মধুৰিমা তুলি (ইংৰাজী ভাষা: Madhurima Tuli; জন্ম: ১৯ আগষ্ট ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।১২ হিন্দী ভাষা টেলিভিছনত তেওঁৰ কৰ্মৰাজিৰ ভিতৰত কাল্পনিক ধাৰাবাহিক কস্তুৰী, পৰিচয়, কুমকুম ভাগ্য, চন্দ্ৰকান্তা আৰু কয়ামত কী ৰাতৰ লগতে ৰিয়েলিটি শ্ব’ নাচ বলিয়ে ৯ আৰু বিগ বছ ১৩ অন্তৰ্ভুক্ত।৩ তেওঁ জনপ্ৰিয় হিন্দী ছবি যেনে বেবী (২০১৫), হমাৰী অধুৰী কাহানী (২০১৫) আৰু নাম শবানাতো (২০১৭) অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
১৯৮৬ চনৰ ১৯ আগষ্টত ওড়িশাত তুলিৰ জন্ম হৈছিল।৪৫ তেওঁ উত্তৰাখণ্ডৰ ডেৰাডুনৰ নিবাসী। কলেজত পঢ়ি থকা সময়তে তেওঁ 'মিছ উত্তৰাঞ্চল' প্ৰতিযোগিতাত বিজয়ী হৈছিল।৫ তেওঁৰ পিতৃ টাটা ষ্টীলত কৰ্মৰত আছিল আৰু মাতৃ এগৰাকী বেচৰকাৰী সংস্থাৰ (NGO) কৰ্মী। তেওঁৰ শ্ৰীকান্ত তুলি নামৰ এজন কনিষ্ঠ ভাতৃ আছে,৬৭ যি 'SVMT Music' নামৰ এটা সংগীত লেবেলৰ গৰাকী।৮
কেৰিয়াৰ
তুলিয়ে ২০০৪ চনত চাই কিৰণৰ বিপৰীতে তেলেগু ছবি সত্থাৰ জৰিয়তে অভিনয় জগতত ভৰি থৈছিল। তেওঁ মুম্বাইলৈ আহি কিশোৰ নমিত কাপুৰ এক্টিং স্কুলত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে আৰু গডৰেজ, ফিয়ামা ডি উইলছ, এয়াৰটেল, লেনোভো, আল্ট্ৰাট্ৰেক চিমেণ্ট, ডমিনোজ পিজ্জা আৰু কাৰ্বন মবাইলৰ দৰে ব্ৰেণ্ডৰ বিজ্ঞাপনত মডেল হিচাপে কাম কৰে।৯
২০০৮ চনত জে. ডি. চক্ৰৱৰ্তীৰদ্বাৰা ৰচিত তথা পৰিচালিত ভাৰতীয় থ্ৰিলাৰ ছবি হোমমত তেওঁ সত্যা নামৰ এগৰাকী ধুনীয়া ছোৱালীৰ সহযোগী চৰিত্ৰত অভিনয় কৰে।১০১১ এই ছবিখন মাৰ্টিন স্কোৰচেজৰ ২০০৬ চনৰ হলিউড ছবি দ্য ডিপাৰ্টেডৰদ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত আছিল।১২
২০০৯ চনত টছ তেওঁৰ পৰৱৰ্তী ছবি আছিল য’ত তেওঁ চেৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।১৩ জি টিভিৰ অতিপ্ৰাকৃতিক ধাৰাবাহিক শ্ৰীত (২০০৮-২০০৯) বিন্ধিয়াৰ চৰিত্ৰত অভিনয় কৰাৰ পাছত তেওঁ ষ্টাৰ ৱানৰ টিভি ধাৰাবাহিক ৰং বদলতী ওঢ়নীত (২০১০-২০১১) এগৰাকী উচ্চাকাঙ্ক্ষী মডেল খুশীৰ চৰিত্ৰত অভিনয় কৰে।১৪
২০১০ চনত কালো ছবিত তেওঁ নৱ-বিবাহিতা ৰুক্মিণীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন কেপ টাউনৰ ষষ্ঠ বাৰ্ষিক দক্ষিণ আফ্ৰিকাৰ হেল’ৱিন হৰৰ ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল আৰু ই শ্ৰেষ্ঠ ফিচাৰ ফিল্ম আৰু শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীৰ বঁটা লাভ কৰিছিল।১৫১৬ তেওঁ ডিনো মৰিয়াৰ সৈতে ৰিয়েলিটি শ্ব’ ফিয়েৰ ফেক্টৰ: খতৰোঁ কে খিলাড়ীৰ তৃতীয় ছিজনত অংশ লৈছিল।
২০১২ চনত তেওঁ প্ৰশান্ত নাৰায়ণনৰ সৈতে ছিগাৰেট কী তৰহ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।১৭১৮ ইয়াৰ উপৰি তেওঁ আনিক সিংঘালৰ ইংৰাজী চুটি ছবি লেথাল কমিছনত নাতাশাৰ চৰিত্ৰত অভিনয় কৰিছিল।১৯
তেওঁ কে. শিৱসূৰ্যৰ পৰিচালনাত মাৰীচা (২০১২) ছবিতো অভিনয় কৰিছিল। এই ছবিখন কানাড়া আৰু তামিল ভাষাত একেলগে নিৰ্মাণ কৰা হৈছিল।২০
২০১৩ চনৰ থ্ৰিলাৰ ছবি ৱাৰ্নিংত তুলিয়ে গুঞ্জন দত্তৰ চৰিত্ৰত অভিনয় কৰিছিল।২১২২ তেওঁ সুভাষ ঘাইৰ প্ৰযোজনা আৰু হেমন্ত হেগড়েৰ পৰিচালনাত নিৰ্মিত কানাড়া ছবি নিমবে হুলিতো অভিনয় কৰিছিল।২৩ ২০১৫ চনৰ একচন ছবি বেবীত তেওঁ অক্ষয় কুমাৰৰ পত্নী অঞ্জলি সিং ৰাজপুতৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে।২৪
ব্যক্তিগত জীৱন
২০১৭ চনত নিজৰ ধাৰাবাহিক চন্দ্ৰকান্তাৰ ছেটত তুলিয়ে অভিনেতা বিশাল আদিত্য সিঙক লগ পাইছিল আৰু পিছলৈ তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। ২০১৮ চনত এবছৰ ডেটিং কৰাৰ পাছত তেওঁলোকৰ বিচ্ছেদ ঘটে।২৫২৬
তথ্যসূত্ৰ
- ↑ Khan, Asad. (15 December 2012). She has been selected for role of heroine in Hindi film Baby opposite Akshay Kumar who is one of the biggest star of Bollywood. Madhurima Tuli is on the roll. The Indian Express
- ↑ Dasgupta, Piyali. (15 September 2011). Anik Singal a US citizen is all set to shoot in India. The Times of India
- ↑ (16 January 2017). Kumkum Bhagya actress Madhurima Tuli raises the temperature with her bikini pic. India Today
- ↑ (19 August 2020). Bigg Boss 13 fame Madhurima Tuli rings in her birthday with family; in pics and videos. The Times of India
- ↑ (31 August 2013). Madhurima Tuli takes a leap, goes to big screen: Glossary. India Today
- ↑ (17 December 2010). Meet the pretty face of horror!. Rediff.com
- ↑ (22 August 2021). Madhurima Tuli and her brother Srikant Tuli celebrate Raksha Bandhan with ETimes TV. The Times of India
- ↑ (2 August 2021). Madhurima Tuli's brother Shrikant Tuli, announces his third song in association "Ek Raah". bollyukmedia.com
- ↑ (4 December 2019). Bigg Boss 13: From winning Miss Uttaranchal contest to being a part of Akshay Kumar's film; a look at Madhurima Tuli's lesser-known facts. The Times of India
- ↑ (3 August 2008). Homam music launch - Telugu cinema - Jagapati Babu, JD Chakravarthy, Mamata Mohandas & Madhurima. Idlebrain.com
- ↑ (5 September 2018). Madhurima Tuli, actress. Deccan Herald
- ↑ (27 August 2008). Interview with JD on Homam. Totaltollywood.com
- ↑ iBaburao. Toss 2009 Hindi Movie. Ibaburao.com
- ↑ (20 June 2011). Madhurima Tuli enters in Rang Badalti Odhani on Star One. Metromasti.com
- ↑ Dedhia, Sonil. (14 December 2010). Awards are really not new to me. Rediff.com
- ↑ (17 December 2010). 'Kaalo' India's First Daytime Creature Feature. Horror-movies.ca
- ↑ (16 December 2012). 'Madhuri is a complete actor': Madhurima Tuli - Daily The Shadow Newspaper Jammu Kashmir. Theshadow.in
- ↑ Hyderabad Deccan News. Movie Review - Cigarette Ki Tarah. Newswala.com
- ↑ Lethal Commission (full movie official) - Free Movie Videos, Movie Trailers, Film Trailers, Interviews and Gossip. NME
- ↑ Y Maheswara Reddy. (29 November 2011). Maaricha: A thriller on honeymoon. The Indian Express
- ↑ Anuj Kumar. (29 September 2013). A film that's all at sea. The Hindu
- ↑ (28 September 2013). Warning: Danger ahead!. Starblockbuster
- ↑ Sharanya CR. (29 January 2013). Nimbe Huli audio launched. The Times of India
- ↑ Bhattacharya, Roshmila. (8 September 2014). Madhurima Tuli to play Akshay Kumar's wife in Baby. The Times of India
- ↑ (3 October 2018). 'Chandrakanta' co-actors Madhurima Tuli and Vishal Aditya Singh BREAK UP!. news.abplive.com
- ↑ (10 August 2019). Nach Baliye's Vishal Aditya Singh on breakup with Madhurima Tuli: 'She was abusive, was ashamed to be seen with me in public'. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুৰিমা তুলি” প্ৰবন্ধৰ সংশোধন ৬০৬৬২৪ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।