অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মঞ্জু ভাৰতী

মঞ্জু ভাৰতী (ইংৰাজী: Manju Bharti) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজিকা, পৰিচালিকা আৰু মডেল, যি কাশ তুম হতে ছবিত চিমৰনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। তেওঁ কাশ তুম হতে, মৌচম ইকৰাৰ কে দো পল প্যাৰ কে তেওঁ তেওঁৰ আগন্তুক ছবি এক আধুৰা সংগীতৰ কাম কৰি আছে।

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মঞ্জু ভাৰতী (ইংৰাজী: Manju Bharti) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজিকা, পৰিচালিকা আৰু মডেল, যি কাশ তুম হতে ছবিত চিমৰনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।১২ তেওঁ কাশ তুম হতে, মৌচম ইকৰাৰ কে দো পল প্যাৰ কে আৰু প্যাৰ মে থোড়া টুইষ্ট আদিকে ধৰি কেইবাখনো ছবি প্ৰযোজনা কৰিছে।৩ তেওঁ তেওঁৰ আগন্তুক ছবি এক আধুৰা সংগীতৰ কাম কৰি আছে।৪

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

১৯৮৩ চনৰ ২১ মাৰ্চত জন্মগ্ৰহণ কৰা মঞ্জুৱে চেম্বুৰৰ স্বামী বিবেকানন্দ হাইস্কুলৰপৰা বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰে আৰু ২০০৩ চনত মুম্বাই বিশ্ববিদ্যালয়ৰপৰা বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

২০১২ চনত মঞ্জুৱে তেওঁৰ প্ৰযোজনা সংস্থা 'বিবেক ফিল্মছ প্ৰডাকচন হাউচ' মুকলি কৰে। ২০১৪ চনত তেওঁ প্ৰযোজক, অভিনেত্ৰী আৰু পৰিচালিকা হিচাপে ৰোমাণ্টিক ছবি কাশ তুম হতেৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণত আত্মপ্ৰকাশ কৰে। এই ছবিখনত তেওঁৰ স্বামী মুকেশ জে ভাৰতী আৰু ভাৰতীয় মডেল তথা অভিনেত্ৰী প্ৰীতি জাংগিয়ানীয়ো অভিনয় কৰিছিল। ছবিখনত তেওঁ চিমৰন নামৰ দ্বিতীয়টো মুখ্য মহিলা চৰিত্ৰত অভিনয় কৰিছিল আৰু তেওঁৰ সৈতে ফৰিদা জালাল, শৰৎ ছাক্সেনা, সঞ্জয় মিশ্ৰ আৰু হিমানী শিৱপুৰীৰ দৰে শিল্পীয়ে অভিনয় কৰিছিল। এই ছবিখনত ৰাহাত ফটেহ আলী খান, আশা ভোঁচলে, চনু নিগম, জাভেদ আলী, সুনিধি চৌহান, অলকা ইয়াগনিক, শ্বান আৰু পলক মুছলৰ দৰে শিল্পীৰ সংগীত অন্তৰ্ভুক্ত আছিল।৫

প্ৰথম ছবিৰ পিছত, তেওঁ ২০১৮ চনত ৰোমাণ্টিক ড্ৰামা মৌচম ইকৰাৰ কে দো পল প্যাৰ কে প্ৰযোজনা কৰে। পাৰ্থ ঘোষৰদ্বাৰা পৰিচালিত এই ছবিখনত মুকেশ জে ভাৰতী আৰু অভিনেত্ৰী মাদালচা শৰ্মাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। লগতে নীলু কোহলী, অবিনাশ ৱাধৱান, উষা বাছানি, হেমন্ত পাণ্ডে আৰু অৰুণ বক্সীয়েও ইয়াত অভিনয় কৰিছিল। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল বাপ্পী লাহিড়ীয়ে আৰু তেওঁৰ লগতে আৰমান মালিক, পলক মুছল, শ্বান, ব্ৰিজেশাণ্ডিল্য, অমৃতা ফাড়নাভিছ আৰু বাবুল সুপ্ৰিয়ই কণ্ঠদান কৰিছিল। ছবিখনৰ নৃত্য নিৰ্দেশনা কৰিছিল গণেশ আচাৰ্যই আৰু ইয়াৰ দৃশ্যগ্ৰহণ উত্তৰাখণ্ডৰ নৈনীতালত কৰা হৈছিল। ছবিখনৰ পোষ্টাৰ জ্যেষ্ঠ পৰিচালিকা তথা প্ৰযোজক ফাৰাহ খান আৰু বাপ্পী লাহিড়ীয়ে উন্মোচন কৰিছিল।

মঞ্জুৱে ২০২২ চনত তেওঁৰ তৃতীয়খন ছবি হিচাপে ৰোমাণ্টিক ড্ৰামা প্যাৰ মে থোড়া টুইষ্ট প্ৰযোজনা কৰে। পাৰ্থ ঘোষৰদ্বাৰা পৰিচালিত এই ছবিখনত মুকেশ জে ভাৰতী আৰু ৰিচা মুখাৰ্জীয়ে অভিনয় কৰিছিল। লগতে ৰাজেশ শৰ্মা, গোবিন্দ নামদেৱ, অতুল শ্ৰীবাস্তৱ, অলকা আমিন, ছোমা ৰাঠোড়, ওংকাৰ দাস মাণিকপুৰী আৰু সন্তোষ শুক্লাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। বাপ্পী লাহিড়ীয়ে ইয়াৰ সংগীত পৰিচালনা কৰাৰ লগতে কণিকা কাপুৰ, ইলা অৰুণ,জনিতা গান্ধী আৰু শ্বানৰ সৈতে কণ্ঠদানো কৰিছিল। ছবিখনৰ দৃশ্যগ্ৰহণ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কৰা হৈছিল। বৰ্তমান তেওঁ আগন্তুক সংগীতধৰ্মী ড্ৰামা এক আধুৰা সংগীতৰ প্ৰযোজনা আৰু পৰিচালনাৰ কাম কৰি আছে।৪ এই প্ৰকল্পটো প্ৰথমে বাপ্পী লাহিড়ীয়ে নিজে পৰিচালনা কৰাৰ পৰিকল্পনা কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Kaash Tum Hote. The Times of India
  2. ↑ Disco King Bappi Lahiri celebrated Manju Bharti Birthday. StarWorldnews
  3. ↑ (6 June 2018). Here is the teaser poster of Mausam Ikrar Ke, Do Pal Pyar Ke. Telangana Today
  4. ↑ (30 November 2018). मुंबई में बप्पी लाहिड़ी ने मनाया अपना 65वां जन्मदिन शामिल हुए कईं सितारे. mayapuri.com
  5. ↑ (10 June 2012). Debutant producer Manju Bharti dares to shoot in Kashmir. Glamgold

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীচলচ্চিত্ৰ প্ৰযোজকচলচ্চিত্ৰ পৰিচালকভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জু ভাৰতী” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৫৭ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।