অম্বিকা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ দক্ষিণৰ সমগ্ৰ চলচ্চিত্ৰ উদ্যোগ আৰু কেইবাখনো টিভি ধাৰাবাহিকত কৰা কামৰ বাবে পৰিচিত। বৰ্তমানলৈ তেওঁ ইংৰাজী ছবি এখনতো (ভাৰতীয়-আমেৰিকান) অভিনয় কৰিছে। ১৯৭৬ চনৰ পৰা ১৯৮৯ চনলৈ এটা দশকৰো অধিক সময় দক্ষিণ ভাৰতৰ শীৰ্ষ নায়িকাৰ ভিতৰত অন্যতম। কনিষ্ঠ ভগ্নী ৰাধাও এগৰাকী অভিনেত্ৰী আছিল। কেৰিয়াৰৰ শিখৰত তেওঁলোকে একেলগে কেইবাখনো দক্ষিণ ভাৰতীয় ছবিত অভিনয় কৰিছিল।১ ভগ্নীদ্বয়ে 'এ আৰ এছ ষ্টুডিঅ' নামৰ এটা চিনেমা ষ্টুডিঅ' চলায়, যিটো তেওঁলোকে ২০১৩ চনত হোটেল কমপ্লেক্সলৈ ৰূপান্তৰিত কৰে।২
ব্যক্তিগত জীৱন
অম্বিকাৰ জন্ম হৈছিল কল্লাৰ কুঞ্জন নাইৰ আৰু চাৰচম্মাৰ ঘৰত থিৰুৱনন্তপুৰমৰ কল্লাৰত।৩ ২০১৪ চনৰ ভিতৰত তেওঁৰ মাতৃ কল্লাৰ চাৰচম্মা মহিলা কংগ্ৰেছৰ নেত্ৰী আছিল।৪ তেওঁৰ দুগৰাকী সৰু ভনীয়েক ৰাধা আৰু মল্লিকা আৰু দুজন সৰু ভাই অৰ্জুন আৰু সুৰেশ আছে।
১৯৮৮ চনত প্ৰেমকুমাৰ মেনন নামৰ প্ৰবাসী ভাৰতীয় এজনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অম্বিকা। কিন্তু ১৯৯৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।৫ পিছলৈ ২০০০ চনত অভিনেতা ৰবিকান্তৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয় আৰু ২০০২ চনত বিবাহ বিচ্ছেদ হয়। বৰ্তমান তেওঁ পুত্ৰসকলৰ সৈতে চেন্নাইত বসতি স্থাপন কৰি আছে।৬
অভিনয় জীৱন
১৯৭৬ চনত চোত্তানিকৰা আম্মা ছবিৰ জৰিয়তে মালয়ালম চিনেমাত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অম্বিকাই পিছলৈ ২০০ৰো অধিক দক্ষিণ ভাৰতীয় ছবিত নায়িকা হিচাপে অভিনয় কৰে। নায়িকা হিচাপে তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল মালয়ালম চিনেমা সীথাৰ পৰা, যিখন ছবি তেওঁৰ কেৰিয়াৰৰ বহু শেষৰ ফালেহে মুক্তি পাইছিল। কিন্তু নীলাথামৰা আৰু লেজ্জাৱতী আদি ছবিৰ জৰিয়তে তেওঁ কেইবছৰমানৰ ভিতৰতে কেৱল মালয়ালম ভাষাতে নহয়,৭ তামিল আৰু কানাড়া ভাষাতো এগৰাকী ব্যস্ত অভিনেত্ৰী হৈ পৰে।
১৯৭৯ চনত চক্কালাথি ছবিৰ জৰিয়তে অম্বিকাই তামিল ভাষাৰ ছবিত আত্মপ্ৰকাশ কৰে। কে ভাগ্যৰাজৰ তামিল ছবি অন্ধা ৭ নাটকালত কণমানি ছোৱালীৰ চৰিত্ৰত অভিনয় কৰি অম্বিকাই চিনেমাপ্ৰেমীৰ চকুৰ মণি হৈ পৰিল। ১৯৮৪ চনত সুন্দৰৰাজনৰ পৰিচালনাত শিৱকুমাৰ, মোহন আৰু পাণ্ডিয়ানে মুখ্য চৰিত্ৰত অভিনয় কৰা নান পাদুম পাদল ছবিত অভিনয় কৰে।৮ কাক্কি সত্তাই (১৯৮৫) ছবিৰে অম্বিকাই খ্যাতি লাভ কৰিছিল। তেওঁ তেওঁৰ ভগ্নী ৰাধাৰ সৈতে কাধল পৰিছু (১৯৮৭) ছবিত অভিনয় কৰিছিল, য'ত দুয়োগৰাকী অভিনেত্ৰীয়ে দুগৰাকী ভগ্নীৰ চৰিত্ৰত অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰিছিল, দুয়োগৰাকীৰ ব্যক্তিত্ব শক্তিশালী কিন্তু বিৰোধী আছিল।৯
১৯৮৬ চনত মোহনলালে অভিনয় কৰা ব্যৱসায়িকভাৱে সফল মালয়ালম চিনেমা ৰাজাৱিন্তে মাকানত অভিনয় কৰে। ৰাজাৱিন্তে মাকান চিনেমাত তেওঁ মোহনলালতকৈ বেছি মাননি পাইছিল। সেই সময়ত মোহনলালতকৈ অম্বিকা আছিল ব্যস্ত আৰু জনপ্ৰিয়।১০ পিছৰ বছৰত বক্স অফিচৰ আন এখন হিট ছবি ইৰুপাথাম নুটাণ্ডু ছবিতো তেওঁৰ সৈতে অভিনয় কৰিছিল।
১৯৮০ৰ দশকটো অম্বিকাৰ বাবে সোণালী যুগ আছিল; কাৰণ তেওঁ তামিল, মালয়ালম, তেলেগু আৰু কানাড়া ভাষাৰ ২০০ৰো অধিক ছবিত অভিনয় কৰিছিল আৰু বেছিভাগ ছবিয়েই বক্স অফিচত হিট হৈছিল।১১ অম্বিকাই নিজৰ সময়ৰ আগশাৰীৰ অভিনেতা কমল হাছান, ৰজনীকান্ত, বিজয়কান্ত, সত্যৰাজ, মামূটী, মোহনলাল, দিলীপ, শংকৰ, এন টি ৰামা ৰাও, কৃষ্ণ, কৃষ্ণম ৰাজু, ড° ৰাজকুমাৰ, অম্বৰীশ আৰু চিৰঞ্জীৱীৰ সৈতে বহু ছবি নিৰ্মাণ কৰিছিল।১২
অন্যান্য কাম
অম্বিকাই বহু বিজ্ঞাপনত অভিনয় কৰিছে। তেওঁ এগৰাকী ডিজাইনাৰো।১৩ তেওঁ বহুতো ৰিয়েলিটি শ্ব'ৰ বিচাৰক হিচাপেও কাম কৰিছে।১৪ জি তামিল টিভিত প্ৰচাৰিত মিচেছ হিটলাৰ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰি আহিছে আৰু ছান টিভিত প্ৰচাৰিত আনবে ভা ধাৰাবাহিকখনতো ভানিথা নামৰ এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াৰ চৰিত্ৰত বিশেষ অভিনয় কৰি আহিছে।১৫ টেলিভিছনৰ ধাৰাবাহিক মংগলিয়ামত কেমিঅ’ কৰিছিল। ৰিয়েলিটি শ্ব' ড্ৰামা জুনিয়ৰছত বিচাৰকৰ ভূমিকাও গ্ৰহণ কৰে।১৬
তথ্যসূত্ৰ
- ↑ Desk, Entertainment. സഹോദരിയെന്നാൽ നിങ്ങളുടെ ബാക്കപ്പാണ്; അംബികയ്ക്ക് ഒപ്പമുള്ള ചിത്രവുമായി രാധ. malayalam.indianexpress.com
- ↑ Desk, Entertainment. അന്ന് മോഹൻലാലിനേക്കാൾ പ്രതിഫലം കൈപ്പറ്റിയ നായിക. malayalam.indianexpress.com
- ↑ Badai Bungalow with Ambika. asianet
- ↑ (11 December 2014). Will Solve Issues Between Government, Party: Rahul. newindianexpress.com
- ↑ Navaneethakrishnan, Stalin. Ambika Love Story: ‘விடாத கிசுகிசு. அடுத்தடுத்து விவகாரத்து.’ அம்பிகாவின் மறுபக்கம்!. Tamil Hindustan Times
- ↑ Ambika profile. Kerala9
- ↑ Ambika. Manorama Online
- ↑ (2020-08-05). When Sivakumar turned makeup man for actress Ambika for the climax of a film. The Times of India
- ↑ Navaneethakrishnan, Stalin. Actress Ambika: ‘எங்களுக்குள் போட்டியா? பொறாமையே இருந்தது’ அம்பிகா ஓப்பன்!. Tamil Hindustan Times
- ↑ Desk, Entertainment. പത്ത് വർഷങ്ങൾ കഴിഞ്ഞാണ് അംബി ചേച്ചി വീട്ടിൽ വരുന്നത്; താരസഹോദരിമാർ ഒന്നിച്ചപ്പോൾ. malayalam.indianexpress.com
- ↑ (2022-06-08). #UnforgettableOnes: Actress Ambika. The Times of India
- ↑ (2020-07-02). Ambika remembers working with Dr Rajkumar. The Times of India
- ↑ (2014-01-14). Ambika is back!. The Times of India
- ↑ (2020-07-07). Actress Ambika joins social media platform Twitter. The Times of India
- ↑ (2021-09-08). ’வனிதா’ கதாப்பாத்திரத்தில் அம்பிகா - ’அன்பே வா’ சீரியலில் புது டிவிஸ்ட்!. News18 தமிழ்
- ↑ Watch: When Ambika got teary-eyed during niece Karthika Nair's wedding. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্বিকা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬০৩১০০ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।