অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেগম পাৰা

বেগম পাৰা ( Begum Para; ২৫ ডিচেম্বৰ ১৯২৬ – ৯ ডিচেম্বৰ ২০০৮) এগৰাকী ভাৰতীয় হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আছিল, যি বেছিভাগ ১৯৪০ আৰু ১৯৫০ চনৰ সময়ছোৱাত সক্ৰিয় আছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বেগম পাৰা ( Begum Para; ২৫ ডিচেম্বৰ ১৯২৬ – ৯ ডিচেম্বৰ ২০০৮) এগৰাকী ভাৰতীয় হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আছিল, যি বেছিভাগ ১৯৪০ আৰু ১৯৫০ চনৰ সময়ছোৱাত সক্ৰিয় আছিল।১২ প্ৰায় ৫০ বছৰ এই উদ্যোগত অনুপস্থিত থকাৰ পিছত সঞ্জয় লীলা ভণশালীৰ সাঁৱৰিয়া (২০০৭) ছবিত সোণম কাপুৰৰ আইতাকৰ ৰূপত শেষৰটো চৰিত্ৰত অভিনয় কৰি পুনৰ চলচ্চিত্ৰলৈ উভতি আহিছিল। ১৯৫০ চনত তেওঁৰ সময়ত তেওঁক বলীউডৰ এগৰাকী গ্লেমাৰ গাৰ্ল বুলি গণ্য কৰা হৈছিল, ইমানেই জনপ্ৰিয় আছিল যে, লাইফ আলোচনীয়ে তেওঁৰ সৈতে তেওঁৰ সুন্দৰ আবেদনময়ী ফটোৰ এক বিশেষ ফটো ছেচন কৰিছিল।৩৪

আদি জীৱন

বেগম পাৰাৰ জন্ম হৈছিল ব্ৰিটিছ অধিকৃত ভাৰতৰ ঝেলুমত, (বৰ্তমান পাকিস্তানত) জুবেদা উল হক নামেৰে। তেওঁৰ পৰিয়ালটো আলিগড়ৰ আছিল। তেওঁৰ পিতৃ মিয়ান এহছানুল-হক এজন ন্যায়াধীশ আছিল, যিয়ে জীৱনৰ কোনোবা এটা সময়ত ৰাজস্থানৰ উত্তৰ ৰাজস্থানৰ ৰাজকীয় ৰাজ্য বিকানেৰৰ ন্যায়িক সেৱাত যোগদান কৰিছিল আৰু তাৰ পৰাই তেওঁ ইয়াৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছিল। তেওঁ সেই সময়ৰ এজন ভাল ক্ৰিকেটাৰ আছিল।৪ বেগম পাৰা ডাঙৰ-দীঘল হৈছিল অতি অনুশাসিত অথচ উদাৰ পৰিৱেশত। বিকানেৰতেই তেওঁ শৈশৱ কটাইছিল। আলিগড় মুছলিম বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ ডাঙৰ ভাতৃ মাছৰুল হক, ১৯৩০ চনৰ শেষৰ ফালে অভিনেতা হ’বলৈ বোম্বেলৈ গৈছিল। তাতেই তেওঁ বাঙালী অভিনেত্ৰী প্ৰতিমা দাসগুপ্তক লগ পাইছিল আৰু প্ৰেমত পৰিছিল আৰু তেওঁক বিয়া কৰাইছিল।৫৪ বম্বেত যেতিয়াই তেওঁ তেওঁলোকৰ ওচৰলৈ গৈছিল, তেতিয়াই তেওঁ বৌয়েকৰ জাকজমকীয়া জগতখনৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছিল। বেগমে বহু অনুষ্ঠান আৰু গেট-টুগেদাৰ অনুষ্ঠানত তেওঁৰ লগত গৈছিল। আশা কৰিছিল, মানুহে তেওঁৰ চেহেৰাত যথেষ্ট আকৰ্ষিত হ’ব আৰু তেওঁক বহুত চৰিত্ৰ আগবঢ়াব। তেনে এটা অফাৰ আহিছিল শশধৰ মুখাৰ্জী আৰু দেৱিকা ৰাণীৰ পৰা। বেগমৰ দেউতাকে তেওঁৰ ইচ্ছাক অনিচ্ছা সত্ত্বেও সন্মতি দিছিল আৰু বেগমক লাহোৰত কেতিয়াও কাম নকৰিবলৈ অনুৰোধ কৰিছিল।৫

কেৰিয়াৰ

বেগম পাৰাৰ প্ৰথম ছবি ১৯৪৪ চনৰ ছবি পুনাৰ প্ৰভাত ষ্টুডিঅ’ৰ চান্দ নামে ওলাল। প্ৰেম আদিব নায়ক আছিল আৰু সীতাৰা দেৱী ছবিখনৰ ভেম্প। এইখনত অত্যন্ত ভাল কাম কৰিলে আৰু বেগম পাৰাই মাহে ১৫০০ টকা দৰমহা পাবলৈ ধৰিলে। অলপ পিছতে তেওঁ আৰু তেওঁৰ বৌয়েক প্ৰতিমাই ‘পিগমেলিয়ন’ উপন্যাসৰ আধাৰত ছমিয়া (১৯৪৫) নামৰ এখন ছবি নিৰ্মাণ কৰে, যিখন ছবিয়ে পুনৰ এক বৃহৎ সফলতা লাভ কৰে। ছমিয়াৰ পিছত পাৰাই বহু ছবিত চহী কৰিছিল যদিও অভিনেত্ৰী হিচাপে নিজকে একেবাৰে প্ৰতিষ্ঠা কৰিব পৰা নাছিল। কাৰণ তেওঁৰ আছিল অতি কলংকিত ভাবমূৰ্তি, মানুহে তেওঁক সদায় বেছিভাগ ছবিতে গ্লেমাৰ সৰ্বস্ব চৰিত্ৰ দিছিল। তেওঁ এই কথাত আপত্তিও কৰা নাছিল, কাৰণ তেওঁ সদায় পৰ্দাত নিজকে ৰাখিব বিচাৰিছিল।৬ ঈশ্বৰলাল আৰু দীক্ষিতৰ সৈতে সোহনী মহিৱাল (১৯৪৬) আৰু জঞ্জীৰ (১৯৪৭) ছবি; ৰাজ কাপুৰৰ সৈতে নীল কমল (১৯৪৭); নাৰ্গিছৰ সৈতে মেহেণ্ডী (১৯৪৭); ভাৰত ভূষণ আৰু গীতা বালিৰ সৈতে সুহাগ ৰাত (১৯৪৮); ঝলকা (১৯৪৮); আৰু মেহেৰবানী (১৯৫০) অজিত খানৰ সৈতে কৰিছিল।৫ তেতিয়াৰ সুপৰিচিত অভিনেতা শ্বেখ মুখতাৰৰ প্ৰযোজনা আৰু পৰিচালিত উস্তাদ পেড্ৰ’ (১৯৫১) ছবিতো কাম কৰিছিল। ই আছিল এখন মজাৰ ছবি আৰু একচন, ৰোমাঞ্চ আৰু ষ্টাণ্টেৰে ভৰা আছিল।৭ ১৯৫১ চনত তেওঁ লাইফ আলোচনীৰ ফটো শ্বুটৰ বাবে ফটোগ্ৰাফাৰ জেমছ বাৰ্কৰ বাবে পোজ দিছিল।৮ পাৰাৰ শেষ ভূমিকা আছিল ১৯৫৬ চনত কাৰ ভালা চিনেমাত।৬মোগল-ই-আজম (১৯৬০) ছবিখনত নিগাৰ চুলতানাৰ ‘বাহাৰ’ৰ চৰিত্ৰত অভিনয় কৰিবলৈও তেওঁক প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু তেওঁ এই চৰিত্ৰটো কৰিবলৈ অস্বীকাৰ কৰিছিল কাৰণ তেওঁ ইয়াক নিজৰ ভাবমূৰ্তিৰ বিৰুদ্ধে বুলি বিবেচনা কৰিছিল।৫

২০০৭ চনত সঞ্জয় লীলা ভণশালীৰ সাঁৱৰিয়াত সোনম কাপুৰৰ আইতাক হিচাপে ৰূপালী পৰ্দাত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটিছিল (৫০ বছৰতকৈও অধিক সময় চিনেমাত নিৰুদ্দেশ হৈ থকা পিছত আৰু শেষত তেওঁৰ শেষ ছবি হৈছিল, পিছৰ বছৰ ২০০৮ চনত তেওঁৰ মৃত্যুৰ আগতে৷)৬

ব্যক্তিগত জীৱন

তেওঁ অভিনেতা নাছিৰ খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যি এজন অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা আৰু বলীউডৰ তাৰকা দিলীপ কুমাৰৰ কনিষ্ঠ ভাতৃ আছিল।৯ তেওঁলোকৰ তিনিটা সন্তান আছিল লুবনা, নাদিৰ আৰু অভিনেতা আয়ুব খান। তেওঁৰ তিনিগৰাকী নাতিনী আছিল, কিচু ডাণ্ডিয়া- এগৰাকী গহনা ডিজাইনাৰ, তাহুৰা খান আৰু জোহৰা খান। বেগম পাৰাৰ পিতৃ জলন্ধৰৰ মিয়ান এহছান-উল-হক এজন ন্যায়াধীশ আছিল যিয়ে বৰ্তমানৰ উত্তৰ ৰাজস্থানৰ বিকানেৰ ৰাজকীয় ৰাজ্যত যোগদান কৰিছিল, য'ত তেওঁ ইয়াৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছিল। ১৯৭৪ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়।১০ স্বামীৰ মৃত্যুৰ পিছত তেওঁ ১৯৭৫ চনত পৰিয়ালৰ সৈতে থাকিবলৈ কিছু সময়ৰ বাবে পাকিস্তানলৈ গুচি যায়, দুবছৰৰ পিছত তেওঁ পুনৰ ভাৰতলৈ উভতি আহে।১১৪

তথ্যসূত্ৰ

  1. ↑ (2 June 2015). 5 noted personalities who left Pakistan for India
  2. ↑ (29 November 1997). Ms Oomph: V Gangadhar meets Begum Para, the original pin-up girl.. Rediff.com
  3. ↑ Photos, Old Indian. Sensuous Photographs of Hindi Movie Star Begum Para by Life Magazine Photographer James Burke - 1951
  4. ↑ Hasan, Khalid. (2 August 2015). Begum Para: the Last Glamour Girl. The Friday Times
  5. ↑ Begum Para – Memories – Cineplot.com
  6. ↑ (8 December 2015). 6 Facts About Begum Para, One Of Bollywood's Most Legendary Actresses Ever. The Times of India
  7. ↑ Rediff On The Net, Movies: An interview with Begum Para. Rediff.com
  8. ↑ collection, Isa Daudpota. (22 August 2014). Begum Para (1951). The Friday Times
  9. ↑ Gangadhar, V. (17 September 2006). The return of Begum Para. দ্য হিন্দু
  10. ↑ (28 May 1997). Begum Para | Begum Para. Outlookindia.com
  11. ↑ (2 June 2015). 5 noted personalities who left Pakistan for India. The Express Tribune

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেগম পাৰা” প্ৰবন্ধৰ সংশোধন ৬৩৭৫০৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।