অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিদ্যা প্ৰদীপ

বিদ্যা প্ৰদীপ (ইংৰাজী: Vidya Pradeep) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু বিজ্ঞানী।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বিদ্যা প্ৰদীপ (ইংৰাজী ভাষা: Vidya Pradeep) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু বিজ্ঞানী।১২ তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত ষ্টেম চেল গৱেষক হিচাপে কৰ্মৰত।১ তেওঁ অভিনয় কৰা উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে শৈৱম (২০১৪), পাসংগা ২ (২০১৫), থড়ম (২০১৯) আৰু কন্নগী (২০২৩)। এগৰাকী বিজ্ঞানী হিচাপে তেওঁৰ শেহতীয়া গৱেষণা পত্ৰখনৰ শীৰ্ষক হৈছে 'এষ্টাৰ-বি মডুলেটছ অক্সিডেটিভ ষ্ট্ৰেচ ৰেচপনচেছ এণ্ড কেৰটিনইড ডিষ্ট্ৰিবিউচন ইন এআৰপিই-১৯ চেলছ', যিখন বিখ্যাত বৈজ্ঞানিক আলোচনী "অক্সিডেণ্টছ"ত প্ৰকাশ পাইছে।৩

কেৰিয়াৰ

জৈৱ প্ৰযুক্তিবিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত বিদ্যা প্ৰদীপে চেন্নাইৰ এখন চকু চিকিৎসালয়ত ষ্টেম চেল বায়লজিত পিএইচডি সম্পূৰ্ণ কৰে। তেওঁ চকুৰ ষ্টেম চেলৰ ওপৰত গৱেষণা কৰিছিল আৰু তেওঁৰ কাম "ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ চেল এণ্ড জিন থেৰাপী"ত প্ৰকাশ পাইছে।৪

শৈশৱত তেওঁ ভৰতনাট্যম চৰ্চা কৰিছিল।৫ পিএইচডি কৰি থকাৰ সময়তে বিদ্যায় মডেল হিচাপে কাম কৰিছিল আৰু কেইবাটাও ছপা মাধ্যম তথা টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল। বিদ্যায় কয় যে বিজ্ঞাপন আৰু চলচ্চিত্ৰ জগতত তেওঁৰ প্ৰৱেশ আছিল আকস্মিক। তেওঁ এ আৰ ৰহমানৰ ষ্টুডিঅ' এলবাম ৰৌনকৰ "আ ভি জা" গীতৰ মিউজিক ভিডিঅ'ত ইয়ামী গৌতম আৰু আন কেইবাগৰাকীও মডেলৰ সৈতে অভিনয় কৰিছিল। লোহিতদাসে নিৰ্মাণ কৰিবলগীয়া এখন ছবিত বিদ্যায় এটা চৰিত্ৰৰ বাবে চুক্তিবদ্ধ হৈছিল যদিও ছবিখন বাস্তৱায়িত নহ'ল। পৰৱৰ্তী সময়ত তেওঁ আভাল পেয়াৰ তামিঝাৰাচী (২০১০) ছবিত এটা সহযোগী চৰিত্ৰৰ বাবে চুক্তিবদ্ধ হয় আৰু 'ধ্যানা' নামেৰে আত্মপ্ৰকাশ কৰে। তেওঁৰ পৰৱৰ্তী ছবি আছিল বিৰুন্থাৰলী (২০১০), য'ত তেওঁ নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।৫ পৰিচালক এ এল বিজয়ে তেওঁক দেখা পাইছিল আৰু তেওঁৰ সফল পাৰিবাৰিক নাটকীয় ছবি শৈৱমত (২০১৪) চাৰা অৰ্জুনৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিবলৈ কাষ্টিং কৰিছিল। এই ছবিখনৰ বাবে তেওঁ পুনৰ নিজৰ আচল নাম ব্যৱহাৰ কৰে আৰু এগৰাকী মধ্যবয়সীয়া মহিলাৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওজন বৃদ্ধি কৰে। এখন পৰিয়ালৰ চিত্ৰায়নৰ বাবে ছবিখনে আৰু ইয়াৰ শিল্পীসকলে ধনাত্মক সমালোচনা লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ একচন ড্ৰামা অধিবৰত (২০১৫) জীৱনৰ বিপৰীতে মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰে।৬৭ ইয়াৰ পিছত প্ৰদীপে পাণ্ডিৰাজৰ পাসংগা ২ত (২০১৫) কাম কৰে। তেওঁ চাইক’লজিকেল থ্ৰিলাৰ অন্নুমে পুৰিয়ালাত (২০১৬) কাম কৰিছিল, যিখন জাৰ্মান ভাষালৈ পুনৰ নিৰ্মাণ কৰা প্ৰথমখন তামিল ছবি হিচাপে বাতৰিৰ শিৰোনাম দখল কৰিছিল। ইয়াৰ উপৰি তেওঁ অচমিন্দ্ৰীত (২০১৬) এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছিল।৮৯

বিদ্যায় শিৱ ৰাজকুমাৰৰ বিপৰীতে বংগাৰা চন অৱ বংগাৰাডা মানুছ্যা (২০১৭) ছবিৰ জৰিয়তে কানাড়া ছবিত আত্মপ্ৰকাশ কৰে আৰু ছবিখনে অতি ইতিবাচক সঁহাৰি লাভ কৰে।১০১১১২ তেওঁৰ অভিনয় দক্ষতাৰ বাবে সমালোচকসকলে তেওঁক উচ্চ প্ৰশংসা কৰিছিল। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছে উল্লেখ কৰিছে যে "বিদ্যা প্ৰদীপ কেৱল গ্লেমাৰৰ মাজতে আবদ্ধ হৈ থকা নাই বৰঞ্চ অভিনয়ৰ প্ৰতি থকা তেওঁৰ প্ৰতিভাও প্ৰমাণ কৰিছে।" ২০১৯ চনৰ মাৰ্চ মাহত অৰুণ বিজয়ৰ সৈতে তেওঁ থড়ম ছবিত অভিনয় কৰে। টাইমছ অৱ ইণ্ডিয়াই কৈছে "বিদ্যাৰ অভিনয় বিশেষভাৱে মনত ৰখাৰ দৰে" আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছে কৈছে যে "বিদ্যা প্ৰদীপে 'মলাৰ' চৰিত্ৰত আপোনাৰ দৃষ্টি সম্পূৰ্ণৰূপে আকৰ্ষণ কৰি ৰাখিবলৈ সক্ষম হৈছে।" ১৩১৪

তথ্যসূত্ৰ

  1. ↑ (9 March 2022). Actress Vidya Pradeep gets doctorate in Stem Cell Biology; To head to US for job. The Times of India
  2. ↑ (10 March 2022). Thadam Actress Vidya Pradeep Gets Doctorate In Stem Cell Biology, To Head For The US » GossipChimp
  3. ↑ Aster-B Modulates Oxidative Stress Responses and Carotenoid Distribution in ARPE-19 Cells. www.mdpi.com
  4. ↑ menon, thinkal. (2 October 2015). The pretty scientist on big screen. Deccan Chronicle
  5. ↑ S. R. Ashok Kumar. (6 May 2010). My First Break: Dhyana. The Hindu
  6. ↑ (23 August 2015). Vidya Pradeep shares her experience with Jeevan. kalakkalcinema.com
  7. ↑ (22 August 2015). Vidya Pradeep expects a lot from 'Athibar'. kalakkalcinema.com
  8. ↑ K. R. Manigandan. (16 January 2017). Tamil film to be remade in German. The Times of India
  9. ↑ Mrinalini Sundari. (16 January 2017). Vidya Pradeep does a cameo in Achamindri. The Times of India
  10. ↑ Bangaara S/O Bagarada Manushya Review {3.5/5}: Go ahead, watch this film — it lets you see farmers and their problems with a sheen. The Times of India
  11. ↑ Bangara.. in the footsteps of Bangarada manushya. The New Indian Express
  12. ↑ Rising in revolt for a noble cause. Deccan Herald
  13. ↑ Thadam Review {3.5/5}: Arun Vijay steals the show with dual roles. The Times of India
  14. ↑ (1 March 2019). Thadam movie review: A thriller that doesn't disappoint

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যা প্ৰদীপ” প্ৰবন্ধৰ সংশোধন ৬৪০০৭২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।