অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আলিশা পানৱাৰ

আলিশা পানৱাৰ (ইংৰাজী: Aalisha Panwar) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয় কৰে। তেওঁ কালাৰ্ছ টিভিৰ থ্ৰিলাৰ ধাৰাবাহিক ইশ্ক মে মৰজৱাত কৰা কামৰ বাবে পৰিচিত। ২০২১ চনত তেওঁ জি টিভিৰ ধাৰাবাহিক তেৰী মেৰী ইক্ক জিন্দৰীত অবনীতৰ চৰিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আলিশা পানৱাৰ (ইংৰাজী ভাষা: Aalisha Panwar) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয় কৰে। তেওঁ কালাৰ্ছ টিভিৰ থ্ৰিলাৰ ধাৰাবাহিক ইশ্ক মে মৰজৱাত কৰা কামৰ বাবে পৰিচিত।১ ২০২১ চনত তেওঁ জি টিভিৰ ধাৰাবাহিক তেৰী মেৰী ইক্ক জিন্দৰীত অবনীতৰ চৰিত্ৰত অভিনয় কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

পানৱাৰ হিমাচল প্ৰদেশৰ চিমলাৰ বাসিন্দা। তেওঁৰ মাতৃ অনিতা পানৱাৰ চিমলাৰ চ্যাপলী স্কুলৰ এগৰাকী শিক্ষয়িত্ৰী আৰু পিতৃ দিনেশ পানৱাৰ এজন অধিবক্তা।৩

২০০৮ চনত তেওঁ ডিডি নেচনেলৰ 'নাচেন গায়েন ধুম মচায়েন'ত অংশগ্ৰহণ কৰিছিল। ২০১২ চনত তেওঁ 'দ্য চিমলা কুইন' খিতাপ জয় কৰে।৩

কৰ্মজীৱন

পানৱাৰে ২০১২ চনত অক্কড় বক্কড় বম্বে বো নামৰ চলচ্চিত্ৰখনেৰে নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। ২০১৫ চনত তেওঁ বেগুচৰায় ধাৰাবাহিকত নাজমাৰ চৰিত্ৰৰ জৰিয়তে দূৰদৰ্শনত আত্মপ্ৰকাশ কৰে। ২০১৬ চনত তেওঁ থপকী প্যাৰ কীত অদিতিৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ জামাই ৰাজা আৰু ৰিশ্তোঁ কা সওদাগৰ – বাজীগৰতো কাম কৰিছিল। ২০১৭ চনৰপৰা ২০১৯ চনলৈ পানৱাৰে ইশ্ক মে মৰজৱাত তাৰা ৰায়চান্দ আৰু আৰোহী কাশ্যপৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।৪ তেওঁৰ পৰৱৰ্তী চৰিত্ৰটো আছিল ষ্টাৰ ভাৰতৰ মেৰী গুড়িয়াত এজনী মৃত মহিলা মাধুৰী শিৰকেৰ। পানৱাৰক চগুন পাণ্ডেৰ বিপৰীতে ব্লাইণ্ড লাভ আৰু ৰাহুল সুধীৰৰ বিপৰীতে ইশ্কিয়াত নামৰ চুটি ছবিত দেখা গৈছিল।৫ ২০২৩ চনত তেওঁ কায়া হিচাপে কুমকুম ভাগ্যত প্ৰৱেশ কৰে।৬

তথ্যসূত্ৰ

  1. ↑ Team, Filmymonkey. (7 May 2019). 'Ishq Mein Marjawan' actors Arjun Bijlani & Nia Sharma wish Aalisha Panwar on her 23rd birthday. abplive.in
  2. ↑ (17 April 2019). Aalisha Panwar gets a grand farewell from the team of Ishq Mein Marjawan, pens an emotional note. The Times of India
  3. ↑ (5 September 2016). 12 साल की उम्र में कामयाबी की हासिल, आज छोटे पर्दे पर धमाल मचा रही हिमाचल की बेटी. Punjab Kesari
  4. ↑ (9 March 2019). Ishq Mein Marjawan: Aalisha Panwar aka Tara quits the show. Here's why. India Today
  5. ↑ Aalisha Panwar talks about her new character, Heer. The Tribune
  6. ↑ (24 January 2023). My character in Kumkum Bhagya will be 10 times more vicious and obssessive: Alisha Panwar. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলিশা পানৱাৰ” প্ৰবন্ধৰ সংশোধন ৬০১৯৪৬ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।