বেদিকা কুমাৰ, যাক কেৱল বেদিকা বুলিও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল ভাষা, তেলুগু ভাষা, কন্নড় ভাষা আৰু মালয়ালম ভাষা চলচ্চিত্ৰত কাম কৰে। বেদীকা এটা এছিয়াভিজন বঁটা আৰু দুটা এডিচন বঁটাৰ প্ৰাপক। ইয়াৰ উপৰি তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা (দক্ষিণ)-ৰ মনোনয়ন লাভ কৰিছে।১
বেদিকাই তামিল ছবি মাদ্ৰাছী-ৰ জৰিয়তে নিজৰ অভিনয় কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৩ চনৰ পৰদেশী ছবিখনৰ জৰিয়তে তেওঁ বিশেষ সফলতা লাভ কৰে। পিছলৈ তেওঁ কাভিয়া থালাইভান (২০১৪), শিৱলিংগ (২০১৬), জেমছ এণ্ড এলিচ (২০১৬), কাঞ্চনা ৩ (২০১৯) আৰু হোম মিনিষ্টাৰ (২০২২) আদিৰ দৰে সফল চলচ্চিত্ৰৰে নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰে।২৩ ২০১৯ চনত বেদীকাই দ্য বডী ছবিখনৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।৪
প্ৰাৰম্ভিক জীৱন
বেদিকা মুম্বাইত জন্মগ্ৰহণ কৰিছিল আৰু তাতেই ডাঙৰ-দীঘল হৈছিল। এটা সাক্ষাৎকাৰত বেদীকাই প্ৰকাশ কৰিছিল যে তেওঁৰ পৰিয়াল মহাৰাষ্ট্ৰ-কৰ্ণাটক ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ। তেওঁৰ মাতৃভাষা হৈছে কানাড়া।৫
কেৰিয়াৰ
প্ৰাৰম্ভিক কাম আৰু উত্থান-পতন (২০০৬–২০১২)
কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ মডেলিঙৰ সৈতে জড়িত আছিল আৰু জনপ্ৰিয় অভিনেতা সূৰ্যৰ সৈতে বিস্কুটৰ এটা উল্লেখযোগ্য বিজ্ঞাপনত কাম কৰিছিল। পৰৱৰ্তী সময়ত অৰ্জুন সাৰ্জাই তেওঁৰ নিজা প্ৰযোজনাৰ ছবি মাদ্ৰাছী-ত মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে যোগাযোগ কৰে আৰু বেদীকাই এই প্ৰস্তাৱ গ্ৰহণ কৰে।৬ মাদ্ৰাছী মুক্তি পোৱাৰ পিছত বেদীকাই ১৯৭৫ চনৰ একে নামৰ ছবিখনৰ ৰিমেক তথা এক বৃহৎ বাজেটৰ হিন্দী ছবি জয় সন্তোষী মা-ত চুক্তিবদ্ধ হৈছিল। কিন্তু ছবিখনি নিৰ্মাণ হৈ নুঠিল আৰু বেদীকাই দক্ষিণ ভাৰতীয় ছবিত অভিনয় অব্যাহত ৰাখিলে।৭ তেওঁ ৰাঘৱ লৰেন্সৰ কমেডী হৰৰ ছবি মুনি-ত অভিনয় কৰে, যদিও ছবিখনত তেওঁৰ ভূমিকা অতি সামান্য আছিল। বাণিজ্যিকভাৱে ছবিখনে গড় সফলতা লাভ কৰিছিল।৮ তেওঁৰ প্ৰথম তেলেগু ছবি আছিল বিজয়দশমী (তামিল ছবি শিৱকাছী-ৰ ৰিমেক), য’ত সমালোচকসকলে তেওঁৰ অভিনয়ক "গড়মানৰ" বুলি অভিহিত কৰিছিল।৯
২০০৮ চনত শিলাম্বৰছন অভিনীত তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি কালাই-এ নেতিবাচক সমালোচনা লাভ কৰে আৰু বাণিজ্যিকভাৱে বিফল হয়।১০ অৱশ্যে ছবিখনৰ "কুট্টি পিচাছে" গীতটোত বেদীকাৰ নৃত্যই যথেষ্ট সমাদৰ লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ চক্কৰাকট্টি ছবিত অভিনয় কৰে, যিখনো বাণিজ্যিকভাৱে বিফল হৈছিল। অৱশ্যে এ. আৰ. ৰহমানৰ সংগীত থকা এই ছবিখনত বেদীকাৰ ভূমিকাই ইতিবাচক সঁহাৰি লাভ কৰিছিল।১১ সেই বছৰৰে শেষৰফালে তেওঁ গণেশৰ বিপৰীতে কানাড়া ছবি সংগমা-ত অভিনয় কৰে। ২০০৯ চনত তেওঁ এ. ভেংকটেশৰ বাণিজ্যিকভাৱে সফল ছবি মালাই মালাই-ত ৰেডিঅ’ জকী অঞ্জলিৰ চৰিত্ৰত অভিনয় কৰে।১২ একে বছৰতে তেওঁ সমালোচকৰ প্ৰশংসিত তেলেগু ছবি বাণম-ৰ জৰিয়তে তেলেগু চিনেমা জগতলৈ প্ৰত্যাৱৰ্তন কৰে।১৩ ইয়াৰ পিছত কাৰ্তিকৰ সৈতে এয়াৰটেলৰ এটা বিজ্ঞাপনত দেখা যোৱাৰ বাহিৰে তেওঁ অভিনয়ৰপৰা কিছু বিৰতি লয় আৰু ২০১১ চনত সুমন্তৰ বিপৰীতে তেলেগু ছবি দাগগাৰাগা দূৰংগা-ত অভিনয় কৰে।১৪
বিশেষ সফলতা (২০১৩–বৰ্তমান)

২০১৩ চনত পৰিচালক বালাই তেওঁক পৰদেশী ছবিৰ বাবে চুক্তিবদ্ধ কৰে। ১৯৬৯ চনৰ কৰুণ উপন্যাস 'ৰেড টি' (Red Tea)-ৰ আধাৰত নিৰ্মিত এই ছবিখনত তেওঁ অধৰভাৰ বিপৰীতে এগৰাকী গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল।১৫ ইয়াত তেওঁ কৰা অংগাম্মা চৰিত্ৰটোৰ বাবে সমালোচকসকলে তেওঁক উচ্চ প্ৰশংসা কৰিছিল। Rediff.com-এ উল্লেখ কৰিছে যে বেদীকাই এগৰাকী গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰ নিখুঁতভাৱে ৰূপায়ণ কৰিছে।১৬১৭ ২০১৩ চনৰ তেওঁৰ দ্বিতীয়খন ছবি আছিল মালয়ালম চলচ্চিত্ৰ শৃংগাৰাভেলন, যিখন সেই বছৰৰ বাণিজ্যিকভাৱে সফল ছবিসমূহৰ ভিতৰত অন্যতম আছিল।১৮ তেওঁ বসন্তবালনৰ ২০১৪ চনৰ ছবি কাভিয়া থালাইভান-ত পৃথ্বীৰাজ সুকুমাৰণ আৰু সিদ্ধাৰ্থৰ বিপৰীতে অভিনয় কৰে। ১৯২০-ৰ দশকৰ মাদ্ৰাছ থিয়েটাৰ জগতৰ পটভূমিত নিৰ্মিত এই ছবিখনত তেওঁ কে. বি. সুন্দৰাম্বলৰদ্বাৰা অনুপ্ৰাণিত চৰিত্ৰ এটাত অভিনয় কৰাটোক বেদীকাই "জীৱনৰ এক অনন্য সুযোগ" বুলি অভিহিত কৰিছিল।১৯
সংবাদ মাধ্যমত গুৰুত্ব

'টাইমছ অৱ ইণ্ডিয়া'ৰ চেন্নাই টাইমছৰ 'আটাইতকৈ আকৰ্ষণীয় মহিলা'ৰ তালিকাত বেদীকাই ২০১৩ চনত ২০তম আৰু ২০১৪ চনত ১৭তম স্থান লাভ কৰিছিল।২০২১ সেইদৰে বাংগালুৰু টাইমছৰ 'আটাইতকৈ আকৰ্ষণীয় মহিলা'ৰ তালিকাত তেওঁ ২০১৬ চনত ১০ম আৰু ২০১৮ চনত ২১তম স্থানত আছিল।২২২৩ ২০২৪ চনত বেদীকাই 'পেটা' ৰ সৈতে মিলি কান্নুৰৰ এটা মন্দিৰলৈ এটা যান্ত্ৰিক হাতী দান কৰে।২৪
তথ্যসূত্ৰ
- ↑ Top 10 glamorous looks of Vedhika. The Times of India
- ↑ Kohli, Sonali. (21 February 2016). Kannada Shivalinga 2nd Week 10th Day Box Office Collection Worldwide Earning. Dekh News
- ↑ (27 April 2019). Tamil film 'Kanchana 3' hits the jackpot, mints Rs 100-crore in a week. The Economic Times
- ↑ (8 November 2019). Emraan Hashmi announces his next, The Body, a suspense thriller with Rishi Kapoor, Sobhita Dhulipala, and Vedhika. Bollywood Hungama
- ↑ SM, Shashiprasad. (27 January 2016). Shivarajkumar comes from a prestigious family but is so down-to-earth: Vedhika. Deccan Chronicle
- ↑ Cinema Plus / Columns: My first break – Vedika. The Hindu (30 January 2009). Retrieved 18 October 2011
- ↑ Metro Plus Visakhapatnam / Cinema: Bollywood bound. The Hindu (15 April 2006). Retrieved 18 October 2011
- ↑ Movie Review:Muni. Sify.com. Retrieved 18 October 2011
- ↑ Reviews: Movie Reviews: Vijaya Dasami – Movie Review
- ↑ Kaalai: A wasted effort. Rediff.com. Retrieved 18 October 2011
- ↑ Review: Sakkarakkatti. Rediff.com. Retrieved 18 October 2011
- ↑ Vedhika is married to work. The Times of India. Retrieved 18 October 2011
- ↑ Rajamani, Radhika. (16 September 2009). Baanam is interesting. Rediff.com
- ↑ Vedika in Sumanth starrer. Sify.com (27 April 2011). Retrieved 18 October 2011
- ↑ Atharva ready for Bala's next. Deccan Chronicle
- ↑ (15 March 2013). Review: Paradesi is exceptional. Rediff.com
- ↑ Movie Review: Paradesi. Sify
- ↑ (4 July 2013). Vedhika to romance Dileep. The Times of India
- ↑ Ramanujam, Srinivasa. (5 December 2014). The taste of success. The Hindu
- ↑ Shruti Hassan- MOST DESIRABLE WOMEN OF CHENNAI. Deccan-Journal
- ↑ Chennai Times 25 Most Desirable Women in 2014. The Times of India
- ↑ Bangalore Times Most Desirable Woman 2016: Srinidhi Shetty. Times of India
- ↑ Bangalore Times' Most Desirable Women of 2018: The queens of desire. Times of India
- ↑ Actor Vedhika, PETA India gift mechanical elephant to Kannur temple. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেদিকা” প্ৰবন্ধৰ সংশোধন ৬৩৭৫১৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।