অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাৱনা (অভিনেত্ৰী)

নন্দিনী ৰামান্না (Nandini Ramanna)ৰ সুপৰিচিত নামটো হৈছে ভাৱনা ৰামান্না। তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতৰ সৰহখিনি কাম কন্নড় ভাষাতে। তেখেত এগৰাকী ভাৰতনাট্যমৰ শিল্পী। এতিয়ালৈকে তিনিবাৰ তেখেতে কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩০৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নন্দিনী ৰামান্না (Nandini Ramanna)ৰ সুপৰিচিত নামটো হৈছে ভাৱনা ৰামান্না। তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতৰ সৰহখিনি কাম কন্নড় ভাষাতে। তেখেত এগৰাকী ভাৰতনাট্যমৰ শিল্পী। এতিয়ালৈকে তিনিবাৰ তেখেতে কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে। আনহাতে গিনিজ বুকত স্থান লাভ কৰা 'শান্তি' নামৰ ছবিখনত তেখেতে অভিনয় কৰিছে। ভাৱনা ৰামান্না হৈছে হোমটাউন প্ৰডাকছনৰ পৰিচালক। এই প্ৰযোজনা গোষ্ঠীটোৱে নৃত্য আৰু সংগীতৰ অনুষ্ঠান আয়োজন কৰে।১২ ২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক্-ক্ষণত ভাৱনাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ কৰ্ণাটকত মুখ্য প্ৰচাৰক হিচাপে কাম কৰিছিল। ২০১৩ চনৰ ৰাজ্যিক নিৰ্বাচনৰ সময়তো তেখেতে একেই ভূমিকা পালন কৰিছিল।

কৰ্মজীৱন

ভাৱনাৰ জন্মতে নাম আচিল নন্দিনী ৰামান্না। পাছত এই নামটো কডলু ৰামাকৃষ্ণৰ দ্বাৰা সলাই দিয়া হয়।৩৪

ধ্ৰুপদী নৃত্যৰ এগৰাকী শিল্পী হোৱাৰ উদ্দেশ্যে ভাৱনাই প্ৰশিক্ষণ আৰম্ভ কৰিছিল আৰু প্ৰথম পৰ্যায়ত তেখেতৰ মনত ছবিত অভিনয় কৰাৰ কোনোধৰণৰ বাসনা নাছিল। দহবছৰজুৰি তেখেতে ভাৰতনাট্যম শিকে আৰু এগৰাকী নৃত্যপৰিচালক/কৰিঅ'গ্ৰাফাৰ হোৱাৰ বাঞ্ছাক সাকাৰ কৰিবলৈ যত্নৱান হয়। তুলু ভাষাৰ ছবি 'মেৰিবেলে'ৰ জৰিয়তে ভাৱনাৰ অভিনয়-জীৱন আৰম্ভ হয়। কৃষ্ণপ্পা উপ্পুৰে তেখেতক এখনি বিবাহোনুষ্ঠানত নৃত্যৰতা অৱস্থাত দেখি ছবিৰ বাবে বাছনি কৰে। ছবিখনৰ ব্যৱসায় ভাল নহ'ল, কিন্তু কন্নড় ছবিৰ প্ৰযোজকসকলৰ দৃষ্টিত ভাৱনাৰ অভিনয়-দক্ষতাই সমাদৰ লাভ কৰে। ইয়াৰ পিছত ভাৱনাই "নং ওৱান" নামৰ অইন এখন কন্নড় ছবিত অভিনয় কৰে।৫

সীতাৰাম কাৰ্ণাথৰ সাংগীতিক হিট ছবি 'চন্দ্ৰমুখী প্ৰাণসখী'ত ভাৱনাই অভিনয় কৰে আৰু তেখেতৰ বিপৰীতে এইখন ছবিত ৰমেশ অৰৱিন্দ আৰু প্ৰেমাক দেখিবলৈ পোৱা যায়।৫ কবিতা লংকেশৰ দ্বাৰা নিৰ্মিত ছবি 'ডেৱেৰি'ত ভাৱনাই পৰৱৰ্তী সময়ত অভিনয় কৰে আৰু ইয়াৰ বাবে অৰৱিন্দ পুৰস্কাৰৰে সন্মানীত হয়।৫ ২০০২ চনত মুক্তিলাভ কৰা বিষ্ণুবৰ্ধনৰ দ্বাৰা নিৰ্মিত ছবি 'পৰ্ব'ত তেখেতে এটি গীতত ভাগ লয়।৬ আনহাতে 'নিনাগাগি'ত ভাৱনাই এটা আইটেম গীতত অভিনয় কৰে।৭ কবিতা লংকেশৰ আন এখন ছবি 'আলেমাৰি'ত ভাৱনাই অভিনয় কৰে।৮৯ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ হেতু নিৰ্মাণ কৰা এই ছবিখন বহুকেইটা সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়।১০ কিন্তু ছবিখন চলচ্চিত্ৰ শাখাই মুক্তি নিদিলে।১১ ভাৱনাৰ দ্বাৰা অভিনীত 'শান্তি' হৈছে এখনি ব্যতিক্ৰমী কন্নড় ভাষাৰ ছবি, যিখন ছবিৰ পৰিচালক হৈছে বাৰাগুড় ৰামাচন্দ্ৰপ্পা। গীনিজ বুকত স্থানলাভ কৰা দ্বিতীয়খন ভাৰতীয় ছবি হিচাপে 'শান্তি' চিহ্নিত হয়।১২১৩ গীনিজ বুকৰ 'কাহিনীধৰ্মী ছবিত কমসংখ্যক অভিনেতা' শীৰ্ষক শিতানটোত ছবিখনে নাম দখল কৰে। ছবিখনে ৰাজ্যিক চলচ্চিত্ৰ বঁটাত দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ বঁটা অৰ্জন কৰে।১৪ ২০০৬ চনত নিৰ্মাণ হোৱা 'ফেমিলি' নামৰ বলিউডৰ ছবিখনত ভাৱনাক দেখিবলৈ পোৱা যায়। ছবিখনত অমিতাভ বচ্চনেও অভিনয় কৰিছিল।১৫

'ভাগীৰথী' নামৰ কন্নড় ছবিখনৰ বাবে ভাৱনাক ২০১২ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা দিয়া হয়।১৬১৭ 'ৰেডিফে' তেখেতক ২০১০ চনৰ শীৰ্ষতম কন্নড় অভিনেত্ৰীৰ তালিকাভুক্ত কৰে।১৮

তথ্যসূত্ৰ

  1. ↑ www.zauba.com/director/BHAVANA-RAMANNA-NANDINI/0
  2. ↑ আৰ্কাইভ কপি
  3. ↑ When a rose turns a lily. Deccan Herald
  4. ↑ In Karnataka Politics, It is Star 'Caste' That Counts, Not Stardom. News18
  5. ↑ Bhavana. Sify
  6. ↑ He was humble and never treated anyone like a newcomer. Rediff
  7. ↑ Jogula
  8. ↑ Fighting the formula. The Hindu
  9. ↑ Alemaari Story in Pictures. Rediff
  10. ↑ Every film is a work of art. Rediff
  11. ↑ ENCORE!. The Hindu
  12. ↑ 'Shanti' gets into the Guinness Book. The Hindu
  13. ↑ Srinivasa, Srikanth. (2 July 2012). Meet Kannada cinema's actress of substance. Rediff.com
  14. ↑ An experiment with peace. The Hindu
  15. ↑ 'The right people don't approach me'. The Times of India
  16. ↑ Sudeep, Bhavana bag best acting awards. Deccan Herald
  17. ↑ 'Prasad' gets best film award for 2011. The Hindu
  18. ↑ Bhavana. Rediff

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰীভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৱনা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৩৮২৩৭৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।