অমৃতা অৰোৰা লাডাখ (পূৰ্বৰ উপাধি: অৰোৰা; জন্ম: ৩১ জানুৱাৰী ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, দূৰদৰ্শন উপস্থাপিকা আৰু ভিডিঅ' জকী, যিয়ে মূলতঃ হিন্দী ভাষা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰে।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
মহাৰাষ্ট্ৰৰ মুম্বাইত অৰোৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ অনিল অৰোৰা এজন পঞ্জাবী হিন্দু আৰু মাতৃ জয়েচ পলিকৰ্প এগৰাকী মালয়ালী। অমৃতাক এগৰাকী ৰোমান কেথলিক হিচাপে ডাঙৰ-দীঘল কৰা হৈছিল।১২ তেওঁ মালাইকা অৰোৰাৰ কনিষ্ঠ ভগ্নী।৩
তেওঁ চেম্বুৰৰ স্বামী বিবেকানন্দ স্কুলত মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে।৪
২০০০ চনৰ আৰম্ভণিৰপৰা মাজভাগলৈকে তেওঁ ব্ৰিটিছ-পাকিস্তানী ক্ৰিকেটাৰ উচমান আফজালৰ সৈতে সম্পৰ্কত আছিল।৫
২০০৯ চনত তেওঁ নিৰ্মাণ উদ্যোগৰ এজন ব্যৱসায়ী শাকিল লাডাখৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিবাহ অনুষ্ঠানসমূহৰ ভিতৰত ২০০৯ চনৰ ৪ মাৰ্চত খ্ৰীষ্টান ৰীতিৰে বিবাহ সম্পন্ন হয়, ইয়াৰ পিছত ৫ মাৰ্চত মেহেন্দি আৰু ৬ মাৰ্চত মুছলমান নিকাহ অনুষ্ঠান অনুষ্ঠিত হয়। তেওঁলোকৰ দুটা পুত্ৰ সন্তান আছে।৬৭
কৰ্মজীৱন
অৰোৰাই এমটিভি ইণ্ডিয়াৰ ভিজে হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৮ ২০০২ চনত ফাৰদিন খানৰ বিপৰীতে কিতনে দূৰ কিতনে পাছ ছবিৰ জৰিয়তে তেওঁ বলীউডত আত্মপ্ৰকাশ কৰে, যিখন বক্স অফিচত সফল হোৱা নাছিল। তেওঁৰ প্ৰথম সফল ছবি আছিল একচন কমেডী আৱাৰা পাগল দিৱানা। ইয়াৰ পিছত তেওঁৰ ধাৰাবাহিকভাৱে কেইখনমান ছবি অসফল হয়, যাৰ ভিতৰত আছিল ২০০৪ চনৰ সমকামী সম্পৰ্কৰ ওপৰত আধাৰিত ছবি গাৰ্লফ্ৰেণ্ড, য’ত তেওঁ ইশা কপ্পিকাৰৰ বিপৰীতে অভিনয় কৰিছিল।৯
২০০৭ চনত তেওঁ ফাৰাহ খানৰ ছবি ওম শান্তি ওমত এক বিশেষ চৰিত্ৰত অভিনয় কৰে, য’ত তেওঁ নিজৰ ভগ্নী আৰু প্ৰাক্তন ভিনিহিয়েক আৰবাজ খানৰ সৈতে "দেৱানগী দেৱানগী" গীতটোত অংশ লৈছিল। একে বছৰতে তেওঁ আফতাব শিৱদাসানী আৰু চেলিনা জেটলীৰ সৈতে স্পীড আৰু ৰেড° দ্য ডাৰ্ক চাইডতো অভিনয় কৰিছিল।
২০০৯ চনত তেওঁৰ দেহা আৰু টিম দ্য ফৰ্চ নামৰ ছবি দুখন মুক্তি লাভ কৰে। সেই একে বছৰতে তেওঁ সাজিদ নাদিয়াদৱালাৰদ্বাৰা প্ৰযোজিত কমবখত ইশ্কত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।
তথ্যসূত্ৰ
- ↑ (26 August 2007). The Catholic Khans. The Telegraph
- ↑ (23 December 2023). Malaika Arora: 'As a good Catholic girl, I wait for Christmas with a heart brimming with excitement'. Free Press Journal
- ↑ (26 August 2007). malaikaaroraofficial Insta page. malaikaaroraofficial Insta page
- ↑ (16 June 2006). Chembur will always be our home. Mid-Day
- ↑ Singh, Vajir. (9 January 2008). I come second in Usman's life, says Amrita Arora. Hindustan Times
- ↑ Amrita Arora names her baby boy Rayaan. Bollywood Hungama
- ↑ Amrita & Shakeel's celeb-studded wedding Times of India - 5 June 2009
- ↑ Tribuneindia.. Film and tv. www.tribuneindia.com
- ↑ Meet Kareena Kapoor's BFF, Isha Koppikar's 'girlfriend', gave 13 flops, no solo hit; quit films after marriage, is now.. dnaindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃতা অৰোৰা” প্ৰবন্ধৰ সংশোধন ৬০৩০৯৮ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।