ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
অন্তৰা বিশ্বাস
অন্তৰা বিশ্বাস (জন্ম: ২১ নৱেম্বৰ), যি পেছাদাৰীভাৱে মোনালিকা নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ ভোজপুৰী চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কাম কৰে।
-
অপূৰ্বা আৰোৰা
অপূৰ্বা আৰোৰা (ইংৰাজী: Apoorva Arora) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যি মূলতঃ হিন্দী, গুজৰাটী, পঞ্জাবী আৰু কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ বিভিন্ন ৱেব ছিৰিজ আৰু সংগীত ভিডিঅ'ত অভিনয় কৰিছে।
-
অভিকা গৌৰ
অভিকা গৌৰ (ইংৰাজী: Avika Gor; জন্ম: ৩০ জুন ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী আৰু তেলুগু চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। গৌৰক বালিকা বধূত আনন্দী সিং আৰু চশুৰাল চিমাৰ কাত ৰোলী দ্বিবেদী ভৰদ্বাজৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক জনা যায়।
-
অভিলাষা (অভিনেত্ৰী)
অভিলাষা কৰ্ণাটকৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি আশীৰ দশকৰ শেষৰফালে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত, বিশেষকৈ মালয়ালম চলচ্চিত্ৰত সক্ৰিয় হৈ আছিল। কামোদ্দীপক চৰিত্ৰৰ বাবে পৰিচিত অভিলাষা সেই সময়ৰ মালয়ালম চফ্টকোৰ চলচ্চিত্ৰৰ মূল অভিনেত্ৰী আছিল।
-
অমলা পল
অমলা পল (ইংৰাজী: Amala Paul; জন্ম: ২৬ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক যিয়ে মূলতঃ তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। ইয়াৰ উপৰি তেওঁ কিছুমান তেলুগু আৰু হিন্দী ছবিতো অভিনয় কৰিছে।
-
অমীষা পেটেল
অমীষা পেটেল (ইংৰাজী: Ameesha Patel; জন্ম: ৯ জুন, ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ঘাইকৈ হিন্দী আৰু তেলুগু ছবিত অভিনয় কৰে। পেটেলে ফিল্মফেয়াৰ বঁটা আৰু জি চিনে বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। পেটেলে ২০০০ চনত ৰোমাণ্টিক থ্ৰিলাৰ ছবি কহো না... প্যাৰ হ্যায়ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
অমৃতা অৰোৰা
অমৃতা অৰোৰা লাডাখ (পূৰ্বৰ উপাধি: অৰোৰা; জন্ম: ৩১ জানুৱাৰী ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, দূৰদৰ্শন উপস্থাপিকা আৰু ভিডিঅ' জকী, যিয়ে মূলতঃ হিন্দী ভাষাৰ ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰে।
-
অমৃতা আইয়াৰ
অমৃতা আইয়াৰ (জন্ম: ১৪ মে' ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ প্ৰথম মুখ্য ভূমিকাৰ চলচ্চিত্ৰ আছিল তামিল ছবি পদাইভীৰণ (২০১৮)। তাৰ পাছত তেওঁ বিগিল (২০১৯), লিফ্ট (২০২১) আদি তামিল আৰু ৰেড (২০২১), হনু মান (২০২৪) আদি তেলুগু চলচ্চিত্ৰত অভিনয় কৰিছে।
-
অম্বিকা (অভিনেত্ৰী)
অম্বিকা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ দক্ষিণৰ সমগ্ৰ চলচ্চিত্ৰ উদ্যোগ আৰু কেইবাখনো টিভি ধাৰাবাহিকত কৰা কামৰ বাবে পৰিচিত। বৰ্তমানলৈ তেওঁ ইংৰাজী ছবি এখনতো (ভাৰতীয়-আমেৰিকান) অভিনয় কৰিছে। ১৯৭৬ চনৰ পৰা ১৯৮৯ চনলৈ এটা দশকৰো অধিক সময় দক্ষিণ ভাৰতৰ শীৰ্ষ নায়িকাৰ ভিতৰত অন্যতম।
-
অশ্বিনী একবোতে
অশ্বিনী একবোতে (২২ মাৰ্চ ১৯৭২ – ২২ অক্টোবৰ ২০১৬) এগৰাকী ভাৰতীয় থিয়েটাৰ আৰু পৰ্দা অভিনেত্ৰী আৰু এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী। মাৰাঠী থিয়েটাৰত অভিনয় জীৱন আৰম্ভ কৰিছিল।
-
অশ্লেষা সাৱন্ত
অশ্লেষা সাৱন্ত (জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। তেওঁ কিউঁকী সাঁচ ভী কভী বহু থী ধাৰাবাহিকত তিশা মেহতা বিৰাণীৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।
-
অৰুণা শ্বিল্ডছ
অৰুণা লাক্কুৰ নাগাপ্পা শ্ৰীনিবাস মূৰ্তি (ইংৰাজী: Aruna Lakkur Nagappa Srinivasa Murthy), যি অৰুণা শ্বিল্ডছ (ইংৰাজী: Aruna Shields) নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰিটিছ মনোচিকিৎসক আৰু প্ৰাক্তন অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা।
-
অৰুন্ধতী (অভিনেত্ৰী)
অৰুন্ধতী (ইংৰাজী: Arundhati) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। অৰুন্ধতীয়ে ২০১০ চনত এছ এ চন্দ্ৰশেখৰৰদ্বাৰা প্ৰযোজিত তামিল ছবি ভেলুথু কাট্টুৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।
-
অৰ্চনা (কন্নড় অভিনেত্ৰী)
অৰ্চনা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কন্নড়, তেলেগু, তামিল আৰু হিন্দী চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ ই হৃদিয়া নিনাগাগী (১৯৯৬), এ (১৯৯৮), ফুল ঔৰ আগ (১৯৯৯) আৰু যজামানা (২০০০) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
অৰ্চনা গৌতম
অৰ্চনা গৌতম (ইংৰাজী: Archana Gautam; জন্ম: ১৯৯৪ বা ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। গৌতমক ২০১৪ চনত মিছ উত্তৰ প্ৰদেশ হিচাপে মুকুট পিন্ধোৱা হৈছিল আৰু তেওঁ ২০১৮ চনত মিছ কচম’ছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
অৱৰ্ণতি
অৱৰ্ণতী এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ছবিত অভিনয় কৰে। ২০২১ চনত তেন ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু জেইল (২০২১) আৰু ইৰুক্কাপ্পাত্ৰু (২০২৩) ছবিত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।
-
আকাশা সিং
আকাশা সিং (ইংৰাজী: Akasa Singh; জন্ম: ২ এপ্ৰিল ১৯৯০), যাক কেৱল আকাশা বুলিও জনা যায়, এগৰাকী ভাৰতীয় গায়িকা আৰু পৰিৱেশক। তেওঁ ২০১৬ চনৰ হিন্দী ছবি চনম তেৰী কচমৰ "খীচ মেৰী ফটো" গীতটোৰ জৰিয়তে সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল।
-
আদিতি পোহংকৰ
আদিতি পোহংকৰ (Aaditi Pohankar; জন্ম: ১ জানুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী, মাৰাঠী আৰু তামিল চলচ্চিত্ৰ তথা ৱেব চিৰিজত অভিনয় কৰে। ২০১৪ চনত মুক্তিপ্ৰাপ্ত মাৰাঠী একচন ছবি লাই ভাৰীত ৰিতেশ দেশমুখৰ বিপৰীতে অভিনয় কৰি তেওঁ বিশেষ সফলতা লাভ কৰিছিল।
-
আনেৰী বাজানি
আনেৰী বাজানি (জন্ম: ২৬ মাৰ্চ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী দূৰদৰ্শনত কাম কৰে। ২০১২ চনত কালী – এক পুনৰ অৱতাৰত পাখিৰ চৰিত্ৰত অভিনয়েৰে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। বাজানি নিশা ঔৰ উচকে কাজিনচত নিশা গাংৱাল আৰু বেহদত সাঁঝ মাথুৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
আন্না ৰাজন
আন্না ৰেশ্মা ৰাজন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে ঘাইকৈ মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। ২০১৭ চনত মুক্তিপ্ৰাপ্ত অংগামালী ডায়েৰীজ ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।
-
আমনা শ্বৰীফ
{{Infobox person | name = আমনা শ্বৰীফ | image = Aamna Sharif in 2018.jpg | image_size = 240 px | caption = ২০১৮ চনত | birth_name = | birth_date = ১৬ জুলাই ১৯৮২ | birth_place = মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত | nationality = | occupation = অভিনেত্ৰী | spouse = অমিত কাপুৰ (২০১৩) | children = ১ | years…
-
আলিজে অগ্নিহোত্ৰী
আলিজে অগ্নিহোত্ৰী (জন্ম: ১ নৱেম্বৰ, ১৯৯৬), পেছাদাৰীভাৱে কেৱল আলিজে নামেৰে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ অভিনেতা অতুল অগ্নিহোত্ৰী আৰু প্ৰযোজক অলভিৰা খানৰ কন্যা তথা অভিনেতা চমন খানৰ ভাগিনী। তেওঁ ২০২৩ চনৰ ছবি ফৰৰেৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।
-
আলিশা পানৱাৰ
আলিশা পানৱাৰ (ইংৰাজী: Aalisha Panwar) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয় কৰে। তেওঁ কালাৰ্ছ টিভিৰ থ্ৰিলাৰ ধাৰাবাহিক ইশ্ক মে মৰজৱাত কৰা কামৰ বাবে পৰিচিত। ২০২১ চনত তেওঁ জি টিভিৰ ধাৰাবাহিক তেৰী মেৰী ইক্ক জিন্দৰীত অবনীতৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
আশা ভাট
আশা ভাট (জন্ম ৫ ছেপ্তেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আৰু মিচ চুপ্ৰানেচনেল ২০১৪ প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ এই খিতাপ লাভ কৰা প্ৰথম ভাৰতীয়। ভাটে ২০১৯ চনৰ হিন্দী চলচ্চিত্ৰ জংঘলিৰ জৰিয়তে অভিনেতা ৰূপে অভিষেক কৰে।
-
আশালতা বিশ্বাস
আশালতা বিশ্বাস (জন্ম মেহৰুন্নিছা; ১৯১৭–১৯৯২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ ১৯৩০ চনৰপৰা ১৯৬০ চনৰ মাজভাগলৈকে হিন্দী ছবিত সক্ৰিয়ভাৱে কাম কৰিছিল। তেওঁ লাক্স চাবোনৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱা প্ৰথম ভাৰতীয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।
-
আশ্ৰিতা
আশ্ৰিতা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ভাষাৰ ছবিত অভিনয় কৰিছে। ২০১৩ চনত ইছাক্কি ছবিৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায় ৷ ইয়াৰ পিছত তেওঁ অৰেঞ্জ মিত্তাই (২০১৫) আৰু অজাহেন্দ্ৰ ছল্লুক্কু আমুধা (২০১৬)কে ধৰি আন কিছুমান উল্লেখযোগ্য ছবিত অভিনয় কৰে।
-
আৰ্শী খান
আৰ্শী খান (ইংৰাজী: Arshi Khan) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, ইন্টাৰনেট চেলিব্ৰিটি, ৰিয়েলিটী টেলিভিছন ব্যক্তিত্ব আৰু প্ৰাক্তন ৰাজনীতিবিদ। তেওঁ বিশেষকৈ বিগ বছ ১১ত অংশগ্ৰহণ কৰাৰ বাবে পৰিচিত।
-
ইধিকা পাল
ইধিকা পাল (Idhika Paul; জন্ম: ২ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী ভাষাৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰসমূহত অভিনয় কৰে। তেওঁ বেছিভাগেই টলিউড আৰু ঢালিউড চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ২০২৪ চনত, তেওঁ একশ্যন নাট্যধৰ্মী ছবি খাদানত অভিনয়েৰে খ্যাতি লাভ কৰিছিল।
-
ইভাংকা দাস
ইভাংকা দাস (জন্ম নাম: অৰণদীপ দাস) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিচালক, আৰু মডেল। ভাৰতীয় ৰিয়েলিটি টেলিভিছন শ্ব ' ডান্স দীৱানে, হদ্দী আৰু ঘূমেৰ ছবিৰ লগতে নেটফ্লিক্সৰ ধাৰাবাহিক বম্বে বেগমছত অংশগ্ৰহণৰ বাবে তেওঁ পৰিচিত৷
-
ঈশা শৰৱানী
ঈশা শৰৱানী (জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় সমসাময়িক নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ নিজৰ শৈলীগত ভাৰতীয় সমসাময়িক আৰু এৰিয়েল ডান্স প্ৰদৰ্শনৰ বাবে পৰিচিত। তেওঁ কেইবাখনো বলীউড, মালয়ালম আৰু তামিল কথাছবিটো অভিনয় কৰিছে।