আনেৰী বাজানি (জন্ম: ২৬ মাৰ্চ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী দূৰদৰ্শনত কাম কৰে। ২০১২ চনত কালী – এক পুনৰ অৱতাৰত পাখিৰ চৰিত্ৰত অভিনয়েৰে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। বাজানি নিশা ঔৰ উচকে কাজিনচত নিশা গাংৱাল আৰু বেহদত সাঁঝ মাথুৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। ইয়াৰ উপৰি তেওঁ চিলচিলা বদলতে ৰিস্তো কা ২ত পৰী মালহোত্ৰা, পৱিত্ৰ ভাগ্যত প্ৰণতি মিশ্ৰ আৰু অনুপমাত মালৱিকা কাপাড়িয়াৰ চৰিত্ৰত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
বাজানিৰ জন্ম ১৯৯৪ চনৰ ২৬ মাৰ্চত এটা গুজৰাটী পৰিয়ালত হৈছিল।১২
কৰ্মজীৱন
আৰম্ভণি আৰু সফলতা (২০১২-২০১৫)
বাজানীয়ে ২০১২ চনত কালী – এক পুনৰ অৱতাৰত পাখিৰ চৰিত্ৰৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। ২০১৩ চনত সমাপ্ত হোৱা এই ধাৰাবাহিকখন বিখ্যাত নীতিশ কাটাৰা হত্যাকাণ্ডৰ ওপৰত আধাৰিত আছিল।৩ ইয়াৰ পিছত তেওঁ ২০১৩ চনৰ অনুষ্ঠান ক্ৰেজি ষ্টুপিড ইশ্কত হিবা নৱাব, হৰ্ষ ৰাজপুত আৰু বিশাল বশিষ্ঠৰ সৈতে শানায়া খানৰ চৰিত্ৰত অভিনয় কৰে।৪
২০১৪ চনৰপৰা ২০১৫ চনলৈ বাজানীয়ে নিশা ঔৰ উচকে কাজিনচত মিশকত বৰ্মাৰ বিপৰীতে নিশা গাংৱাল কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৫ নিশাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ ইণ্ডিয়ান টেলী বঁটাৰ ফ্ৰেছ নিউ ফেচ (মহিলা) শাখাত মনোনয়ন লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ প্যাৰ তুনে ক্যা কিয়াৰ সপ্তম ছিজনত এগৰাকী সাঁতোৰবিদ আৰুষীৰ চৰিত্ৰত অভিনয় কৰে।৬
সফলতা আৰু শেহতীয়া কাম (২০১৬-বৰ্তমান)

২০১৬ চনৰপৰা ২০১৭ চনলৈ বাজানীয়ে বেহদত কুশল টেণ্ডন আৰু জে্নিফাৰ উইংগেটৰ বিপৰীতে সাঁঝ মাথুৰ শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছিল।৭ তেওঁৰ অভিনয়ৰ বাবে তেওঁ যথেষ্ট প্ৰশংসা বুটলিছিল।৮ ইয়াৰ পিছত তেওঁ য়ে হ্যায় আশিকীৰ চতুৰ্থ ছিজনত ৰিদ্ধিৰ চৰিত্ৰত অভিনয় কৰিছিল য'ত তেওঁ পুনৰ বৰ্মাৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল।৯
২০১৬ চনত তেওঁ আই ডণ্ট ৱাটচ টিভিত তুলসী হিচাপে অভিনয় কৰে, যিটো আছিল তেওঁৰ প্ৰথম ৱেব ছিৰিজ। ২০১৮ চনত তেওঁ লাল ইশ্কত সমৃদ্ধ বাৱাৰ বিপৰীতে শ্ৰেয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।১০ তেওঁৰ দ্বিতীয়টো ৱেব শ্ব’ ভুটৰ (Voot) চিলচিলা বদলতে ৰিস্তো কা ২ত কুনাল জয়সিংৰ বিপৰীতে পৰী মালহোত্ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল।১১
ইয়াৰ পিছত বাজানীয়ে পৱিত্ৰ ভাগ্যত প্ৰণতি মিশ্ৰ খুৰানাৰ চৰিত্ৰত অভিনয় কৰে, য'ত তেওঁ পুনৰ জয়সিংৰ সৈতে কাম কৰে।১২ এই অভিনয়ৰ বাবে তেওঁ আইটিএ বঁটাৰ জনপ্ৰিয় অভিনেত্ৰী শাখাৰ মনোনয়ন লাভ কৰিছিল।১৩ ইয়াৰ পিছত তেওঁ এমএক্স প্লেয়াৰৰ ৱেব ছিৰিজ কুকিজত অৰুন্ধতী সিং হিচাপে উপস্থিত হয়।
তেলেগু ছবি এফ চি ইউ কে: ফাদাৰ চিত্তি উমা কাৰ্তিকৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলায় য’ত তেওঁক প্ৰিয়ংকাৰ চৰিত্ৰত দেখা গৈছিল।১৪ তেওঁ আই হেট গুডবাইচ নামৰ এখন চুটি ছবিতো আনেৰী নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল।
২০২১ চনৰপৰা ২০২২ চনলৈ তেওঁ অনুপমাত মালৱিকা কাপাড়িয়াৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।১৫ তেওঁ ২০২২ চনত ফিয়াৰ ফেক্টৰ: খতৰো কে খিলাড়ী ১২ত অংশগ্ৰহণ কৰিবলৈ স্থায়ীভাৱে অনুষ্ঠানটো ত্যাগ কৰে।১৬১৭
তথ্যসূত্ৰ
- ↑ Farzeen, Sana. (26 March 2018). Happy Birthday Aneri Vajani: The girl who never ceases to surprise us. The Indian Express
- ↑ Awaasthi, Kavita. (1 September 2016). I am only 22, so no saas-bahu or bechari-type roles for now: Aneri Vajani. Hindustan Times
- ↑ (29 November 2012). स्टार प्लस पर जल्द आएगा 'काली- एक पुनरावतार'. Amar Ujala
- ↑ Patel, Ano. (10 October 2014). Gujaratis take the lead on prime time TV. The Times of India
- ↑ Iyer, Shreya. (14 October 2016). I wanted to break my tomboy image: Aneri Vajani. The Times of India
- ↑ Kumar, Rupesh. (5 December 2021). Anupamaa Updates: 'अनुपमा' और 'अनुज कपाड़िया' के जीवन में हुईं अनेरी वजानी की 'एंट्री', कही ये बात. Dainik Jagran
- ↑ (17 October 2016). Beyhadh is like a breath of fresh air. The Times of India
- ↑ Keshri, Shweta. (1 June 2017). Beyhadh impressive! When Aneri Vajani stole Jennifer Winget's thunder with her acting chops. India Today
- ↑ (21 April 2016). Mishkat Verma and Aneri Vajani in 'Yeh Hai Aashiqui'. The Times of India
- ↑ (14 August 2018). Laal Ishq: 'Beyhadh' actress Aneri Vajani BACK on TV; to feature opposite Samrid Bawa!. ABP News
- ↑ (1 March 2019). Silsila Badalte Rishton Ka 2: Aneri Vajani, Kunal Jaisingh, Tejasswi Prakash's promo piques Twitterati's interest. DNA India
- ↑ Maheshwri, Neha. (8 February 2020). Aneri Vajani to pair opposite Kunal Jaisingh for Ekta Kapoor's next. The Times of India
- ↑ Mondal, Sukarna. (4 March 2020). Pavitra Bhagya review: Aneri Vajani and Kunal Jaisingh's show looks promising; child actor Vaishnavi Prajapati steals the limelight. The Times of India
- ↑ (19 January 2021). Jagapathi Babu is delighted with the response of FCUK. Telangana Today
- ↑ चौहान, शिवांगी. (16 December 2021). बिना ऑडिशन के अनेरी वजानी को मिला अनुपमा सीरियल, इस सेलिब्रिटी स्टाइलिस्ट की हैं बहन, जानें मालविका के रियल लाइफ Facts. www.timesnowhindi.com
- ↑ IANS. (13 December 2021). Aneri Vajani excited to be a part of Rupali Ganguly's Anupamaa; Looks forward to work with Rajan Shahi. PINKVILLA
- ↑ Maheshwari, Neha. (13 May 2022). Exclusive! Anupamaa actress Aneri Vajani to participate in Fear Factor: Khatron Ke Khiladi 12. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনেৰী বাজানি” প্ৰবন্ধৰ সংশোধন ৫৯২৮৩১ (২৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।