আন্না ৰেশ্মা ৰাজন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে ঘাইকৈ মালয়ালম ভাষা চলচ্চিত্ৰত অভিনয় কৰে। ২০১৭ চনত মুক্তিপ্ৰাপ্ত অংগামালী ডায়েৰীজ ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।
প্ৰাৰম্ভিক জীৱন
কেৰালাৰ আলুভাত শীবা আৰু কে. চি. ৰাজনৰ ঘৰত আন্না ৰাজনৰ জন্ম হৈছিল। শ্বান নামৰ তেওঁৰ এজন ককায়েক আছে।১ তেওঁ মুভাট্টুপুঝাৰ নিৰ্মলা স্কুল আৰু তাৰ পিছত আলুভাৰ চেণ্ট ফ্ৰাংক চিচ স্কুলত শিক্ষা গ্ৰহণ কৰে। পিছলৈ তেওঁ ইৰ্নাকুলামৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰপৰা নাৰ্ছিং অধ্যয়ন কৰে। তেওঁ কলেজত পঢ়ি থকা অৱস্থাতে পিতৃৰ বিয়োগ ঘটে। পিতৃৰ আকস্মিক মৃত্যুৰ বাবে পৰিয়ালটোৰ ওপৰত তীব্ৰ আৰ্থিক হেঁচা পৰে আৰু ইয়াৰ ফলত তেওঁ পঢ়ি থকাৰ সময়তে চাকৰিত যোগদান কৰিবলৈ বাধ্য হয়।২
কেৰিয়াৰ
চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ আলুভাৰ ৰাজগিৰি চিকিৎসালয়ত নাৰ্ছ হিচাপে কৰ্মৰত আছিল।৩ কেৰালাৰ এটা ডাঙৰ বিজ্ঞাপন ফলকত তেওঁৰ মুখখন দেখি প্ৰযোজক বিজয় বাবু আৰু পৰিচালক লিজো জোচেপপেলিচেৰীয়ে তেওঁক আৱিষ্কাৰ কৰে। তেওঁলোকে তেওঁক অংগামালী ডায়েৰীজত লিচি চৰিত্ৰটোৰ বাবে অডিচন লয়। আন্নাক ধৰি এই ছবিখনৰ জৰিয়তে ৮৬ গৰাকী নতুন মুখক চলচ্চিত্ৰ জগতত চিনাকি কৰাই দিয়া হৈছিল।৪ ছবিখনত তেওঁক ৰেচমা ৰাজন নামেৰে কৃতিত্ব দিয়া হৈছিল। ইয়াৰ পিছত তেওঁ নিজৰ নাম আন্না ৰাজন বুলি উল্লেখ কৰিবলৈ পছন্দ কৰে।৫ এই ছবিখনত কৰা সুন্দৰ অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ এৱাৰ্ডছ ছাউথৰ শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰী (মালয়ালম) বঁটাৰ বাবে মনোনীত হৈছিল।৬
তেওঁৰ দ্বিতীয়খন ছবি আছিল লাল জোচে পৰিচালনা কৰা ভেলিপাদিন্তে পুস্তকম (২০১৭)। য’ত তেওঁ মোহনলালৰ বিপৰীতে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।৭৮ ২০১৯ চনত তেওঁ জয়ৰাম অভিনীত লোনাপ্পান্তে মামোদীছা ৯ আৰু মামুট্টীৰ বিপৰীতে মধুৰা ৰাজা ছবিত অভিনয় কৰে।১০ ২০২০ চনত মুক্তিপ্ৰাপ্ত একচন ড্ৰামা ছবি অয়াপ্পানুম কোচিয়ুমত পৃথ্বীৰাজ সুকুমাৰণৰ বিপৰীতে তেওঁ কোচীৰ পত্নী ৰুবীৰ চৰিত্ৰত অভিনয় কৰিছিল।
চলচ্চিত্ৰপঞ্জী
| বছৰ | নাম | চৰিত্ৰ | মন্তব্য |
|---|---|---|---|
| ২০১৭ | অংগামালী ডায়েৰীজ | লিচি | ৰেচমা ৰাজন নামেৰে কৃতিত্ব দিয়া হৈছিল১১ |
| ভেলিপাদিন্তে পুস্তকম | মেৰী | ১২ | |
| ২০১৮ | মিলিশিয়া | শিক্ষয়িত্ৰী | চুটি ছবি |
| ২০১৯ | লোনাপ্পান্তে মামোদীছা | লীনা | |
| مधুৰা ৰাজা | লিচি | ||
| সচিন | অঞ্জলি | ১৩ | |
| স্বৰ্ণমৎস্যংগল | |||
| ২০২০ | অয়াপ্পানুম কোচিয়ুম | ৰুবী কোশী কুৰিয়ান | |
| ৱাণ্ডাৰ ৱমেন বিদ্যা | বিদ্যা | চুটি ছবি১৪ | |
| ২০২২ | ৰণ্ডু | মাৰ্চী | ১৫ |
| থিৰিমালী | জানসী | ১৬ | |
| ২০২৪ | কুডুম্ব স্ত্ৰীয়ুম কুঞ্জাডুম | ক্লাৰা চানী | ১৭ |
| २०२५ | ডেভিদ | স্বয়ং | কেমিঅ’ উপস্থিতি১৮ |
| ২০২৬ | জেইলাৰ ২ | তামিল ভাষা ছবিত আত্মপ্ৰকাশ১৯ |
বঁটা আৰু মনোনয়ন
ফিল্মফেয়াৰ এৱাৰ্ডছ চাউথ
- ২০১৮: মনোনীত - শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰী (মালয়ালম) – অংগamালী ডায়েৰীজ
তথ্যসূত্ৰ
- ↑ സുദ്വീപ്. (16 March 2017). ലിച്ചിയുടെ വില കളയാൻ ആഗ്രഹമില്ല. Malayala Manorama
- ↑ Kaumudy. (9 September 2018). A Day with Anna Rajan (Lichy / Angamaly Diaries) · Day with a Star · EP 09 · Part 01 · Kaumudy TV
- ↑ (19 March 2017). Reshma Rajan: Diary of a nurse. Deccan Chronicle
- ↑ (19 March 2017). Reshma Rajan: Diary of a nurse. Deccan Chronicle
- ↑ Mohanlal's heroine changing name. Kerala Kaumudi
- ↑ Malayalam Nominations for Filmfare Awards South 2018
- ↑ Acting with Mohnanlal a dream come true: Anna Reshma Rajan. Malayala Manorama
- ↑ സ്വന്തം ലേഖകൻ. (17 May 2017). ലിച്ചി ഇനി മേരി മിസ്സ്; വിഡിയോ. Malayala Manorama
- ↑ Anna Rajan, Kaniha join Jayaram's next. The Times of India
- ↑ Anna Rajan thanks stunt master Peter Hein for helping her in 'Madhura Raja'. The Times of India
- ↑ (16 November 2018). Lichi from 'Angamaly Diaries' joins 'Madhura Raja' team - Times of India. The Times of India
- ↑ Soman, Deepa. (17 April 2017). 'Lichy' plays a teacher again, this time as Mohanlal's heroine!. The Times of India
- ↑ (11 July 2019). Dhyan Sreenivasan, Anna Rajan and Aju Varghese starrer 'Sachin's' song 'Kanneer Meghangal' released - Times of India. The Times of India
- ↑ (26 March 2020). 'Wonder Woman Vidhya' urges not to stock up things during lockdown - Times of India. The Times of India
- ↑ (3 July 2020). Vishnu Unnikrishnan, Anna Rajan join Randu. The New Indian Express
- ↑ Thirimali Movie review: Meandering through the path to nowhere. OnManorama
- ↑ (2024-05-26). Dhyan Sreenivasan's comedy-drama 'Kudumbasthreeyum Kunjadum' gets a release date. The Times of India
- ↑ Daveed On OTT: Know Release Date, Streaming Platform, Plot And More Details Of Antony Varghese Starrer. Free Press Journal
- ↑ Features, C. E. (2025-05-14). Anna Raajan joins Rajinikanth's Jailer 2. Cinema Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্না ৰাজন” প্ৰবন্ধৰ সংশোধন ৬২৬৪৮০ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।