ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
শান্তি বালাচন্দ্ৰন
শান্তি বালাচন্দ্ৰন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৭ চনৰ মালয়ালম কমেডী থ্ৰিলাৰ ছবি তৰংগমত টোভিনো থমাছৰ বিপৰীতে নায়িকা হিচাপে অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
শানৱী শ্ৰীবাস্তৱ
শানৱী শ্ৰীবাস্তৱ (ইংৰাজী: Shanvi Srivastava; জন্ম: ৮ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ কন্নড় আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে। শ্ৰীবাস্তৱ হৈছে একমাত্ৰ কন্নড় অভিনেত্ৰী যিয়ে মাষ্টাৰপিচ ছবিৰ বাবে ছাইমা সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু তাৰক ছবিৰ বাবে ছাইমা শ্ৰেষ্ঠ…
-
শালিনী পাণ্ডে
শালিনী পাণ্ডে (ইংৰাজী: Shalini Pandey; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু, হিন্দী আৰু তামিল ছবিত অভিনয় কৰে। পাণ্ডেই তেলুগু ছবি অৰ্জুন ৰেড্ডী (২০১৭)ৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।
-
শিল্পা শিৰোদকাৰ
শিল্পা শিৰোদকাৰ (জন্ম ২০ নৱেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন ফটো মডেল, যিয়ে মূলতঃ ১৯৮৯ চনৰপৰা ২০০০ চনলৈ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৩ বছৰৰ বিৰতিৰ পিছত তেওঁ ২০১৩ চনত জি টিভিৰ ধাৰাবাহিক এক মুঠী আসমানৰ জৰিয়তে পুনৰ অভিনয় জগতলৈ উভতি আহে।
-
শিৱালিকা ওবেৰয়
শিৱালিকা ওবেৰয় (জন্ম: ২৪ জুলাই ১৯৯৫) — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ প্ৰাৰম্ভিক অভিনয় জীৱনৰ কামসমূহৰ ভিতৰত য়ে চালী আশিকী (২০১৯) আৰু খোদা হাফিজ (২০২০) অন্যতম।
-
শেহনাজ গিল
শেহনাজ কৌৰ গিল (ইংৰাজী: Shehnaaz Kaur Gill; জন্ম: ২৭ জানুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৫ চনৰ সংগীত ভিডিঅ' ‘শিৱ দি কিতাপ’ৰ জৰিয়তে নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
শ্বামু
ছিৰিন শৰ্মিলী ৰামলিংগম, পেছাদাৰীভাৱে শ্বামু নামেৰে পৰিচিত এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান অভিনেত্ৰী। তেওঁ মূলতঃ তামিল চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ কাঞ্চীভৰম, ময়িলু আৰু দশৱতাৰমৰ দৰে চলচ্চিত্ৰৰ বাবে জনাজাত।
-
শ্বেতা তিৱাৰী
শ্বেতা তিৱাৰী (জন্ম: ৪ অক্টোবৰ ১৯৮০) (ইংৰাজী: Shweta Tiwari) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। টেলিভিছনৰ এগৰাকী সৰ্বাধিক পাৰিতোষিক পোৱা অভিনেত্ৰী তিৱাৰীয়ে কছৌটী জিন্দগী কে ধাৰাবাহিকত প্ৰেৰণা শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে ব্যাপকভাৱে পৰিচিত।
-
শ্বেতা মেনন
শ্বেতা মেনন (ইংৰাজী: Shwetha Menon; জন্ম: ২৩ এপ্ৰিল ১৯৭৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, টেলিভিছন এংকৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ‘ফেমিনা মিছ ইণ্ডিয়া এছিয়া পেচিফিক ১৯৯৪’ জয় কৰিছিল। তেওঁ মূলতঃ মালয়ালম, তামিল, তেলুগু আৰু হিন্দী ছবিত অভিনয় কৰিছে।
-
শ্বেনাজ ট্ৰেজাৰী
শ্বেনাজ ট্ৰেজাৰীৱালা (Shenaz Treasurywala; জন্ম: ২৯ জুন ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভ্ৰমণ সম্পৰ্কীয় ভ্লগাৰ (travel vlogger)।
-
শ্যমলী বাৰ্মা
শ্যমলী বাৰ্মা (Shyamoli Varma; জন্ম: ১১ ডিচেম্বৰ ১৯৫৭) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁক ভাৰতৰ প্ৰথম 'চুপাৰমডেল' আৰু প্ৰথম 'লেকমী গাৰ্ল' (Lakmé girl) হিচাপে জনা যায়। বাৰ্মা ভাৰতীয় থ্ৰিলাৰ ছবি ৰোগত কৰা অভিনয় আৰু লেকমী কচমেটিক্সৰ সৈতে কৰা কামৰ বাবেও পৰিচিত।
-
শ্ৰদ্ধা আৰ্য
শ্ৰদ্ধা আৰ্য (ইংৰাজী: Shraddha Arya; জন্ম: ১৭ আগষ্ট ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ২০০৬ চনত এছ জে সূৰ্যৰ তামিল ছবি কালভানিন কাধালিত নয়নতৰাৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত খোজ পেলাইছিল। ইয়াৰ উপৰি তেওঁ হিন্দী ছবি নৈঃশব্দ্য আৰু বৈভৱ ৰেড্ডীৰ সৈতে তেলুগু ছবি গদৱাত অভিনয় কৰিছিল।
-
শ্ৰদ্ধা দাস
শ্ৰদ্ধা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ তেলেগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০০৮ চনত তেলেগু চলচ্চিত্ৰ সিদ্ধু ফ্ৰ'ম ছিকাকুলামৰ জৰিয়তে অভিনয় জীৱনৰ অভিষেক ঘটে। ইয়াৰ পিছৰ পৰাই তেওঁ ছটা ভিন্ন ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰিছে।
-
শ্ৰদ্ধা শ্ৰীনাথ
শ্ৰদ্ধা শ্ৰীনাথ (ইংৰাজী: Shraddha Srinath; জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল, কন্নড় আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ দুটাকৈ ফিল্মফেয়াৰ এৱাৰ্ড চাউথ আৰু এটা চিমা বঁটা লাভ কৰিছে।
-
শ্ৰীনিধি শেট্টী
শ্ৰীনিধি ৰমেশ শেট্টী (জন্ম: ২১ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপ ধাৰণকাৰী, যিয়ে মূলতঃ কন্নড়, তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। ২০১৬ চনত তেওঁ মিছ চুপ্ৰানেচনেল প্ৰতিযোগিতাত জয়ী হয়, তেওঁ এই মুকুট লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।
-
শ্ৰুতি সীতাৰা
শ্ৰুতি সীতাৰা (Malayalam: ശ്രുതി സിത്താര; জন্ম ) এজনী ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু LGBTQ+ অধিকাৰকামী। ২০১৮ চনৰ পৰা মডেলিং আৰম্ভ কৰিছিল সীতাৰাই। তেওঁ মিছ ট্ৰেন্স গ্ল’বেল ২০২১ৰ বিজয়ী, যাৰ জৰিয়তে তেওঁ আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা জয় কৰা প্ৰথম ভাৰতীয় আন্তলিঙ্গ মহিলা হিচাপে পৰিচিত।
-
শ্ৰেণু পাৰিখ
শ্ৰেণু পাৰিখ ম্হাত্ৰে (ইংৰাজী: Shrenu Parikh Mhatre; জন্ম: ১১ নৱেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী। পাৰিখে ষ্টাৰ প্লাছৰ ৰোমাণ্টিক ড্ৰামা ধাৰাবাহিক ইছ প্যাৰ কো ক্যা নাম দুঁ? এক বাৰ ফিৰ (২০১৩–২০১৫)-ত আস্থা অগ্নিহোত্ৰী আৰু ড্ৰামা ধাৰাবাহিক ইশ্কবাজ (২০১৭–২০১৮)-ত গৌৰী ত্ৰিবেদী সিং অবেৰয়ৰ চৰিত্ৰত কৰা…
-
শ্ৰেয়া ধনন্তৰি
শ্ৰেয়া ধনন্তৰি ( Shreya Dhanwanthary; জন্ম: ২৯ আগষ্ট ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব'ত অভিনয় কৰে। ২০০৯ চনত তেলেগু ছবি জোছৰ সৈতে তেওঁ অভিষেক ঘটায়।
-
সংগীতা ঘোষ
সংগীতা ঘোষ (ইংৰাজী: Sangita Ghosh; জন্ম: ১৮ আগষ্ট ১৯৭৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ তথা দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ দেচ মে নিকলা হ'গা চান্দ ধাৰাবাহিকত পাম্মী নামৰ চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ কেইবাটাও বঁটা বিতৰণী অনুষ্ঠান আৰু দূৰদৰ্শন শৃংখলাৰ আঁত ধৰিছে।
-
সংগীতা চৌহান
সঙ্গীতা চৌহান হৈছে এক ভাৰতীয় অভিনেত্ৰী। তেওঁ ভাপী, গুজৰাট, ভাৰতত জন্মগ্ৰহণ কৰে। তেওঁ কন্নড় চলচ্চিত্ৰ শাৰ্প শুটাৰ আৰু লভ ইউ আলিয়াত অভিনয় কৰিছিল। তেওঁক এক শ্ৰীংগাৰ-স্বাভিমানৰ মেগনা চৌহান হিচাপে জনা যায়।
-
সংগীতা বিজলানী
সংগীতা বিজলানী(Sangeeta Bijlani; জন্ম: ৯ জুলাই ১৯৬০) পূৰ্বৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ১৯৮০ চনৰ ফেমিনা মিছ ইণ্ডিয়া খিতাপ জয় কৰিছিল।[3] তেওঁ হিন্দী ছবিত অভিনয় কৰি অভিনয় জীৱন আৰম্ভ কৰিছিল, কাতিল (১৯৮৮) ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু ত্ৰিদেৱ…
-
সংঘমিত্ৰা বন্দোপাধ্যায়
সংঘমিত্ৰা বন্দোপাধ্যায় (৮ আগষ্ট ১৯৫৬ — ২৭ অক্টোবৰ ২০১৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল যি বঙালী ভাষাৰ চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত আছিল। চাৰে তিনি দশকৰো অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰায় ৩০০খন ছবিত অভিনয় কৰিছিল।
-
সঞ্জনা কাপুৰ
সঞ্জনা কাপুৰ (Sanjana Kapoor; জন্ম: ২৭ নৱেম্বৰ ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় থিয়েটাৰ কৰ্মী আৰু প্ৰাক্তন অভিনেত্ৰী। তেখেতে ভাৰতীয় প্ৰসিদ্ধ অভিনেতা শশী কাপুৰৰ জীয়ৰী। আনহাতে মাতৃ হৈছ জেনিফাৰ কাপুৰ। ১৯৯৩ চনৰ পৰা ২০১২ চনৰ ফেব্ৰুৱাৰীলৈকে তেখেতে পৃথ্বী থিয়েটাৰ পৰিচালনা কৰিছিল।
-
সঞ্জীদা শ্বেখ
সঞ্জীদা শ্বেখ (ইংৰাজী: Sanjeeda Sheikh; জন্ম: ২০ ডিচেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। শ্বেখক ক্যা হোগা নিম্মো কাত নম্ৰতা "নিম্মো" মাথুৰিয়া, কায়ামতত আয়েশা শ্বেৰগিল, এক হাচিনা থীত নিত্যা গোৱেঙ্কা / দুৰ্গা আৰু লাভ কা হ্যায় ইন্তেজাৰত কামিনী মাথুৰৰ…
-
সমীক্ষা বটনাগৰ
সমীক্ষা বটনাগৰ (ইংৰাজী: Samikssha Batnagar; জন্ম: ১২ জানুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ২০১৪ চনলৈকে ষ্টাৰ প্লাছ আৰু জি টিভিৰ বিভিন্ন হিন্দী ধাৰাবাহিকত সহযোগী আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
সাক্ষী আগৰৱাল
সাক্ষী আগৰৱাল (জন্ম ২০ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। অভিনয় জীৱন আৰম্ভ কৰাৰ আগতে সাক্ষী আগৰৱালে এজন বিপণন পৰামৰ্শদাতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত খণ্ডকালীন মডেলিংৰ সৈতে জড়িত হৈ তেওঁ অভিনয় জগতলৈ আগবাঢ়ে।
-
সাক্ষী মালিক (অভিনেত্ৰী)
সাক্ষী মালিক ( Sakshi Malik; জন্ম: ২১ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ফিটনেছ প্ৰভাৱশালী আৰু মডেল। তেওঁ সোনু কে টিটু কি ছুইটি ছবি আৰু ইয়াৰ লগত জড়িত গীত বম ডিগি ডিগিত অভিনয় কৰাৰ বাবে পৰিচিত।
-
সাধনা বসু
সাধনা বসু ( Sadhana Bose; জন্ম ২০ এপ্ৰিল ১৯১৪ – মৃত্যু: ৩ অক্টোবৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁ মীনাক্ষীৰ দৰে কথাছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ উদয় শংকৰৰ সম-সাময়িক সময়ত, ১৯৩০ চনত তেওঁ কলকাতাত কেইবাটিও বেলে মঞ্চস্থ কৰিছিল, য’ত তেওঁ সমসাময়িক বিষয়বস্তু উপস্থাপন কৰিছিল…
-
সায়নী ঘোষ
সায়নী ঘোষ (Saayoni Ghosh) মূলত: এগৰাকী বাংলা ভাষাৰ চলচ্চিত্ৰ-অভিনেত্ৰী আৰু টেলিভিছন অভিনেত্ৰী৷ তেওঁ বৰ্তমান যাদৱপুৰ সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
সাৰণ্য মোহন
সাৰণ্য মোহন (ইংৰাজী: Saranya Mohan; জন্ম: ১৯ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু প্ৰাক্তন অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তামিল আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ কেইখনমান তেলুগু, কন্নড় আৰু হিন্দী ছবিতো অভিনয় কৰিছে।