মনপ্ৰীত কৌৰ ব্ৰাৰ (ইংৰাজী ভাষা: Manpreet Kaur Brar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৯৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল,১ আৰু ১৯৯৫ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ-আপ হৈছিল।
প্ৰাৰম্ভিক জীৱন
ভাৰতৰ মিজোৰামৰ এটা ব্ৰাৰ জাট শিখ পৰিয়ালত ১৯৭৩ চনৰ ৯ জুনত মনপ্ৰীতৰ জন্ম হৈছিল। তেওঁ দিল্লীৰ লেডী ইৰউইন কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু 'কমিউনিটি ৰিচ'ৰ্ছ মেনেজমেণ্ট এণ্ড এক্সটেনচন' বিষয়ৰ এগৰাকী সন্মানীয় ছাত্ৰী আছিল। মনপ্ৰীত তেওঁৰ স্নাতক শিক্ষাৰ অন্তিম বৰ্ষত মহাবিদ্যালয়খনৰ সভানেত্ৰীও আছিল।
কৰ্মজীৱন
বৰ্তমানৰ মিছ ইউনিভাৰ্ছ সুস্মিতা সেনে মনপ্ৰীত ব্ৰাৰক ১৯৯৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট পিন্ধাইছিল। তেওঁ নামিবিয়াত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ১৯৯৫-ত অংশগ্ৰহণ কৰিছিল আৰু মিছ ইউএছএ চেলচি স্মিথৰ পিছত প্ৰথম ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হৈছিল। ভাৰতলৈ উভতি অহাৰ পাছত তেওঁ কেইবাটাও ফেশ্বন শ্ব’ কৰিছিল। ব্ৰাৰে ঋতু কুমাৰে ডিজাইন কৰা আৰু 'দ্য টাইমছ অৱ ইণ্ডিয়া'ৰদ্বাৰা বিত্তীয় সাহায্য প্ৰাপ্ত এটা জনগোষ্ঠীয় পোছাকৰ মডেলিং কৰিছিল।
১৯৯৫ চনত ফেমিনা মিছ ইণ্ডিয়া খিতাপ জয় কৰাৰ উপৰি তেওঁ একে বছৰতে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ-আপ হৈছিল।২ তেওঁ ওমেগা ঘড়ী কোম্পানীৰ ব্ৰেণ্ড এম্বেছেডৰ আছিল। ইয়াৰ উপৰি তেওঁ ফিল্মফেয়াৰ বঁটা, গ্ৰেভিয়েৰা মেনহাণ্ট আৰু এডি ক্লাব বঁটাৰ আঁত ধৰিছিল। তেওঁ চেনেল ভি-ত ষ্টাৰ মিছ ইণ্ডিয়া, বিপিএল অয়ে আৰু মাংতা হ্যায়ৰ দৰে কেইবাটাও টিভি শ্ব’ৰ পৰিচালনা কৰিছিল।
ব্যক্তিগত জীৱন
মনপ্ৰীত অৰ্জুন ৱালিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুটা সন্তান আছে। তেওঁ নিজকে এগৰাকী 'এগেটেৰিয়ান' (নিৰামিষভোজী যিয়ে কণী ভক্ষণ কৰে) বুলি পৰিচয় দিয়ে।৩
তথ্যসূত্ৰ
- ↑ (21 September 2013). Manpreet Brar shortly after being crowned Miss India - YouTube. www.youtube.com
- ↑ (28 May 2003). Madhu Sapre: Traditional versus Bohemian - Times of India. The Times of India
- ↑ I workout for an hour daily. archive.indianexpress.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনপ্ৰীত ব্ৰাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৮৭০২ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।