ মিছ কলকাতা সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।৩

কৰ্মজীৱন

১৯৯৯ চনত তেলেগু ছবি প্ৰেমা কোছামৰ যোগেৰে অভিনয়ত আত্মপ্ৰকাশ কৰে ফ্ল'ৰাই।৪ ছবিখনৰ প্ৰযোজকে তেওঁৰ নাম আশা চাইনী বুলি নামকৰণ কৰিছিল; কিছু বছৰৰ পিছত জ্যোতিষীৰ পৰামৰ্শ অনুসৰি তেওঁ নতুন চিনেমাত ময়ুৰী নাম গ্ৰহণ কৰিছিল আৰু শেষত তেওঁ পুনৰ নিজৰ আচল নামটোকে গ্ৰহণ কৰিছিল।৫ পৰৱৰ্তী সময়ত অভিনেত্ৰীগৰাকীয়ে পিছৰ তিনি বছৰত এক ডজনৰো অধিক তেলেগু ভাষাৰ ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰে। তেওঁ অভিনয় কৰা নৰসিংহ নাইডু(২০০২) নামৰ ছবিখন অত্যন্ত সফল হৈছিল।৬ কিছুদিনৰ বাবে ই তেওঁৰ ফিল্মগ্ৰাফীৰ আটাইতকৈ উল্লেখযোগ্য ছবি আছিল আৰু ইয়াৰ ফলত তেওঁক ছবিখনৰ পৰাই "লাক্স পাপা" বুলি কোৱা হৈছিল৷৭ ২০০২ চনত ফ্ল'ৰাই প্ৰথমখন হিন্দী ভাষাৰ ছবি, টি পি আগৰৱালাৰ প্ৰযোজনাৰ ভাৰত ভাগ্য বিধাতাত অভিনয় কৰিছিল।৮ তেওঁৰ দ্বিতীয়খন হিন্দী ছবি লাভ ইন নেপাল (২০০৪), এইখনো আগৰৱালাই প্ৰযোজনা কৰিছিল, য'ত তেওঁক জনপ্ৰিয় প্লেবেক গায়িক সোনু নিগমৰ সৈতে যুটী কৰা দেখা গৈছিল।৩ ফ্ল'ৰাই কেইবাখনো কন্নড় ভাষা ভাষাৰ ছবিতো অভিনয় কৰিছে৷ তাৰ ভিতৰত শ্ৰীনগৰ কিটি অভিনীত গিৰি, আৰু সুদীপ অভিনীত নাম্মান্নাও আছে।৯

২০০৮ চনৰ মাৰ্চ মাহত তেওঁক ভিছাৰ ভুৱা নথি-পত্ৰৰ বাবে চেন্নাইত গ্ৰেপ্তাৰ কৰা হয়,৭ আৰু পৰৱৰ্তী সময়ত তামিল চলচ্চিত্ৰ উদ্যোগত তেওঁক নিষিদ্ধ কৰা হয়। ১০ তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল,১১ আৰু দুসপ্তাহমানৰ পিছত নিষেধাজ্ঞা উঠাই লোৱা হৈছিল।১২ ফ্ল’ৰা চাইনীয়ে অভিনয় কৰা তিনিখন ছবি – তেলেগু ভাষাৰ ব্ৰকাৰ, আৰু কানাড়া ভাষাৰ দুখন ছবি বিস্ময় প্ৰমায়া আৰু ৱাহ ৰে বাহ – ২০১০ চনৰ ৩১ ডিচেম্বৰত মুক্তি পাইছিল; একেদিনাই তিনিখন ছবি মুক্তি পোৱাটো এটা বিৰল পৰিঘটনা হিচাপে লিমকা বুক অৱ ৰেকৰ্ডছত ঠাই পায়৷ ২০১০ চনত ফ্ল'ৰা চাইনীক উত্তৰাখণ্ড ৰত্ন বঁটাৰে সন্মানিত কৰা হয়।১৩ মৰিচাছত দৰিদ্ৰতা দূৰীকৰণৰ কামৰ বাবে তেওঁ দ্য গ্ৰেট ড’টাৰ অৱ ছ’ইল বঁটাও লাভ কৰিছে।৪ তেওঁক শেষবাৰৰ বাবে ২০১৮ত গণ্ডী বাত ছিজন ২ নামৰ এখন ৱেব-ছিৰিজত অন্বেষী জৈন সৈতে দেখা গৈছে,১৪ য’ত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। শেহতীয়াকৈ চাইনীক বহুতো ৱেব ছিৰিজত দেখা গৈছিল আৰু বিশেষকৈ হটষ্টাৰৰ মায়ানাগৰী-চিটি অৱ ড্ৰিমছত কাম কৰিছিল।

২০১৫ চনত ফ্ল'ৰা চাইনীয়ে MSG: The Messengerত মুস্কানৰ চৰিত্ৰত অভিনয় কৰিছিল, য'ত অভিনয় কৰিছিল গুৰমীত ৰাম ৰহিম সিঙে৷ তেওঁ জয়শ্ৰী সোণীৰ সৈতে কাছাম আৰু অলেক্সেণ্ড্ৰা চেমেনে এলিছৰ চৰিত্ৰত অভিনয় কৰিছিল।

২০১৯ চনৰ অক্টোবৰ মাহত ফ্ল’ৰা চাইনীয়ে দুপুৰ ঠাকুৰপো hoichoi web series ৰ জৰিয়তে বাংলা ৱেব ছিৰিজত আত্মপ্ৰকাশ কৰে। ধাৰাবাহিকখনৰ ৩য় ছিজন আছিল আৰু তেওঁ ফুলৱা বৌদি আইকনিক চৰিত্ৰত অভিনয় কৰিছিল।১৫

তথ্যসূত্ৰ

  1. ↑ #MeToo Movement: Flora Saini appreciates the way men are supporting the movement. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Vinita Chaturvedi. (19 December 2011). Flora Saini: Another southern hottie ready to storm Bollywood. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (28 August 2003). Love in Delhi, the Fllora way. দ্য হিন্দু
  4. ↑ Deepa Natarajan. (22 April 2010). Rising like a phoenix. Deccan Herald
  5. ↑ Y Sunita Chowdhary. (18 February 2012). Arts / Cinema: Itsy-Bitsy: Name game. The Hindu
  6. ↑ Welcome to. Sify
  7. ↑ Asha Saini arrested in Chennai. Sify
  8. ↑ (30 April 2001). rediff.com, Movies: Puru, Chandrachur: Face off!. Rediff
  9. ↑ (15 March 2008). Karnataka / Bangalore News: Flora Shiny had acted in Kannada movies. দ্য হিন্দু
  10. ↑ (12 March 2008). Aasha Saini aka Mayuri arrested en route to the US. IndiaGlitz
  11. ↑ (28 March 2008). Asha Saini claims innocence. Sify
  12. ↑ (24 July 2008). Actress relieved from ban. IndiaGlitz
  13. ↑ The Tribune, Chandigarh, India. The Tribune
  14. ↑ Anveshi Jain Plays a role with Flora Saini in Gandii Baat Season 2, Videos Available on App. Anveshi Jain Official App
  15. ↑ Actor Flora Saini, relates to the character of Phulwa Boudi in the webseries Dupur Thakurpo

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ল’ৰা চাইনী” প্ৰবন্ধৰ সংশোধন ৬৪০০১৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।