অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহিমা মাকৱানা

মহিমা মাকৱানা (জন্ম: ৫ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে,হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। শিশু শিল্পী হিচাপে মিলে জব হাম তুম আৰু বালিকা বধূৰ জৰিয়তে দূৰদৰ্শনত প্ৰৱেশ কৰাৰ পাছত মাকৱানাই সপনে সুহানে লড়কপন কেত ৰচনা চৰিত্ৰৰ জৰিয়তে স্বীকৃতি লাভ কৰে, যাৰ পিছত তেওঁ কেইবাটাও দূৰদৰ্শন…

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ৩৮১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মহিমা মাকৱানা (জন্ম: ৫ আগষ্ট ১৯৯৯)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে,হিন্দী ভাষা চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে।২ শিশু শিল্পী হিচাপে মিলে জব হাম তুম আৰু বালিকা বধূৰ জৰিয়তে দূৰদৰ্শনত প্ৰৱেশ কৰাৰ পাছত মাকৱানাই সপনে সুহানে লড়কপন কেত ৰচনা চৰিত্ৰৰ জৰিয়তে স্বীকৃতি লাভ কৰে, যাৰ পিছত তেওঁ কেইবাটাও দূৰদৰ্শন অনুষ্ঠানত অভিনয় কৰে। ২০২১ চনত মাকৱানাই একচন থ্ৰিলাৰ ছবি অস্তিমৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।৩

প্ৰাৰম্ভিক জীৱন

মাকৱানাৰ জন্ম মুম্বাইত হৈছিল আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ এজন নিৰ্মাণ শ্ৰমিক আছিল, যাৰ মৃত্যুৰ সময়ত মাকৱানাৰ বয়স আছিল মাত্ৰ পাঁচ মাহ। মাকৱানা আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃক তেওঁলোকৰ মাতৃয়ে ডাঙৰ-দীঘল কৰিছিল, যি এগৰাকী প্ৰাক্তন সমাজকৰ্মী আছিল। মাকৱানাই মেৰী ইমাকুলেট গাৰ্লছ হাইস্কুলৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল।৪ মাকৱানাই গণমাধ্যম বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে।৫

কৰ্মজীৱন

দূৰদৰ্শন (২০০৯-২০২০)

মাকৱানাই ১০ বছৰ বয়সৰপৰাই অভিনয়ৰ বাবে অডিচন দিবলৈ আৰম্ভ কৰিছিল আৰু কেইটামান টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল। তেওঁৰ দূৰদৰ্শনত অভিষেক ঘটিছিল কালাৰ্ছ টিভিৰ মোহে ৰং দেৰ জৰিয়তে। শিশু শিল্পী হিচাপে তেওঁ চিআইডি, আহট, মিলে জব হাম তুম আৰু ঝান্সী কী ৰাণীত অভিনয় কৰিছিল। ২০০৯ চনত তেওঁ কালাৰ্ছ টিভিৰ ধাৰাবাহিক বালিকা বধূত সৰু কালৰ গুড়িয়া/গৌৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।

২০১১ চনত মাকৱানাক ইমাজিন টিভিৰ সাৱৰে চবকে সপনে... প্ৰিটোত সমান্তৰাল মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত কৰা হয়। জি টিভিৰ ব্লকবাষ্টাৰ ধাৰাবাহিক সপনে সুহানে লড়কপন কে আছিল তেওঁৰ প্ৰথমটো ডাঙৰ মুখ্য চৰিত্ৰ। মাকৱানাই এটা সাক্ষাৎকাৰত কৈছিল যে কেৰিয়াৰৰ এই পৰ্যায়ত উপনীত হোৱাটো সহজ নাছিল আৰু এই ধাৰাবাহিকখনৰ আগতে তেওঁ ৫০০তকৈও অধিক অডিচনত অংশগ্ৰহণ কৰিছিল।৬

ইয়াৰ পিছত ২০১৫ চনৰ মাৰ্চ মাহত মাকৱানাই দিল কী বাতেঁ দিল হি জানেত ৰাম কাপুৰ আৰু গুৰদীপ কোহলীৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰে। একে বছৰৰে নৱেম্বৰ মাহত তেওঁ অধুৰী কাহানী হামাৰীত চুক্তিবদ্ধ হয় য’ত তেওঁ মানস্বিনী আৰু তেওঁৰ পুনৰজন্মৰ চৰিত্ৰ ৰাধিকা খোচলাৰ ভূমিকা পালন কৰিছিল।৭

২০১৫ চনত মাকৱানাই জিং চেনেলৰ ডেকাসকলৰ অনুষ্ঠান প্যাৰ তুনে ক্যা কিয়াৰ এটা খণ্ডত মন্দিৰা চৰিত্ৰত অভিনয় কৰিছিল। ২০১৭ চনৰ আগষ্ট মাহত তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক ৰিস্তো কা চক্ৰব্যূহত অনামী বলদেৱ সিং নামৰ মুখ্য চৰিত্ৰত অভিনয় কৰে।৫

২০১৮ চনৰ অক্টোবৰ মাহত মাকৱানাই ষ্টাৰ প্লাছৰ ধাৰাবাহিক মৰিয়াম খান - ৰিপোৰ্টিং লাইভত মৰিয়ামৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ২০১৯ চনৰ ডিচেম্বৰৰপৰা ২০২০ চনৰ নৱেম্বৰলৈ তেওঁ কালাৰ্ছ টিভিৰ শুভাৰম্ভত ৰাণী দাবে ৰেশমিয়া নামৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

চলচ্চিত্ৰ আৰু ৱেব ছিৰিজ (২০১৭–বৰ্তমান)

২০১৭ চনত মাকৱানাই তেলেগু ছবি ভেঙ্কটপুৰমৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ২০১৯ চনত তেওঁ টেক ২ (Take 2) নামৰ এখন চুটি ছবিত নাতাশা হিচাপে অভিনয় কৰে। এই চুটি ছবিখন জাগৰণ চলচ্চিত্ৰ মহোৎসৱ আৰু এছিয়ান ফিল্ম ফেষ্টিভেল আদিকে ধৰি কেইবাটাও মহোৎসৱত প্ৰদৰ্শিত হৈছিল। ২০১৯ চনত তেওঁ ৰংবাজ ছিজন ২ৰ জৰিয়তে ডিজিটেল প্লেটফৰ্মত খোজ পেলায়। ২০২০ চনত তেওঁ ফ্লেচ নামৰ এখন ৱেব শ্ব’ত জয়াৰ চৰিত্ৰত অভিনয় কৰে। ২০২১ চনত তেওঁ টলিউড-হলিউডৰ ছবি মোচাগাল্লুত অভিনয় কৰিছিল।৮

২০২০ চনৰ ডিচেম্বৰত মাকৱানাক অন্তিম: দ্য ফাইনেল ট্ৰুথ ছবিত আয়ুস শৰ্মাৰ বিপৰীতে মুখ্য অভিনেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়।৯ ২০২১ চনৰ ২৬ নৱেম্বৰত মুক্তি পোৱা ছবিখনে সমালোচকৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল। ২০২৩ চনত মাকৱানাই নিতেশ তিৱাৰীৰ ছবি তুমচে না হো পায়েগাত দেৱিকাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ অভিনয়ক লৈ ইণ্ডিয়া টুডেৰ গ্ৰেচ চিৰিলে মাকৱানাৰ কামৰ প্ৰশংসা কৰে।১০

২০২৪ চনত মাকৱানাই ধৰ্মা প্ৰডাকচনৰ ধাৰাবাহিক শ্ব'টাইমত মহিকা নন্দীৰ চৰিত্ৰত অভিনয় কৰিছিল য’ত তেওঁৰ সৈতে নাছিৰুদ্দিন শ্বাহ আৰু ইমৰাণ হাশ্মীয়েও অভিনয় কৰিছিল।১১

তথ্যসূত্ৰ

  1. ↑ (5 August 2020). Mahima Makwana: On my birthday today, I just want to thank God for his blessings and practise gratitude - Times of India. The Times of India
  2. ↑ (10 August 2017). Mahima Makwana: I want to visit Purani Dilli & Karol Bagh in Delhi. Times of India
  3. ↑ (19 August 2012). Teen Times. The Indian Express
  4. ↑ (1 June 2015). 'Sapne Suhane..' Fame Mahima Makwana Used to Stay in a Chawl; Her Rags-to-Riches Story Will Surely Inspire You to Never Give Up!. Daily Bhaskar
  5. ↑ (17 August 2017). Rishton Ka Chakravyuh actor Mahima Makwana: I don't choose projects, they choose me. Indian Express
  6. ↑ (14 June 2016). Age is just a number for 17-year-old TV actor Mahima Makawana. Hindustan Times
  7. ↑ (25 January 2016). 'Adhuri Kahaani Hamari' to get 'Bajirao Mastani' touch. The Indian Express
  8. ↑ Mosagallu Movie (2021) · Release Date, Review, Cast, Trailer, Watch Online at Amazon Prime Video. Gadgets 360
  9. ↑ (13 December 2020). THIS Actress REPLACES Avika Gor In Salman Khan's 'Antim: The Final Truth'?. Abp Live
  10. ↑ (29 September 2023). 'Tumse Na Ho Payega' Review: Ishwak's film will make us miss 'maa ke hath ka khana'. India Today
  11. ↑ (13 February 2024). Mahima Makwana calls Emraan Hashmi, Naseeruddin Shah starrer Showtime as the 'kryptonite' of her career. Bollywood Hungama

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিমা মাকৱানা” প্ৰবন্ধৰ সংশোধন ৬০২৫৮৯ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।