ভাৰতী সিং (Bharati Singh,(জন্ম ৩ জুলাই ১৯৮৪)১ এজন ভাৰতীয় কমেডিয়ান আৰু টেলিভিছন ব্যক্তিত্ব। সিঙে অসংখ্য কমেডী শ্ব’ সৃষ্টি কৰাৰ লগতে বিভিন্ন বঁটা-প্ৰদান অনুষ্ঠানত ঘোষক হিচাপে দায়িত্ব পালন কৰিছে। ৰিয়েলিটি শ্ব' ঝলক দিখলা জা ৫ (২০১২), নাচ বালিয়ে ৮২ (২০১৭), আৰু ভয় কাৰক: খাট্ৰন কে খিলাদি ৯৩ (২০১৯)ত তেওঁ অংশগ্ৰহণ কৰিছিল। ২০১৯ চনত তেওঁৰ স্বামী হৰ্শ লিম্বাচিয়াই কালাৰছ টিভিৰ বাবে সৃষ্টি কৰা শ্ব’ খটৰা খটৰা খটৰাত ভাৰতীয়ে অভিনয় কৰিছিল। ২০১৬ চনৰ পৰা সিং ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ৰ তালিকাত স্থান লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
১৯৮৪ চনৰ ৩ জুলাইত পঞ্জাৱৰ অমৃতসৰত এটা পাঞ্জাবী পৰিয়ালত ভাৰতীৰ জন্ম হয়।৪৫ সিঙৰ পিতৃ-মাতৃ দুয়োজনেই পঞ্জাৱৰ, পিতৃৰ বংশ নেপালৰ।৬ তেওঁৰ দুবছৰ বয়সত দেউতাকৰ মৃত্যু হয়। সিঙৰ দুজন ডাঙৰ ভাই-ভনী আছে, এজন ভাতৃ আৰু এগৰাকী ভগ্নী।৭ অমৃতসৰৰ বি বি কে ডি এ ভি কলেজ ফৰ ৱমেনৰ পৰা ভাৰতীয়ে স্নাতক ডিগ্ৰী লাভ কৰে।৮
কেৰিয়াৰ
ভাৰতী ষ্টাৰ ৱানৰ ষ্টেণ্ড-আপ কমেডী ৰিয়েলিটি ছিৰিজ দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ দ্বিতীয় ৰানাৰ্ছ আপ আছিল, য'ত তেওঁ লল্লী নামৰ শিশু চৰিত্ৰটোৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।৯ ইয়াৰ পিছত কমেডী চাৰ্কাছত প্ৰতিযোগী হিচাপে অংশ লয়। তেওঁ কৃষ্ণা অভিষেকৰ সৈতে কমেডী নাইটছ বচাও অনুষ্ঠানৰ সহ-ঘোষক আছিল।১০
২০১১ চনত ষ্টাৰ প্লাছৰ টিভি ধাৰাবাহিক প্যাৰ মেই টুইষ্টত অভিনয় কৰে আৰু পিছলৈ ২০১২ চনৰ চেলিব্ৰিটি ডান্স ৰিয়েলিটি শ্ব' ঝলক দিখলা জা ৫ত প্ৰতিযোগী হিচাপে অভিনয় কৰে।১০১১ ২০১২ চনত তেওঁ ষ্টাৰ প্লাছত প্ৰিমিয়াৰ হোৱা টেলিভিছন শ্ব' ছৌ ছাল চিনেমা কেৰ আয়োজক আছিল৷ তেওঁৰ সতীৰ্থ আছিল কৰণ টেকাৰ, ৰাগিনী খান্না আৰু শ্ৰুতি উলফাট।৯ তেওঁ মাষ্টাৰচেফ ইণ্ডিয়াত অতিথি হিচাপে অংশ লৈছিল৷১১১২
২০১৪ চনৰ পৰা ২০১৬ চনলৈকে তেওঁ ইণ্ডিয়াজ গট টেলেণ্টৰ ৫ৰ পৰা ৭ম ছিজন আয়োজন কৰিছিল।৯ ২০১৭ চনত হৰ্শ লিম্বাচিয়াৰ সৈতে ষ্টাৰ প্লাছৰ নাচ বালিয়ে ৮ত অংশগ্ৰহণ কৰে আৰু ষষ্ঠ স্থান লাভ কৰে।১০ ২০১৮ চনত তেওঁ ৰিয়েলিটি শ্ব' ডান্স ডিৱান আৰু বিগ বছ ১২ত অতিথি হিচাপে অভিনয় কৰে৷১৩ সেই বছৰতে তেওঁ ইণ্ডিয়াজ গট টেলেণ্ট ৮ৰ হোষ্ট হিচাপে প্ৰত্যাৱৰ্তন কৰে আৰু চ'নী টিভিৰ কমেডী শ্ব' দ্য কপিল শৰ্মা শ্ব'ত তিতলী যাদৱৰ চৰিত্ৰত অভিনয় কৰে।১৪ ২০১৯ চনত হাৰ্ছ লিম্বাচিয়াৰ সৈতে কালাৰছ টিভিত ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাদি ৯ত অংশগ্ৰহণ কৰে।১৫
২০২০ চনত ভাৰতীয়ে হৰ্ষ লিম্বাচিয়াৰ সৈতে চ'নী টিভিৰ ভাৰতৰ শ্ৰেষ্ঠ নৃত্যশিল্পী আৰু কালাৰ্ছ টিভিৰ হাম তুম ঔৰ কোৱাৰেণ্টাইনৰ আয়োজন কৰে।১৬তেওঁ ফিয়েৰ ফেক্টৰ: খট্ৰো কে খিলাড়ি – মেড ইন ইণ্ডিয়াত অংশগ্ৰহণ কৰিছিল আৰু চতুৰ্থ ৰানাৰ্ছ আপ হিচাপে আত্মপ্ৰকাশ কৰিছিল।১৭
২০২২ চনত তেওঁ হাৰ্ছ লিম্বাচিয়াৰ সৈতে কালাৰ্ছ টিভিৰ শ্ব' হুনাৰবাজ: দেশ কি শ্বান আয়োজন কৰে।১৮
২০২৪ চনত তেওঁ কালাৰ্ছ টিভিৰ লাফটাৰ চেফ নামৰ অনুষ্ঠানটোত জড়িত হৈ পৰে যিয়ে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰে।১৯
ব্যক্তিগত জীৱন

২০১৭ চনৰ ৩ ডিচেম্বৰত সিঙে কেইবছৰমান প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাৰ পিছত লেখক হৰ্ষ লিম্বাচিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
সিঙে ধনুৰ্বিদ আৰু পিষ্টল গুলীচালনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰিছে।২০
২০২০ চনৰ ২১ নৱেম্বৰত নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৱে ভাৰতীৰ বাসগৃহত তালাচী চলাই ৮৬.৫ গ্ৰাম ভাং উদ্ধাৰ কৰে। তেওঁক আৰু তেওঁৰ স্বামীক সোধা-পোছাৰ বাবে লৈ যোৱা হয় আৰু পিছত তেওঁলোকক ব্যুৰোৱে গ্ৰেপ্তাৰ কৰে।২১২২২৩ দুদিনীয়া জেৰাৰ অন্তত ২০২০ চনৰ ২৩ নৱেম্বৰত তেওঁলোকক জামিন দিয়া হয়।২৪
২০২২ চনৰ ৩ এপ্ৰিলত এই দম্পতীৰ প্ৰথম সন্তান লক্ষ সিং লিম্বচিয়া ওপজে৷২৫ তেওঁৰ ঘৰুৱা নাম গোল্লা২৬
তথ্যসূত্ৰ
- ↑ (20 May 2020). भारती के सीरियस एक्ट में हर्ष का फनी तड़का, वायरल हुआ वीडियो. आज तक
- ↑ (30 March 2017). Nach Baliye 8 contestants: From Bharti-Harsh, Divyanka-Vivek to Sanaya-Mohit, Dipika-Shoaib; Get the final names of celebrity couples participating on Star Plus dance reality show
- ↑ (12 July 2018). Khatron Ke Khiladi 9: From Shamita Shetty to Bharti Singh, here are the confirmed list of contestants
- ↑ Farzeen, Sana. (3 July 2018). Happy Birthday Bharti Singh: A woman who lives life queen size. The Indian Express
- ↑ (16 May 2022). Bharti Singh apologises to fans after being accused of hurting religious sentiments: 'I never mentioned Punjabis'. Watch. Hindustan Times
- ↑ (18 August 2012). Apno Nepal Apno Gaurab Episode 52 (Guest on talk Bharti Singh)
- ↑ (14 July 2021). Bharti Singh, who lost her dad at two, says she has no photos of him at home: 'I don't allow anyone to put them up'. Hindustan Times
- ↑ (1 February 2018). Bharti Singh at BBK DAV College. Tribune India
- ↑ Prakash, Priya. (8 March 2022). A Look At The Most Popular Women TV Anchors In India. SheThePeople
- ↑ Tripathi, Ritu. (3 July 2020). Bharti Singh Birthday: आपको नहीं पता होगा भारती सिंह का ये सच. Zee News
- ↑ (4 July 2012). Bharti Singh's birthday surprise on Jhalak sets!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (10 June 2012). She can dance too!. হিন্দুস্তান টাইমছ
- ↑ (14 September 2018). Bigg Boss 12 contestants to be introduced on Madhuri Dixit's Dance Deewane. Hindustan Times
- ↑ (26 December 2018). Bharti Singh to play mother of 11 children in The Kapil Sharma Show. Know all about her role. India Today. IANS
- ↑ Shiksha, Shruti. (1 August 2018). Highlights From Khatron Ke Khiladi 9, Courtesy Vikas Gupta, Bharti Singh. NDTV
- ↑ (9 April 2020). Hum, Tum Aur Quarantine: Bharti Singh and Haarsh's new show is all about comic relief in lockdown. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (21 November 2020). NCB arrests Bharti Singh in drug case; comedienne admits to consumption of Ganja during probe. Zoom
- ↑ (23 December 2021). Karan Johar shares first glimpse of talent show 'Hunarbaaz' featuring co-judges Parineeti Chopra, Mithun Chakraborty and hosts Bharti-Haarsh. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (6 September 2024). Bharti Singh hosted show Laughter Chefs gets yet another extension; show to extend till January 2025. The Times of India
- ↑ Narayan, Janu. (14 June 2012). Brave move. The Hindu
- ↑ (21 November 2020). NCB arrests comedian Bharti Singh after cannabis seizure from her house. দ্য হিন্দু. Press Trust of India
- ↑ Mishra, Sohit Rakesh; Gupta, Nandini. (22 November 2020). After Comedian Bharti Singh, Husband Also Arrested In Drugs Probe. NDTV
- ↑ (22 November 2020). Comedian Bharti Singh, husband remanded in judicial custody till December 4. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Samervel, Rebecca. (24 November 2020). Mumbai: Bharti Singh, husband granted bail in drug consumption case. The Times of India
- ↑ (12 December 2021). Bharti Singh-Haarsh Limbachiyaa announce pregnancy with a new video: 'Hum bohot khush hai'. The Indian Express
- ↑ Samervel, Rebecca. (24 November 2020). Mumbai: Bharti Singh, husband granted bail in drug consumption case. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতী সিং” প্ৰবন্ধৰ সংশোধন ৫৩৫৪০২ (২৮ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।